উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...

 উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...
Published on
Updated on
চৰকাৰী তথ্য অনুসৰিয়েই ৰাজ্যৰ ১৯ খন জিলাত বানপানী।৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। এই পৰ্যন্ত মৃত্যু ৩৫ জনৰ। আগন্তুক সময়ত আৰু অধিক ভয়াৱহ হোৱাৰ দিশে বান পৰিস্থিতি। এনে প্ৰেক্ষাপটত ৰাজ্যৰ সামগ্ৰীক বান পৰিস্থিতি সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

চাৰিটা খুঁটা, চাৰিখন টিন আৰু চাৰিখন বেৰেই এটা ঘৰ নহয়। এয়া এটা ঘৰৰ আকৃতিহে। ইয়াক প্ৰকৃত ঘৰ হিচাপে তৈয়াৰ কৰিবলৈ মানুহে বহু কিবাকিবি কৰিব লাগে। বহু ত্যাগ, বহু কষ্ট আৰু স্মৃতিৰ পৰশত জীপাল হৈ থাকে একো এখোখন ঘৰ।

বহু বছৰীয়া পৰিক্ৰমাৰে সজীৱ হৈ থকা এনে একো একোটা ঘৰ যেতিয়া হঠাৎ চকুৰ সন্মুখতেই নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে, গৰাখহনীয়াত জাহ যায় সেই দৃশ্য কিমান অসহনীয় হৈ পৰে সেয়া ভুক্তভোগীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে। টিভিৰ সন্মুখত, মোবাইলৰ স্ক্ৰীণত বহুতেই বানপানীৰ সময়ত জাহ যোৱা ঘৰবোৰ দেখিছে। কিন্তু সেই ঘৰবোৰ গঢ়োতাৰ ত্যাগ, কষ্টখিনি দেখা নাই।

সেয়ে হয়তো চৰকাৰৰো উটি যোৱা ঘৰবোৰৰ কেৱল তালিকা প্ৰস্তুত কৰোঁতেই দায়িত্ব শেষ হয়। ক্ষতিপূৰণ অথবা সাহায্য হিচাপে পুনৰ কেইখনমান টিন, কেই হাজাৰমান টকা দিয়েই দায়িত্ব সামৰে।

ৰাজ্যৰ ১৯ খনৰো অধিক জিলা এতিয়া বানপানীৰ কৱলত। উজনিৰ পৰা নামনি, ব্ৰহ্মপুত্ৰৰ উত্তৰ, দক্ষিণ পাৰ, বৰাক উপত্যকা সকলোতে এতিয়া কেৱল বানপানী। এফালে অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চিয়াং উপচি পৰিছে আৰু অসমত ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে। সিফালে ভূটানত ধাৰাসাৰ বৰষুণ হৈছে আৰু ভূটানৰ পৰাও অসমলৈ বৈ অহা নৈসমূহে বানপানীৰ সৃষ্টি কৰিছে।

মধ্য অসমত কলং, কপিলীও উগ্ৰ হৈয়ে আছে। কপিলীপৰিয়া ৰাইজ বছৰৰ তৃতীয়টো বানৰ বাবে সাজু হৈছে। এয়া মাত্ৰ আৰম্ভণিহে। ৫ জুলাইলৈকে ৰাজ্যৰ প্ৰায় কেইখন জিলাতে প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে। অসমৰ দৰেই চুবুৰীয়া ৰাজ্যসমূহৰ লগতে ভূটানতো অব্যাহত থাকিব বৰষুণ। ফলত আগন্তুক দিন কেইটা যে অধিক ভয়াবহ হৈ পৰিব সেয়া প্ৰায় নিশ্চিত

বানপানী অসমত নতুন কথা নহয়। বানপানী যেন অসমৰ এক উৎসৱহে। প্ৰতিবাৰেই বান আহে, গৰাখহনীয়া হয়। বানত ডুবে জনতা, ঘৰ, ঘৰৰ ভেঁটি, কৃষি পথাৰ নৈত জাহ যায়। মথাউৰি ভাঙে। এইবোৰ চাবলৈকে আকৌ শুভ্ৰ পোচাক পিন্ধি নেতা, মন্ত্ৰী আহে। ভাষণৰ ফুলজাৰি চলে। সেই নেতাৰেই নেতাই আকৌ তিনি, চাৰিটা পুখুৰী খান্দিয়েই অসমৰ বানপানী শেষ কৰাৰ কথা কয়।

