চৰমপন্থাই নহয় সমস্যাৰ সমাধান...

চৰমপন্থাই নহয় সমস্যাৰ সমাধান...

author-image
Asomiya Pratidin
New Update
চৰমপন্থাই নহয় সমস্যাৰ সমাধান...

অত্যধিক হাবিয়াস, প্রাপ্তিৰ অযুত বাসনা-অসন্তুষ্টি আৰু উচ্চাকাঙ্খাই মানুহক জীৱন উপভোগ কৰাত বাধা জন্মায়। ইটোৰ পাছত সিটো পোৱাৰ বাসনাই মানুহক লৈ যায় নকৰিবলগীয়া কামৰ মাজলৈ। ফলত দিকবিদিক হেৰুৱাই উপায়ন্তৰ হৈ মানুহ বিপথে পৰিচালিত হয়। এনেবোৰ উপসর্গ বিশেষকৈ আজিকালি শিক্ষার্থীসকলৰ মাজত দ্রুত হাৰত বৃদ্ধি পাইছে। যাৰ ফলশ্রুতিত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চৰমপন্থা বাচি লোৱাৰ দৰে ঘটনা। এই সন্দর্ভতে ভাস্কৰ শর্মাৰ লেখা-

দেশত দ্রুত হাৰত বৃদ্ধি পাইছে চৰমপন্থাৰ ঘটনা। ৰাষ্ট্রীয় অপৰাধ ৰেকর্ড ব্যুৰে চলোৱা এক সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

হতাশাগ্রস্ত তথা ধৈর্য ধৰাৰ ক্ষমতা হেৰুৱাই দেশৰ বহু সংখ্যক শিক্ষার্থীয়ে জীৱনৰ চৰম সিদ্ধান্ত লোৱা তথ্য পোহৰলৈ আহিছে। সংস্থাটোৱে চলোৱা সমীক্ষাত বার্ষিক দ্রুতহাৰত বৃদ্ধি পাইছে শিক্ষার্থীয়ে বাচি লোৱা চৰমপন্থাৰ দৰে পথ।

২৮ আগষ্ট বুধবাৰে অনুষ্ঠিত হোৱা আই চি ৩ সন্মিলন আৰু এক্সপোৰ বিষয়বস্তু আছিল শিক্ষর্থীৰ 'আত্মহত্যা : ভাৰতত মহামাৰী' এই শীর্ষক বিষয়বস্তুৰ আধাৰত প্রস্তুত কৰা হৈছিল এক প্রতিবেদন।

এই প্রতিবেদনত ২০২৪ বর্ষত দেশত ২ শতাংশ বৃদ্ধি পাইছে শিক্ষার্থীৰ চৰমপন্থাৰ ঘটনা। তাৰোপৰি বিগত দুটা দশকত ৪ শতাংশৰো অধিক হাৰত বৃদ্ধি পাইছে জীৱন শেষ সিদ্ধান্ত লোৱাৰ ঘটনা।

প্রতিবেদনত উল্লেখ থকা অনুসৰি পূর্বৰ তুলনা ছাত্রতকৈ ছাত্রীয়ে এনে পথ গ্রহণ কৰাৰ হাৰ কিছু পৰিমাণে হ্রাস পাইছে। অৱশ্যে আন এক তথ্য অনুসৰি ২৪ বছৰীয়া তথা ইয়াৰ সমসাময়িক ছাত্রীৰ ক্ষেত্রত ইয়াৰ হাৰ যথেষ্ট বেছি।

এই ক্ষেত্রত ৰাষ্ট্রীয় অপৰাধ ৰেকর্ড ব্যুৰ নামৰ সংস্থাটিয়ে মহাবিদ্যায় তথা বিশ্ববিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ উৎকর্ষ সাধনৰ বাবে কেতবোৰ গঠনমূলক ব্যৱস্থা গ্রহণৰ বাবে পৰামর্শ প্রদান কৰে। তাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ সতে যাতে যুঁজ দিব পাৰে তাৰ বাবেও শিক্ষানুষ্ঠানসমূহত কোষ নিৰ্মাণৰ বাবে পৰমৰ্শ প্ৰদান কৰে সংস্থাটোৱে।

প্ৰতিবেদনত উল্লেখ কৰা মতে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু মধ্য প্ৰদেশত চৰমপন্থা বাচি লোৱাৰ ঘটনা সৰ্বাধিক। এই ৩খন ৰাজ্যৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰমপন্থাৰ দৰে পথ বাচি লোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰে। আনহাতে ৰাজস্থানৰ কোটাতো বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ অনুৰূপ ঘটনা।

ইয়াৰোপৰি প্ৰতিবেদনত এটা কথা স্পষ্টকৈ উল্লেখ কৰে যে এই যি সমীক্ষা চলোৱা হৈছে সেয়া সম্পূৰ্ণ আৰক্ষী থানাত পঞ্জীকৃত গোচৰৰ ভিত্তিতহে আধাৰিত। আৰক্ষী থানা সমূহত পোৱা তথ্য অনুসৰিহে এই প্ৰতিবেদন যুগুত কৰা হৈছে।

প্ৰতিবেদনত এটা কথা স্পষ্টকৈ উল্লেখ কৰে যে নগৰাঞ্চলৰ তুলনাত গ্ৰাম্যঞ্চলত এই প্ৰৱণতা একেবাৰেই কম। গাঁৱৰ শিক্ষাৰ্থীয়ে চৰমপন্থা দৰে পথ বাচি লোৱাটো একেবাৰে নগণ্য। যিটো সমাজৰ বাবে ভাল লক্ষণ।

কিয়নো চহৰত শিক্ষাৰ্থীয়ে একাকিকত্বত ভোগা পৰলক্ষিত হয়। কিন্তু গাঁৱত বন্ধু-বান্ধৱ অথবা পৰিয়ালৰ লগত থকা হেতু বহু সমস্যাৰে সমাধানৰ পথ বিচাৰি উলিওৱা সুযোগ লাভ কৰে।

যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মনত সহজে চৰমপন্থাৰ দৰে প্ৰৱণতা গঢ় লৈ উঠিব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত সাৰ্বজনীনভাৱে সকলো শিক্ষানুষ্ঠানকে গঠনমূলক ব্যৱস্থাৰ গ্ৰহণৰ বাবে সংস্থাটোৱে প্ৰতিবেদনত উল্লেখ কৰে।

শিক্ষানুষ্ঠানত পৰামৰ্শ কেন্দ্ৰ গঢ়ি শিক্ষাৰ্থীসকলৰ মনৰ পৰা অধিক প্ৰতিযোগিতাৰ মনোভাব দূৰ কৰি একেলগে আগবাঢ়ি যোৱৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেতিয়াহে শিক্ষাৰ্থীৰ মনৰ পৰা হ্ৰাস পাব চৰমপন্থাৰ প্ৰৱণতা।

Also Read: মিঞাক অসমখন ল'বলৈ নিদিওঁ...

student