দৰমহা লাখত ! অসমত চৰকাৰী ডাক্তৰে চাকৰি এৰিছে প্ৰতিটো মাহত...

দৰমহা লাখত ! অসমত চৰকাৰী ডাক্তৰে চাকৰি এৰিছে প্ৰতিটো মাহত...
Published on
Updated on

দৰমহা ভাল! আঢ়ৈ লাখৰ পৰা তিনি লাখ। তথাপিও চৰকাৰী চিকিৎসকৰ চাকৰিক লৈ ইমান কিয় অনীহা! শেহতীয়াকৈ অসমৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাথঁনি যথেষ্ট উন্নয়ন হৈছে যদিও বহু চিকিৎসকে এৰিছে চৰকাৰী খণ্ড। ইয়াৰ অন্তৰালত কি কাৰন থাকিব পাৰে! অসমৰ লগতে দেশৰ সামগ্ৰিক পৰিৱেশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

যিসময়ত মুখ্যমন্ত্ৰীয়ে চৰকাৰী খণ্ডৰ চিকিৎসকসকলক লৈ কিছু কঠোৰ স্থিতি গ্ৰহণ কৰিছে, তেনে সময়তে অসমৰ স্বাস্থ্য খণ্ডত চিকিৎসকক লৈ এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।  বিগত ৫বছৰত চৰকাৰী খণ্ডৰ পৰা যথেষ্ট সংখ্যক চিকিৎসক আঁতৰি যোৱা পৰিসংখ্যাই সকলো চকু কপালত তুলিছে।  

২০২৯চনৰ জানুৱাৰী মাহৰ পৰা ২০২৪চনৰ মে মাহলৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে দাখিল কৰা তথ্য অনুসৰি ৯৮গৰাকী চিকিৎসকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে।  প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ৫বছৰত অসম ১৭৮গৰাকী চিকিৎসকে এৰিছে চৰকাৰী চাকৰি।

যিসময়ত অসম চৰকাৰৰ অধীনত প্ৰায় ৭০০ৰো অধিক চিকিৎসকৰ পদ খালী হৈ আছে, তেনে সময়ত এজনৰ পাছত আনজন চিকিৎসকে চাকৰি এৰা ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰজাঘৰীয়াও। চিকিৎসকসকলে চৰকাৰী চাকৰি এৰাৰ অন্তৰালত থাকিব পাৰে বহুকেইটা কাৰন।

প্ৰথমটো কাৰন হৈছে, চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াই এগৰাকী চিকিৎসকে যিমান ধন লাভ কৰে, ব্যক্তিগত খণ্ডত তাতকৈ ৫গুণ পৰ্যন্ত ধন লাভ কৰাৰ সুযোগ থাকে। উদাহৰণস্বৰূপে যদি ধৰি লও, এগৰাকী চৰকাৰী চিকিৎসকে চৰকাৰী খণ্ডত মাহিলী আঢ়ৈ লাখ টকাৰ দৰমহা পায়, তেন্তে ব্যক্তিগত খণ্ডত সেই একেগৰাকী চিকিৎসকে মাহিলী ১০লাখ পৰ্যন্ত ধন উপাৰ্জন কৰিব পাৰে।

আৰ্থিক দিশটোৰ উপৰিও কৰ্তব্যৰ সময়সীমাৰ ক্ষেত্ৰত চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডত সুবিধা বেছি। চৰকাৰী খণ্ডত কৰ্তব্যৰ বিশেষ সময়সীমা নিৰ্ধাৰণ কৰা থাকে যদিও কেতিয়াবা তাতকৈ অধিক সময় কৰ্তব্য পালন কৰিব লাগে। কিন্তু তেনে সমস্যা ব্যক্তিগত খণ্ডত নহয়। ইচ্ছানুযায়ী ব্যক্তিগত খণ্ডত এগৰাকী চিকিৎসকে কৰ্ম সম্পাদন কৰাৰ যথেষ্ট সুবিধা থাকে।

