ভাৰতক 'টুকুৰা-টুকুৰ' কৰাৰ মন বাংলাদেশৰ...

ভাৰতক 'টুকুৰা-টুকুৰ' কৰাৰ ষড়যন্ত্ৰ বাংলাদেশৰ...

author-image
Asomiya Pratidin
New Update
ভাৰতক 'টুকুৰা-টুকুৰ' কৰাৰ মন বাংলাদেশৰ...

বাংলাদেশৰ শেহতীয়া অশান্তজৰ্জৰ পৰিস্থিতিৰ আঁৰত বহু বাংলাদেশীয়ে ভাৰত জড়িত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পাছত যেতিয়াৰে পৰা ভাৰতে শ্বেখ হাছিনাক আশ্ৰয় দিলে, তেতিয়াৰে পৰা ভাৰতৰ প্ৰতি বাংলাদেশৰ ক্ষোভ আৰু বৃদ্ধি পায়। এই ক্ষোভ এই পৰ্যায় পাইছেগৈ যে, বাংলাদেশৰ একাংশই ভাৰতত বাংলাদেশৰ দৰে পৰিস্থিতি সৃষ্টি কৰি দিল্লী দখলৰ পৰিকল্পনা ৰচিছে। আমাৰ এক বিশেষ প্ৰতিবেদন...

বাৰে বাৰে বাংলাদেশে ৰঙা চকু দেখাইছে ভাৰতক। চুবুৰীয়া দেশখনৰ একাংশ ৰাজনৈতিক নেতা, ধৰ্মগুৰুয়ে ভাৰতক ধৰাবাহিকভাৱে কটু সমালোচনাৰ লগতে ভয়-ভাবুকি দি আহিছে। দেশখনৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ অন্তৰালত ভাৰত জড়িত থকা অভিযোগ উত্থাপন কৰি ভাৰতক ধ্বংস কৰি দিয়া পৰ্যন্ত ভাবুকি প্ৰদান কৰিছে বাংলাদেশে।

যেতিয়াৰে পৰা বাংলাদেশত অশান্তজৰ্জৰ পৰিস্থিতিৰ বাবে শ্বেখ হাছিনাই পলায়ন কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে, তেতিয়াৰে পৰাই বাংলাদেশৰ অতিপাত শত্ৰুত পৰিণত হৈছে ভাৰত। একাংশ ৰাজনৈতিক নেতা তথা ধৰ্মগুৰুৱে প্ৰচাৰ চলাইছে যে, বাংলাদেশক নিঃশেষ কৰিবলৈকে ভাৰতে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

বাংলাদেশে ভাৰতৰ ওপৰত অভিযোগৰ ওপৰত অভিযোগৰ আঙুলি তুলি অহাৰ পাছতো ভাৰত চৰকাৰ নিমাত। ভাৰত চৰকাৰে বাংলাদেশৰ এই কুঅভিসন্ধিৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই এজনৰ পাছত আনজন বাংলাদেশীয়ে ভাৰতক কাঠগড়াত থিয় কৰাবলৈ সাহস পাইছে।

শেহতীয়াকৈ বাংলাদেশৰ আন এগৰাকী ইছলামিক পণ্ডিত তথা ধৰ্মগুৰুৱে ভাৰতক কটাক্ষ কৰাৰ লগতে সীমা চেৰাই গৈ বাংলাদেশৰ ফালে চালেই চকু আৰু বাংলাদেশলৈ আঙুলি টোৱালেই হাত কাটি দিয়াৰ ভাবুকি প্ৰদান কৰে। কেৱল এয়াই নহয়, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বাংলাদেশৰ সৈতে হাত মিলাই বাংলাভাষী সকলক ন্যায় প্ৰদান কৰিবলৈও আহ্বান জনায়।

যোৱা ৬ছেপ্তেম্বৰ, ২০২৪ত সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা প্ৰায় ২৮.৫৪ মিনিটৰ এটা ভিডিঅ’ত বাংলাদেশী ধৰ্মগুৰু মুফতি মুহাম্মদ ছজিমু্জদ্দিনে ভাৰতক এই দাবী, ধমকি প্ৰদান কৰে। ভাৰত চৰকাৰৰ লগতে ভাৰতীয় সেনাকো ধমকি প্ৰদান কৰি বাংলাদেশী ধৰ্মগুৰু গৰাকীয়ে কয় যে- বিপদৰ মূৰ্হুতত ভাৰতৰ সেনা বাহিনীয়ে আমাৰ দেশক আক্ৰমণ কৰি ইছলামিক আৱেগক আঘাত কৰিব খোজে। ইছলামিক চিন্তা-চেতনাক যাতে ভুলুন্ঠিত নকৰে তাৰ বাবেও ভাৰতীয় সেনাক সাৱধানৱাণী প্ৰদান কৰে ছজিমুজদ্দিনে।

