শাৰীৰিক অক্ষমতাৰ সৈতেই আমাৰ সমাজত আন এক সমস্যা লুকাই আছে যাৰ সপক্ষে সততেই সম পৰিমাণৰ সজাগতামূলক অভিযান, পদক্ষেপ গ্ৰহণ কৰা দেখা নাযায় । ই হৈছে ইন্টেলেকছুৱেল ডিজেবিলিটি অথবা বৌদ্ধিক অক্ষমতা । বৌদ্ধিক অক্ষমতাত ভোগা লোকসকলে সহায়-সহযোগিতাৰ পৰিৱৰ্তে লাভ কৰে সহানুভূতি । কিন্তু সহানুভূতি জানো কাম্য ? তাৰ পৰিৱৰ্তে এওঁলোকৰ বাবে কোনো পদক্ষেপ অদূৰ ভৱিষ্যতে হ'লেও ল'ব নে কোনোবাই ? আনহাতে তেওঁলোকৰ জীৱনত বৰ্তমান উন্নতিৰ চূড়ান্ত শিখৰত থকা আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চে কোনো প্ৰকাৰে ধনাত্মক প্ৰভাৱ পেলাব পাৰিব নে ? কিয়নো আজিৰ দিনত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰিব নোৱাৰা কামৰ সংখ্যা নগণ্য । বৌদ্ধিকভাৱে অক্ষম লোকসকলৰ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সন্দৰ্ভতেই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন
বিশ্ববিখ্যাত বিজ্ঞানী প্ৰয়াত ষ্টিফেন হকিং যাৰ বাবেই কৃষ্ণগহ্বৰ সন্দৰ্ভত আজি ইমানখিনি অধ্যয়ন সম্ভৱ হৈ উঠিছে সেই গৰাকী বিজ্ঞানীক এটা প্ৰজন্মই কেৱল হুইল ছেয়াৰতে দেখিলে । মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ বিজ্ঞানীগৰাকীয়ে হেৰুৱাই পেলাইছিল নিজ দেহৰ স্নায়ুৰ ওপৰত নিয়ন্ত্ৰণ । যাৰ বাবে প্ৰথমে এখন হাতৰ সহায়ত মানুহৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা হকিঙে সৰ্বশেষত কেৱল নিজৰ থুতৰিটোৰ সহায়তহে যোগাযোগ কৰিছিল । কিন্তু কেনেকৈ সম্ভৱ নিজৰ থুতৰিৰ জৰিয়তে যোগাযোগ কৰা ?
এই ক্ষেত্ৰত হকিংছক সহায় কৰিছিল এ চি এ টি নামৰ এক প্ৰ'গ্ৰামে । যাৰ অৰ্থ হৈছে এচিষ্টিভ কন্টেক্সট এৱেৰ টুলকিট অৰ্থাৎ "সহায়ক প্ৰসংগ সচেতন সঁজুলি" । এই সঁজুলিৰ জৰিয়তে ষ্টিফেন হকিঙে এক মিনিটত ৬ টা পৰ্যন্ত শব্দ লিখিব অথবা ক'ব পাৰিছিল ।