আজি টিভিৰ সন্মুখত ভাহি আহিছে এক দৃশ্য। চৌদিশে পানী। পানীৰ মাজত খহি পৰা এটা ঘৰ। খহি পৰা ঘৰটোৰ ওপৰত এগৰাকী মহিলা। সেয়া তেওঁৰ উদ্ধাৰকাৰীলৈ অপেক্ষা নে ঘৰটোক এৰি যাব নোৱাৰাৰ বেদনা বুজিবলৈ অলপ অসুবিধা হৈছে।

প্ৰতি দিনিৰ দৰেই সোমবাৰেও মাছ মাৰিবলৈ গৈছিল চাৰিজন মাছমৰীয়া। তাৰ মাজতেই বানে ল’লে ভয়ংকৰ ৰূপ। জীৱিকাৰ স্বাৰ্থত ওলাই যোৱা এই চাৰিওজন মাছমৰীয়াৰ জীৱনৰ মূল্য কিমান সেয়া তেওঁলোকে নুবুজিলেও বুজি পাই পৰিয়ালৰ আন সদস্যসকলে।

এছ ডি আৰ উফে উদ্ধাৰ কৰিবলৈ গৈয়ো পানীৰ প্ৰৱল সুতৰ বাবে উদ্ধাৰ নকৰাকৈয়ে ঘূৰিবলগীয়া হ'ল দলটো। অৱশেষত যেনিবা বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হ'ল তেওঁলোকক। কিমান এক ভয়ানক পৰিস্থিতি।

ক'ৰবাত ক'ৰবাত আকৌ যিয়ে যি পাইছে তাকে টোপোলা বান্ধি এককাল পানী ফালি আগবাঢ়িছে। ঘৰখনৰ বাকী সম্পদবোৰ পানীৰ মাজতে আছে। গৰু, ছাগলী বোৰো গৃহস্থৰ পাছে পাছেই আগবাঢ়িছে। কিমান এক কৰুণ দৃশ্য। এই গৰু, ছাগলীবোৰেও বুজি পাইছে বানপানীৰ ভয়াবহতা। সিহঁতৰ মুখবোৰ দেখিলেই গম পাই খাবলৈ পোৱা নাই একো।

মন্ত্ৰী, বিধায়ক, আৰক্ষী সঞ্চালক প্ৰধানে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কাজিৰঙাৰ ভিডিঅ’। পানীৰে উপচি পৰা কাজিৰঙাত বন্য জীৱৰ বাবে এতিয়া ঠাইৰ অভাব। পানী ফালি ৰাজপথ পাৰহৈ কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বন্য হাতীকে ধৰি অন্যান্য জীৱকুল। নাও লৈ কাজিৰঙাত বন বিভাগৰ লোকে অব্যাহত ৰাখিছে তহল অভিজান। একেই অৱস্থা ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, ডিব্ৰু ছৈখোৱা আদিত। সকলোতে পানীৰ তলত জীৱকুল।

মাজুলীত এতিয়া হাহাকাৰ পৰিস্থিতি। এক প্ৰকাৰে প্ৰলয়ৰ সৃষ্টি কৰিছে বুঢ়া লুইতে। ইতিমধ্যে কমলাবাৰী-আউনীআটী-গোৱালগাওঁ মথাউৰিৰ মাজৰ এটা অংশ বানে ছিঙিলে। চকুৰ সন্মুখতেই কেইবাটাও বাসগৃহ, অংগনবাড়ী কেন্দ্ৰ জাহ গ'ল লুইতত।

ঐতিহাসিক আউনীআটী সত্ৰ এতিয়া বানৰ কৱলত। চৌদেশ সৃষ্টি হোৱা এনে বান পৰিস্থিতিৰ মাজতেই আকৌ দুৰ্গম স্থানত আৱদ্ধ হৈ পৰিছে গৰ্ভৱতী মহিলা। মাজুলীলৈ বিয়া হৈ অহা পূজা নাথ নামৰ এই বোৱাৰীগৰাকীয়ে পূৰ্বে বানপানী দেখিছে যদিও এইবাৰৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল।

প্ৰথমবাৰৰ বাবে এনে ভয়াৱ পৰিস্থিতিৰ সন্মুখীন হৈছে। তাতে আজিয়েই আকৌ তেওঁৰ সন্তান প্ৰসৱৰো দিন। এনে পৰিস্থিতিত এইসকল অসহায় লোকৰ বাবে এতিয়ে উদ্ধাৰকাৰী হিচাপে নিয়োজিত হৈ থকা এছ ডি আৰ এফৰ জোৱানসকলেই হৈ পৰিছে ভগৱান। 

