সাধুকথা অতীতৰ পৰা চলি অহা জনশ্ৰুতি। অনিৰ্দিষ্ট কালৰ পৰা চলি অহা এই লোককথা সমূহে মানৱ জীৱনত বহু প্ৰভাৱ পেলায়। কিন্তু সাহিত্যত উচিত স্থান পোৱা নাই এই সাধুকথাই। এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন...
তেতিয়া জোনাক সৰিছে। জোনাকী পৰুৱাৰ ধিমিক ধামাক পোহৰে তাতেই সোণত সুৱগা চৰাইছে। গৰমত থাকিব নোৱাৰি পঢ়া সামৰি বাহিৰলৈ ওলাই আহিছে কনমানি কেইটা। চোতালত আইতাকে ঢাৰিখন পাৰি লৈ তামোল খুন্দিছে। লাহে লাহে কনমানি কেইটা গৈ আইতাকৰ ওচৰত বহিছেগৈ। খুন্দা তামোলখিনি মুখত ভৰাই বিচনিখন হাতত লৈ আইতাকে আৰম্ভ কৰিছে সাধু- এয়া পুৰণি গাঁৱৰ পৰিৱেশৰ এক জলন্ত ছবি। ককা-আইতাকৰ সাধু নুশুনিলে নাযায় নুপুয়ায়।
কাৰোবাৰ যদি 'তেজিমলা'ৰ সাধু প্ৰিয়, কাৰোবাৰ আকৌ প্ৰিয় 'চাতি আৰু মাতি বাই'ৰ সাধু। এই সাধুকথা সমূহৰ নৈতিক আধাৰ নথকা নহয়। সৰুতে ককা-আইতাৰ মুখত শুনা সাধুকথা বোৰে আমাক সাহস দিয়ে, উচিত শিক্ষা দিয়ে জীৱন যুদ্ধৰ। প্ৰতিটো সাধুৰে থাকে নীতিশিক্ষা। সাহিত্যিক ৰীতা চৌধুৰীয়ে তেওঁৰ গ্ৰন্থ 'মায়াবৃত্ত'ত উল্লেখ কৰিছিল 'তেজিমলা'ৰ সাধুই দিয়া নীতিশিক্ষাৰ কথা। 'তেজিমলা'ই আমাক শিকাই মৰাৰ পৰা জী উঠিবলৈ।
সাধুকথাবোৰ অনিৰ্দিষ্ট কালৰ পৰা চলি অহা লোককথা। সাধুকথাবোৰৰ নাই কোনো স্থিৰ ৰূপ যাৰ বাবে সাধু কওঁতাই নিজৰ অভিৰুচী আৰু সামৰ্থ অনুসৰি ইয়াক বুজাই কয়। অসমৰ সাধুকথাৰ ভঁৰাল যথেষ্ঠ চহকী। অসমীয়া ভাষাৰ উপৰিও অন্য জনজাতীয় ভাষাতো এই সাধুকথাৰ প্ৰচলন অতি পুৰণি।
অসমত বহুকেইটা ভাগত ভাগ কৰিব পাৰি সাধুকথাক। কিছুমান সাধু জীৱ-জন্তু,কিছুমান আলৌকিক, কিছুমান নৈদানিক, আন কিছুমান মিছলীয়া , নিষিদ্ধ সাধুকথা, মুৰ্খৰ সাধু, ক্ষুদ্ৰ সত্য কাহিনী আদিত ভগাব পাৰি।
অসমীয়া সাহিত্য বুৰঞ্জীত সাধুকথাৰ বিষয়ে বেছি উল্লেখ নাথাকিলেও সমাজতত্বৰ অধ্যয়নৰ ফালৰ পৰা ইয়াক নুই কৰিব নোৱাৰি। সাধুকথা সংগ্ৰহৰ বাবে বহু ব্যৱস্থা হাতত লোৱা হৈছে, বহু পুথি প্ৰকাশ হৈছে যদিও এতিয়া বহু সাধু পাহৰণিৰ গৰ্ভত। হয়তো সাহিত্যত উচিত স্থান পোৱা নাই সাধুকথাই।
সাধু বা লোককথা বোৰ গল্পৰ শাৰীত ধৰা নহয় কিয় সেয়া এক ডাঙৰ প্ৰশ্ন। সাহিত্যৰ পণ্ডিত সকলে সাধুকথা, প্ৰলচন অথবা কিংবদন্তিৰ বাস্তৱ ভিত্তি নথকাৰ বাবেই ইয়াক গল্প-সাহিত্যৰ শাৰীত ধৰিব পৰা নাই বুলি যুক্তি দিলেও বহু সময়ত দেখা যায় যে কল্পনাপ্ৰসূত বহুবোৰ কাহিনী অথবা ভৌতিক লোককথাক লৈ গল্প, উপন্যাস অথবা নাটক-চিনেমাৰ স্ক্ৰীপ্ট প্ৰস্তুত হয়।
