বিদেশে বুজিলে বৰষুণৰ মোল, আমিহে কৰি আছো ভুল...

বিদেশে বুজিলে বৰষুণৰ মোল, আমিহে কৰি আছো ভুল...
Published on
Updated on
আকাশৰ পৰা সৰি পৰা মুকুতা আমি এতিয়া বুটলিব জনাই নাই! বৰষুণৰ পানী সংৰক্ষণৰ বাবে আমাৰ মাজত সজাগতা এতিয়াও অহা নাই। কিন্তু ইয়াৰ পৰিৱৰ্তে উন্নত দেশবোৰত পুৰণি কিছু নিয়মকে বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰি জল সংকট ৰোধ কৰিবলৈ সক্ষম হৈছে। এই সমগ্ৰ বিষয়টোক সামৰি ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

বৰষুণ এটা ভাললগা শব্দ। আকাশৰ পৰা নামি অহা বৰষুণৰ টোপালবোৰ কেৱল কবিতা বা সাহিত্যৰ উপাদান নহয়, এই বৰষুণে পানীৰ নাটনি বা অভাৱ দূৰ কৰিব পাৰে। অতীতৰ পৰাই বৰষুণৰ পানী সংৰক্ষণৰ উদাহৰণ আছে। বিভিন্ন আখ্যান বা কাহিনীত পানী সংৰক্ষণ কৰাৰ উদাহৰণ আছে। ৰজা-মহাৰজাসকলে পুখুৰী খান্দি বা আন উপায়েৰে বৰষুণৰ পানী সংৰক্ষণ কৰিছিল। খৰাং বতৰত সেই পানী ব্যৱহাৰ কৰি পানীৰ সমস্যা সমাধান কৰিছিল।

অসমীয়া সমাজ জীৱনত বৰষুণ আহিলেই বৰষুণৰ পানী বিভিন্ন পাত্ৰত ধৰি ৰাখি সেই পানীৰে দৈনন্দিন কাম কাজ কৰাৰ লগতে অন্যান্য আনুসাংগিক কাম কাজতো ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে এই অভ্যাস আমাৰ গ্ৰাম্য জীৱনৰ পৰা আতৰি গ'ল। কিন্তু পানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত বিজ্ঞান সন্মতভাৱে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে।

বিশ্বৰ উন্নত দেশসমূহত এতিয়া বৰষুণৰ পানী সংৰক্ষণত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। বিশেষকৈ ইউৰোপীয় দেশসমূহত নানান পন্থাৰে বৰষুণৰ পানী সংৰক্ষণৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে জাৰ্মানীয়ে। জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত এনে এটা অঞ্চল আছে, যত তীব্ৰ জল সংকটে দেখা দিয়ে। প্ৰতিবছৰেই এই অঞ্চলটোৰ লোকসকলে পানীৰ বাবে হাঁহাকাৰ কৰিব লগা হয়। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জাৰ্মানী প্ৰশাসনে সিদ্ধান্ত ললে যে, উক্ত অঞ্চলটোত তেওঁলোকে ডাঙৰ ডাঙৰ কুৱাঁ খান্দিব।

বিজ্ঞানসন্মতভাৱে এই কুৱাঁ খন্দাৰ পৰিকল্পনা কৰিছিল প্ৰশাসনে। কথা মতেই কাম। কেইবাটাও শ্লেপত খন্দা হৈছিল এই কুঁৱাসমূহ। কেৱল মাটি জমা হোৱাই নহয়, বৰষুণৰ পানী যাতে ভূগৰ্ভলৈকে গৈ পায়, তাৰ বাবেও এই কুৱাসমূহৰ জৰিয়তে ব্যৱস্থা কৰিলে। সমগ্ৰ অ়ঞ্চলটোত এই পদ্ধতিৰ জৰিয়তে জল সংকট ২০২৬চনলৈকে সম্পূৰ্ণৰূপে নিৰ্মূল হব বুলি আশা কৰিছে প্ৰশাসনে। উল্লেখ্য যে, এই কুৱাঁসমূহত ১৭হাজাৰ কিউৱিক মিটাৰ পানী জমা কৰি ৰাখিব পাৰি।

