স্মৃতি সাঁচি ৰখা 'এলবামে'ই এতিয়া স্মৃতি

স্মৃতি সাঁচি ৰখা 'এলবামে'ই এতিয়া স্মৃতি

author-image
Asomiya Pratidin
New Update
স্মৃতি সাঁচি ৰখা 'এলবামে'ই এতিয়া স্মৃতি

আমাৰ চৌপাশে থকা কিছুমান সৰু সৰু বস্তু সাধাৰণতে চকুত নপৰে। কিন্তু সেই নিৰ্দিষ্ট বস্তুসমূহ নোহোৱা হৈ গ’লে আমি অনুভৱ কৰো তাৰ অভাৱ। এই যে হঠাতে অনুভৱ হয় নিৰ্দিষ্ট বস্তুটোৰ অনুপস্থিতি। ঠিক তেনেকুৱা ধৰণৰ ধেৰ সৰু সৰু বস্তুৰ মাজৰ অন্যতম হৈছে ফটো এলবাম। সময়ৰ সোঁতত হেৰাই যোৱা ফটো এলবাম সন্দৰ্ভত ভাস্কৰ শৰ্মাৰ এই প্ৰতিবেদন-

ফটো এলবাম। আমাৰ সকলোৰে চিনাকি। এসময়ত ইয়াক মানুহৰ ঘৰৰ ড্ৰইং ৰুমত বৰ সযতনে ৰখা হৈছিল। ভিন্ন ৰঙী এই ফটো এলবামবোৰ দেখিলেই চকুত পৰা আছিল।

মাক-দেউতাকৰ বিয়াৰ ফটোৰ পৰা আদি কৰি শিশুই স্কুললৈ যোৱা প্ৰথমটো দিনটোলৈ সকলো ফটো যতনাই সাঁচি ৰাখি থৈছিল এলবামত। মানুহৰ ঘৰত সেই সময়ত ৩ৰ পৰা ৪টাপৰ্যন্ত এলবাম ৰাখিছিল।

কোনোবাটো যদি পত্নী, পুত্ৰ-কন্যাৰ ফটোৰে পৰিপূৰ্ণ, তেন্তে আন কোনোবাটো মাক-দেউতাকৰ বিয়া অথবা অঙহী-বঙহীৰ ফটোৰে ভৰা অন্য এটা এলবাম। কোনোবাটোত থাকে শৈশৱৰ স্মৃতি বিজড়িত নানা ধৰণৰ ফটোসমৃদ্ধ এলবাম।

এচুকত সাঁচি থোৱা থাকে কেইখনমান পাছপ’ৰ্ট আকাৰৰ ফটো। ক’লা-বগা ফটোৰ পৰা ৰঙীণ ফটোৰে ঠাহ খাই থকা এটা মেটমৰা সম্ভাৰৰ এলবাম।

সেই সময়ৰ সম্পৰ্কবোৰ আছিল আত্মাৰ। আছিল আন্তৰিকতা। আজিৰ দৰে এটা ফোন কৰিয়েই খা-খবৰ লৈ দায়িত্ব সামৰি থৈ দিয়া সময় নাছিল। পৰস্পৰে পৰস্পৰৰ খবৰ লোৱাৰ উদ্দেশ্যে মানুহৰ ঘৰলৈ চলিছিল আহ-যাহ।

নাছিল এতিয়াৰ দৰে প্ৰতিযোগিতামূলক ব্যস্ততা। অকৃত্ৰিম মৰমৰবোৰৰ মাজত মানুহে বিচাৰি পাইছিল জীৱন জীয়াৰ মন্ত্ৰ। গৰম বন্ধই হওক, পূজাৰ বন্ধই হওক এনেকুৱা দীঘলীয়া বন্ধত সময়কণ উলিয়াই এপাক হ’লেও গৈছিল। সুখ-দুখৰ সমভাগী হ’ব নোৱাৰিলেও ইজনে-সিজনৰ কথা শুনি অন্ততঃ এষাৰ সান্তনাসূচক মন্তব্য কৰিছিল।

যেতিয়া কোনো এটা পৰিয়াল এঘৰ মানুহৰ ঘৰলৈ আলহী খাবলৈ গৈছিল, তেতিয়া আজৰি সময়কণ কটাবলৈ বৰ আলফুলে উলিয়াই দিছিল ইটোৰ পাছত সিটো ফটো এলবাম।

'এইটোত আমাৰ বিয়া সময়ৰ ফটোবোৰ আছিল। এইটো চাওকচোন- এইটোত আমাৰ স্কুলৰ লগৰবোৰে সৰস্বতী পূজাৰ সময়ত মনে মনে ষ্টুডিঅ’ত গৈ উঠা ফটোবোৰ আছে।'

পৰস্পৰেও বৰ আন্তৰিকতাৰে চাইছিল এলবামত থকা ফটোবোৰ। ফুটা-নুফুটা হাঁহি বিৰিঙি উঠিছিল মুখত। এই সৰু সৰু আনন্দবোৰৰ মাজতে মানুহৰ সম্পৰ্কবোৰ গাঢ় হৈ উঠিছিল।

এলবামত থকা ফটোসমূহৰ মাজৰ কোনোবা এজন যদি সংসাৰৰ মায়া এৰি সিপুৰীলৈ গৈছে তেন্তে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি দুখৰ অভিব্যক্তি ফুটি উঠিছিল। সুখ-আনন্দৰ মাজতে নিভাঁজ আবেগত চলচলীয়া হৈ পৰিছিল দুনয়ন।

