গুৱাহাটী মাজ মজিয়াৰ ৫৫ বিঘা মাটি। ৩০ বছৰে পেলাই থৈছিল সেই মাটি। চকু পৰিল জিএমডিএৰ। চলিছে তাত এতিয়া জিএমডিএৰ এক্সিভেটৰ, ডাম্পাৰ। অসম সাহিত্য সভাৰ নামত থকা মাটিত কি কৰিব জিএমডিএ? এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন...
১৯৯৩ চনৰ কথা। শিৱসাগৰ সাহিত্য সভাৰ অধিৱেশন। এদিন নিশা ১১.৩০ বজাত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘৰলৈ গৈছিল নৱ নিৰ্বাচিত সাহিত্য সভাৰ সভাপতি ড০ ভূপেন হাজৰিকা, সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰামচৰণ ঠাকুৰীয়া আৰু কাৰ্যনিৰ্বাহকৰ সদস্য ভৱানী প্ৰসাদ অধিকাৰী।
শিৱসাগৰ অধিৱেশনলৈ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক নিমন্ত্ৰণ কৰাৰ লগতে সাহিত্য সভাৰ বহু সমস্যা সন্দৰ্ভত সেইদিনা আলোচনা চলিছিল। ৰাজনৈতিক ভাৱে অতি দক্ষ আৰু চতুৰ হিতেশ্বৰ শইকীয়াই ভালদৰে জানে কাক,কেনেদৰে জেপত ভৰাই ৰাখিব লাগে।
মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল সাহিত্য সভাৰ অধিৱেশনত অংশ লৈ ৫০ লাখ টকা চৰকাৰী অনুদান দিয়াৰ কথা ভাষণত ঘোষণা কৰিব। শিৱসাগৰলৈ মুখ্যমন্ত্ৰী শইকীয়া গ'ল। আৱৰ্ত ভৱনত বাহৰ পাতিলে। আছুকে ধৰি কেইবাটাও সংগঠনে সাহিত্য সভাৰ মঞ্চত সেই সময়ত গণ শত্ৰু ৰূপে জ্ঞান কৰা হিতেশ্বৰ শইকীয়াক নিবিচাৰে।
সেই বাধা আৰু প্ৰতিবাদৰ বাবে গৃহ জিলাতে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত অংশ নলৈ মুখ্যমন্ত্ৰী ঘূৰি আহিল। লগত নিয়া ৫০ লাখ টকাৰ চেক লগতেই থাকিল। সাহিত্য সভা অধিৱেশনৰ অন্ত পৰিল।
কেনেদৰে কি সময়ত কি কাম কৰিব লাগে হিতেশ্বৰ শইকীয়াতকৈ কোনে ভালদৰে জানে। এইবাৰ হিতেশ্বৰ শইকীয়াই সাহিত্য সভালৈ আগবঢ়ালে চচলত থকা ৫৫ বিঘা মাটি। সাহিত্য সভাৰ বাবে এয়া ডাঙৰ সম্পদ।
গুৱাহাটীৰ মাজ মজিয়াত সাহিত্য সভাই ১৯৯৩ চনতেই পালে ৫৫ বিঘাকৈ মাটি। কি কৰিব সেই মাটিত সেই পৰিকল্পনা কৰোতেই ৩০ বছৰ উকলিল। কেইবছৰ মানৰ আগত চচলৰ মাটিত এখন চাইনবোৰ্ড আৰি দিয়া হ'ল। ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প আৰু বিশ্ব বিদ্যালয় স্থাপন কৰিব তাত।
সেই প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামীয়ে। তেতিয়া ভূপেন হাজৰিকা জীয়াই আছিল। তেওঁকো মতা হৈছিল এই অনুষ্ঠানলৈ। কিন্তু চকুৰ অসুখৰ বাবে সেইদিনা অনুষ্ঠানটোলৈ যাব নোৱাৰিলে সুধাকণ্ঠ।
এখন চাইনবোৰ্ড আৰিয়েই দায়িত্ব শেষ কৰিলে সাহিত্য সভাই। মাটি তেনেকৈয়ে পৰি থাকিল। বাহৰ খুঁটাত আৰি থোৱা চাইনবোৰ্ড মাজে মাজে খুঁটা পচি সৰি পৰে। ভূ মাফিয়াৰ চকু পৰিছিল সেই মাটিত।
সাহিত্য সভাৰ গালৈ অলপ হুচ আহিল। দুকোঠাৰ এটা ঘৰ নিৰ্মাণ কৰি সাহিত্য সভাৰে কলিতা নামৰ এজন কৰ্মচাৰীক মাটি ডোখৰ চোৱা চিতা কৰিবলৈ ব্যৱস্থা কৰি দিলে পৰমানন্দ ৰাজবংশীয়ে।
