আজি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন মেচ। আজিৰ মেচখনত কোন ফেভাৰিট, কাৰ শক্তি কিমান, ষ্টেডিয়ামৰ পিটছ আৰু বতৰে কোন দিশে গতি কৰিব, মুখামুখী হ'বলগীয়া দুয়োটা দলৰে পূৰ্বৰ ৰেকৰ্ড কি এই সকলোবোৰ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন মেচ আজি পাকিস্তান আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচত যদিও পাকিস্তানকেই ফেভাৰিট আখ্যা দিয়া হৈছে তথাপিও নেডাৰেলেণ্ডে বিজয়ৰ বাবে চেষ্টাত যে কোনো কৃপণালি নকৰিব সেয়াও নিশ্চিত।
তুলনামূলকভাৱে দুৰ্বল এটা দলৰ বিৰুদ্ধে খেলি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিবলৈ উলোৱা পাক দলটোৱে দুখনকৈ ৱাৰ্ম আপ মেচত পৰাজয় বৰণ কৰি কিছু চাপত আছে। ইয়াৰ পূৰ্বে দলটোৱে এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে নিৰ্লজ্জ আত্মসমৰ্পণ কৰাৰ লগতে শ্ৰীলংকাৰ হাততো পৰাস্ত হ’বলৈ বাধ্য হৈছিল।
ইয়াৰ বিপৰীতে স্কট এডৱাৰ্ডছৰ নেতৃত্বত আজি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিবলৈ মানসিক ভাৱে সম্পূৰ্ণ প্ৰস্তুত হৈ অহা নেডাৰলেণ্ড দলটোৱে কোনো ৱাৰ্ম আপ মেচ খেলিবলৈ সক্ষম নহ’ল। অৱশ্যে বেংগালুৰুত তেওঁলোকে যেথেষ্ট অনুশীলন কৰাৰ সুযোগ লাভ কৰিলে।
ভাৰত আৰু পাকিস্তানৰ মাজৰ ৰাজনৈতিক সম্পৰ্কৰ বাবে যিহেতু পাকিস্তানৰ নাগৰিকক ভিছা প্ৰদান কৰা হোৱা নাই তথাপিও হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত পাকিস্তান দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত যথেষ্ট দৰ্শক উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰিব পাৰি। দলটোক ভাৰতত উপস্থিত হোৱাৰ লগে লগে যিধৰেণ উষ্ম আদৰণি জনোৱা হৈছিল সেই ফালৰ পৰা বাবৰ বাহিনীয়ে ষ্টেডিয়ামতো সমৰ্থন লাভ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইতিমধ্যে দলটোৱে ভাৰতৰ আতিথ্যত সন্তুষ্টি প্ৰকাশ কৰাই নহয়, মুকলিকৈ প্ৰশংসাও কৰিছে।
মেচখনৰ বিষয়ে সবিশেষ
আজি অনুষ্ঠিত হ’বলগীয়া মেচখন এদিনীয়া ক্ৰিকেট বিশ্বকাপ-২০২৩ ৰ দ্বিতীয়খন মেচ। মেচখন হ’ব পাকিস্তান বনাম নেডাৰলেণ্ডৰ মাজত। মেচখন আৰম্ভ হ’ব দিনৰ ২ বজাত। মেচখনৰ স্থান ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম, হায়দৰাবাদ।
এই পৰ্যন্তত দুয়োটা দলৰ ৰেকৰ্ড
এদিনীয়া ফৰ্মেটত পাকিস্তান আৰু নেডাৰলেণ্ডে এই পৰ্যন্ত মুঠ ৬ খনকৈ মেচ খেলিছে। এই ৬ খন মেচতেই পাক দলটোৱে বিজয় সাব্যস্ত কৰিছে। সেয়েহে আজিৰ মেচখনত স্বাভাৱিকতেই পাকিস্তান ফেভাৰিট হিচাপে পৰিগণিত হৈছে।
পিটছ ৰিপ’ৰ্ট