মাজুলীৰ দৰেই ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আদি জিলাৰো একেই অৱস্থা। ডিব্ৰুগড়ৰ চাবুৱাত ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বাৰিষাৰ পূৰ্বৰে পৰা অব্যাহত আছে। প্ৰতিবাৰেই বানৰ কৱলত পৰি আহিছে ডিব্ৰুগড় চহৰ। এইবাৰ দিনজান সেনা চাউনীলৈ পূৰ্বতকৈ যেন অধিক ভয়াবহ ভাবেহে বিপদ আহিছে। ইতিমধ্যে এটা নিশাতেই উটি গৈছে এই সেনা চাউনীৰ সুৰক্ষাৰ বাবে ১০০ কোটিতকৈ অধিক টকাৰে নিৰ্মাণ কৰা জিঅ’ মেটৰ বৃহৎ অংশ।

দুলীয়া জানত বিপদসীমাৰ বহু ওপৰেদি বৈ আছে বুঢ়ীদিহিং। নৈপৰীয়া গাওঁসমূহ এতিয়া পানীৰ তলত। জলবন্দী হৈ আছে কেইবাশ পৰিয়াল। শিৱসাগৰ জিলাতো বানপানীয়ে লৈছে ভয়াৱহ ৰূপ। এখনৰ পিছত এখনকৈ গাওঁ প্লাবিত হৈছে জিলাখনত।

জিলাখনৰ মাজেৰে আৰু কাষেৰে বৈ যোৱা দিখৌ, দৰিকা, ব্ৰহ্মপুত্ৰ আদিৰ বাঢ়নী পানীয়ে এফালৰ পৰা প্লাবিত কৰিছে বিভিন্ন অঞ্চল। দিখৌ নদীৰ মথাউৰিৰ ওপৰেদি বাগৰিছে পানী। জিলাখনৰ আন প্ৰান্তৰ লগতে সৰাগুৰি চাপৰিত এতিয়া অবৰ্ণনীয় পৰিস্থিতি।

দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰ সংগমস্থলী সৰাগুৰি চাপৰিৰ প্ৰতিঘৰ লোকেই এতিয়া বানৰ কৱলত। অভিযোগ উঠিছে জলবন্দী হৈ থকা সৰাগুৰি চাপৰিবাসীৰ কাষত থিয় হোৱা নাই জিলা প্ৰশাসনৰ লোক। বহিঃ বিশ্বৰে বিচ্ছিন্ন এই অঞ্চলৰ লোকসকলে এতিয়া লঘোনতে পাৰ কৰিবলগীয়া হৈছে বিনিন্দ্ৰ ৰজনী।

দিখৌ নদীৰ জলস্তৰ অভাৱনীয় ভাবে বৃদ্ধি পোৱাৰ ফলত শিৱসাগৰ নগৰৰ প্ৰতিয়েই ভাবুকি নামি আহিছে। নগৰৰ কাৰষীয়া কোঁৱৰপুৰ, ভাটিবন গাঁও, শান্তিপূৰ আদি বিভিন্ন স্থানত বানে তাণ্ডৱ চলাইছে। শিৱসাগৰ নগৰৰ গাতে লাগি থকা বহু কেইটা অঞ্চল এতিয়া বানপানীৰ কৱলত। দিচাংমুখৰ আলিছি গাওঁ, অফলা, তিয়বস্ততি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাইছে। বানপানীৰ কৱলত পৰিছে দিচাংমুখৰ ৫০ খনৰো অধিক গাওঁ।

লখিমপুৰ জিলাৰো কেইবাটাও ৰাজহ চক্ৰ বানপানীৰ কবলত পৰিছে। জীয়াঢল, কুমতীয়া, ননীদৰ জলপৃষ্ঠ বৃদ্ধি হৈ ন ন অঞ্চল প্লাবিত হৈছে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত ভূগিছে বানপীড়িত। মানুহৰ দৰেই একেই অৱস্থা পশুধনৰো। পশুধনৰ বাবেও নাই খাদ্যৰ কোনো ব্যৱস্থা।

গোগামুখৰ বান পীড়িতই অভিযোগ কৰিছে তেওঁলোকৰ কাষত হেনো থিয় দিয়া নাই জনপ্ৰতিনিধিয়ে। সহায় আগবঢ়োৱা নাই জিলা প্ৰশাসনে।  কাষৰীয়া যিসমূহ অঞ্চল এতিয়াও বানপানীৰ কবলত আছে সেই অঞ্চলসমূহতো ৰাইজৰ টোপনি নোহোৱা হৈছে। কোন সময়ত বান আহি সকলো শেষ কৰে তাৰ কোনো নিশ্চয়তা নাই।