এই ভিডিঅ বাৰ্তাত তেওঁ ভাৰতক সাৱধানবাণী প্ৰদান কৰি কয় যে- ভাৰতক আমি সাৱধান কৰি দিছো, যাতে বাংলাদেশৰ ফালে ভুলতো চকু নিদিয়ে। বাংলাদেশ ছিক্কিম, ভূটান নহয়। বাংলাদেশ হৈছে ১৮কোটি মুছলিম জনতাৰ সন্মিলিত এখন দেশ। এই দেশখনেই হৈছে আমাৰ বাবে এটা পৱিত্ৰ মছজিদ। গতিকে ইয়াৰ বিৰুদ্ধে যদি কোনোবাই ষড়যন্ত্ৰ কৰে তেন্তে ষড়যন্ত্ৰ পুলিয়ে পোখাই উভালি পেলাই দিয়া হব। কোনোবাই চকু তুলি চালে, চকু উলিয়াই অনা হ’ব আৰু কোনোবাই আঙুলি টোৱালে হাত কাটি দিয়া হব। ইয়াৰ মাটিত কোনো ভাৰতীয়ই খোজ থলে, সেই ভৰি ভাঙি দিয়া হ’ব।

ইমানতে ক্ষান্ত নাথাকি বাংলাদেশৰ এইগৰাকী তথাকথিত ধৰ্মগুৰুৱে ভাৰতৰ বিৰুদ্ধে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক উচতনি দি কয় যে, কাশ্মীৰ আপোনালোকে দখল কৰিবলৈ চেষ্টা কৰক। দৰকাৰ হলে চীনৰ সহায় লওঁক। পশ্চিম বংগৰ মমতা বেনাৰ্জীক উদ্দ্যেশি তেওঁ কয়- মোডীৰ কজ্বাৰ পৰা নিজকে মুকলি কৰি স্বাধীন ৰাষ্ট্ৰ ঘোষণাৰ বাবে কাম কৰক। প্ৰয়োজনত বাংলাদেশে সহায় কৰিব। অধিকাৰৰ দাবীত প্ৰয়োজনত বাংলাদেশৰ নিচিনা পৰিস্থিতিৰ উদ্ভৱ হলেও থমকিব নালাগে বুলি আহ্বান জনালে ছাজিমউজ্জিনে।

ভাৰতৰ সকলো সম্প্ৰদায়কে উচতনি প্ৰদান কৰি বাংলাদেশী ধৰ্মগুৰুগৰাকীয়ে সকলোকে স্বাধীন ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিবলৈ আহ্বান জনায়। পৃথক পৃথক ৰাষ্ট্ৰৰ দাবীৰে ভাৰতক টুকুৰা টুকুৰ কৰি দিবলৈ সকলোকে আহ্বান জনায় এইগৰাকী তথাকথিত ধৰ্মগুৰু ছাজিমউজ্জিন ৰহমানীয়ে। হিন্দুত্ববাদী আন্দোলনক চেৰ পেলাই ইছলামিক আন্দোলনক শক্তিশালী কৰি দিল্লীৰ মছনদ দখল কৰাৰ বাবে পৰিকল্পনা ৰচিবলৈও আহ্বান ছাজিমউদ্দিনৰ।

হাছিনাক ভাৰতক আশ্ৰয় দিয়াক লৈও ছাজিমউদ্দিনে কয় যে, হাছিনাৰ মেত ভাৰতে নাচিবলৈ বাদ দিয়ক। হাছিনাৰ বাবেই আজি বাংলাদেশত এই অশান্তিকৰ পৰিৱেশ। হাছিনাৰ বাবেই আজি বাংলাদেশৰ মুক্তিযোদ্ধাসকলক মানুহে অপমান কৰিবলৈ সাহস গোটাইছে। বাংলাদেশৰ জনগণে কোনো অন্যায়ৰ আগত নতশিৰ নকৰে। এই কথা স্পষ্টৰূপত জনাই দিলো।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই ভিডিঅ মুকলি কৰা ছাজিমউজ্জিন ৰহমানী হৈছে বাংলাদেশত যথেষ্ট প্ৰভাৱ থকা এগৰাকী লোক। সন্ত্ৰাসবাদী বিৰোধী আইনত অভিযুক্ত হৈ ১২বছৰ কাল জেলত আছিল ৰহমানী। কিন্তু শেহতীয়াকৈ আগষ্ট মাহত মুকলি আকাশৰ তললৈ আহিছে ৰহমানী।

বাংলাদেশী এই তথাকথিত ধৰ্মগুৰু ছাজিমউজ্জিন ৰহমানীৰ এই ভিডিঅটো শেহতীয়াকৈ বতাহৰ গতিত চাৰিওফালে বিয়পি পৰিছে। ভাৰতৰ বিৰুদ্ধে বিষবাষ্প বিয়পোৱা এনে ভিডিঅ তথা এনে লোকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ভাৰত চৰকাৰে। ভাৰতৰ এই নৰম স্থিতিৰ বাবেই বাংলাদেশে বাৰে বাৰে নানান অভিযোগেৰে থকা-সৰকা কৰিছে ভাৰতক।

ইফালে প্ৰাপ্ত খবৰ অনুসৰি, প্ৰথমবাৰলৈ বাংলাদেশত শেহতীয়াকৈ উদযাপিত হৈছে জিন্নাৰ মৃত্যুবাৰ্ষিকী। অতিপাত সাম্প্ৰদায়িক বিষবাষ্প বিয়পি পৰা বাংলাদেশত এতিয়া  ছাজিমউজ্জিন ৰহমানীৰ নিচিনা একাংশই হাত উজান দিয়া দেখা গৈছে।

ভাৰত