চৰকাৰৰ আস্থা, জনতাৰ লাগিব নিষ্ঠা তেহে কাহিল্ হ'ব গুটখাৰ অৱস্থা

চৰকাৰৰ আস্থা, জনতাৰ লাগিব নিষ্ঠা তেহে কাহিল্ হ'ব গুটখাৰ অৱস্থা
Published on
Updated on

সৰু সৰু বুলি ভবা কিছুমান ঘটনাও সময়ত ধাৰণ কৰে জটিল ৰূপ। কথাতে কয় নহয়- সৰুৱে পেলাই পানী, পিছলি পৰে বৰ। বহু সৰু সৰু কথাত গুৰুত্ব নিদি আমি ডাঙৰ কিবা এটাৰ পিছত দৌৰি ফুৰো। ফলত সৰু সৰু বহু কথাই চৰ্চালৈ নাহে আৰু ফাঁকে ফাঁকে সাৰি গৈ থাকে। তেনে এক জলন্ত উদাহৰণ গৈছে গুটখা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন আৰু প্ৰসাৰ। বিগত কিছুবছৰ ধৰি গুটখাই সাংঘাটিকধৰণে গা কৰি উঠিছে। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলত ভাস্কৰ শৰ্মাৰ এই বিশেষ প্ৰতিবেদন -

আগতে কেৱল পাণদোকানমসূহতে গুটখা উপলব্ধ আছিল। আজিকালি কিন্তু পাচলি দোকান, চাহৰ সৰু সৰু হোটেল, গেলামাল দোকান আদি প্ৰায় সকলোতে ওলোমাই থোৱা থাকে গুটখাৰ পেকেট।

অৱশ্যে গুটখা তেতিয়াহে সম্পূৰ্ণ হয়, যেতিয়া পাণমছলাৰ পেকেটত জৰ্দা তথা নিচাযুক্ত দ্ৰব্যৰ পেকেট মিহলাই লোৱা হয়। সেয়ে দোকানীসকলে ইয়াৰ বাবে এনেকুৱা এটা কৌশল অৱলম্বন কৰে যে তেঁওলোকে দোকানৰ আগভাগত বিভিন্ন কোম্পানীৰ পাণমছলাৰ পেকেটসমূহ ওলোমাই থয় আৰু জৰ্দাৰ পেকেটসমূহ গোপনে তলত থৈ দিয়ে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে চৰকাৰে বহুবাৰ দোকানসমূহত গুটখা ওলমোই ৰখাৰ ক্ষেত্ৰত অভিযান আৰম্ভ কৰিছে। চৰকাৰে কাগজে-পত্ৰে তেঁওলোকৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ জাৰি কৰি থৈছে।

এইক্ষেত্ৰ চৰকাৰে সাপো মৰক লাঠিও নাভাঙকসদৃশ উপাই অলম্বন কৰাতো সকলোৱে জ্ঞাত। যিটো উপাইৰ সদ্ব্যৱহাৰ কৰিছে একাংশ দোকানীয়ে।

কথাটো এনেকুৱা হৈছে যে দোকানীসমূহে ওলমাই ৰখা পেকেটটো পাণমছলাৰ। যিটো সকলোৱে দেখে, কিন্তু জৰ্দাৰ পেকেটটো ৰখা হয় নেদেখা স্থানত। এতিয়া নিশ্চয় ধৰিব পাৰিছে যে চৰকাৰে পাণমছলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া নাই, নিৰ্দেশ জাৰি কৰিছে গুটখাৰ বিৰুদ্ধেহে। কিয়নো গুটখা, সুৰা আদিত ৰাজহৰ পৰিমাণ বহু। চৰকাৰে এইসমূহৰ পৰা বহু পৰিমাণে ৰাজহ লাভ কৰে। সমস্যাটো তাতেই হৈছে।

কিন্তু এই ৰাজহ লাভৰ অংক কৰি থাকোতে যে চামে চামে একোটা প্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে সেই কথা জানিও নজনাৰ ভাও জুৰিছে প্ৰশাসন তথা চৰকাৰ। অসমত বহু চৰকাৰ আহিল, বহু চৰকাৰ গ’ল কিন্তু গুটখা নিৰ্মূল কৰাৰ বাবে কোনো এখন চৰকাৰে উল্লেযোগ্য ভূমিকা পালন কৰাত আজিও ব্যৰ্থ হ’ল।

