উজনিত লুটিছে বিশালে...

উজনিত লুটিছে বিশালে...
Published on
Updated on

শ্বেয়াৰ মাৰ্কেটতকে ধৰি অনলাইন মাৰ্কেটিঙত ধন বিনিয়োগেৰে লাখপতি-কোটিপতি হোৱা মিছা সপোন দেখুওৱা এচাম প্ৰৱঞ্চকেৰে ভৰি পৰিছে ৰাজ্য। ৱাই বি ৱাই, ডি বি ষ্ট্ৰক ব্ৰৰ্কিঙৰ লুন্ঠনৰ এই জাল ইতিমধ্যে ফাদিল হৈছে।  কেৱল দীপাংকৰ বৰ্মনেই নহয়, এনেকুৱা বহু ভুৱা প্ৰবঞ্চকে আজিও সহজ-সৰল লোকৰ কষ্টোপাৰ্জিত ধন প্ৰশাসনৰ চকুৰ সন্মুখতে আত্মসাত কৰি আছে। উজনি অসমৰ তেনে এজন ভুৱা লুন্ঠনকাৰী আৰু প্ৰবঞ্চনাৰ জাল মেলা ব্যক্তি হ’ল বিশাল ফুকন। কি কৰে বিশাল ফুকনে এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন...

ডি বি ষ্ট্ৰক ব্ৰৰ্কিঙৰ নামত প্ৰবঞ্চনাৰ জাল মেলা দীপাংকৰ বৰ্মন এতিয়াও পলাতক। ৪হাজাৰৰো অধিক কোটি টকা আত্মাসাত কৰিলে এই প্ৰৱঞ্চকটোৱে। সহজলভ্য ধনৰ আশাত বহুতে এই প্ৰতিষ্ঠানটোত বিনিয়োগ কৰিছিল। 

বিনিয়োগকাৰীসকলক এবছৰত ১২০শতাংশ পৰ্যন্ত লাভ দিয়াৰ সপোন দেখুৱাইছিল দীপাংকৰ বৰ্মনে। গুৱাহাটী, হায়দৰাবাদ, বেংগালুৰু, মুম্বাই, কাশ্মীৰ, নলবাৰী আদিত কাৰ্যালয় স্থাপন কৰি প্ৰায় ২৩হাজাৰৰো অধিক গ্ৰাহকক লুন্ঠন কৰা বৰ্মন এতিয়া পলাতক।

বিনিয়োগকাৰীৰ ধনেৰে গোৱাত বিলাসী ফ্লেট কিনিছিল বুলি অভিযোগ উঠিছে দীপাংকৰৰ বিৰুদ্ধে। আনকি গুৱাহাটীৰ বহু বিল্ডাৰক ধন দিছিল দীপাংকৰে। বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধনেৰে বিলাসী জীৱন কটোৱা দীপাংকৰে সামাজিক কাম-কাজেৰেও এক নিকা ভাবমূৰ্তি গঢ়াৰ চেষ্টা কৰিছিল।

ৰয়েল গ্লোবেল, গুৱাহাটী বিশ্ববিদ্যালয় আদি শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে মিলি যৌথভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছিল ডি বি ষ্ট্ৰক ব্ৰৰ্কিঙৰ বেনাৰত। কেৱল সেয়াই নহয়, একাংশ সংবাদমাধ্যমত দীপাংকৰ হৈছিল এনে বিনিয়োগৰ পৰামৰ্শৰে অনলাইন মাৰ্কেটিঙৰ অন্যতম প্ৰবক্তা।

চতুৰ দীপাংকৰে ৰাজ্যৰ এজন বিশিষ্ট অভিনেতাৰ নামত প্ৰদান কৰা বটাঁ লাভ কৰিছিল। সকলোফালে মেনেজত ওস্তাদ দীপাংকৰে মেলা এই প্ৰবঞ্চনাৰ জালত ভৰি দিছিল প্ৰবাসী অসমীয়াইও।

দীপাংকৰৰ লুন্ঠনৰ কাহিনী পোহৰলৈ অহাৰ সমান্তৰালভাৱে তেনে আন অনলাইন মাৰ্কেটিঙৰ নামত উজনি অসমত লুন্ঠন চলোৱা ব্যক্তিৰ তথ্যও পোহৰলৈ আহিছে। ইতিমধ্যে বিশাল ফুকন নামৰ ডিব্ৰুগড়ৰ এইজন প্ৰবঞ্চকে ৬০০কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ খবৰ আহিছে।

চতুৰ বিশাল ফুকনে ষ্ট্ৰক বা অনলাইন মাৰ্কেটিঙত ধন বিনিয়োগ কৰিব খোজা লোকৰ পৰা নটাৰী এগ্ৰিমেন্টযোগে লাখ লাখ টকা সংগ্ৰহ কৰি আহিছে। নামৰূপৰ BVFCL চেক্টৰ বি/১১১/৯৯ৰ নিৱাসী এইগৰাকী বিশাল ফুকন। তেওঁৰ পিতৃৰ নাম  প্ৰয়াত বিপিন চন্দ্ৰ ফুকন।

