ৰাস্তাৰ কুকুৰক খোৱাবলৈ প্ৰতিদিনে ৪০কেজি বিৰিয়ানী বনোৱা মানুহজন…

ৰাস্তাৰ কুকুৰক খোৱাবলৈ প্ৰতিদিনে ৪০কেজি বিৰিয়ানী বনোৱা মানুহজন…
Published on
Updated on

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক এই পৰিস্থিতিত দুবেলা দুমুঠি খাবলৈ মানুহেই চিন্তা কৰিব লগা হৈছে। ৰাজ্য ভেদে লকডাউন আৰু কিছু ৰাজ্যত মিনি লকডাউন সদৃশ পৰিৱেশে বহুলোকৰ জীৱন ধাৰণৰ প্ৰণালী সলনি কৰিছে। যিসময়ত মানুহেই দুবেলা দুমুঠি খাবলৈ ভাৱিব লগা হৈছে তেনেসময়ত পথৰ কাষে কাষে ঘূৰি ফুৰা কুকুৰ বা চৰাই-চিৰিকটিৰ কথা ভাৱিবলৈ কাৰনো আহৰি আছে।

কিন্তু এনে সংকটৰ সময়তো এই জন্তুবোৰে যাতে ভোকত থাকিব লগা নহয় তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিছে এগৰাকী লোকে। লোকগৰাকীৰ নাম ৰণজিত নাথ। তেওঁৰ ঘৰ মহাৰাষ্ট্ৰত। সুহৃদয়ৱান এই লোকগৰাকীয়ে নাগপুৰ অঞ্চলত ৰাস্তাৰ কাষত থকা প্ৰায় দুই শতাধিক কুকুৰক সদায়েই যোগান ধৰে খাদ্য।

লোকগৰাকীয়ে কুকুৰক এলা-পচা খাদ্য নোখোৱায়। তেওঁ প্ৰতিদিনে কুকুৰৰ বাবে প্ৰস্তুত কৰে ৩০-৪০কেজি বিৰিয়ানী। লোকগৰাকীয়ে সংবাদমাধ্যমক জনায় যে, মই প্ৰতিদিনেই সিহতৰ বাবে খাদ্য প্ৰস্তুত কৰো। মোৰ এনে লাগে যেন মই সন্তানৰ বাবেহে খাদ্য প্ৰস্তুত কৰি আছো। মই সিহতক সন্তান বুলি ভাৱিয়েই এই কাম কৰো। মনত শান্তি লাভ কৰো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in