জাৰ্মানীৰ এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আমাৰ দেশ তথা ৰাজ্যইও। এই সন্দৰ্ভত বিশ্বজুৰি সজাগতা অভিযান চলাৰ লগতে অসমতো এই অভিযান ব্যাপক ৰূপত চলিছে। কিয়নো ভূ-পৃষ্ঠত থকা পানীৰ স্তৰ নিম্নগামী হৈ গৈ আছে দিনক দিনে। এই জলসংকটৰ পৰা ৰক্ষা পাবলৈকে বৰষুণৰ পানী সংৰক্ষণ কৰাটো প্ৰয়োজন হৈ পৰিছে।কিয়নো বৰষুণৰ পানী সংৰক্ষণ কৰি সেইবোৰ পৰিশোধনৰ জৰিয়তে খোৱাৰ উপযুক্ত কৰাৰ লগতে পুখুৰী, কুঁৱা আদিত জমা ৰাখি, কৃষি আদি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি।

বৰষুণৰ পানী সংৰক্ষণ কি?

বৰষুণৰ পানী সংগ্ৰহ কৰি তাক পৰবৰ্তী সময়ত ব্যৱহাৰ কৰাৰ পদ্ধতিকে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বা বৰষুণৰ পানী সংৰক্ষণ বুলি ক'ব পাৰি। বৰষুণৰ পানী সংগ্ৰহ এক নব্য কৌশল। ঘৰৰ চাল, চাদ বা আন উপৰিভাগৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰি সেইবোৰ বিভিন্ন পদ্ধতিৰে জমা ৰাখিব পাৰি। এই পানীসমূহ স্বাভাৱিকভাৱেই ঘৰৰ চাল বা চাদৰ পৰা সংগ্ৰহ কৰি এক বিশেষ পাত্ৰত জমা ৰখা হয়।

কিদৰে এই পানী সংগ্ৰহ কৰা হ'ব, সেয়া বিভিন্ন কাৰকৰ উপৰত নিৰ্ভৰ কৰে। ঠাইখনৰ অৱস্থা, বৰষুণৰ মাত্ৰা, মাটিৰ তলভাগৰ স্তৰ বা তৰপৰ গুণাগুণ আদি কাৰকবোৰৰ উপৰত নিৰ্ভৰ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰাৰ পদ্ধতি ভিন্ন হ'ব পাৰে। আনকি ২৪ ঘণ্টাই পানীৰ যোগানদাতা লোকসকলেও এই পদ্ধতিৰে বৰষুণৰ পানী সংগ্ৰহ কৰি সাময়িকভাৱে পানীৰ অভাৱত সেইবোৰ ব্যৱহাৰ কৰা বা ভূ-গৰ্ভলৈ সেইবোৰ প্ৰেৰণ কৰি ভূ-পৃষ্ঠত থকা পানীৰ স্তৰ বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে।

বৰষুণৰ পানী সংৰক্ষণ কৰিলে কি লাভ হয়?

বৰষুণৰ পানী সংৰক্ষণ কৰাটো কিয় প্ৰয়োজন আৰু উপযুক্ত, সেই বিষয়ে বিভিন্ন যুক্তি বা বিচাৰ-বিশ্লেষণ কৰিছে বিশেষজ্ঞসকলে। প্ৰথম যুক্তি হ'ল- বৰষুণৰ পানী সংৰক্ষণ এক অতিৰিক্ত পানীৰ উৎস। এই পানী সংৰক্ষণে মাটিৰ তলৰ পানী বা আন পদ্ধতিৰে যোগান ধৰা পানীৰ পৰিপূৰক উৎস হ'ব পাৰে। বৰষুণৰ পানী অতি কম খৰছতে বিশুদ্ধৰূপত বা ৰসায়নিক দ্ৰব্যমুক্ত ৰূপত পাব পাৰি। এই পদ্ধতিত পানী সংৰক্ষণৰ ব্যয় নূন্যতম।