ৰঞ্জু হাজৰিকাৰ দৰে সাহিত্যিকৰ ৰহস্য সাহিত্যবোৰৰ আধাৰ মূলত অলৌকিক কাহিনী ভিত্তিকেই। কেৱল ৰঞ্জু হাজৰিকাৰ ক্ষেত্ৰতেই নহয়, পৃথিৱীৰ বিভিন্ন সাহিত্যত ভৌতিক অথবা শিহৰণকাৰী সাহিত্যই প্ৰভূত জনপ্ৰিয়তা বা সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
একেদৰেই লোকবাদ্য, লোকসংগীত, পৰম্পৰাগত খেল ধেমালীয়েও সময়ে সময়ে ৰাষ্ট্ৰীয়, আন্তঃ ৰাষ্ট্ৰীয় আনকি অলিম্পিকতো মান্যতা লাভ কৰিছে। আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ লোকৰ মাজত জনশ্ৰুতি অথবা কিংবদন্তি আধাৰিত বহু সাধু আছে।
বুৰঞ্জী জানিবৰ বাবে ফাইল'লজী, ভাষাতত্ব জানিবৰ বাবে যিদৰে মাইথলজী প্ৰয়োজন সেইদৰে সাধুকথা জনাটোও দৰকাৰ। কিয়নো সাধুকথাত একোটা জাতিৰ সকলো শ্ৰেণীৰ মানুহৰ আচাৰ-ব্যৱহাৰ,ৰীতি নীতি, চিন্তা-চৰ্চা আদিৰ সুন্দৰ প্ৰতিফলন ঘটে।
আধুনিক সাহিত্যত মনস্তত্বৰ দিশটো যথেষ্ঠ গুৰুত্বপূৰ্ণ। এই ধাৰণা প্ৰথম সাধুত উন্মেষ হৈছিল। সাধুত সমাজতন্ত্ৰ, ৰাজতন্ত্ৰ, মানুহৰ স্বাভাৱিক প্ৰবৃত্তিৰ চিত্ৰণ থাকে।
সাধু হয়তো প্ৰথম অৱস্থাত মনোৰঞ্জনৰ মাধ্যম হিচাপেই ব্যৱহাৰ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ই সমাজ এখনক প্ৰতিফলন কৰিব পৰা হ'ল, অবাস্তৱ হ'লেও নৈতিক শিক্ষা দিব পৰা হ'ল বা সাধুৰ চৰিত্ৰ বিশ্লেষণৰ জৰিয়তে মানুহে জীৱন যুঁজৰ বাবে প্ৰস্তুত হ'ব পৰা হ'ল।
কিন্তু আজিকালিৰ দিনত সাধুৰ প্ৰচাৰ কমি হৈছে। একাংশ ল'ৰা-ছোৱালীয়ে নাজানে সাধু কি। এয়া কেৱল এইবাবেই যে সাধুক সাহিত্যত দিয়া হোৱা নাই কোনো উচিত মান্যতা। যাৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গৈছে সাধু।
সাধুক সংৰক্ষণ কৰি ৰখাতো সাহিত্যিক সকলৰ দায়িত্ব আছিল। কেৱল বাস্তৱ ভিত্তি নথকাৰ বাবেই সাহিত্যত সাধুই উচিত স্থান নোপোৱাতো গ্ৰহণযোগ্য নহয়।
যদি আমি বিচাৰ কৰি যাঁও তেন্তে দেখিব পাৰো যে ৰামায়ন, মহাভাৰতৰ কোনো বাস্তৱ ভিত্তি নাই। সেয়া মুখ মুখে চলি অহা কথা যাক পিছত লিখিত ৰূপ দিয়া হৈছিল। কিন্তু সাহিত্যত আগস্থান দিয়া হয় সেই গ্ৰন্থ সমূহক। তেনেস্থলত কিয় পিছ পৰি ৰ'ল সাধু ?
সাধুক মান্যতা দিয়া প্ৰয়োজন। তাৰ বাবে সাহিত্যিক সকলে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন।সাধুক লৈ আলোচনা হ'ব লাগে। বিশিষ্ট সাহিত্যক সকলে সাধুক মান্যতা দিয়াৰ বাবে কৰিব লাগে সকলো ধৰণৰ প্ৰয়াস....
Also Read: ৬০০ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰা বাখৰ বেঙেনা