বিশালে কোনো লোকৰ পৰা ধন সংগ্ৰহ কৰোতে তেওঁৰ সৈতে এক চুক্তি কৰে।  এই চুক্তিখনত থাকে ৭টা দফা। তাৰে প্ৰথম দফাত ইনভেচমেন্টৰ বিষয়ে, দ্বিতীয় দফাত বেকগ্ৰাউণ্ড, উদ্দেশ্য আৰু বিনিয়োগকাৰীৰ বিষয়ে। ৩নংত থাকে গোপনীয়তা আদি বিষয়সমূহ উল্লেখ থাকে।

মনকৰিবলগীয়া যে, এই নটাৰী বিশাল ফুকনে ৬০দিনৰ ভিতৰত বিনিয়োগকাৰীক ৩০শতাংশ ৰিটাৰ্ণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। দুয়োপক্ষৰ মাজত বিশ্বাসৰ ভিত্তিত এই ধন লোৱাৰ কথা উল্লেখ থাকে এগ্ৰিমেন্টত। তাৰ পাছত চুক্তি অনুসৰি বিনিয়োগকাৰীৰ ধনৰ পৰাই মাহত পাব লগা ধনৰ অংশ প্ৰদান কৰে তেওঁ।

বিশাল ফুকনে তেনে এখন এগ্ৰিমেন্ট কৰিছিল ১০/০৫/২০২৩ত। যিখনৰ নটাৰী চাৰ্টিফিকেট নং IN-AS394301102487913V।  এই নটাৰীযোগে কৰা ইনভেচমেন্ট এগ্ৰিমেন্টৰ জৰিয়তে তেওঁ বিনিয়োগকাৰীজনৰ পৰা ৩০শতাংশ ন্যূনতম লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে ৩লাখ টকা লৈছিল।

উল্লেখযোগ্য যে, চেবিৰ গাইডলাইন অনুসৰি এইধৰণৰ চুক্তি কৰিব নোৱাৰি।  কিন্তু নগদ ধন লোৱা চতুৰ লুন্ঠনকাৰীসকলে বিনিয়োগকাৰীৰ পৰা ধন লোৱাৰ কোনো আইনী প্ৰমাণ হ'ব পৰা তথ্য তেওঁলোকক নিদিয়ে। কেৱল এই এগ্ৰিমেন্টৰ ওপৰত ভিত্তি কৰিয়েই এক বিশ্বাস জন্মাই ধন সংগ্ৰহ কৰে তেওঁলোকে।  

আৰক্ষী আৰু প্ৰশাসনে অনুসন্ধান কৰিলে বিশাল ফুকনে সংঘটিত কৰা বহু বিস্ফোৰক কৰ্মকাণ্ড পোহৰলৈ আহিব। উল্লেখ্য যে, তেওঁলোকে নিজকে ষ্ট্ৰক ব্ৰৰ্কাৰ বুলি কয় যদিও তাৰ বাবে তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছেনে নাই, সেয়াও সন্দেহৰ বিষয়।

ইফালে এইসকল লুন্ঠনকাৰীয়ে গ্ৰাহকক প্ৰলোভিত কৰিবলৈ বিভিন্ন সামাজিক মাধ্যমতো এনে প্ৰচাৰ মুকলিকৈ চলায়। ডিম্পু বৰুৱা, হৰপলৰ দৰে ইউটিউবাৰক কাষত লৈ দীপাংকৰ বৰুৱাই প্ৰবঞ্চনাৰ জাল মেলাৰ তথ্য তেওঁৰ সামাজিক মাধ্যমতেই উপলদ্ধ।

সহজ ধনৰ লোভত এইধৰণৰ লুন্ঠনকাৰীৰ কব্জাত যদি পৰিছে, তেনে সজাগ হওঁক। লুন্ঠনৰ ধন লুটি আত্মসাতকাৰীয়ে আত্মগোপন কৰাৰ পাছত সেই ধন আইনী যুঁজেৰেও ঘূৰাই পোৱাৰ সম্ভাৱনা বহু ক্ষীণ।

উজনি অসমৰ বহু লোকে ইতিমধ্যে কোটি কোটি টকা এনে লুন্ঠনকাৰীৰ হাতত তুলি দিছে। অচিৰেই সেইসকল লুন্ঠনকাৰীৰ আঁচল স্বৰূপ পোহৰলৈ আহিব।

শ্বেয়াৰ মাৰ্কেটৰ ষ্ট্ৰকৰ সৈতে জড়িত অভিজ্ঞ ব্ৰকাৰে জানিবলৈ দিয়া মতে, কোনো কাৰণতে কোনো লোকে এই হাৰত কাৰোবাক ধন বিনিয়োগেৰে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে। এয়া প্ৰলোভনৰ এক জাল বুলি উল্লেখ কৰি তেওঁ ইয়াৰ প্ৰতি এতিয়াই বিনিয়োগকাৰীসকলক সজাগ হ’বলৈ আহ্বান জনাইছে।

উজনিত লুটিছে বিশালে...
বিদেশে বুজিলে বৰষুণৰ মোল, আমিহে কৰি আছো ভুল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in