এনেদৰে পানী সংৰক্ষণ কৰি কৃত্ৰিম বান বা ভূমিস্খলন আদিও ৰোধ কৰিব পাৰি। এই পদ্ধতিৰে সাধাৰণতে মাটিৰ তলত পানীৰ অভাৱ হ'লে, লেতেৰা মাটি সংমিশ্ৰিত পানী ওলালে, শিলাময় বা পাহাৰীয়া অঞ্চলত, ৰসায়নিক দ্ৰব্য সংমিশ্ৰিত পানীৰ সমস্যাৰ পৰা মুক্ত হ'বলৈ যিকোনো লোকে বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে।

বৰষুণৰ পানী ব্যৱহাৰঃ

দৈনন্দিন জীৱনত বৰষুণৰ পানী ব্যৱহাৰ বিভিন্ন কাম কাজত কৰাৰ লগতে এই পানী পৰিশোধন কৰি ৰন্ধন প্ৰকৰণ কৰিব পৰা যায়। খোৱা বা গা-ধোৱা কাৰ্য্যতো বৰষুণৰ পানী ব্যৱহাৰ কৰিব পাৰি। শৌচাগাৰ, কাপোৰ ধোৱা আদি কামতো সংৰক্ষিত বৰষুণৰ পানী ব্যৱহাৰ কৰা হয়।

ইয়াৰোপৰিও এই পানী কৃষি কৰ্মত ব্যৱহাৰ কৰা হয়। লগতে যি স্থানত পানীৰ অভাৱ নহয়, তেনে স্থানৰ লোকসকলে এনে সংৰক্ষিত পানী ভূ-গৰ্ভলৈ প্ৰেৰণ কৰি উক্ত অঞ্চলত ভূ-গৰ্ভত থকা পানীৰ স্তৰ বৃদ্ধি কৰিব পাৰে।

বৰষুণৰ পানী সংৰক্ষণ আৰু অসমঃ

অসমত গড়ে বাৰ্ষিক বৰষুণৰ পৰিমাণ ২৮১৮ মিলিমিটাৰ। গুৱাহাটী চহৰতে বছৰত ১৬৯৮ মিলিমিটাৰ বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীত যি কৃত্ৰিম বানৰ সৃষ্টি হয়, ইয়াৰ পৰাই বুজিব পাৰি কিমান সংখ্যক বৰষুণৰ পানী অপচয় হয়।

বৰষুণৰ বতৰত ইয়াৰ কিছু পানী সংৰক্ষণ কৰিলে মহানগৰীত পানীৰ অভাৱৰ সমস্যা সমাধান কৰাৰ লগতে কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰতো ই আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। ইয়াৰ উপৰিও ভূমিস্খলন, আন উদ্যোগিক কাম কাজত এই পানী ব্যৱহাৰ কৰিব পৰা যায়।

অসমত চৰকাৰে ২০০০ খন প্ৰাথমিক বিদ্যালয়, ৫০০ খন গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ এক আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই আঁচনি বিভিন্ন কাৰণত ফলপ্ৰসূ নহ'ল। বৰপেটা জিলাতেই এই আঁচনিৰ অধীনত ২.২০ কোটি টকা খৰছ কৰিছিল চৰকাৰে। এই আঁচনিৰ জৰিয়তে জিলাখনত ৮৯ খন প্ৰাথমিক বিদ্যালয়, ১৯খন গাঁও পঞ্চায়ত আৰু ১১টা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, আসোঁৱাহপূৰ্ণ ব্যৱস্থা আৰু সজাগতাৰ অভাৱৰ বাবে বৰষুণৰ পানী সংৰক্ষণৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টা বিদ্যালয় বা চৰকাৰী কাৰ্যালয় সমূহত সফল হৈ নুঠিল।