চৰকাৰৰ তৎপৰতাত ড্ৰাগছ, নিচাযুক্ত টেবলেট, অবৈধ সুৰা আদিৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ অভিযান চলে। এই সমূহ অভিযানত খৰচ হয় বৃহৎ পৰিমাণৰ পুঁজি। আৰক্ষী তথা নিৰাপত্তাৰক্ষীসকলে মিজোৰাম-কাছাৰ আৰু নাগালেণ্ডৰ পৰা সৰবৰাহ কৰা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ সামগ্ৰী। আটক কৰে সৰবৰাহকাৰীক। ইয়াৰোপৰি নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ পাছত আৰক্ষীয়ে ড্ৰাগছ জ্বলোৱা কাৰ্যও সম্পন্ন কৰে।

এইসমূহ কাম কৰি অথবা সৰু সৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষী তথা চৰকাৰে জনমানসত বৰ এটা কাম কৰা বুলি বাহঃ বাহঃ ল’লেও ইয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযান আজিও হৈ উঠা নাই। ড্ৰাগছ সৰবৰাহৰে জড়িত ডাঙৰ ডাঙৰ চক্ৰক ধৰিব পৰা নাই আৰক্ষীয়ে।

যাৰ বাবে প্ৰায়েই ম্যানমাৰৰ পৰা মিজোৰাম হৈ কাছাৰৰ মাজেৰে আহিয়েই আছে বাৰ্মিজ চুপাৰী, ড্ৰাগছ, য়াবা টেবলেট আদি। মূল শিপা আজিও উভালিব পৰা নাই আৰক্ষীয়ে। অৱশ্যে ইয়াৰ অন্তৰালত ডাঙৰ ডাঙৰ লোক জড়িত হৈ থকাৰ সন্দেহ বহুতৰে।

ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে যিটো গতিৰে অভিযান আৰম্ভ কৰিও সফল হ’ব পৰা নাই তাৰ মাজতে কিন্তু ব্যাপকভাৱে বৃদ্ধি পাইছে গুটখা খোৱা লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটীত প্ৰায় ২০ হেজাৰ সৰু-ডাঙৰ দোকানত মুকলিকৈ সুকীয়া-সুকীয়াকৈ ধঁপাত আৰু ৰসায়নিক নিচা মিহলি জৰ্দাজাতীয় পেকেট বিক্ৰী হয়।

এই পেকেটবোৰৰ ভিতৰত আছে চিগনেচাৰ, শিখৰ, পাণমচলা, ৰজনীগন্ধা, বিমল, কমলা পচন্দ, ৰাজনিৱাসকে ধৰি কমবয়সীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে আদহীয়া লোকৰো মন পচন্দৰ বিভিন্ন মুখৰোচক মচলাৰ পেকেট। প্ৰতিজন গ্ৰাহকে দুয়োবিধৰ একোটাকৈ পেকেট কিনোতে ন্যূনতম ১০ৰ পৰা ২৫ টকালৈকে ব্যয় কৰে।

এইজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ নামত বহু পৰিমাণৰ ধনৰো ব্যয় হয়। গড় হিচাপত প্ৰতিদিনে গুৱাহাটীত কোটিৰ ঘৰত গুটখা বিক্ৰী হয়। গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীৰ পৰা জানিব পৰা মতে এক বাণ্ডিলত ২৪ পেকেট চিখৰ থাকে। প্ৰতি বাণ্ডিলৰ মূল্য ২০০ টকা। আৰু প্ৰতি পেকেট বিক্ৰী কৰা হয় ১০ টকাত। এবাণ্ডিল চিখৰত খুচুৰা ব্যৱসায়ীৰ লাভৰ পৰিমাণ হৈছে ৪০টকা।

একেদৰে চিগনেচাৰ এবাণ্ডিলত থাকে ৩২ পেকেট। ৪২০টকা লয় এবাণ্ডিল চিগনেচাৰত। জৰ্দাসহ প্ৰতি পেকেট চিগনেচাৰ বিক্ৰী কৰা হয় ১৫ টকা। ইয়াতো খুচুৰা বিক্ৰেতাজনৰ এবাণ্ডিলত লাভৰ পৰিমাণ হৈছে ৬০ টকা। কমলা পচণ্ড, বিমল আদিতো বিক্ৰেতাই যথেষ্ট লাভ উপাৰ্জন কৰে। অৱশ্যে আনবোৰ কেম্পানীৰ গুটখাতকৈ চিগনেচাৰ আৰু শিখৰ বিক্ৰীৰ পৰিমাণ অধিক বুলি ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিয়ে।