একদৰেই বিশ্ব বিখ্যাত চিত্ৰকৰ ফ্ৰিডা কাহলো যি অতি কম বয়সৰ পৰাই প'লিঅ' ৰোগত আক্ৰান্ত হৈছিল আৰু জীৱনৰ অধিক কাল ৰোগত কোঙা হৈ বিচনাতেই আছিল । তাৰ পাছতো ফ্ৰিডা আজি বিশ্বৰ শ্ৰেষ্ঠ চিত্ৰশিল্পী সকলৰ অন্যতম । মটৰ নিউৰনত আক্ৰান্ত হৈ নিজৰ কোকিলকন্ঠ হেৰুৱাই পেলাইছিল অসমৰেই চিৰনমস্য সংগীত শিল্পী দীপালী বৰঠাকুৰে ।
কিন্তু এওঁলোক হৈছে সমাজৰ আদৰণীয়, নমস্য ব্যক্তিসত্বা । ষ্টিফেন হকিঙে এক মিনিটত কেৱল ৬টাকৈ শব্দ কোৱাৰ পাছতো তেওঁৰ ভাষণ শুনিবলৈ ঘন্টাৰ পাছত ঘন্টা অপেক্ষা কৰিছিল হেজাৰ হেজাৰ লোকে । ফ্ৰিডা কাহলোৰ এখন এখন পেইন্টিং বিক্ৰী হৈছিল লাখ লাখ টকাত । একেদৰেই দীপালী বৰঠাকুৰে গান গাব পৰা ক্ষমতা হেৰুৱাই পেলালেও "নাইটিংগেল অৱ আসাম" বুলি আজিও খ্যাত শিল্পী গৰাকী ।
আনহাতে, এইবোৰ হৈছে মূলত : শাৰীৰিক অক্ষমতা । এই অক্ষমতাই খুৱ নগন্যসংখ্যক ব্যক্তিৰহে বৌদ্ধিক দৌৰত প্ৰভাৱ পেলোৱা দেখা যায় । সাধাৰণতে শাৰীৰিক অক্ষমতা থকাৰ পাছতো আন কোনো এক ক্ষেত্ৰত ব্যক্তি এগৰাকী সফল হ'ব পাৰে নিজৰ বৌদ্ধিক ক্ষমতাৰ বলত ।
একে সময়তেই কিন্তু আন এক সমস্যাই জুৰুলা কৰি গৈছে দেশক, সমাজক । সেইয়া হৈছে ইন্টেলেকছুৱেল ডিজেবিলিটি অথবা বৌদ্ধিক অক্ষমতা । যি সময়ত শাৰীৰিক ক্ষেত্ৰত বিশেষভাৱে সক্ষম সকলৰ বাবে বিভিন্ন পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে সেই একেই সময়ত কিন্তু বৌদ্ধিকভাৱে অক্ষম লোকসকলৰ বাবে লোৱা হোৱা নাই তেনে কোনো উল্লেখযোগ্য পদক্ষেপ ।
ইয়াৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কাৰণটো হৈছে তথ্যভিত্তিক অধ্যয়ণৰ অভাৱ । বৌদ্ধিক অক্ষমতাত ভোগা এগৰাকী ব্যক্তিয়ে সাধাৰণতে দৈনন্দিন কাম-কাজত হোৱা অসুবিধাসমূহৰ পৰা আৰম্ভ হয় সমস্যাৰ । কিন্তু একে সময়তেই হয়তো ব্যক্তি গৰাকী ভুগি থাকিব পাৰে আন কোনো ৰোগ যেনে ডাউন ছিন্দ্ৰম, অ'টিজিম আদিত । এই সকলোতেই বৌদ্ধিক অক্ষমতাই দেখা দিয়াৰ ওপৰিও প্ৰত্যেকটিৰেই আছে নিজা নিজা লক্ষণ । সামগ্ৰিকভাৱে দেখাত একে যেন লাগিলেও পৃথক এই সমূহ । অৱশ্যে শ্ল' লাৰ্নিংৰ ক্ষেত্ৰত সংপৃক্ত ইটো আনটোৰ সৈতে ।
