পূৰ্ণগতিত চলি আছে জি এন বি ৰোড উৰণ সেতু নিৰ্মাণৰ কাম। নিউ গুৱাহাটীৰ পৰা গুৱাহাটী ক্লাৱলৈ সংযোগ কৰা এই উৰণ সেতুখনকলৈ ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে যদিও দেখিবলৈ পোৱা মতে দিন- ৰাতি একাকাৰ কৰি বণুৱাসকলে নিৰ্মাণ কাৰ্য্য চলাই আছে। এই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-
এখন উৰণ সেতু। নিউ গুৱাহাটীৰ পৰা গুৱাহাটী ক্লাৱ সংযোগী এই উৰণ সেতুখনৰ নাম জি এন বি ৰোড উৰণ সেতু। সম্প্ৰতি পূৰ্ণগতিত চলি আছে ইয়াৰ প্ৰাৰম্ভিক কাম- কাজ। ইতিমধ্যে নিউ গুৱাহাটীৰ পৰা অনুৰাধাৰ মাজ অংশলৈকে খুটা সংৰোপণ কৰা কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।
এই উৰণ সেতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছে ৮০০ কোটি টকা। চাৰিলেনযুক্ত হ’ব এই উৰণ সেতুখন। যাৰ দৈৰ্ঘ্য হ’ব ৫ কিলোমিটাৰ।
২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰিব লগা উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য বণুৱাসকলে ৰ’দ–বৰষুণ একাকাৰ কৰি হ’লেও চলাই গৈছে কাম-কাজ। উল্লেখযোগ্য যে দুৰ্গা পূজাৰ সময়ত নিৰ্মাণ কাৰ্য বন্ধ থাকিব যদিও নুনমাটিৰ পৰা চানমাৰি অংশ সম্পূৰ্ণ হ’ব ২০২৫ৰ ৩১ মাৰ্চত।
ইয়াৰ নিৰ্মাণ কাৰ্যৰ গতিৰ দিশে লক্ষ্য কৰিলে দেখা যায় যে আনকেইখন উৰণ সেতুৰ তুলনাত এইখন উৰণ সেতুৰ কাম দ্ৰুতগতিত চলিছে। নিউ গুৱাহাটীৰ পৰা অনুৰাধালৈকে ইতিমধ্যে কেইবাটাও খুটা পোতা হৈছে।
উৰণ সেতুখন সম্পূৰ্ণ হৈ উঠাৰ পাছত কৃত্ৰিম বান, যান-জঁট, ব্যৱসায়- বাণিজ্য আদি কৰি কেইবাটাও দিশত পূব গুৱাহাটীবাসীয়ে সকাহ পাব যদিও ইয়াৰ নিৰ্মাণ কাৰ্যই জনসাধাৰণক বাৰুকৈয়ে জলা –কলা খুওৱা পৰিলক্ষিত হৈছে।
গুৱাহাটী কলেজৰ পৰা চানমাৰিলৈকে ধূলিৰ উৎপাতত কোনেও শান্তিৰে আহিব নোৱাৰে। ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত আৰু চিমেণ্ট মিহলি পানী। বৰষুণ দিলেই পানীৰে উপচি পৰে গাঁতবোৰ।
ইফালে কৃত্ৰিম বানপানী আছেই। ক’ৰবাত ওলাই আছে মৃত্যুদূত সদৃশ লোৰ ৰদ, বাঁহ আদি। বানপানীৰ সময়ত সেইবোৰ নেদেখা হৈ পৰে, যাৰ বাবে হাতৰ মুঠিত জীউ লৈ যাত্ৰা কৰিব লগা হয় বহু লোক।
আকৌ ৰ’দ দিলে সেই ঠাইসমূহ ধূলিৰে উপচি পৰে। মাটিৰ ধূলি, চিমেণ্টৰ ধূলি আদিয়ে ধূসৰ বৰণ ধাৰণ কৰে। সম্প্ৰতি পথছোৱাৰ কোনো এটুকুৰা ঠাইয়ে আহ-যাহ কৰাৰ বাবে উপযুক্ত নহয়।
