মণিপুৰৰ এখন গাঁৱৰ ৰাইজে এতিয়া চকুপানীৰে বাট নেদেখা হৈছে। ৭নৱেম্বৰৰ সেই বিভীষিকাময় নিশাটোত যেন নিথৰুৱা হ'ল গাঁওখনৰ প্ৰতিটো পৰিয়াল। গাঁওখনত কিয় এই পৰিৱেশৰ সৃষ্টি হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
হিংসাই সকলো শেষ কৰে! হিংসাৰ বাটত তিষ্ঠিব নোৱাৰে কোনো সপোন, সম্ভাৱনা কিম্বা যোগাত্মক চিন্তাধাৰা। হিংসাত্মক কাৰ্য কলাপৰ বাবে বিশ্বই কি হেৰুৱাইছে সেয়া ইতিহাসৰ পাতে পাতে লিপিৱদ্ধ। সেইবোৰ কথা নতুনকৈ আলোচনা কৰাৰ প্ৰয়োজন হয়তো নাই, কিন্তু অশান্তজৰ্জৰ মণিপুৰত শেহতীয়াকৈ হিংসাত্মক কাৰ্যৰ বাবে এটা অঞ্চলে কি হেৰুৱালে তাৰ আলোচনাৰ প্ৰয়োজন আছে।
কেন্দ্ৰীয় চৰকাৰে যিমান গুৰুত্ব প্ৰদান কৰিব লাগে সিমান গুৰুত্ব সহকাৰে নল'লে মণিপুৰৰ সংঘৰ্ষৰ প্ৰসংগটো। ২০২৩ৰ ৩ মে' তাৰিখৰ পৰা মণিপুৰত সংখ্যাগৰিষ্ঠ এক জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ জুইঁ এতিয়াও উমি জ্বলিয়েই আছে। প্ৰায় দুই শতাধিকৰো অধিক লোক এই সংঘৰ্ষত আহত হোৱাৰ লগতে ৭০ৰো অধিক লোক নিহত হৈছে। নিহতৰ সংখ্যা এই ৭০ৰ সৈতে শেহতীয়াকৈ যোগ হ'ল আৰু এগৰাকী লোকৰ নাম।
মণিপুৰত আৰু এগৰাকী লোকৰ মৃত্যু হ'ল- এই কথা হয়তো বহুতৰ বাবে সাধাৰণ কথা বা সাধাৰণ এক খবৰ। যেতিয়াৰে পৰা সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়াৰে পৰা মণিপুৰত এনে হত্যা-হিংসাৰ খবৰ প্ৰায় সুলভ হৈ পৰিছে। কিন্তু শেহতীয়াকৈ যিগৰাকী লোকৰ মৃত্যু হ'ল, তেওঁৰ মৃত্যুত কেৱল এখন ঘৰ নহয়, নিথৰুৱা হল শিক্ষাৰ পোহৰেৰে নিজকে আলোকিত কৰিব খোজা এখন সমাজ আৰু বহু শিক্ষাৰ্থী।
ঘটনাতো আছিল যোৱা নৱেম্বৰ, ২০২৪ৰ নিশা। মণিপুৰৰ জিৰিবাম জিলাৰ জেইৰন গাঁৱত সময় তেতিয়া ৮.৪০ বাজিছিল। সংঘৰ্ষময় পৰিস্থিতিৰ পাছত মণিপুৰত আন্ধাৰ হলেই এতিয়া গাৱেঁ-ভূঞেঁ কাহ পৰি জীণ যোৱা অৱস্থা। প্ৰত্যক্ষদৰ্শীৰ মতে, এনে সময়তেই ধাৰাসাৰ গুলীবৰ্ষণ আৰু এফালৰ পৰা এজাক দুৰ্বৃত্তই ঘৰবোৰ জ্বলাই দিছিল। প্ৰায় এঘন্টা সময় ধৰি চলিছিল ধাৰাসাৰ গুলীবৰ্ষণ। আততায়ীয়ে কৰা অগ্নি সংযোগত প্ৰাণ হেৰুৱাইছিল অঞ্চলটোৰ এগৰাকী অতি নিষ্ঠাৱান, পৰোপকাৰী শিক্ষয়ত্ৰী হিচাপে পৰিচিত পি জোছাংকিম নাম মহিলাগৰাকীয়ে।