এইসকল শিশু বা ব্যক্তিৰ সৈতে যোগাযোগৰ প্ৰক্ৰিয়াটো বহু ক্ষেত্ৰত সৰল আনহাতে বহু ক্ষেত্ৰত কঠিন । শ্ল' লাৰ্নিং অথবা বৌদ্ধিক অক্ষমতাৰ বাবে এওঁলোকৰ যিকোনো কথা অথবা বিষয় এটা অনুধাৱন কৰা প্ৰক্ৰিয়াটোও হ'ব আন সকলতকৈ পৃথক । এওঁলোকৰ শব্দ ভাণ্ডাৰৰ পৰিসৰ হ'ব সীমাবদ্ধ । এওঁলোকৰ বাবে ব্যক্তি স্বাধীনতা অথবা আত্মনিৰ্ভৰশীলতাৰ সংজ্ঞাও হ'ব পৃথক ।
যি সময়ত ষ্টিফেন হকিঙৰ বাবে কৃষ্ণ গহ্বৰৰ আৱিষ্কাৰ আছিল সফলতা, সেই সময়তেই হয়তো দীপালী বৰঠাকুৰৰ বাবে হয়তো পুৱাৰ জলপান নিজে গ্ৰহণ কৰাও হয়তো হৈছিল আত্মনিৰ্ভৰশীলতা । কিন্তু দুয়োগৰাকী নমস্য ব্যক্তিয়েই আক্ৰান্ত আছিল একেটা ৰোগতেই । কঠোৰ যেন শুনিলেও ব্যক্তি সাপেক্ষে আত্মনিৰ্ভৰশীলতাৰ সংজ্ঞা যে সলনি হয় তাৰেই এইয়া চূড়ান্ত নিদৰ্শন ।
সেই একেই পৰিক্ৰমাৰ মাজেৰে যাব লাগে বৌদ্ধিকভাৱে অক্ষম লোকসকলেও । চৌদিশে এখন প্ৰতিযোগিতা, নিজক প্ৰতিষ্ঠা কৰাৰ । তাৰ মাজত বিভিন্ন কাৰণবশত : একাংশ লোক সমগ্ৰ জীৱন এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ যায় বৌদ্ধিক অক্ষমতাৰ বাবে ।
ভাৰতৰ দৰে এখন উন্নয়ণশীল দেশত বহু ক্ষেত্ৰত নাগৰিকসকল আৱেগ সৰ্বস্ব । যাৰ বাবেই হয়তো এই সকল লোকক আমি কোনোদিনেই সমাজৰ বোজা ৰূপে গণ্য কৰা নাই । এওঁলোকো মানুহ, আমাৰ দৰেই । জীৱন জীয়াই থকাৰ অধিকাৰ এওঁলোকৰো আছে । তেন্তে এওঁলোকৰ বাবে চৰকাৰে কোনো বিশেষ পদক্ষেপ ল'ব নে কাহানিবা ?
কিন্তু প্ৰতিযোগিতাৰ যি এই দৌৰ, সেই দৌৰত হয়তো অদূৰ ভৱিষ্যতে আৱেগ হেৰুৱাই পেলাব মানৱ সমাজে, যাৰ লক্ষণ এতিয়াই কিছু পৰিমাণে পৰিস্ফূত হৈছে । নিজৰ সময়, ধন ব্যয় কৰি সমাজৰ উন্নতিৰ কাম কৰিবলৈ কোনো আগুৱাই আহিব নে ? যদি তেনে নহয়, তেন্তে এই সকল লোক যি বহু ক্ষেত্ৰত আজিও নিজৰ অভিভাৱক, ভাতৃ-ভগ্নীৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰ কাইলৈ কি হ'ব ?
কোনো পূঁজিপতিয়ে হয়তো মানৱতাৰ খাতিৰত এখন দুখন বিদ্যালয় অথবা তেনে কোনো কেন্দ্ৰ স্থাপন কৰিব পাৰে সমগ্ৰ দেশত কিন্তু ই সামগ্ৰিকভাৱে সকলোকে ঢুকি পোৱা যেন লাগিলেও প্ৰকৃততে সেইয়া সম্ভৱ হৈ উঠিব নে ?
