এখন বিশ্ববিদ্যালয়ত এজনেই উপাচাৰ্য থাকে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত বৰ্তমান দুজন উপাচাৰ্য। কেনেকৈ বিশ্ববিদ্যালয়খনত এজন উপাচাৰ্যৰ কাৰ্যকাল অন্ত নৌপৰোতেই নতুন উপাচাৰ্যক শপতবাক্য পাঠ কৰোৱালে ৰাজ্যপালে ? বাধ্যত পৰি উপাচাৰ্যৰ পদবী আগতীয়াকৈ এৰাৰ সিদ্ধান্ত ল’লে ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰতিবেদন...
পদবীত কোনো স্থায়ীভাৱে বহি থাকিব নোৱাৰে। কিন্তু এটা নিৰ্ধাৰিত সময়ৰ বাবে দায়িত্ব দিয়া হয়। প্ৰসংগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। প্ৰশ্ন উঠিছে বৰ্তমান সময়ত বিশ্ববিদ্যালয়খনত দুজন উপাচাৰ্যই কাৰ্যনিৰ্বাহ কৰি আছে নেকি ?
অসম এৰাৰ পূৰ্বেই তদানীন্তন ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই কেইবাজনো নতুন উপাচাৰ্যক তেঁওলোকৰ দায়িত্ব আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাইছিল। তেঁওলোকৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধনপতি ডেকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত লৈছিল মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে।
২৯ জুলাইত এই তিনিওগৰাকী নতুন উপাচাৰ্যক শপতবাক্য পাঠ কৰাইছিল গোলাব চান্দ কাটাৰিয়াই। শপত লোৱাৰ লগে লগে ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়।
অথচ পূৰ্বৰ উপাচাৰ্যগৰাকীৰ কাৰ্যকাল শেষ হোৱাই নাছিল। তেনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত নে ড০ প্ৰতাপজ্যোতি সন্দিকৈ ?
বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে ২০১৯ৰ ২১ আগষ্টত উপাচাৰ্যৰ দায়িত্ব লৈছিল। তেঁওৰ কাৰ্যকাল ২০২৪ চনৰ ২০ আগষ্টলৈকে আছিল। সন্দিকৈক এই পদৰ পৰা অপসাৰণো কৰা হোৱা নাছিল।
তেনে পৰিস্থিতিত এজন উপাচাৰ্যৰ বাবে তেঁওৰ স্থানত নতুন উপাচাৰ্য আগতীয়াকৈ নিযুক্তি আৰু তেঁওক শপতগ্ৰহণ কৰাই চৰকাৰে কি বাৰ্তা প্ৰেৰণ কৰিলে ?
এয়া অসাংবিধানিক আৰু বৰ্তমানৰ উপাচাৰ্যজনৰ প্ৰতি অন্যায় নহয়নে ? ক্ষমতাত থাকিলে মানুহে যি ইচ্ছা তাকে কৰিব পাৰে নেকি ? বিশিষ্ট বিজ্ঞানী তথা শিক্ষাবিদ প্ৰতাপজ্যোতি সন্দিকৈয়ে সেয়েহে ক্ষোভ, অসন্তুষ্টি আৰু অপমানবোধৰ কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাকৈয়ে এই পদবীৰ পৰা স্বেচ্ছাই আগতীয়াকৈ আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।
জীৱনে তেঁওক নিৰ্মোহ হ’বলৈ শিকাইছে বুলি উল্লেখ কৰি ড০ সন্দিকৈয়ে ১৩ আগষ্ট ২০২৪ত এই পদৰ পৰা অৱ্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে। নতুন উপাচাৰ্য মহন্তই ১৪ আগষ্টত নতুন দায়িত্ব গ্ৰহণ কৰিব।
প্ৰশ্ন উঠিছে- ৰাজ্যপালৰ দৰে সাংবিধানিক পদত নিয়োজিত গোলাব চান্দ কাটাৰিয়াই কিয় এই কাম কৰিলে ? নে তেঁও কাৰোবাৰ শ্ৰুতলিপি মানি এই অসাংবিধানিক আৰু অনীতিগতভাৱে এজন উপাচাৰ্যই কাৰ্যনিৰ্বাহ কৰি থকাৰ পাছতো নতুন উপাচাৰ্যক শপতগ্ৰহণ কৰোৱাই আগতীয়াকৈ ড০ সন্দিকৈক এই পদৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰালে ?
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত এনে ঘটনা হয়তো প্ৰথমবাৰৰ বাবেই সংঘটিত হ’ল। সাংবিধানিকভাৱে নিযুক্তি দিয়া এই পদবীবোৰে শপত লোৱাৰে পৰাই তেঁও দায়িত্ব লোৱা বুলি ধৰা হয়। তেনেস্থলত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন উপাচাৰ্য নিযুক্তি আৰু শপতগ্ৰহণৰ এই তৎপৰতা এক সাধাৰণ ঘটনা বুলি মানি ল’ব পাৰিনে ?
Also Read: দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক