জলপ্ৰলয়ত স্থবিৰ তীৰ্থযাত্ৰীৰ খোজ...

দেশতেই এতিয়া বাৰিষাৰ বতৰ। বাৰিষাৰ প্ৰথমজাক প্ৰলয়ংকাৰী বানে ধুইছে দেশৰ প্ৰান্তে প্ৰান্তে সৰু-বৰ বহু অঞ্চলক।

author-image
Asomiya Pratidin
New Update
জলপ্ৰলয়ত স্থবিৰ তীৰ্থযাত্ৰীৰ খোজ...

জলপ্ৰলয়ৰ সূচনা হৈছে দেশৰ উত্তৰাঞ্চলত। উত্তৰ ভাৰতৰ দিল্লী, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰকে আদি কৰি পাঞ্জাৱ, হাৰিয়ানাত বানে কালৰূপ ধাৰণ কৰাত তচনচ হৈছে সা-সম্পত্তি, স্তব্ধ হৈছে জনজীৱন। লগতে আৱদ্ধ হৈ পৰিছে দেশী-বিদেশী পৰ্যটক ও তীৰ্থযাত্ৰী। এই সন্দৰ্ভত লশ্মিতা শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

দেশতেই এতিয়া বাৰিষাৰ বতৰ। বাৰিষাৰ প্ৰথমজাক প্ৰলয়ংকাৰী বানে ধুইছে দেশৰ প্ৰান্তে প্ৰান্তে সৰু-বৰ বহু চহৰ-গাঁৱক। কি গংগা, কি যমুনা, কি ব্ৰহ্মপুত্ৰ; প্ৰতিখন নদ-নদী, নৈ-উপনৈত এতিয়া বৃদ্ধি পাইছে জলস্তৰ। কৰবাত যদি একাঁঠু পানীত উটি গৈছে যান-বাহন, কৰবাত আকৌ প্ৰলয়ংকাৰী বানে বিধস্ত কৰিছে প্ৰাকৃতিক তথা ৰাজহুৱা সম্পদ। বান সমস্যাৰে জৰ্জৰিত প্ৰায় প্ৰতিখন ঠাইতে উচন হৈছে ঘৰ-বাৰী, উটি গৈছে পশুধন; কৰুণ মৃত্যুক আঁকোৱালি লৈছে শতাধিকলোকে।

অসমৰ বান পৰিস্থিতি বৰ্তমান কিছু সুচল যদিও ভূটানৰ পানীয়ে ধুইছে নামমিৰ চিৰাং, ওদালগুৰি জিলাক। হঠাৎ জলপ্ৰলয়ৰ সূচনা হোৱাত দেখিবলৈ পোৱা গৈছিল বাঢ়নী পানীয়ে পথত ৰখাই থোৱা বাহনকো উটুৱাই নি সৃষ্টি কৰে হাহাকাৰ অৱস্থাৰ।

আনহাতে ৰাজধানী চহৰ দিল্লীতো একেই অৱস্থা। যমুনা নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাত ভয়ংকৰ বিপদৰ দিশে ৰাজধানী। ভাৰতীয় জল বিভাগৰ তথ্য অনুসৰি যমুনা নদীৰ জলপৃষ্ঠৰ বিপদসীমা হ'ল ২০৪.৫ মিটাৰ, পিছে শুকুৰবাৰৰ দিনা এই জলপৃষ্ঠ ২০৮.৪৮ মিটাৰলৈ বৃদ্ধি পাই ভয়ানক বিপদৰ সংকেত দিয়ে দিল্লীক।

আকৌ ধাৰাষাৰ বৰষুণে হিমাচল প্ৰদেশতো লৈছে ধ্বংসাত্মক ৰূপ। জম্মু-কাশ্মীৰতো একেই অৱস্থা। মুঠৰ ওপৰত দেশৰ প্ৰান্তে প্ৰান্তে বানাক্ৰান্ত অৱস্থাত লাখ লাখ জনতা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই জলপ্ৰলয়ৰ বাবে ৰাজধানী চহৰত ৩৭ জন, হিমাচল প্ৰদেশত শুকুৰবাৰৰ লৈকে ৭২ জনকৈ লোকে আঁকোৱালি লয় মৃত্যুক।

আন এক দুখজনক কথা হৈছে যে, এইসমূহ ঠাইত এতিয়াও আৱদ্ধ হৈ আছে হাজাৰ-হাজাৰ পৰ্যটক তথা তীৰ্থযাত্ৰী। কৰ্মব্যস্ততাৰ মাজতে নিজাকৈ অকণমান সময় উলিয়াই উত্তৰ ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যতাৰ আমোদ ল'বলৈ গৈ বা পবিত্ৰ শাওন মাহত তীৰ্থযাত্ৰাৰ বাবে গৈ হিমাচল প্ৰদেশ, ছিকিম, হৰিদ্বাৰ, ঋষিকেশ, বদৰিনাথ আদি ঠাইত আৱদ্ধ হৈ আছে হাজাৰ-হাজাৰ লোক।

