এফালে UAPA গোচৰ আনফালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি...

এফালে UAPA গোচৰ আনফালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি...
Published on
Updated on

আকৌ চৰ্চাত অৰুন্ধতী ৰয়। ইউ এ পি এ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি দিয়াৰ সময়তে তেওঁ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। চলিত মাহতেই আমেৰিকাৰ এখন বিশ্ববিদ্যালয়েও দিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী। চৰ্চিত এই লেখিকাগৰাকীৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

অতি সাহসী তেওঁৰ কলম। শক্তিশালী তেওঁৰ কণ্ঠ। যুক্তি আৰু বিচাৰত যিয়েই শুদ্ধ বুলি তেওঁ পতিয়ন যায় সেই কথাকেই দ্বিধাহীনভাৱেই কৈ দিয়াত তেওঁৰ নাই কোনো লুকধাক। এনে সাহসী আৰু আপোচহীন আচৰণৰ বাবেই বাৰে বাৰে তেওঁ বিপদত পৰে। ৰাজৈনিতিক আক্ৰোশৰ বলি হয়। সমালোচিত হয় বিপৰীত পক্ষৰ দ্বাৰাও।

তথাপিও নাই কোনো ভ্ৰূক্ষেপ। অধিক আগ্ৰাসীহে হয় তেওঁ। মানৱ অধিকাৰৰ প্ৰসংগত বিশ্বজুৰি অব্যাহত থকা যুদ্ধ আৰু পুঁজিবাদৰ আগ্ৰাসনৰ বিৰোধিতাৰে অৰ্হনিশে চলি থাকে তেওঁৰ কলম।

অতি শেহতীয়াকৈ এইগৰাকী প্ৰগতিশীল লেখিকাৰ বিৰুদ্ধে ১৪ বছৰ পুৰণি এক ভাষণক কেন্দ্ৰ কৰি সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ চলাবলৈও অনুমতি দিছে দিল্লীৰ লেফটেনেণ্টে গৰ্ভনৰে। এনে সময়তে এই লেখিকাগৰাকী নিৰ্বাচিত হৈছে পেন পিণ্টাৰ বঁটাৰ বাবে।

অৰুন্ধতী ৰয়। নামেই যাৰ পৰিচয়। প্ৰসিদ্ধ নোবেল বিজয়ী নাট্যকাৰ হেৰল্ড পিণ্টাৰৰ স্মৃতিত ২০০৯ চনৰ পৰা প্ৰদান কৰি অহা পেন পিণ্টাৰ বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত কৰা হৈছে অৰুন্ধতী ৰয়ক। বুকাৰজয়ী লেখিকাগৰাকীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ পাছতে এতিয়া পুনৰ চৰ্চালৈ আহিছে তেওঁ। অহা ১০ অক্টোবৰত অৰুন্ধতী ৰয়ক প্ৰদান কৰা হ'ব এই বঁটা।

গ্ৰন্থৰ জৰিয়তে কৰি আহিছে বিপ্লব

১৯৯৭ চনত 'দ্যা গড অফ স্মল থিংকছ' শীৰ্ষক গ্ৰন্থখনৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল অৰুন্ধতী ৰয়ে। বহু কেইখন উপন্যাস আৰু প্ৰবন্ধ ৰচনা কৰা অৰুন্ধতীৰ বিৰুদ্ধে চলিত মাহতে দিল্লীৰ লেফটেনেণ্টে গভৰ্নৰে ২০১০ ৰ এক গোচৰত ইউপিএৰ আধাৰত গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে। অভিযোগ অনুসৰি অৰুন্ধতীয়ে নিজৰ এক ভাষণত কৈছিল কাশ্মীৰ ভাৰতৰ অভিন্ন অংশ নহয়।

সামাজিক বিষয়ত বহু প্ৰবন্ধ, নিবন্ধ আদি লিখি অহা অৰুন্ধতী ৰয়ৰ অন্যতম গ্ৰন্থ আছিল ১৯৯৯ চনত লিখা 'কষ্ট অফ লিভিং'। এই গ্ৰন্থখনত তেওঁ বিবাদিত নৰ্মদা বান্ধ প্ৰকল্প আৰু পৰমাণু পৰীক্ষণ কাৰ্যসূচীৰ বাবে চৰকাৰক কঠোৰ সমালোচনা কৰিছিল।

