অসমীয়া ভাষাক লৈ বিৰূপ মন্তব্য কৰা বিজেপি নেতা আব্দুল আজিজৰ বিৰুদ্ধে ৰূপহীহাটত প্ৰতিবাদ…

অসমীয়া ভাষাক লৈ বিৰূপ মন্তব্য কৰা বিজেপি নেতা আব্দুল আজিজৰ বিৰুদ্ধে ৰূপহীহাটত প্ৰতিবাদ…
Published on
Updated on

প্ৰতিদিন ডিজিটেল সংবাদ, ৰূপহীহাট : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ নিৰ্দেশত মঙলবাৰে ৰূপহীহাট শাখাই বিজেপি নেতাজনৰ বিৰুদ্ধে ৰূপহীহাট চাৰিআলিত প্ৰতিকৃতি জ্বলাই বিভিন্ন শ্ল'গান দি ৰূপহীহাট থানাত এক গোচৰ ৰুজু কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ নেতা আমিৰ হামজাই কয় যে "ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ এগৰাকী মুছলমান লোক আছিল, তেওঁ নাজানে সেই কথাৰ বিষয়ে?" ইফালে আছুৱেও ৰূপহী চাৰিআলিত নানা শ্ল'গান দি আব্দুল আজিজৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দই তেওঁক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিয়ে।

দেশৰ ৭৬ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰ্যসূচীত অংশ লৈ অসমীয়াৰ বিদ্বেষী মন্তব্য কৰা প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল আজিজৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন । নিজৰ ভূমিত নিজে টি এন ইংলিছ অকাডেমি নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি নিজে এক অনুষ্ঠানত অংশ লৈ আব্দুল আজিজে মন্তব্য কৰিছিল যে যিসকলে নিজৰ মাতৃভাষাৰ সলনি অসমীয়া লিখিছিল সেই সকল গাদ্দাৰ, মিৰজাফৰ, বেইমান ৷ নিজ ভাষাক জলাঞ্জলি দিয়া বাবেই আজি মিঞা জাতিৰ ইমান অপমান ইমান লাঞ্চনা বঞ্চনা বুলি প্ৰৰোচনামূলক মন্তব্য প্ৰকাশ কৰিছিল ৷

তেওঁৰ এই মন্তব্য সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হোৱাৰ পিছতে আজি সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসমতে থাকি অসমীয়া ভাষা বিদ্বেষী মন্তব্যৰে সমাজখনৰ ভাঙোনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা আজিজৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰে ৰূপহীহাটৰ ছাত্ৰ সংগঠনে ৷ তাৰোপৰি ৰূপহীহাটৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাইও ইয়াৰ পূৰ্ববে কেতবোৰ এনে গৰ্হিত মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক গৰাকীক সকীয়নি দিয়াৰ লগতে গৰিহণা দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in