দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক

দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক
Published on
Updated on

দুভাগ হ’ব নেকি অসম ৰাজ্যিক বিজেপি ? অসন্তুষ্ট ৰাজ্যৰ বিজেপিৰ শীৰ্ষ নেতাৰ নেতৃত্বত উজনিত অনুষ্ঠিত হৈছে গোপন বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰকলৈ নাৰাজ বিজেপিৰ কোন এইসকল নেতা ! অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন।

হোটেল হিল্টন ব্লু। তিনিচুকীয়াৰ এই হোটেলখনৰ এটা বন্ধ কক্ষত সমবেত হ’ল বিজেপিৰ ৫০ৰো অধিক নেতা। বৈঠকত অংশ ল’লে উজনি অসমৰ ৮জিলাৰ বিজেপিৰ শীৰ্ষ নেতৃত্ব। প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই উপস্থিত আছিল এই বৈঠকত।

বৈঠকত উপস্থিত থকা সকলৰ ভিতৰত আছিল ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি আৰু লখিমপুৰ জিলাৰ বিজেপি কৰ্মকৰ্তা। কেৱল প্ৰবীণ বিজেপি নেতাই নহয়, নতুন প্ৰজন্মৰ বহু কেইজন নেতাই অংশ ল’লে এই বৈঠকত।

যি সময়ত ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তিৰে বিজেপিৰ দলীয় ভিতৰচ’ৰাত গঢ় লৈ উঠা বিসম্বাদ প্ৰশমনৰ চেষ্টা কৰা হৈছিল, সেই সময়ত তিনিচুকীয়াত অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য্য বহন কৰিছে। বৈঠকত হোৱা আলোচনা সন্দৰ্ভত বিসম্বাদী গোটৰ এই নেতাসকলে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও 'অসম জন সংঘ' নামেৰে এক ৰাজনৈতিক শক্তি জন্ম দি কাৰ্যতঃ দলটোক দুভাগ কৰিবলৈ এই বৈঠকত আলোচনা হোৱা বুলি জানিব পৰা গৈছে।

এই বৈঠকৰ সমান্তৰালভাৱে আহিছে আন এক খবৰ। নলবাৰীৰ প্ৰাক্তন বিজেপিৰ বিধায়ক তথা দলটোৰ এগৰাকী পুৰণি নেতা অশোক শৰ্মাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাতো নিশ্চিত হৈ পৰিছে।

ইফালে তিনিচুকীয়াৰ এই বৈঠকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়- কোনে কি বৈঠক কৰিছে আৰু কোন কোন দললৈ গৈছে সেইটো ডাঙৰ কথা নহয়। কিন্তু সকলোৱে হিন্দু হৈ থাকিলে হ’ল।

দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক
জীৱনৰ ওপৰতো কৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in