জলসংকট বিশ্বৰ এক ভয়াবহ সমস্যাঃ

জলসংকটৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্বৰ বিভিন্ন দেশৰ নেতাই ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত এই সমস্যাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে উদ্যোগ গ্ৰহণৰ বাবে একত্ৰিত হৈছিল। ১৯৯২ চনতে ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ' চহৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ বাবে এটা বিশেষ দিন উদযাপনৰ প্ৰস্তাৱ লৈছিল। সেই প্ৰস্তাৱ অনুসৰিয়েই ১৯৯৩ চনত ২২ মাৰ্চ দিনটো বিশ্ব জল দিৱসৰূপে ঘোষণা কৰা হয়। তেতিয়াৰ পৰাই বিশ্ব জল দিৱস উদযাপন কৰি অহা হৈছে।

এই জল দিৱসত প্ৰকাশ পোৱা পানী সম্পৰ্কীয় প্ৰতিবেদনে ভৱিষ্যতৰ এখন ছবি দাঙি ধৰে। ২০৫০ চনত মানুহৰ বাবে প্ৰয়োজনীয় খাদ্য উৎপাদন কৰিবলৈ কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা পানীৰ চাহিদা ১৯ শতাংশ বৃদ্ধি পাব। ইয়াৰ লগতে ২০৩৫ চনলৈ সামগ্ৰিকভাৱে পানীৰ চাহিদা বৃদ্ধি হ'ব বৰ্তমানৰ তুলনাত ৮৫ শতাংশ। এই তথ্যই দাঙি ধৰে অহা ২০টা বছৰত পানীৰ বাবে কেনে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়েহে জল দিৱসৰ লগত সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশে পানীৰ সৈতে উন্নয়নৰ দিশটোক নতুন ধৰণে চোৱাৰ চিন্তা কৰিছে। আনকি পানী আৰু বহনক্ষম উন্নয়নৰ এক ধাৰণাৰে জল সম্পদৰাজিৰ সঠিক ব্যৱহাৰ, অৰ্থনৈতিক আৰু পৰিৱেশত পানীৰ প্ৰয়োজনীয়তাৰ উপৰত গুৰুত্ব দিয়া হৈছে।

জীৱন ধাৰণৰ বাবে মৌলিক উপাদান পানী। অসমত আজি পানীৰ সমস্যাৰ গুৰুত্ব উপলব্ধি কৰা নাই যদিও লাহে লাহে এই সমস্যা এনেদৰে গা কৰি উঠিছে। ৰাষ্ট্ৰসংঘই সহশ্ৰাব্দ উন্নয়নৰ লক্ষ্য শীৰ্ষক যি ঘোষণা পত্ৰ প্ৰস্তুত কৰিছিল, তাৰ ১০নং দফাত খোৱাপানীৰ সমস্যা সমাধান কৰা আৰু 'জীৱনৰ বাবে পানী' লক্ষ্যৰে ব্যৱস্থা গ্ৰহণৰ প্ৰতি মতপোষণ কৰিছিল।

জলসংকটত ভাৰতঃ

বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰত। ২০৫০ চনত ভাৰতৰ জনসংখ্যা ১৬০ কোটি অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে। সেয়া হ'লে বিশ্বৰ ভিতৰতে জনবহুল দেশৰ শীৰ্ষস্থান দখল কৰিব ভাৰতে। এতিয়াই ভাৰতত খোৱাপানী এক ডাঙৰ সমস্যা হৈ আহিছে। বৰ্তমান ভাৰতৰ ৬৮.২ শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ ব্যৱস্থা লাভ কৰি আহিছে।

প্ৰতি বছৰে আমাৰ দেশত ৩৭.৩ নিযুত লোক পানীজনিত ৰোগত আক্ৰান্ত হয়। ইয়াৰে ৭৫ শতাংশ শিশু। খোৱাপানীৰ বাবে ভূ-গৰ্ভত থকা পানীৰ উৎসকে সম্বল কৰি লোৱাৰ বাবে ফ্লৰাইড, আৰ্চেনক আদি সংমিশ্ৰিত পানী বহু লোকে ব্যৱহাৰ কৰি আহিছে।