এয়া হৈছে এগৰাকী খুচুৰা ব্যৱসায়ীৰ হিচাপ। সমগ্ৰ গুৱাহাটী তথা অসমৰ প্ৰেক্ষাপটত প্ৰতিদিনে গুটখা কোটি ঘৰত বিক্ৰী হয়। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০০৭ চনৰ অক্টোবৰৰ পৰা চৰকাৰে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল। সম্প্ৰতি এই কাৰ্যসূচী এন টি চি পিয়ে স্বাস্থ্য সেৱা সঞ্চালকৰ প্ৰশাসন পৰিচালনাৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেতবোৰ কাম-কাজ কৰি আছে যদিও বৰ বিশেষ সফল হ’ব পৰা নাই।  

আজিকালি হোষ্টেল, পি জি আদিত থকা বেছিভাগ ছোৱালীয়ে গুটখা সেৱন কৰিবলৈ লৈছে। তাৰোপৰি স্কুল পৰ্যায়ৰ একাংশ ছাত্ৰই গুটখা সেৱন কৰাটো অতিকৈ ভয়াৱহ চিহ্ণ হিচাপে পৰিলক্ষিত হৈছে।

যদি একাংশ চেলিব্ৰেটী তথা প্ৰিয় তাৰকা খেলুৱৈয়ে গুটখা প্ৰচাৰৰ বিজ্ঞাপনত নামি পৰে তেন্তে ই নিশ্চয়কৈ অশুভ ইংগিত। কিয়নো উক্ত বয়সৰ কিশোৰ-কিশোৰীৰ মনত বীৰপূজা প্ৰৱণতা দেখা যায় আৰু চেলিব্ৰেটীসকলৰ খোৱাৰ ভংগীমাৰ পৰাও কিশোৰ-কিশোৰীসকল গুটখাৰ প্ৰতি আসক্ত হোৱা পৰিলক্ষিত হয়।

এনেবোৰ অশনি সংকেতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সুব্যৱস্থা গ্ৰহণ কৰিলে ভাল। ড্ৰাগছ অভিযানৰ নামত কোটি কোটি টকা খৰচ কৰা চৰকাৰে গুটখা বিৰোধী অভিযানৰ নামত কেতবোৰ কাৰ্যপন্থা হাতত ল’লে ইয়াক নিৰ্মূল কৰিব পৰা যাব বুলি বোধ হয়।

যুৱ-প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি, স্কুল-কলেজত ইয়াৰ বিৰুদ্ধে জনমত সৃষ্টি কৰা, তাৰোপৰি পাণমছলা আদি পোৱা দোকান-পোহাৰত সময়ে সময়ে চাডেন ভিজিত ইত্যাদি কাৰ্য ৱ্যৱস্থাগ্ৰহণ কৰিলে সুফল পোৱা যাব। এইক্ষেত্ৰত অৱশ্যে চৰকাৰক দোষাৰোপ কৰিলেই নহ’ব সমাজ তথা ব্যক্তিসকলো সজাগ আৰু সচেতন হ’ব লাগিব।

অভিভাৱকসকলেও সন্তানে কি খাইছে, কিয় খাইছে এইবোৰ দিশ সূক্ষ্মভাৱে তদাৰক কৰিব লাগিব। শ্ৰেণীকোঠাতো শিক্ষক-শিক্ষয়িত্ৰীয়ে গুটখা সেৱান কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি বিশেষ নজৰ দিব লাগে।

কিশোৰ-কিশোৰী তথা নৱ প্ৰজন্মই ড্ৰাগছ সেৱান কৰাৰ আগেয়ে কিন্তু গুটখাৰ প্ৰতি আসক্ত হয় । তাৰ পাছৰ পৰাহে পৰ্যায়ক্ৰমে বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ লয়। প্ৰথমাৱস্থাত যিহেতু গুটখা-পাণমছলা সেৱন কৰে সেয়ে ইয়াক নিৰ্মূল কৰাত সকলোৱে গুৰুত্ব দিব লাগিব। অন্যথা সকলো অভিযান ভেকোভাওঁনাহে হ'ব।

চৰকাৰৰ আস্থা, জনতাৰ লাগিব নিষ্ঠা তেহে কাহিল্ হ'ব গুটখাৰ অৱস্থা
শুকাইছে বাঢ়নি পানী, শুকোৱা নাই বন্যাৰ্তৰ চকুপানী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in