ইয়াৰ পিছত ২০০১ চনত 'পাৱাৰ পলিটিক্স' নামৰ এখন প্ৰবন্ধ সংকলন প্ৰকাশ পাইছিল অৰুন্ধতী ৰয়ৰ। একেটা বছৰতে 'দ্যা অলজেব্ৰা অফ ইমফিনাইট জাষ্টিছ' গ্ৰন্থখনো প্ৰকাশ পায়।

ইয়াৰ পাছত ২০০৪ ত তেওঁৰ গ্ৰন্থ 'এন অৰ্ডিনেৰী পাৰ্ছন্স গাইড টু এম্পায়াৰ' প্ৰকাশ পায়। ২০০৯ ত তেওঁ 'লিছেনিং টু গ্ৰাছহোপাৰ্ছঃ ফিল্ড নোটছ অন ডেমক্ৰেছি' নামৰ গ্ৰন্থখন প্ৰকাশ পায়। এই গ্ৰন্থখনত সমকালীন ভাৰতৰ এনে কেতবোৰ বিষয় সন্নিবিষ্ট হৈছিল যিবোৰে গণতন্ত্ৰৰ অন্ধকাৰ দিশসমূহক উন্মোচিত কৰিছিল।

ইয়াৰোপৰি ৰয়ে ২০০৭ চনত লিখিবলৈ আৰম্ভ কৰিছিল তেওঁৰ দ্বিতীয়খন উপন্যাস 'দ্যা মিষ্ট্ৰী অফ আটমষ্ট হেপ্পীনেছ'। ২০১৭ চনত প্ৰকাশ পোৱা এই উপন্যাসখনো ২০১৭ চনৰ বুকাৰ বঁটাৰ বাবে দৌৰত আছিল।

২০১৮ ত তেওঁ 'আজাদী' গ্ৰন্থখনৰ বাবে ৪৫ সংখ্যক ইউৰোপিয়ান এছে প্ৰাইজৰ দ্বাৰা জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে।

বুকাৰ বঁটা বিজয়ৰ পাছতে বিশ্বজুৰি হৈছিল জনপ্ৰিয়

অৰুন্ধতী ৰয়ে তেওঁৰ 'গড অফ স্মল থিংকছ' গ্ৰন্থৰ বাবে ১৯৯৭ চনত লাভ কৰিছিল বিশ্ব সাহিত্যৰ সন্মানীয় বুকাৰ বঁটা। এই সন্মান লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা।

এই উপন্যাসখনেই আছিল তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস। প্ৰথমখন উপন্যাসৰ জৰিয়তেই বিশ্বজুৰি স্বীকৃতি লাভ কৰা অৰুন্ধতীয়ে ইয়াৰ পিছত আৰু উভতি চাবলগীয়া হোৱা নাই।

বুকাৰজয়ী এইগৰাকী লেখিকাই ২০১৪ চনত বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো স্থান লাভ কৰিছিল। সাহিত্য ক্ষেত্ৰখনলৈ অহাৰ পূৰ্বে তেওঁ চিনেমা আৰু টেলিভিছন উদ্যোগৰ সৈতেও জড়িত আছিল। বোলছবিত অভিনয় কৰাৰ উপৰিও তেওঁ স্ক্ৰীণ প্লে'ও লিখিছিল। ১৯৮৮ চনত তেওঁ স্ক্ৰীণ প্লে'ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰো লাভ কৰিছিল।

খালী বটল বিক্ৰী কৰি আদায় দিছিল মাচুল

আজিৰ প্ৰভাৱশালী, প্ৰসিদ্ধ লেখিকা অৰুন্ধতী ৰয়ৰ প্ৰাৰম্ভিক জীৱন আছিল যথেষ্ট সংঘৰ্ষযুক্ত। মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ ঘৰ এৰি দিল্লীলৈ গুছি আহিছিল। দিল্লীতে তেওঁ উচ্চ শিক্ষাও গ্ৰহণ কৰে।

একা সাক্ষাতকাৰত অৰুন্ধতী ৰয়ে উল্লেখ কৰিছিল দিল্লীলৈ অহাৰ পাছত অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা ধনক লৈ তেওঁ বহু সমস্যাত পৰিছিল। এনে পৰিস্থিতিত খালী বটল বিক্ৰী কৰিও তেওঁ মাচুল আদায় দিবলগীয়া হৈছিল। এয়া আছিল দিল্লী স্কুল অৱ আৰ্কিটেকচাৰত অধ্যয়ন কৰি থকাৰ সময়ৰ কথা।

