আজকালি প্ৰায়সংখ্যক লোকৰ মাজত সহজলভ্য ধনৰ প্ৰতি মোহ জন্মা দেখা পোৱা যায়। কম কষ্ট আৰু কম সময়ত অধিক ধন লাভৰ হাবিয়াসে মানুহক লৈ গৈছে অমানুহৰ শাৰীলৈ। সমাজ কলুষিত কৰা প্ৰায়বোৰ ঘটনাৰ আঁৰত থকা কাৰকেই হৈছে টকা। অৱশ্যে সময়ৰ গতিত এনে সহজলভ্য ধন ঘটাৰ পাকচক্ৰত পৰা বহু লোকৰ কৰ্মকাণ্ড পোহৰলৈ আহিছে। কি ৰাজনীতি, কি সমাজনীতি ইয়াৰোপৰি সৰ্বসাধাৰণ লোকেও সহজলভ্য ধন ঘটাৰ কণ্টকময় বাটত ভৰি দিছে। এই সন্দৰ্ভতে এক প্ৰতিবেদন-
টকা লাগে টকা, সহজতে লাগে টকা। এতিয়া যেন চলিছে টকাৰ পিছত দৌৰা এখন অঘোষিত প্ৰতিযোগিতা ! এই প্ৰতিযোগিতাত যেন কাৰোৰে নালাগে ভাগৰ। বৰং ভালহে লাগে- যেতিয়া হাতত আহি পৰে খমখমীয়া টকা।
ক’ৰ পৰা টকা আহে, ইয়াৰ উৎস কি এইবোৰ জনাৰ পৰিৱৰ্তে মাথো বেংক একাউণ্ট অথবা জেপত টকা সোমাব লাগে আৰু পূৰাব লাগে চখ। মন যোৱা প্ৰতিটো বস্তু টকাৰ বিনিময়ত নিজৰ আয়ত্বত আনিব লাগে- এই ধৰণৰ বাসনা এতিয়া বহুতৰ মাজত পৰিলক্ষিত হয়।
সকলোকে কেৱল লাগে টকা। কষ্ট, সাধনা, পৰিশ্ৰম আদি কষ্টোপাৰ্জিত ধনৰ পৰিৱৰ্তে সহজলভ্য ধনৰ প্ৰতি এতিয়া এচাম লোকৰ বৰকৈ আগ্ৰহ জন্মা পৰিলক্ষিত হৈছে। হয়তো তেঁওলোকে পাহৰি পেলাইছে যে, সফলতাৰ নাথাকে কোনো চমু পথ। যাৰ বাবে এইসকল অৰ্থলোভীৰ শেহতীয়া কৰ্মকাণ্ড কাগজে-পত্ৰই একো একোটা বাতৰি হিচাপে লাভ কৰিছে স্থান।
এচাম অৰ্থলোভীৰ বাবেই সমাজত বিয়পি পৰিছে বিষবাষ্প। হত্যা, হিংসা, সন্ত্ৰাস, চুৰ-ডকাইতি, প্ৰৱঞ্চনা, হনী ট্ৰেপিং, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আদি যত যিমান কুকৰ্ম সংঘটিত হৈ আছে সেইবোৰ বিশ্লেষণ কৰিলে দেখা যায়- ইয়াৰ আঁৰত লুকাই থকা ঘাই কাৰকে হৈছে টকা।
কিয়নো এইবোৰ টকা হয়তো সৎ পথেৰে অৰ্জা টকা নহয়। অথবা এই টকা অহাৰ উৎস এটা ধোঁৱাবৰণীয়া বাট ! যি টকা লগত থাকিলে অনবৰতে থাকে ধৰাৰ পৰাৰ শংকা। সুখনিদ্ৰাৰ পৰা বঞ্চিত হোৱা অথচ উন্মাদ তৃপ্তিত বিভোৰ এখন পৃথিৱীত বাস কৰা এচাম অৰ্থলোভীৰ পয়োভৰ।
ইজনে আনজনক ঠগ- প্ৰৱঞ্চনা আৰু লোভ দেখুৱাই লাখে লাখে সৰকাই আহিছে টকা। ৰাজ্যত সংঘটিত হৈছে হনী ট্ৰেপিং আদিৰ দৰে ঘটনা। টকাৰ মোহত অন্ধ হৈ একাংশই ভৰি দিছে প্ৰৱঞ্চকে পাতি থোৱা জালত।
এতিয়া এনেবোৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পাছত ভালেকেইজন ইতিমধ্যে আৰক্ষীৰ জিম্মাত। অৱশ্যে দুই- এজনক এতিয়াও আৰক্ষীয়ে ধৰিব পৰা নাই যদিও অৱ্যাহত ৰাখিছে অভিযান।
সামাজিক মাধ্যমত সঘনাই আপলোড কৰা ডুবাই, বেংকক, থাইলেণ্ড আদিৰ ফটোৰে ঢাক থকা মুখবোৰ এতিয়া লুকাই ৰাখিব লগা পৰিস্থিতি হৈছে। বিলাসী হোটেলৰ কোঠা, বিলাসী বাহনত বিভিন্ন ভংগীত প’জ উঠা মুখবোৰত এতিয়া তেঁওলোকৰ হাঁহিৰ পৰিৱৰ্তে সেমেকা হৈ পৰিছে।
তেঁওলোকৰ শেহতীয়া ফটোবোৰত নাই হাঁহি কিম্বা পোহৰ। মুখবোৰ ভৰি আছে বিষাদগ্ৰস্ততা তথা শেতা পৰা ছাঁইবৰণীয়া বৰণৰে। একেই অৱস্থা বিনিয়োগকাৰীসকলৰো।
বিনিয়োগকাৰীসকলেও মুখ খুলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। কিয়নো প্ৰৱঞ্চনাৰ জালত ভৰি দি ধন বিনিয়োগ কৰাৰ কথা আৰক্ষীক ক’লেও বিপদ, নক’লেও বিনিয়োগৰ ধন পানীত পৰাৰ দৰে অৱস্থা। দুই নাৱত দুই ভৰি থৈ এতিয়া বিমোৰত এইসকল লোক।
গতিকে এইবোৰ ঘটনাপ্ৰবাহলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে ৰাজ্যত সম্প্ৰতি অৰ্থ লালসাকেন্দ্ৰিক ঘটনাই সকলো শ্ৰেণীৰ মানুহকে চুই গৈছে। মানুহে পাহৰি গৈছে যে সুন্দৰ জীৱন-ধাৰণৰ কৌশল।
সহজে অৰ্জা টকাৰ পাছত দৌৰি মানুহ আজি ভাগৰিও নাভগৰা ভাও ধৰিছে। ইটো লাগে, সিটো লাগে, অপ্ৰাপ্তিৰ অপূৰ্ণ জীৱন বাসনাই এতিয়া এচামক অৰ্থমোহত অন্ধ কৰিছে। পৰিশিলিত জীৱনৰ সংজ্ঞা পাহৰা একো একোটা অৰ্থলোভী এতিয়া সহজলভ্য ধনৰ পাশত বন্দী হৈ পাৰ কৰিছে বন্দিত্বৰ জীৱন...!
Also Read: ৪৩ দিনীয়া প্ৰতিবাদৰ অৱসান ! কৰ্তব্যলৈ ঘূৰিল কনিষ্ঠ চিকিৎসক...