অসমতো বাৰিষা চৌদিশ পানীৰে উফন্দি পৰে। কিন্তু খৰালি অহাৰ লগে লগে নদ-নদী তথা জান-বিল সমূহৰ জলস্তৰ নিম্নগামী হোৱাই নহয়, বহু ঠাইত সেই পানীৰ উৎসসমূহ শুকাই যায়। সেয়েহে পানীৰ সমস্যা সমাধান কৰিবলৈ এনে বিকল্প উৎসৰ দ্বাৰাই পানীৰ সংগ্ৰহ আৰু সংৰক্ষণ এতিয়া প্ৰয়োজনীয় হৈ পৰিছে।

গুৱাহাটীত বৰষুণৰ পানী সংৰক্ষণঃ

ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰীতো বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমে এক পদক্ষেপ গ্ৰহণ কৰিছিল। আনকি নতুন গৃহ নিৰ্মাণৰ অনুমতি দিয়াৰ সময়ত বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা সংযোজন কৰাৰো সিদ্ধান্ত লৈছিল গুৱাহাটী পৌৰ নিগমে।

এই বিষয়টো তদাৰক কৰিবলৈ বিশেষ গোট গঠন কৰা আৰু মহানগৰীত নিৰ্মাণ কৰা ঘৰ, ফ্লেট বা আন অট্টালিকাত বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব দি এক প্ৰকল্প অনুমোদন জনোৱা হৈছিল। ইয়াৰ বাবে আৰ্হি প্ৰস্তুতকৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু আন আনুসাংগিক বিভাগসমূহক দায়িত্ব দিয়াৰ কথাও ঘোষণা কৰা হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত এই ব্যৱস্থা বা নীতি-নিৰ্দেশনা সন্দৰ্ভত কেনে ফলাফল লাভ কৰিলে, সেয়া গুৱাহাটী পৌৰ নিগম বা চৰকাৰী পক্ষই প্ৰকাশ নকৰিলে। মহানগৰীত নিৰ্মাণ কৰা ফ্লেট, অট্টালিকা বা আন ঘৰ-দুৱাৰ সমূহত বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। লক্ষণীয় কথাটো হ'ল- বানৰ সময়ত বিদ্যালয়লৈ আহিব নোৱাৰা লখিমপুৰ, ধেমাজি আদিৰ অঞ্চল সমূহত খৰালি কালত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খোৱাপানীৰ সমস্যাই দেখা দিয়ে। এই সমস্যা সমাধান কৰিবলৈও বৰষুণৰ পানী সংৰক্ষণ এক উপযুক্ত পথ হ'ব পাৰে। কিন্তু ব্যৱহাৰিকভাৱে বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনিয়ে ৰাজ্যৰ কোনো বিদ্যালয় বা চহৰ-নগৰত সফলতা দাবী কৰিব নোৱাৰে।

পানীৰ সমস্যা সমাধানৰ বাবেই আনকি মোডী চৰকাৰে জন আন্দোলন গঢ়ি তুলিছিল। প্ৰথম পৰ্যায়ত জলশক্তি অভিযানেৰে দেশৰ ২৫৬খন জিলা সামৰি লৈছিল। এই অভিযানৰ মূল লক্ষ্য আছিল বৰষুণৰ পানী সংৰক্ষণ বা পানী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি। কিয়নো আমাৰ দেশত পানীৰ অভাৱৰ বাবেই বছৰি ২ লক্ষাধিক লোকৰ মৃত্যু হয়।

