শিৱসাগৰক ঘোষণা কৰা হওক ঐতিহ্য ক্ষেত্ৰৰূপেঃ বিধানসভাত ভাষণ আগবঢ়াব অখিল গগৈয়ে

শিৱসাগৰক ঘোষণা কৰা হওক ঐতিহ্য ক্ষেত্ৰৰূপেঃ বিধানসভাত ভাষণ আগবঢ়াব অখিল গগৈয়ে
Published on
Updated on
  • শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ সন্দৰ্ভত বিধানসভাত ভাষণ আগবঢ়াব অখিল গগৈয়ে।
  • শিৱসাৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে কিয় ঘোষণা কৰিব লাগে সেই বিষয়ে যুক্তি দাঙি ধৰিব গগৈয়ে।
  • শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ্ৰৰূপে ঘোষণা কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগ কিদৰে আগবাঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিব বিধানসভাত।
  • বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানৰ পাছতেই এই বিষয়ে ১৫ মিনিটৰ ভাষণ আগবঢ়াব অখিল গগৈয়ে।
  • বিধানসভাৰ আৰম্ভণিৰ পূৰ্বে এই বিষয়ে বিধানসভাত সৰ্বসন্মতি মৰ্মে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি আশা প্ৰকাশ অখিল গগৈৰ।
  • শিৱসাগৰত আছে ৫৫১ টা ঐতিহাসিক সমল।
  • শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিবলৈ প্ৰয়োজনীয় সকলো নথি পত্ৰ বিধানসভাত দাখিল কৰিছে অখিল গগৈয়ে।
  • শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ প্ৰচেষ্টা চলোৱাটো কেৱল শিৱসাগৰৰ বিধায়কৰ দায়িত্ব নহয়।
  • এই দায়িত্ব সাংস্কৃতি মন্ত্ৰীৰ, মুখ্যমন্ত্ৰী, বিধানসভাৰ আৰু অসমীয়া জাতিৰ।
  • এই মন্তব্য অখিল গগৈৰ।
  • ইতিমধ্যে ভাৰতৰ দুখন নগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰিছে বুলিও উল্লেখ অখিল গগৈৰ।
  • গুৰাটৰ আহমেদাবাদ আৰু ৰাজস্থানৰ জয়পুৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in