হায়দৰাবাদৰ এই ষ্টেডিয়ামখনৰ পিটছ সম্পূৰ্ণ সমতল। ইয়াৰ আউটফিল্ড অতি দ্ৰুত। যাৰ বাবে ইয়াত বেটছমেনসকলৰ যথেষ্ট সহায়ক হয়। খেল আৰম্ভ হোৱাৰ পাছত সময় বাগৰাৰ লগে লগে ক্ৰমান্বয়ে ই বেটছমেনসকলৰ বাবে অধিক উপযোগী হৈ পৰে। কিয়নো সময় বাগৰাৰ লগে লগে ইয়াৰ পিটছত বলৰ গতিবেগো হ্ৰাস পায়।
বেগী বলাৰসকলৰ বিপৰীতে এই পিটছখন স্পীনাৰসকলৰ অধিক সহায়ক হয়। অৱশ্যে আৰম্ভণিৰ কেইটামান অভাৰত বেগী বলাৰসকলে কিছু সুযোগ লাভ কৰিব। তেওঁলোকৰ বল চুইং হ’ব।
যদিহে মেচখনত নেডাৰলেণ্ডে প্ৰথমে বেটিং কৰিবলগীয়া হয় তেন্তে প্ৰথমৰ অভাৰ কেইটা তেওঁলোকৰ বাবে হৈ পৰিব পাৰে চৰম প্ৰত্যাহ্বানমূলক। কিয়নো পাকিস্তান দলটোত আছে কেইবাজনো বিধ্বংসী বেগী বলাৰ। বলৰ গতিবেগৰ লগতে চুইং যদি মনে বিচৰা দৰে হয় তেন্তে প্ৰথম কেইটামান অভাৰতে পাকিস্তানৰ বেগী বলাৰে নেডাৰলেণ্ডৰ প্ৰায় কেইটা উইকেট নিজৰ নাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
ষ্টেডিয়ামখনৰ এদিনীয়া ক্ৰিকেটৰ ৰেকৰ্ড
ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত বৰ্তমানলৈকে মুঠ ৭ খন এদিনীয়া ইণ্টাৰনেশ্যনেল মেচ অনুষ্ঠিত হৈছে। য’ত প্ৰথমে বেটিং কৰা দলটোৱে সৰ্বাধিক ৪ বাৰ আৰু দ্বিতীয় ইনিংছত বেটিং কৰা দলটোৱে ৩ বাৰ মেচ জয় কৰিছে। সেই ফালৰ পৰা টছত জয়লাভ কৰা দলটোৱে প্ৰথমে বেটিং লোৱাৰ সম্ভাৱনাই অধিক।
হায়দৰাবাদৰ ৱেডাৰ ৰিপৰ্টঃ
হায়দৰাবাদৰ এই ষ্টেডিয়ামখনৰ আকাশ আজিৰ দিনটোত সম্পূৰ্ণ পৰিস্কাৰ হৈ থাকিব বুলি ক’ব পাৰি। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজিৰ দিনটোত ইয়াত তাপমান সৰ্বাধিক ৩২ ডিগ্ৰী চেলছিয়া আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলছিয়ছ হ’ব। বৰষুণৰ কোনো সম্ভাৱনা নাই।
পাকিস্তানৰ সাম্ভাব্য মূল একাদশঃ
ফখৰ জামান, বাবৰ আজম (অধিনায়ক), আব্দুল্লাহ চফিক,, ইমান উল হক, শ্বাহদাব খান, ইফতিখাৰ আহমেদ, মহম্মদ নৱাজ, মহম্মদ ৰিজৱান (উইকেট কীপাৰ), ছাহিন শ্বাহ আফ্ৰিদি, হাৰিছ ৰউফ আৰু হাছান আলী।
Getting set for Game Day! 💪
One sleep away ⌛
🎥 https://t.co/KzesEHoWTv#CWC23 | #DattKePakistani | #WeHaveWeWill pic.twitter.com/sSyPH7rHOm— Pakistan Cricket (@TheRealPCB) October 5, 2023
নেডাৰলেণ্ডৰ সাম্ভাব্য মূল একাদশ
স্কট এডৱাৰ্ডছ ( অধিনায়ক), মেক্স অ'ডড, ৱেছলি বাৰেচি, বাছ ডি লীড, বিক্ৰম সিং, তেজা নিদামানুৰু, কলিন একাৰমেন, ৰোলফ ভান ডাৰ মাৰ্ৱে, লগান ভান বীক, শ্বাৰিজ আহমেদ, চিব্ৰেণ্ড এংগেলব্ৰেচ্ট।
A special message in Telugu for Hyderabad from Teja Nidamanuru before our #CWC23 🧡 pic.twitter.com/Tbm9hvbfs1
— Cricket🏏Netherlands (@KNCBcricket) October 5, 2023
Also Read: বিশ্বকাপ ২০২৩ : প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ দৰ্শনীয় বিজয়