আনহাতে, এই ক্ষেত্ৰত আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো হৈছে বৌদ্ধিক অথবা শাৰীৰিকভাৱে অক্ষম সকলৰ বাবে আমি দি লোৱা বিশেষণ সমূহ । এইসকলো লোকক আমাৰ সংবেদনশীল সমাজে শাৰীৰিকভাৱে অক্ষম অথবা বৌদ্ধিকভাৱে অক্ষমৰ ঠাইত সম্বোধন কৰে বিশেষভাৱে সক্ষম অথবা দি্যাংগ বুলি । ই প্ৰকৃততে বৰ্হিদেশৰ বাবে এক ৰোমান্টিকতাবাদ হে । আন ৰোগৰ দৰে এই সমূহো যে ৰোগহে সেই কথা যেন আজিও স্বীকাৰ কৰিব পৰা নাই দেশে যাৰ বাবে এনে বিশেষ সম্বোধনৰ আৱিষ্কাৰ কৰিব লগীয়া হৈছে ।
উল্লেখনীয় যে, এনে ধৰণৰ বিশেষনসমূহ উন্নত ৰাষ্ট্ৰসমূহত আকৌ বৰ্জিত । কাৰণ সেই দেশ সমূহৰ লোকসকলে এই ৰোগ সমূহক স্বীকাৰ কৰি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ মান্তি হৈছে বহু ক্ষেত্ৰত । যাৰ বাবে তেনে দেশ সমূহত প্ৰয়োজন নহয় এনে বিশেষণৰ । কিন্তু ভাৰতত সেই কথা সম্ভৱ হৈ উঠা নাই অথবা উঠিব দিয়া হোৱা নাই বহু কাৰণত । ক'ৰ'বাত নহয় ক'ৰ'বাত এনে বিশেষণেৰে আমি সেই সকল লোকক সম্বোধন কৰোতে তেওঁলোক যে আমাতকৈ বহু পৰিমাণে পৃথক সেই কথা যে আমি অস্বীকাৰ কৰিছো তেনে এক মানসিকতা হে প্ৰতিফলিত হৈছে ।
এই ক্ষেত্ৰত আমাক সহায় কৰিব পাৰিবনে কৃত্ৰিম বুদ্ধিমত্তাই ? বৌদ্ধিক অক্ষমতাত ভূগি থকা লোকসকলৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে যোগাযোগ স্থাপন কৰাত ভৱিষ্যতে সফল হ'ব নেকি মানৱ সমাজ ? যিদৰে প্ৰাৰম্ভিক পৰ্যায়ত ষ্টিফেন হকিঙৰ সৈতে সফল হৈছিল এ চি এ টি । তেনেদৰেই এইসকল লোকৰ স্নায়ু উত্তেজনা, হৃদকম্পন আদিৰ সহায়ত অধ্যয়ণ কৰিব পৰা যায় নেকি ভৱিষ্যতে যাতে সমাজত নিত্য নৈমিত্তিক কাম-কাজত প্ৰয়োজনীয় ভাষাৰ ক্ষেত্ৰত থকা শব্দ ভাণ্ডাৰৰ সীমাবদ্ধতা অতিক্ৰম কৰি সুকলমে এইসকল লোকে দৈনন্দিন কাম-কাজ চলাই যাব পাৰে ?
এতিয়া বিশ্বত কৃত্ৰিম বুদ্ধিমত্তাৰ দৌৰ চলিছে । প্ৰতিদিনেই আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চৰ ন ন সংশোধন অথবা আৱিষ্কাৰে সমগ্ৰ বিষয়টিকে এক নতুন পৰ্যায়লৈ লৈ গৈছে । এতিয়া এই কৃত্ৰিম বৌদ্ধিমতাৰ জৰিয়তে ছবি আকিব পাৰি, ৰচনা লিখাব পাৰি, কথা কোৱাব পাৰি, গান গোৱাব পাৰি । কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰব'ট এটাক নচুৱাব পাৰি, দৌৰাব পাৰি, সকলো আদেশ পালন কৰোৱাব পাৰি । মুঠতে মানুহে কৰিব পৰা বহু কাম একে ধৰণেই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৰিব পৰা যায় ।
কিন্তু এই আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চৰ বাবে প্ৰয়োজন হ'ব এক বিশাল পৰিষৰৰ অধ্যয়ণৰ, য'ত থাকিব মনোবিজ্ঞানী, স্নায়ুবিজ্ঞানীৰ পৰা আৰম্ভ কৰি সমাজতত্ত্ব বিশেষজ্ঞৰ লৈকে । এই প্ৰতিবেদন তাৰ এক থূল-মূল আভাষ হে, এক বিশাল সমস্যাৰ ওপৰত বিহংগম দৃষ্টি । ইয়াৰ বাবে ভৱিষ্যতে প্ৰয়োজন হ'ব সূক্ষ্ম অধ্যয়ণৰ ।