বিশ্বনাথ, শোণিতপুৰ জিলাতো প্ৰান্তে প্ৰান্তে বান পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিছে। অপৰিবৰ্তিত বান পৰিস্থিতিত জিলা দুখনৰ গহপুৰ, বিশ্বনাথ, বালিপাৰা, জামুগুৰি, বেলশিৰী, ৰঙাপাৰাকে ধৰি একাধিক অঞ্চলত বানপানীয়ে চলাইছে সন্ত্ৰাস।

বোকাখাত, কলিয়াবৰত আকৌ বানপানীৰ সমান্তৰালকৈ সৃষ্টি হৈছে ৰাজনৈতিক বোকা চতিওৱাৰ ৰাজনীতিও। এফালে বানপানীত ককবকাইছে জনতা আনফালে আকৌ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া, অসৎ ঠিকাদাৰ, নেতাক ৰক্ষণাবেক্ষণত নামি পৰিছে একাংশ।

মাত্ৰ কেইটামান দিনৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰীকা, কেশৱ মহন্তই কলং পুনৰ উজ্জীৱিতকৰণ প্ৰকল্প পৰিদৰ্শন কৰি ঐতিহাসিক মৰা কলঙক পুনৰ নিয়ন্ত্ৰিত ভাৱে বোৱাই আনিবলৈ সাজু হৈছে বুলি উল্লেখ কৰাৰ পাছতে এতিয়া এটাৰ পিছত এটাকৈ এই প্ৰকল্পৰ বিসংগতি ধৰা পৰিছে। শ্লুইছ গেট নৈৰ পানীয়ে উটুৱাই নিছে। মথাউৰি ভাঙিছে। মন্ত্ৰীৰ ভায়েক এই প্ৰলকল্পৰ ঠিকাদাৰ হোৱাৰ বাবেই এতিয়া আকৌ এনে এক অবৰ্ণনীয় পৰিস্থিতিত ৰাজনীতিৰ খেল আৰম্ভ হৈছে।

কলিয়াবৰৰ বৰঘূলী অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুব গৈছে। ইয়াত বানপানীয়ে ছিঙি নিলে কৃষি বান্ধ। ফলত অঞ্চলটোৰ ৫ শতাধিক পৰিয়াল স্থানান্তৰ হৈছে। এই লোকসকলৰ লগত থকা পশুধন এতিয়া খাদ্যৰ সংকটত পৰিছে।

ব্ৰহ্মপুত্ৰই বোকাখাতৰ মৰিয়াহোলাৰ পৰা তামুলীপথাৰলৈ ১৭ কিলোমিটাৰৰ মাথাউৰিটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে৷ তামুলীপথাৰৰ ওচৰত কেইবা ঠাইটো সোমবাৰৰ পৰাই এই মথাউৰিৰ ওপৰেদি পানী বাগৰি আছে। ফলত যিকোন সময়তে মথাউৰিটো ভাঙি যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। কাষৰীয়া ন ন অঞ্চল প্লাবিত হৈছে।

ডেৰগাঁৱৰো ৫০ খনৰো অধিক গাঁৱত এতিয়া বানপানীৰ তাণ্ডৱ। চৰাইচাপৰিত বানত ভাঙিল পকী দলঙৰ আধা অংশ। যাতায়তৰ এক মাত্ৰ পথটোৰ মাজত থকা দলংখনৰ এটা অংশ খহি পৰাত এতিয়া যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে। অৱশ্যে স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত এই দলংখনৰ মেৰামতিৰ কাম চলিছে।

টীয়কতো অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। জলবন্দী হৈ আছে বহু লোক। টীয়কৰ মুদৈজান জাঁজীমুখ সংযোগী পথ, জাঁজীমুখ প্লে’টফৰ্ম হাতীশাল সংযোগী পথকে ধৰি সকলো পথ আছে পানীৰ তলত। জাঁজীমুখ প্লে’টফৰ্ম হাতীশাল সংযোগী পথৰ কেইবা স্থানত বান পানীয়ে উটুৱাই নিলে পথ।

যোৱা চাৰিদিনে ব্যাহত হৈ আছে জাঁজীমুখ পাৰঘাটৰ নাঁও সেৱা। এই চাৰিও দিনে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বান পীড়িতই। চাপৰিত পানীৰ মাজত আবদ্ধ হৈ থকা পশুধনসমূহ স্থানান্তৰ কৰিবলৈও প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা। যোগাৰ কৰিব নোৱাৰিলে মেচিন নাও। নাই পশু খাদ্যৰ যোগান।

