যোগ্য প্ৰাৰ্থীয়েহে পাব নিযুক্তি !

যোগ্য প্ৰাৰ্থীয়েহে পাব নিযুক্তি !
Published on
Updated on

ৰাজ্যত পুনৰ আৰম্ভ হ’ব নিযুক্তি পৰীক্ষা। অহা ১৫ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। পিছে এইবাৰৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰিছে এক পদক্ষেপ। নিযুক্তি পৰীক্ষাত যাতে কোনো আঁসোৱাহ অথবা ক্ৰুটি নাথাকে তাৰ বাবে প্ৰণয়ন কৰিছে এখন নতুন আইন। সেই সন্দৰ্ভতে বিশেষ প্ৰতিবেদন শিতানত ভাস্কৰ শৰ্মাৰ এই লেখা-

বহুতৰে থাকে এটা চৰকাৰী চাকৰি লাভৰ আশা। চৰকাৰী চাকৰিৰ প্ৰতি একাংশ নিৱনুৱাৰ আছে বিশেষ দুৰ্বলতা। অৱশ্যে আজিকালি জীৱিকাৰ বাবে বহু উপায় আছে যদিও চৰকাৰী চাকৰিৰ প্ৰতিহে অধিক লোক আগ্ৰহী হোৱা দেখা যায়।

ব্যৱসায়-বাণিজ্য, ইভেণ্ট মেনেজমেণ্ট, অভিনয়, ক্ৰীড়া ইত্যাদি বিভিন্ন উপায়েৰে আজিকালি উপাৰ্জন কৰাৰ ক্ষেত্ৰ বিচাৰি পায় যুৱক-যুৱতীসকলে। তথাপিও একাংশই দিনে-নিশাই সপোন দেখে এটা চৰকাৰী চাকৰিৰ।

ৰাজ্য চৰকাৰে ইতিমধ্যে চৰকাৰী বিভাগৰ কেইবাটাও খালী পদ পূৰণৰ বাবে প্ৰকাশ কৰিছে বিজ্ঞাপন। সন্মিলিত নিযুক্তি পৰীক্ষাৰ দ্বাৰা এই পদসমূহ পূৰণৰ ব্যৱস্থা কৰিছে চৰকাৰে। পৰীক্ষা পাছ কৰিলেই অনুষ্ঠিত হ’ব মৌখিক সাক্ষাতকাৰ আৰু তাৰ পাছতে নিয়ম অনুসৰি প্ৰাৰ্থীসকলক মকৰল কৰিব বিভিন্ন পদত। কাৰ্যতঃ লাভ কৰিব চৰকাৰী চাকৰি।

ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেলে-মিটিঙে কৈ আহিছে যে এইবাৰ সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে প্ৰাৰ্থীয়ে মেধাৰ ভিত্তিত নিযুক্তি পাব। কাৰো অনুগ্ৰহত এটা পদতো নহয় নিযুক্তি। যিয়ে যোগ্য বুলি বিবেচিত হয় সিয়ে পাব চৰকাৰী চাকৰি। প্ৰাৰ্থীৰ শিক্ষা-দীক্ষা আৰু আৰ্জিত গুণৰ বাদে আন কোনেও চাকৰি লাভৰ ক্ষেত্ৰত কৰিব নোৱাৰিব সহায়।

পূৰ্বৰ নিযুক্তিৰ ক্ষেত্ৰতো অনুৰূপ বক্তব্যই প্ৰদান কৰিছিল যদিও কিছুক্ষেত্ৰত আঁসোৱাহ দেখা গৈছিল বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। অৱশ্যে এইবাৰ কোনো ধৰণৰ গাফলতিৰ নাথাকিব ক্ষমা। ত্ৰিকোণ পদ্ধতিৰে সামৰি লোৱা হৈছে এইবাৰৰ নিযুক্তি পৰীক্ষাক। পৰীক্ষাৰ্থী, পৰীক্ষক আৰু ব্যৱস্থাপকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বিশেষভাৱে তদাৰক কৰিব।

ইতিমধ্যে এই লক্ষ্যৰ সন্দৰ্ভত বিগত কেবিনেট বৈঠকত লৈছে এক নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত। ১৫ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এখন বিশেষ আইন প্ৰণয়ন কৰাৰ কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ ক্ষেত্ৰত এতিয়া কঠোৰ শাস্তিৰ বিধান প্ৰস্তুত কৰিছে অসম চৰকাৰে। ৰাজ্য চৰকাৰে হাতত লোৱা এই আইনখনৰ নাম হৈছে- অসম লোকসেৱা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন ২০২৪।

এই আইনৰ আওতাত আছে পৰীক্ষাৰ্থী, পৰীক্ষক আৰু পৰীক্ষা ব্যৱস্থাপক। কোনো কাৰণত যদি এই তিনিওৰে যিকোনো এটাও অভিযুক্ত হয় তেন্তে এই নিৰ্দিষ্ট আইনৰ ধাৰা অনুসৰি শাস্তিৰ বিধান আছে। তিনিওটা ক্ষেত্ৰ অনুসৰি শাস্তিসমূহ তলত উল্লেখ কৰা হ’ল  -

পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত-

পৰীক্ষাত নকল কৰা কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীয়ে ৩মাহ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ উপৰি ন্যূনতম ১লাখ টকা জৰিমনা বিহা হ’ব। তাৰোপৰি জৰিমনা আদায় দিব নোৱাৰিলে ৯মাহ কাৰাদণ্ড। আনহাতে কুচক্ৰ আৰু নকল কৰিলে পৰীক্ষাৰ্থীক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

নকল কৰা কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ’লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে দুবছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰিব বুলি আইনখনৰ ধাৰা নং ১১ত উল্লেখ আছে।

পৰীক্ষক আৰু ব্যৱস্থাপকৰ ক্ষেত্ৰতো শাস্তিৰ বিধান আছে। যদি দোষী সাৱ্যস্ত হয় তেন্তে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব। লগতে ধাৰা নং ১৩ অনুসৰি নিষিদ্ধ ঘোষণা কৰা হ’ব বুলি আইনখনত উল্লেখ আছে।

গতিকে এই সকলোবোৰ দিশ চালি-জাৰি চাই সকলোৱে পৰীক্ষাত অৱতীৰ্ণ হোৱাটো উচিত। তাৰোপৰি সংশ্লিষ্ট সংস্থাসমূহেও ভালদৰে পৰীক্ষা অনুষ্ঠিত কৰি সেই পৰীক্ষা সুচাৰূপে সম্পন্ন কৰিলে ভাল। এই আপাহতে সকলো পৰীক্ষাৰ্থীলৈ এই লেখাৰ জৰিয়তে শুভেচ্ছা...

যোগ্য প্ৰাৰ্থীয়েহে পাব নিযুক্তি !
ক’ত হেৰাল লাজ, মান-সন্মানবোৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in