এটা এলবাম পূৰ হ’বৰ বাবে এবছৰ-দুবছৰ পৰ্যন্ত সময় লাগিছিল। কিয়নো আজিৰ দৰে হকে-বিহকে মানুহে ফটো উঠিবলৈ হাতত কেমেৰা অথবা ম’বাইল নাছিল। সহজলভ্য নাছিল নিজৰ এখন ফটো দেখা পোৱাৰ বাবে।

নিজৰ অথবা পৰিয়ালটোৰে এখন ফটো উঠিবৰ বাবে নিজকে সাজু কৰিব লগা হৈছিল। অপেক্ষা কৰিব লগা হৈছিল। এইবোৰৰ মাজত মানুহৰ ধৈৰ্য্য শক্তি বৃদ্ধি পাইছিল।

সেই সময়ত ফটো উঠাবলৈ কেমেৰামেনজনক দুদিন আগেয়ে খবৰ দিব লাগিছিল। যে দেওবাৰে এপাক আহিব আমাৰ ঘৰলৈ।

নিৰ্দিষ্ট দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ অন্তত চাইকেল চলাই আহি ওলাইছিল কেমেৰামেনজন। মলিয়ন বেগখনৰ ভিতৰত এটা কৌশলপূৰ্ণ গাঁঠিৰে বান্ধি আনিছিল সেই কেমেৰাটো।

অৱশ্যে কিছুমানে ষ্টুডিঅ’গৈও ফটো উঠিছিল। তাৰ বাবে বাটকুৰি বাই যাব লগা হৈছিল। ফটো উঠা চখ পূৰাব যাওতে কষ্ট হৈছিল যদিও এটা তৃপ্তিৰ আশাৰে নিৰ্দিষ্ট সময়ৰ মূৰত ষ্টুডিঅ’ত শাৰী পাতি উঠিছিল কেইকপিমান ফটো।

মানুহে সেই সময়ত ধৈৰ্যৰ বান্ধ নিছিঙাকৈ অপেক্ষা কৰিছিল উঠি অহা ফটোবোৰ হাতত পৰালৈকে। কিয়নো ফটো উঠিলেই দেখা পোৱাৰ ব্যৱস্থা নাছিল তেতিয়া। নিগেটিভ ধুই এটা প্ৰক্ৰিয়াৰ অন্ততহে এসপ্তাহ-দহদিনৰ পাছত আপোনাৰ মোৰ হাতত ফটোবোৰ তুলি দিছিল।

ফটোগ্ৰাফাৰ অথবা ষ্টুডিঅ’ৰ মালিকজনে কৈছিল- অকল ফটো কেইখন আৰু নিগেটিভকেইটা দিম নে লগত এলবাম এটাও দিম। এনেকৈ এখন-দুখনকৈ এবছৰ-দুবছৰৰ অন্তত এটা ফটো এলবাম পৰিপূৰ্ণ হৈছিল।

অৱশ্যে বিয়া-বাৰুৰ সময়ত ৰভাৰ লগতে এজন বা দুজন SLR নাইবা ডিজিটেল কেমেৰা থকা ব্যক্তিক বন্দোবস্ত কৰা হৈছিল। তেঁওলোকে জোৰণৰ দিনাৰ পৰা বিয়া শেষ নোহোৱালৈকে থাকি ফটো মাৰি একেলগে এলবামত ফটোসমূহ ভৰাই গৃহস্থৰ হাতত তুলি দিছিল। এইটো তেঁওলোকৰ নিয়মৰ ভিতৰতে পৰিছিল।

কালক্ৰমত এলবামৰ ঠাই দখল কৰিলে ভিচিডিয়ে। ভিডিঅ’ ৰেকৰ্ডিঙৰ দ্বাৰা গোটেই বিয়াখন ৰেকৰ্ড কৰি চিডি কেছেটত চাব পৰা হ’ল।

পৰৱৰ্তী সময়ত ফটো তোলাৰ শৈলীও বেলেগ হ’ল। ম’বাইলে পি চি অ’ বন্ধ কৰা দি ষ্টুডিঅ’তো তলা লগাবলৈ বাধ্য কৰালে। হাততৰ মুঠিতে চাব পৰা হ’ল ইখনৰ পাছত সিখন ফটো।

আগৰ তুলনাত বহু উন্নতমানৰ কেমেৰা বজাৰলৈ আহিল। বজাৰ দখল কৰিলে। আদৰ বাঢ়িল। মানুহেও অতি সোনকালে এই কেমেৰাৰ প্ৰেমত পৰিল। আৰু লাহে লাহে সময়ৰ সোঁতত হেৰাই গ’ল এলবামবোৰ। ম’বাইল, কম্পিউটাৰতে সকলো ফটো সাঁচি ৰাখিব পৰা হ’ল।

ব্যস্ত সময়ৰ বাবে আজৰি সময়ৰ অভাৱ ঘটিল। যান্ত্ৰিকতাৰ পৃথিৱীত বাস কৰা মানুহে এতিয়া খবৰ লবলৈও নাযায়, এলবাম চোৱাৰ আমেজকণো নলয়। সৰু সৰু সুখৰ পিছত ঘূৰবলৈও নাই কাৰোৰে হাতত সময়। সময়ৰ সোঁততে হেৰাই যাই বহু সোণালী সময়...

Also Read: আৰু আছে বহু অশোক শৰ্মা !

photo Album