টিংখান সমষ্টিত আকৌ মানুহ আৰু পশুৱে সহবাস কৰিবলগীয়া হৈছে। সমষ্টিটোৰ বহু কেইখন গাওঁ বান পানীৰ তলত আছে। নতুন শলগুৰি আৰু ২ নং শলগুৰি অঞ্চলত বুঢ়ীদিহিং মথাউৰি তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে। যিকোনো সময়তে এই মথাউৰি ছিঙাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াত মথাউৰিৰ ওপৰেদি পানী বাগৰাৰ লগতে ঠায়ে ঠায়ে খহিছে মঠাউৰি। ঠায়ে ঠায়ে পানীৰ পুং ফুটি ভিতৰলৈ সোমাই আহিছে পানী।

মঙ্গলদৈতো বান্দিয়া, কে বান্দিয়া, এন চি বান্দিয়া, ওন্দোলাঝাৰ, মধু চৰ, বাগপৰিকে ধৰি একাধিক অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে। মাত্ৰ এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা ছিপাঝাৰত ননৈ নদীৰ শ্লুইছ গেটত দেখা গৈছে বিসংগতি। শ্লুইছ গেটখন মুকলি নকৰাকৈয়ে হোৰাহোৰে সোমাইছে পানী। এনে ফলশ্ৰুতিত কেইবাখনো গাওঁ বাঢ়নী পানীত জলমগ্ন হৈছে।

ইফালে উমৰাংছো জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ বাবে কপিলী নৈৰ বিপদসীমাৰ ওপৰেদি বৃদ্ধি হৈছে। ফলত কপিলীপৰীয়া বহু কেইখন গাঁৱত সোমাইছে বাঢ়নী পানী।  কপলিৰী বাঢ়নী পানীয়ে উটুৱাই নিছে হোজাইৰ ওৱাৰিগেডিং আৰু নেপালীখুঁটি সংযোগী দলং। বহু লোকে ঘৰ-বাৰী এৰি ঢাপলি মেলিছে ওখ স্থানলৈ। ৰূপহীহাটৰ ভূৰনবন্ধাত বানপানীয়ে ছিঙিলে কৃষি বান্ধ।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰে এইদৰে বানপানীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ দৰেই বৰাক উপত্যকাতো একেই অৱস্থা। বছৰৰ তৃতীয়টো বানপানীৰ কৱলত পৰিছে কাছাৰ জিলা। ধাৰাসাৰ বৰষুণৰ ফলত হোৰাহোৰে বৃদ্ধি পাইছে বৰাকসহ ইয়াৰ বিভিন্ন নৈ, উপনৈৰ জলস্তৰ।

বৰখলা আৰু কাটিগড়াত বানপানীয়ে লৈছে ভয়াৱহ ৰূপ। কাটিগড়াত বলেশ্বৰ আৰু কাকড়া নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেদি বৈছে। ৰাজপথৰ ওপৰেদি প্ৰৱল সুতত বৈছে বাঢ়নী পানী। বিচ্ছিন্ন হৈছে যাতায়ত ব্যৱস্থা। জাটিঙ্গা আৰু হাৰাং নৈৰ বাঢ়নী পানীত বুৰ গৈছে বৰখলাৰ কেইবাখনো গাঁওৰ প্ৰায় তিনি শতাধিক পৰিয়াল। বৰখলাৰ অতি গুৰুত্বপূৰ্ণ শিলচৰ-জয়ন্তীয়া আৰু শিলচৰ-কালাইন পথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী। ফলত এই পথ দুটাৰেও সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।

বানপানীয়ে সৃষ্টি কৰা এন এক জটিল পৰিস্থিতিত ঠায়ে ঠায়ে মন্ত্ৰী, বিধায়কে পৰিস্থিতি পৰ্যবেক্ষণ কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। তাৰ মাজতে বান পীড়িতৰ ৰোষত পৰিছে খোদ জলসম্পদ মন্ত্ৰীকে ধৰি একাধিক মন্ত্ৰী আৰু বিধায়ক। ইয়াৰ বিপৰীতে আকৌ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাষত পাই একাংশ বান পীড়িতই সকলো পাহৰি আনন্দত মতলীয়া হোৱাহে পৰিলক্ষিত হৈছে।

 উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...
ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতিঃ ১৯ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in