কেন্দ্ৰৰে সংঘাতৰ পৰিণতি! গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকিব পশ্চিম বংগৰ প্ৰতীকপট

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ এইবাৰ গণৰাজ্য দিৱসত দেখিবলৈ পোৱা নাযাব পশ্চিম বংগত প্ৰতীকপট। ৰাজ্য চৰকাৰে গণতন্ত্ৰ দিৱসত পশ্চিম বংগক প্ৰতিনিধিত্ব কৰিব পৰা এক চানেকি প্ৰতীকপট প্ৰেৰণ কৰিছিল। কিন্তু এই প্ৰতীকপটসমূহ পৰীক্ষা কৰা বিশেষজ্ঞ সমিতিয়ে নাকচ কৰে সেই চানেকি। কা আৰু এনআৰচিক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ সংঘাত অব্যাহত আছে।

তাৰ পৰিণতিতে এইদৰে ৰাজ্যখনৰ চানেকি প্ৰতীকপট নাকচ কৰা বুলি তৃণমূলে অভিযোগ কৰিছে। এইবৰ্ষৰ বাবে ইতিমধ্যে ১৬ খন ৰাজ্য আৰু ৬ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপটত বিশেষজ্ঞ সমিতিয়ে অনুমোদন জনাইছে। পশ্চিমবংগৰ চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, এইবাৰ গণৰাজ্য দিসৱৰ পেৰেডত অংশ লবৰ বাবে বিকাশ, জল সংৰক্ষণ আৰু পৰিৱেশ সজাগতা সন্দৰ্ভত এক চানেকি প্ৰেৰণ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in