পুনৰ আন এক অভিলেখ ৰোহিতৰ নামত…

পুনৰ আন এক অভিলেখ ৰোহিতৰ নামত…

ডিজিটেল ডেস্কঃ পুনৰ এক অভিলেখ গঢ়িবলৈ সক্ষম হ'ল হিট মেন ৰোহিত শৰ্মাই। ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা তিনিদিনীয়া শৃংখলাৰ তৃতীয় এদিনীয়াত এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা অপেনাৰ বেটছমেন হিচাপে অভিলেখ ৰচনা কৰে ৰোহিত শৰ্মাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই অভিলেখ আছিল শ্ৰীলংকাৰ অপেনাৰ বেটছমেন সনথ জয়সূৰ্যৰ নামত। বিগত ২২ বছৰে এই অভিলেখৰ গৰাকী হৈ আছিল জয়সূৰ্য। শেহতীয়াকৈ দেওবাৰে কটকৰ বাৰবাটী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা তৃতীয় এদিনীয়াত ৰোহিতে জয়সূৰ্যক পিছ পেলাই এই অভিলেখ নিজৰ নামত লিখিবলৈ সক্ষম হয়।

এটা বছৰত অপেনাৰ হিচাপে ক্ৰিজত নামি সৰ্বাধিক ২৩৮৭ ৰান সংগ্ৰহ কৰিছিল সনথ জয়সূৰ্যই। কিন্তু ৰোহিত শৰ্মাই ২০১৯ বৰ্ষত ২৪০৪ ৰান সংগ্ৰহ কৰি জয়সূৰ্যৰ অভিলেখ ভংগ কৰে। দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ক্ৰিজত নমাৰ সময়ত এই অভিলেখ ভংগ কৰিবলৈ ৰোহিতক প্ৰয়োজন হৈছিল মাত্ৰ ৯ ৰানৰ।

প্ৰণিধানযোগ্য যে, দেওবাৰে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা তৃতীয় এদিনীয়াত ৰোহিতে বৰ্তমান ৫৭ ৰানত বেটিং কৰি আছে। তেওঁৰ সৈতে ক্ৰিজত খেলি আছে লোকেশ ৰাহুলে। ৰাহুলে খেলি আছে ৫৩ ৰানত। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত বান্ধি দিয়া ৩১৫ ৰানৰ লক্ষ্যৰ পিছা কৰি ভাৰতে ২০ অভাৰত সংগ্ৰহ কৰিছে ১১৫ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in