ৰাতিপুৱাৰ সময়খিনিত অতি ব্যস্ত হৈ পৰে গুৱাহাটী মহানগৰ। স্কুল-কলেজ, অফিচ-কাছাৰী ইত্যাদিত বিভিন্ন কামৰ বাবে ওলাই যায় মহানাগৰিকসকল। ঘৰৰ পৰাই সুন্দৰকৈ সাজি-কাচি দিনটোৰ বাবে যায়। কিন্তু আদবাটতে ধূলি-বালিয়ে মুখাৱয়ব পুতি পেলাই নাগৰিকসকলৰ তাৰোপৰি আছে আৰু কেতবোৰ যন্ত্ৰণা। চলি আছে চানমাৰিৰ জি এন বি ৰোড উৰণসেতু নিৰ্মাণৰ কাম। কিন্তু এই নিৰ্মাণকাৰ্য্যই বাৰুকৈ হাৰাশাস্তি কৰিছে একাংশ নাগৰিকক ! সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ বিশেষ প্ৰতিবেদন-
ৰাতিপুৱা গাটো ধুই অফিচ নাইবা স্কুল-কলেজ অথবা আন কামৰ বাবে ওলাই যায় বহু লোক। মনত এটা সুন্দৰ চিন্তালৈ ওলাই আহে তেঁওলোক। সকলোৰে আশা- দিনটো ভালদৰে পাৰ হঁওক !
বিশেষকৈ যিসকলে নুনমাটিৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাৱলৈ এই পথছোৱা ব্যৱহাৰ কৰে তেঁওলোকে সম্প্ৰতি ভুগি আছে বিশেষ যন্ত্ৰণাত।
কিয়নো এই নিৰ্দিষ্ট পথছোৱাত নিৰ্মাণ কৰি থকা হৈছে উৰণসেতু। আগেয়েও উৰণসেতু নিৰ্মাণৰ সময়ছোৱাত বিভিন্ন লোক যাত্ৰাৰ সময় দুৰ্ভোগ ভুগিছিল যদিও এই নিৰ্মীয়মাণ উৰণসেতুখনে বাৰুকৈ জলা-কলা খুওৱা বুলি বহুতেই আলোচনা-বিলোচনা কৰে।
গুৱাহাটী কলেজৰ পৰা চানমাৰিলৈকে ধূলিৰ উৎপাতত কোনেও শান্তিৰে আহিব নোৱাৰে পথছোৱাৰে। ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত আৰু চিমেণ্ট মিহলি পানী। বৰষুণ দিলেই পানীৰে উপচি পৰে গাঁতবোৰ।
ইফালে কৃত্ৰিম বানপানী আছেই। ক’ৰবাত ওলাই আছে মৃত্যুদূত সদৃশ লোৰ ৰদ, বাঁহ আদি। বানপানীৰ সময়ত সেইবোৰ নেদেখা হৈ পৰে, যাৰ বাবে হাতৰ মুঠিত জীউ লৈ যাত্ৰা কৰিব লগা হয় বহু লোক।
আকৌ ৰ’দ দিলে সেই ঠাইসমূহ ধূলিৰে উপচি পৰে। মাটিৰ ধূলি, চিনেণ্টৰ ধূলি আদিয়ে ধূসৰ বৰণ ধাৰণ কৰে। পথছোৱাৰ কোনো এটুকুৰা ঠাইয়ে আহ-যাহ কৰাৰ বাবে উপযুক্ত নহয়।
বৰষুণৰ সময়ত ৰাস্তাৰ মাজৰ গাঁতসমূহ হৈ পৰে যমদূত। ভালেকেইগৰাকী লোক বাহনসহ গাঁতত পৰি ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰো পোৱা গৈছে। কোনো মতে মৰণক সৰণ দি আহ-যাহ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।
নিৰ্মীয়মাণ উৰণসেতুখনৰ দুয়োকাষৰ পথছোৱাৰ গাঁতবোৰ পুতি অন্তত আহ-যাহ কৰাত সুবিধা কৰি দিলে ভাল। তাৰোপৰি সময়ে সময়ে পানী দিয়াৰ ব্যৱস্থা কৰিলে ধূলিবোৰ কমিব। যাৰ ফলত মহানাগৰিকসকল আহ-যাহ কৰোতে অন্ততঃ মুখমণ্ডল চিমেণ্ট মিহলি ধূলিৰে উপচি নপৰে।
ইফালে উক্ত পথছোৱাৰ এই হাৰাশাস্তিৰ বাবে কিছুসংখ্যক লোকে সৰু সৰু উপপথবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে। আগেয়ে এইবোৰ পথেৰে আহ-যাহ কৰিছিল যদিও আজি কিছুদিনৰ পৰা হোৱা সঘন ব্যৱহাৰে অধিক যান-জঁটৰ সৃষ্টি কৰিছে।
বিশেষকৈ গুৱাহাটী কলেজৰ মাজেৰে জ্যোতিনগৰৰ কালি মন্দিৰ হৈ চানমাৰি ওলাব পৰা পথছোৱাত পুৱা ১০-০০ বজাৰ পাছৰ পৰা অধিক যান-জঁটৰ সৃষ্টি হয়।
এই পথছোৱা ব্যৱহাৰ কৰা লোকক সোধোতে তেঁওলোকৰ উত্তৰ আছিল- ৰাস্তাত উৰণসেতুৰ কাম, ৰ’দ দিলে ধূলিৰে উপচি পৰে, পিন্ধি যোৱা কাপোৰ সাজো লেতেৰা হৈ পৰে। সেয়ে এই পথেৰে আহ-যাহ কৰা হয়। অৱশ্যে আজি কিছুদিনৰ পৰা এইসমূহ উপ-পথতো যথেষ্ট ভিৰ হয়।
যদিহে মূল পথছোৱাত পুৱাই পানী মাৰি দিয়ে তেন্তে ধূলিবোৰ নাইকিয়া হ’ব, তাৰোপৰি ৰাস্তাটো যদি কিছু মেৰামতি কৰাৰ লগতে গাঁতবোৰ পুতি দিয়ে তেন্তে আগৰ দৰে আহ-যাহ কৰিব পৰা যাব বুলি মন্তব্য কৰে।
এতিয়া প্ৰশ্ন হৈছে- যে কেতিয়া এই সমস্যাৰ সমাধান হ’ব ? উৰণ সেতু নিৰ্মাণৰ দায়িত্বত থকা সংশ্লিষ্ট লোকে পথছোৱা আহ-যাহৰ উপযোগী কৰি তুলিবনে ?
শীঘ্ৰেই যদি উচিত ৱ্যৱস্থা নকৰে তেন্তে ইয়াৰ পৰা আৰু দুৰ্ভোগ ভোগৰ সম্ভাৱনা অধিক। গতিকে উক্ত পথছোৱাত উৰণসেতু নিৰ্মাণৰ কাম চলি থকাৰ মাজতে পথছোৱাৰ দুয়ো কাষে আহ-যাহ কৰাৰ ক্ষেত্ৰত সু-ব্যৱস্থা কৰিলে এই পথছোৱা ব্যৱহাৰ কৰা লোকসকলক যথেষ্ট উপকৃত হ’ব !
Also Read: প্ৰতিদিনে এমুঠি চুলি সৰে নেকি?