বিশুদ্ধ খোৱাপানীৰ অভাৱ, দূষিত পানী সেৱন এইবোৰ সমস্যাৰ এতিয়াও সমাধান হোৱা নাই। অসমত পানীৰ প্ৰচূৰ ভাণ্ডাৰ থাকিলেও সেইবোৰ সঠিভাৱে এতিয়াও ব্যৱহাৰ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ ১২১খন উপ নৈ আৰু বৰাককে ধৰি ইয়াৰ ১১ খন উপ নৈ আছে। কিন্তু তাৰ পিছতো খৰালিত পানীৰ অভাৱ হয়। যাৰ বাবে বৰষুণৰ সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰাকৃতিক সম্পদৰ ভিতৰত আটাইতকৈ ব্যৱহাৰ হোৱা সম্পদবিধেই হৈছে পানী। সেয়েহে ইয়াক প্ৰয়োজনত পাবলৈ সকলোৰে সজাগতাৰ প্ৰয়োজন।

ভাল বা বিশুদ্ধ পানীৰ সংৰক্ষণ আৰু দেশজুৰি জনসাধাৰণলৈ ইয়াৰ যোগান সহজ কথা নহয়। কেন্দ্ৰৰ মতে, জলসম্পদৰ চাহিদা আৰু যোগান ৪৩ শতাংশ বঢ়াৰ সম্ভাৱনা আছে, যিটো জল জীৱন মিছনৰ জৰিয়তে প্ৰমাণ হৈছে। এই মিছনে লগতে ১৪ কোটি গ্ৰামাঞ্চলবাসীক ৫ বছৰত পানীৰ সুবিধা প্ৰদান কৰাৰ খৰছ হয় বুলি ৩,৬০,০০০ কোটি টকা ধাৰ্য কৰিছে। প্ৰায় চাৰে তিনি বছৰ আগতে মিহিৰ শ্বাহ কমিতিয়ে পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় জল সংস্থা আৰু কেন্দ্ৰীয়ভাৱে ভূমিজলৰ সংৰক্ষণৰ প্ৰয়োজনসমূহ পূৰাবৰ কাৰণে নতুনকৈ সংগঠিত হ'ব লাগে।

যিসমূহ খেতি পথাৰত ভূমিজলৰ অভাৱে দেখা দিছে খেতিয়কসকলে মিতব্যয়িতাৰে আৰু পৰিকল্পিতভাৱে পানীৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। তাৰ লগতে এইক্ষেত্ৰত চৰকাৰেও কাৰিকৰী জ্ঞান প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। অষ্ট্ৰেলিয়া,দক্ষিণ আফ্ৰিকা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই জলভূমিৰ সংৰক্ষণৰ কাৰণে বিশেষ ব্যবস্থা গ্ৰহণ কৰিছে। চীনৰ নিছিনা দেশে প্ৰায় ১২ মিলিয়ন লোকক দৃষ্টি ৰাখিবলৈ নিক্ষেপ কৰিছে যাতে অলপো জলসম্পদ প্ৰদূষিত হ'ব নোৱাৰে। কিছুমান দেশে আনকি ৰাস্তা-পথ নিৰ্মাণৰ নতুন কৌশল অৱলম্বনৰ কথা ভাবি আছে যাতে বৰষুণৰ পানীৰ অপচয় নহয় আৰু সংৰক্ষিত হয়। প্ৰতিটোপাল পানীক অপচয় নোহোৱাকৈ ভালদৰে ব্যৱহাৰ কৰা সংস্কৃতি এটা যদি ৰাষ্ট্ৰীয় পৰ্যায়ত গঢ় লৈ উঠে কৃষি উৎপাদনৰ পৰিমাণো বাঢ়িব। এটোপ এটোপকৈ পানী পৰি বিশাল সাগৰৰ সৃষ্টি হয় বুলি কোৱা হয় আৰু তেনেকৈয়ে অলপ অলপ সংৰক্ষণৰ আৰম্ভণিৰ পৰাই সমস্যাবোৰ আতৰিব।

বিদেশে বুজিলে বৰষুণৰ মোল, আমিহে কৰি আছো ভুল...
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সোণাৰাম বৰুৱাক ' শিৱসাগৰ ৰত্ন ' বঁটা প্রদান... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in