মাজতে ৰাজ্য চৰকাৰক চচলত লাষ্টগেটৰ পৰা উঠাই নিয়া প্ৰতিবাদস্থলী নিৰ্মাণৰ বাবে মাটি প্ৰয়োজন হোৱাত সাহিত্য সভাৰে মাটিৰ পৰা এটা ক্ষুদ্ৰ অংশ চৰকাৰে ল'লে। চচলৰ শাখা সাহিত্য সভাৰ কাৰ্যালয় এটাও নিৰ্মাণ হ'ল একোনত।
সাহিত্য সভাই এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ সিদ্ধান্ত লৈ সেই স্থানতে এটা অংশত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে। সম্ভৱত ২০০৮ চনত নিৰ্মাণ আৰম্ভ কৰা সেই প্ৰেক্ষাগৃহৰ বাবে কেইটামান পকী খুঁটা থিয় কৰোৱাৰ পাছত সেই কামো আগনাবাঢ়িল। ধনৰ অভাৱত হেনো নিৰ্মাণ কৰিব নোৱাৰিলে প্ৰেক্ষাগৃহ।
এবছৰ পূৰ্বে জিএমডিএ য়ে সাহিত্য সভাক ক'লে তেওঁলোকে প্ৰস্তুত কৰা গুৱাহাটীৰ মাষ্টাৰ প্লেন অনুসৰি সেই মাটিৰ পথ সংযোগী স্থানত কেইটামান নলা খান্দিব। সেয়াই আৰাম্ভণী।
সাহিত্য সভাৰ বিষয়া বৰ্গই সাহিত্য সভাৰ সেই সম্পত্তি লৈ কানসাৰ এৰিলে। দুমাহ মানৰ পৰা আকৌ তৎপৰতা সেই স্থানত। কেইবাখনো এক্সিভেটৰ, ডাম্পাৰৰ জৰিয়তে সেই মাটি চাফা কৰি বাহিৰৰ পৰা ট্ৰাকে ট্ৰাকে মাটি আনি তাত পেলালে।
সাহিত্য সভাৰ কৰ্মকৰ্তা সকলে তেতিয়াও সাৰ নাপালে। এটা অংশত বৃহৎ পুখুৰী খন্দাৰ কামো চলিল সমান্তৰাল ভাৱে। নিৰ্মাণ কৰিলে শ্ৰমিক থাকিবলৈ তৰ্জা বেৰৰ কেইবাটাও কোঠা। কাম বহুখিনি আগবাঢ়িল। তাৰ পাছতেই কোনোমতে সাৰ পালে সাহিত্য সভাৰ কেইজন মান বিষয়-ববীয়া।
সভাপতি, সম্পাদকে এইবোৰ কথালৈ মনেই নিদিলে। কেইদিননো আছে দায়িত্ব সামৰিবলৈ বুলি হয়তো গা এৰা দিলে। গুৱাহাটীত অসম সাহিত্য সভাৰ শেহতীয়াকৈ হৈ যোৱা অধিৱেশন সেই প্ৰকল্প স্থলীতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল।
আৰক্ষীয়ে বাধা দিলে। সেয়া জলাশয় ভূমি। ২০০৯ চনত ৰাজ্য চৰকাৰে জাৰি কৰা জাননীৰ অধীনত সেই ভূমি পুতিব বা তাত নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব। জিএমডিএৰ বাবে সাহিত্য সভাক দিয়া সেই সতৰ্কবাণী কিন্তু নাথাকিল।
এতিয়া দিনে ৰাতিয়ে তাত মাটি পোতা, পুখুৰী খন্দাৰ কাম চলিছে। মাটি ডোখৰ চোৱা-চিতা কৰিবলৈ ৰখোৱা মানুহজনৰ ঘৰটোক বাদ দি বাকী ঠাইত কাম চলি আছে। কি হ'ব তাত সেয়া কোনোৱে নাজানে।
তাত কামৰ দায়িত্বত থকা এজন লোকে ক'লে মাটি পুতি থকা অংশত এটা ডাঙৰ ৰিজাভাৰ হ'ব। ইটো ফালে এটা পুখুৰী আৰু পাৰ্ক হ'ব বুলি শুনিছো। এখন চৰকাৰে মাটি দিলে, আন এখন চৰকাৰে অতি কৌশলেৰে সাহিত্য সভাৰ সেই মাটি কাঢ়ি নিলে।
চচলত সাহিত্য সভাৰ নামত থকা মাটিৰ কাহিনী এয়া। ভুল আছে অসম সাহিত্য সভাৰ। মাটিখিনি ম্যাদীৰ বাবে কোনো ব্যৱস্থায়ে নল'লে। জুই পুৰি হাত পোৰাৰ পাছত এতিয়া চিঞৰিছে আমাৰ মাটি জিএমডিএ কাঢ়ি নিবলৈ ওলাইছে।
মুকলিকৈ প্ৰতিবাদ কৰাৰ সাহসো এতিয়া হেৰুৱাই পেলাইছে সাহিত্য সভাই। হয়তো হিতেশ্বৰ শইকীয়াই দিয়া মাটি সাহিত্য সভাৰ হৈ আৰু নাথাকিব।এলাগী কৰি মাটি খিনি পেলাই থোৱাৰ পৰিণাম ভোগ কৰিব সাহিত্য সভাই।
আৰু পঢ়ক: সভা-সংঘ, সকলো এতিয়া নেতাৰ ৰংগমঞ্চ!