সংঘৰ্ষজৰ্জৰ মণিপুৰত প্ৰায়ে এনে ঘটনা ঘটে। মানুহৰ মৃত্যু হয়। কিন্তু বৃহস্পতিবাৰৰ জিৰিবাম অঞ্চলত সংঘটিত হোৱা এই ঘটনাৰ পাছতে এতিয়া মণিপুৰৰ লগতে জিৰিবাম অঞ্চলত শোকৰ ছাঁ পৰিছে। অঞ্চলটোৰ বৃদ্ধৰ পৰা আদি কৰি কণমাণিটোৰ লৈকে সকলো মন গোমা। কিয়নো পি জোছাংকিম কেৱল এগৰাকী শিক্ষয়ত্ৰীয়েই নাছিল, আছিল অঞ্চলটোৰ অভিভাৱকস্বৰূপ। কণ কণ শিশুসকলক মৰমেৰে শিক্ষাদান কৰি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ এক সংগ্ৰাম আৰম্ভ কৰিছিল পি জোছাংকিমে।
পোহৰভিমুখী এক সংগ্ৰামৰ অকাল মৃত্যু। জিৰিবাম অঞ্চলত সকলোৱে এতিয়া সোঁৱৰিছে কিদৰে মাতৃৰ মমতাৰে পি জোছাংকিমে অঞ্চলটোৰ শিশুসকলক শিক্ষাদান কৰিছিল। শিক্ষাৰ প্ৰতি আগ্ৰহ নথকা পৰিয়ালৰ শিশুকো তেওঁ শিক্ষাদানৰ বাবে সৰ্বতো প্ৰকাৰে সহায় কৰিছিল। চাকৰি হিচাপে নহয়, প্ৰকৃতাৰ্থত শিক্ষকতাক সেৱা হিচাপে হৈ তেওঁ কাম কৰিছিল। শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ সজাগতা সভা পাতিছিল। ঘৰে ঘৰে গৈ শিক্ষাৰ্থীসকলক মৰমেৰে কৈছিল জীৱনত শিক্ষাৰ আৱশ্যকতা কিমান।
বেলেগৰ জীৱনত পোহৰ সিচিঁবলৈ অক্লান্তভাৱে কাম কৰা সেই মানুহগৰাকী নিথৰ হৈ পৰি থাকিল অগ্নিদগ্ধ হৈ। গাঁওবাসীৰ মন-মগজুত সুকীয়া আসন দখল কৰা পি জোছাংকিমৰ সেই কথাবোৰ সোঁৱৰি এতিয়া জেৰেইন গাঁৱৰ প্ৰতিগৰাকী লোকে। শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালয়েও এতিয়া চকুপানীৰে বাট নেদেখা হৈছে। কিয়নো পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত পি জোছাংকিমেই আছিল একমাত্ৰ সম্বল। এক কথা কবলৈ গলে, বৃহস্পতিবাৰৰ নিশা সংঘটিত হোৱা এই ঘটনাত নিথৰুৱা হল এখন ঘৰৰ লগতে শিক্ষাৰ পোহৰেৰে উজ্জীৱিত হব খোজা এখন সমাজ।
জীৱনটো কেৱল সমাজত শিক্ষা পোহৰ বিলোৱাৰ কামতে সমৰ্পিত কৰা এই শিক্ষয়ত্ৰীগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া মণিপুৰৰ সশস্ত্ৰ বাহিনীৰ ক্ষমতা আৰু ৰাইজৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, আৰামবাই টেংগোল আৰু ইউ এন এল এফ গোটে চলাইছিল এই আক্ৰমণ। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া মণিপুৰৰ সচেতন জনতাই এই গোট দুটাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি জনতাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে।
ইফালে এই ঘটনাত প্ৰাণ হেৰুওৱা শিক্ষয়িত্ৰী পি জোছাংকিমে যি সপোন দেখিছিল সেই সপোনক বাস্তাৱায়িত কৰা পণ লৈছে। জেইৰন গাওঁবাসীয়ে আহ্বান জনাইছে- মণিপুৰত শান্তি লাগে। শিক্ষাৰ বাবে পৰিৱেশ লাগে, নিৰ্ভয়ে কাম কৰিবলৈ পি জোছাংকিমৰ দৰে শিক্ষয়ত্ৰীৰ প্ৰাণৰ নিৰাপত্তা লাগে। এনেকৈয়ে এতিয়া দিল্লীৰ কাণৰ নপৰাকৈ মণিপুৰৰ এখন গাঁৱে আজি হিয়া ঢাকুৰি কান্দিছে...