বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ডিম্বেশ্বৰ গায়নৰ বিয়োগ…

বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ডিম্বেশ্বৰ গায়নৰ বিয়োগ…
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা শলগুৰি সত্ৰৰ একাধাৰে গায়ন, অংকীয়া ভাওনাৰ সুদক্ষ ভাৱৰীয়া, হাতীমতা, ঢেকিয়াল, গুৰুজনাৰ একান্ত সেৱক ডিম্বেশ্বৰ গায়নে মঙলবাৰে নিজ বাসগৃহত আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। পবিত্ৰ বটদ্ৰৱা থানৰ সমীপতে জন্ম গ্ৰহণ কৰি থানৰ সুন্দৰ প্ৰকৃতিত, আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিবেশত জীৱনৰ শিক্ষা লাভ কৰা ডিম্বেশ্বৰ গায়নে সৰুতেই অংকীয়া ভাওনাৰ গীত, চৈধ্য প্ৰসংগৰ গীতৰ শিক্ষা লাভ কৰিছিল।

আজীৱন গুৰুসেৱাত ব্ৰতী হৈ বটদ্ৰৱা থানৰ নাম ধৰ্মৰ মাজত নিজকে উৎসৰ্গা কৰা গায়নে মঙলবাৰে পুৱা হঠাৎ স্বাস প্ৰস্বাসত কষ্ট অনুভৱ কৰে আৰু লগে লগেই আশ্বৰ্য্যজনক ভাবে শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ বিয়োগৰ খৱৰ পোৱা লগে লগে বটদ্ৰৱাৰ ভকত বৈষ্ণৱ বাসগৃহত উপস্থিত হৈ দুচকুৰ অশ্ৰুৰে শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে গায়ন-বায়নে, কল্যাণ-খৰমান গীত গাই বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ তীৰত নি তেখেতৰ শেষকৃত্য সম্পন্ন কৰে। গায়ন সুদীৰ্ঘ ৫০ বছৰ কাল বটদ্ৰৱা থানৰ নিত্য-নৈমিত্তিক প্ৰসংগত অংশ গ্ৰহণ কৰাৰ উপৰিও অংকীয়া ভাওনাৰ বসুমতী, ৰুক্মিণী, দৈৱকী আদি বিভিন্ন চৰিত্ৰৰ সুদক্ষ অভিনেতা হিচাপে জনপ্ৰিয় আছিল।

বছৰ বছৰ ধৰি বটদ্ৰৱা থানৰ পৰম্পৰাগত ভোজন বেহাৰ, দধিমথ, কংসবধ ভাওনাৰ এজন অবিচ্ছেদ্য অংশ হৈ সেৱা আগবঢ়োৱাৰ উপৰিও তেওঁ নৱপ্ৰজন্মৰ বহুজনক অংকীয়া ভাওনাৰ নাচ শিকাইছিল। ইয়াৰোপৰি সত্ৰৰ হাতীমতা, ঢেকিয়াল আদি বিভিন্ন সেৱাৰে বটদ্ৰৱাৰ জাতীয় জীৱনলৈ অনবদ্য অবদানেৰে সমৃদ্ধ কৰি থৈ যোৱা অঞ্চলটোৰ বয়োজেষ্ঠ, সত্ৰকৃষ্টিৰ নিৰন্তৰ নিৰলস সাধনাৰে হৰি গুণ নামত আজীৱনব্ৰতী নিৰহংকাৰী তথা সৰলমনৰ, সদা শুভ্ৰ পৰিহিতা, মৃৃদুভাষী, সুশ্ৰী, নিগুণ কৃষ্ণ ভকতিৰ সেৱক ডিম্বেশ্বৰ গায়নে জীৱন কালত কোনো চৰকাৰী-বেচৰকাৰী স্বীকৃতি লাভ নকৰিলে।

ডিম্বেশ্বৰ গায়নৰ বিয়োগত বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্ত, উপসভাপতি দেৱানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়া, প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি, ইন্দ্ৰমোহন বৰুৱা, শিল্পী ৰঞ্জিত মহন্ত, দিব্যজ্যোতি বৰুৱা, পংকজ বৰুৱাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ নিতুমনি কলিতা, বোৱাৰী, চাৰিগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনীসহ বহু আত্মীয় স্বজন আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in