মেঘালয়ত জন্মগ্ৰহণ কৰিছিল অৰুন্ধতী

অৰুন্ধতী ৰয় চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ কেৰালাৰ জীয়ৰী মেৰী ৰয়ে কলাকাতাৰ ৰাজীৱ ৰয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে অৰুন্ধতীৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হোৱাত তেওঁ মাতৃৰ সৈতে কেৰালালৈ গুছি যায়।

পৰামাণু পৰীক্ষণ, গুজৰাটৰ সাম্প্ৰদায়িকতাবাদৰ দুৰ্ঘোৰ বিৰোধী ৰয়

১৯৯০ দশকত ভাৰতে হাতত লোৱা পৰমাণু পৰীক্ষণৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল অৰুন্ধতী ৰয়ে। ইয়াৰ বিৰুদ্ধে তেওঁ যথেষ্ট সমালোচনাত্মক প্ৰবন্ধ লিখাৰ উপৰিও চৰকাৰক জনতাৰ কাঠগড়াত তুলিছিল।

তাৰ পাছতেই আকৌ ২০০২ ত গুজৰাটত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত চৰকাৰৰ স্থিতিত জাঙুৰ খাই উঠিছিল ৰয়। সেই সময়ত গুজৰাটত শাসনত থকা বিজেপি চৰকাৰক তেওঁ তীক্ষ্ণ সমালোচনা কৰাৰ লগতে তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সমালোচনাৰে থকাসৰকা কৰিছিল।

কেৱল ইমানেই নহয় ভাৰতৰ নক্সাল আন্দোলনৰ সন্দৰ্ভতো তেওঁৰ কলম চলিছে। আদিবাসীসকলৰ অধিকাৰৰ হকেও মাত মাতিবলৈ নেৰা অৰুন্ধতীয়ে স্পষ্টভাৱে প্ৰায়ে কৈ আহিছে ভাৰতৰ আদিবাসীসকল যিয়ে, চৰকাৰৰ পৰা একোৱেই নাপালে তেওঁলোকে অধিকাৰ কাঢ়ি আনিবলৈ শসস্ত্ৰ আন্দোলনৰ বাহিৰে আন কি পথ ল'ব?

এইসমূহৰ উপৰিও তেওঁ বিচ্ছিন্ন কাশ্মীৰ, আফগানিস্তানক লৈ আমেৰিকাৰ বৈদেশিক নীতি,ইজৰাইল, ২০০১ চনৰ ভাৰতৰ সংসদ ভৱন আক্ৰমণ, শ্ৰীলংকাৰ চৰকাৰ, আন্না হাজাৰেৰ আন্দোলন, নাগৰিকত্ব সংশোধনী আইন আদিৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমালোচনা কৰি আহিছে।

অৰুন্ধতী ৰয়ে লাভ কৰিছে এইসমূহ বঁটা

১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰাৰ পূৰ্বে অৰুন্ধতী ৰয়ে In Which Annie Gives It Those Ones ৰ বাবে স্ক্ৰীণ প্লে'ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।২০১৫ চনত তেওঁ ধৰ্মীয় অসহিষ্ণুতা আৰু সোঁপন্থীসকলৰ দ্বাৰা বৰ্ধিত হিংসাৰ বিৰোধিতা কৰি এই বঁটা উভতাই দিয়ে। ২০০২ চনত তেওঁ লাভ কৰে Lannan Foundation ৰ কালছাৰ ফ্ৰীডম বঁটা। সেইদৰেই ২০০৪ ত ছিডনী পিছ প্ৰাইজ, নেচনেল কাউন্সিল অফ টিছাৰ্ছৰ পৰা অৰৱেল এৱাৰ্ড, ২০০৬ ত সাহিত্য একাডেমী বঁটা, ২০১১ ত নৰ্মান মেইলাৰ প্ৰাইজ লাভ কৰিছে।

যোৱা ৭ জুন, ২০২৪ ত অৰুন্ধতী ৰয়লৈ আমেৰিকান ইউনিভাৰ্ছিটি অফ বেইৰুটে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। এই বঁটা প্ৰদান কৰি বিশ্ববিদ্যালয়খনে কৈছে- ‘She is a beacon of human kindness and empathy in a world badly in need of such role models’।

এফালে UAPA গোচৰ আনফালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি...
৫ সাংসদে এতিয়াও লোৱা নাই শপতঃ ২ জন আছে কাৰাগাৰত, এজন ব্যস্ত বিয়াত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in