বিগত ১১ জুলাই তাৰিখে হিমাচল প্ৰদেশৰ চন্দ্ৰতালত এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে আৱদ্ধ হৈ পৰিছিল প্ৰায় ৩০০জন লোক। ৰাজ্যচৰকাৰৰ তত্বাৱধানত যেনিবা সুকলমে উদ্ধাৰ কৰা হৈছিল এই লোকসকলক। ৰাজ্যখনৰ প্ৰধান চহৰ চিমলাতো বৰষুণ তথা ভূমিস্খলনৰ বাবে বহু অঞ্চলৰ প্ৰৱেশ বন্ধ হোৱাত বিভিন্ন প্ৰান্তত ৫০০ৰো অধিক পৰ্যটক তথা তীৰ্থযাত্ৰী আৱদ্ধ হোৱাৰ বাতৰি প্ৰকাশ পাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। তদুপৰি বৰ্তমান ৰাজ্যখনৰ প্ৰায় ১,০০০ সৰু-বৰ পথ বন্ধ হৈ পৰাত ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰা তীৰ্থযাত্ৰীৰ তথ্য এতিয়াও অপ্ৰকাশিত অৱস্থাত।

ৰাজ্যখনৰ জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা অনুসৰি যোৱা তিনিদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত চিমলা-কালকা আৰু মানালী-চণ্ডিগড় ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি প্ৰায় ১,২৩৯টা পথ বন্ধ হৈ পৰাত ব্যাহত হৈছে যাতায়ত। লগতে ১,৪১৬ টা পথৰ বাছ সেৱাতো আৰোপ কৰা হৈছে স্থগিতাদেশ। এই পথচোৱাৰ বিভিন্ন অঞ্চলত আৱদ্ধ হৈ আছে সহস্ৰাধিক তীৰ্থযাত্ৰী।

ইমানেই নহয় মুম্বাইৰ পৰ্যটক যাত্ৰী ক্ৰমে ধীৰেন বিৰা, সুনীতা, শুভম, কিৰ্ণা নামৰ ৪ যাত্ৰীও আৱদ্ধ হৈ আছিল লেহলৈ যোৱা পথত। বলিউডৰ তাৰকা কিয়াৰা আদৱানী আৰু কাৰ্তিক আৰয়ানে সহায়ৰ বাবে টুইটযোগে হিমাচল প্ৰদেশ চৰকাৰত আহ্বান জনোৱাত কোনোমতে অটল টানেলৰ প্ৰায় ৪ কিলোমিটাৰ আগতে উদ্ধাৰ কৰা হয় আটাইকেইজনক।

ইপিনে কুল্লু আৰু মাণ্ডিৰ কেইবাটাও এলেকাত বিদ্যুৎ বিচ্ছিন্ন হোৱাত ১,৪১৮টা পানী যোগান আঁচনি ক্ষতিগ্ৰস্ত হোৱাৰ বাবেও সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।

জম্মু-শ্ৰীনগৰ সংযোগী ঘাইপথতো ভূমিস্খলনৰ বাবে পথ বন্ধ হৈ পৰাত পথতেই আৱদ্ধ হৈ পৰে বদৰিনাথলৈ যোৱা ১৫,০০০ তীৰ্থযাত্ৰী। পথৰ কাষতেই অস্থায়ী শিবিৰ পাতি অৱস্থান কৰিব লগীয়াত পৰে এই তীৰ্থযাত্ৰীসকল।

আকৌ ধৰ্মীয় স্থান হৰিদ্বাৰ, ঋষিকেশতো পবিত্ৰ শাওন মাহ উপলক্ষে প্ৰকৃতিৰ তাণ্ডৱকো নেওচি উপস্থিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ তীৰ্থযাত্ৰী। পিছে কোনোজনৰ কঁপাল ভাল হ'লেও কোনোজনক লগ দিয়া নাই ভাগ্যই। ঠায়ে ঠায়ে বান পৰিস্থিৰ বাবে এদিনৰ পৰা তিনিদিন পৰ্যন্ত আৱদ্ধ হৈ পৰিছে লাখ লাখ তীৰ্থযাত্ৰী। কেদাৰনাথলৈ যোৱা তীৰ্থযাত্ৰীয়েও ঠায়ে ঠায়ে সন্মুখীন হৈছে বিপদৰ। প্ৰতিকূল বতৰৰ বাবে যাত্ৰা পথত দুই-এদিন অধিক ৰ'ব লগা হৈছে বহু তীৰ্থযাত্ৰীয়ে।

আকৌ উত্তৰপূৰ্বাঞ্চলৰ উত্তৰ ছিকিমতো কিছুদিন পূৰ্বে ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ আছিল ৩,৫০০ তকৈও অধিক পৰ্যটক। অৱশ্যে ভাৰতীয় সেনাই এইসকলক সুকলমে উদ্ধাৰ কৰিছে।

মুঠতে দেশৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ উত্তৰ ভাৰতত লাখ লাখ লোক বানৰ কবলত ককবকাই থকাৰ সমান্তৰালভাবে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীও এইদৰে আৱদ্ধ হৈ পৰিছে তীৰ্থস্থানৰ আশে-পাশে।

Also Read: 'চন্দ্ৰযান-৩' ত ব্যস্ত অসমীয়া বিজ্ঞানীজন...

flood Govt of India