বৰষুণৰ সময়ত ৰাস্তাৰ মাজৰ গাঁতসমূহ হৈ পৰে যমদূত। ভালেকেইগৰাকী লোক বাহনসহ গাঁতত পৰি ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰো পোৱা গৈছে। কোনো মতে মৰণক সৰণ দি আহ-যাহ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।
নিৰ্মীয়মাণ উৰণসেতুখনৰ দুয়োকাষৰ পথছোৱাৰ গাঁতবোৰ পুতি অন্তত আহ-যাহ কৰাত সুবিধা কৰি দিলে ভাল। তাৰোপৰি সময়ে সময়ে পানী দিয়াৰ ব্যৱস্থা কৰিলে ধূলিবোৰ কমিব। যাৰ ফলত মহানাগৰিকসকল আহ-যাহ কৰোতে অন্ততঃ মুখমণ্ডল চিমেণ্ট মিহলি ধূলিৰে উপচি নপৰে।
ইফালে উক্ত পথছোৱাৰ এই হাৰাশাস্তিৰ বাবে কিছুসংখ্যক লোকে সৰু সৰু উপপথবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে। আগেয়ে এইবোৰ পথেৰে আহ-যাহ কৰিছিল যদিও আজি কিছুদিনৰ পৰা হোৱা সঘন ব্যৱহাৰে অধিক যান-জঁটৰ সৃষ্টি কৰিছে।
বিশেষকৈ গুৱাহাটী কলেজৰ মাজেৰে জ্যোতিনগৰৰ কালি মন্দিৰ হৈ চানমাৰি ওলাব পৰা পথছোৱাত পুৱা ১০-০০ বজাৰ পাছৰ পৰা অধিক যান-জঁটৰ সৃষ্টি হয়।
এই পথছোৱা ব্যৱহাৰ কৰা লোকক সোধোতে তেঁওলোকৰ উত্তৰ আছিল- ৰাস্তাত উৰণসেতুৰ কাম, ৰ’দ দিলে ধূলিৰে উপচি পৰে, পিন্ধি যোৱা কাপোৰ সাজো লেতেৰা হৈ পৰে। সেয়ে এই পথেৰে আহ-যাহ কৰা হয়। অৱশ্যে আজি কিছুদিনৰ পৰা এইসমূহ উপ-পথতো যথেষ্ট ভিৰ হয়।
যদিহে মূল পথছোৱাত পুৱাই পানী মাৰি দিয়ে তেন্তে ধূলিবোৰ নাইকিয়া হ’ব, তাৰোপৰি ৰাস্তাটো যদি কিছু মেৰামতি কৰাৰ লগতে গাঁতবোৰ পুতি দিয়ে তেন্তে আগৰ দৰে আহ-যাহ কৰিব পৰা যাব বুলি মন্তব্য কৰে।
এইক্ষেত্ৰত যদি শীঘ্ৰেই উচিত ৱ্যৱস্থা নকৰে তেন্তে ইয়াৰ পৰা আৰু দুৰ্ভোগ ভোগৰ সম্ভাৱনা অধিক। গতিকে উক্ত পথছোৱাত উৰণসেতু নিৰ্মাণৰ কাম চলি থকাৰ মাজতে পথছোৱাৰ দুয়ো কাষে আহ-যাহ কৰাৰ ক্ষেত্ৰত সু-ব্যৱস্থা কৰিলে এই পথছোৱা ব্যৱহাৰ কৰা লোকসকলক যথেষ্ট উপকৃত হ’ব !
অৱশ্যে ইয়াৰ মাজতে চানমাৰি কল’নিৰ অংশ পকীকৰণ কৰি যাতায়তৰ সুবিধা কৰি দিছে। অনুৰূপ ধৰণে নিউ গুৱাহাটীৰ পৰা চানমাৰি উৰণ সেতুৰ পথছোৱাও যদি অন্তত পকীকৰণ কৰি আহ- যাহৰ বাবে সুবিধা কৰি দিয়ে তেন্তে সকলো পক্ষৰ বাবে ই সুবিধাদায়ক হ’ব।
Also Read: কামৰ বোজা - সময়ৰ নাটনি, চলি আছে জীৱন চকৰি...