চিকিৎসকসকলে চৰকাৰী খণ্ড ত্যাগৰ কৰাৰ আঁৰত এনে কিছু কাৰন থাকিব পাৰে। অৱশ্যে এইটোও নহয় যে, চৰকাৰী ক্ষেত্ৰত চিকিৎসকসকলে কোনো সুবিধা লাভ নকৰে। কিন্তু ততসত্ত্বেও ক্ৰমান্বয়ে চৰকাৰী খণ্ড ত্যাগ কৰা চিকিৎসকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।

স্বেচ্ছামূলক অৱসৰ আচঁনিৰ অধীনত ২০১৯চনত অসমত ২১গৰাকী চিকিৎসকে চাকৰি এৰিছে। তাৰ পিচতে ২০২০ত ৯গৰাকী, ২০২১ত ৩৪গৰাকী, ২০২২ত ১৫গৰাকী, ২০২৩ত ১৯গৰাকী চিকিৎসকে চাকৰি ত্যাগ কৰিছে। ঠিক তেনেদৰে বহু অভিজ্ঞ চিকিতসকেও বিভিন্ন দায়িত্বশীল পদবীৰ পৰা পদত্যাগ কৰাও দেখা গৈছে।

বিগত ৫বছৰত ৰাজ্যত ৭৬গৰাকী চিকিৎসকে পদত্যাগ কৰিছে। ২০২০ত ৮জন, ২০২১ত ৭জন, ২০২২ত ২৪জন, ২০২৩ত ৩১জন আৰু ২০২৪ত এতিয়ালৈকে ১১গৰাকী চিকিৎসকে পদত্যাগ কৰিছে। চাকৰি এৰা আৰু পদত্যাগৰ এনে জোঁৱাৰৰ মাজতে ৰাজ্যত এতিয়াও ৭০০ চিকিৎসকৰ পদবী খালী আছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ ভাৰতত চৰকাৰী চিকিৎসকৰ সংখ্যা হৈছে ১৩লাখ, ৮হাজাৰ ৯গৰাকী। বৰ্তমান ভাৰতত ৮৩৪গৰাকী চিকিৎসকৰ বিপৰীতে আছে এগৰাকী চিকিৎসক। ইফালে সমগ্ৰ দেশত চৰকাৰী নাৰ্চৰ সংখ্যা হৈছে ৩৪.৩৩লাখ।

এটা উদ্বেগজনক কথা যে, যি সময়ত বিভিন্ন খণ্ডত চৰকাৰী চাকৰি বিচাৰি মানুহ হাবাথুৰি খাইছে, তেনে সময়ত আমাৰ দেশত উপযুক্ত হৈও চৰকাৰী চিকিৎসকৰ চাকৰি প্ৰত্যাখান কৰা লোকৰ সংখ্যা হৈছে প্ৰায় ৪০শতাংশ। অৰ্থাত এই লোকসকলে চৰকাৰী চিকিৎসক পদবীৰ বাবে উপযুক্ত হৈও যোগদান নকৰে চাকৰিত।

চাকৰিত যোগদান নকৰাৰ অন্তৰালত যথেষ্ট কাৰনো থাকে। তাৰে দুটা কাৰণ আমি ওপৰত ইতিমধ্যে উল্লেখ কৰিছো। কিছুদিনৰ পূৰ্বে ৰাজস্থানৰ এগৰাকী আৰ টি আই কৰ্মীয়ে কৰা আবেদনত পোহৰলৈ আহিছিল যে, চৰকাৰী কিছু নীতি আৰু পোষ্টিং সম্পৰ্কীয় কিছু কথাৰ বাবেও চিকিৎসকসকলে চাকৰি পায়ো যোগদান নকৰে।

নিকিতা জানগিড নাম আৰ টি আই কৰ্মীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, উদাহৰণস্বৰূপে ১৪০০চৰকাৰী চিকিৎসকৰ পদ যদি খালী হৈ থাকে, তেন্তে ৬০০০ৰেহে যোগদান কৰে চাকৰিত। তেওঁ কিছু তথ্য ৰাজহুৱাও কৰিছিল। ২০১৬চনৰ ১০ অক্টোবৰত ১১৭০গৰাকী প্ৰাৰ্থী চৰকাৰী চিকিৎসকৰ পদৰ বাবে নিৰ্বাচিত হৈছিল যদিও ৫৭৯গৰাকীয়ে যোগদান কৰাৰ পৰিৱৰ্তে ৫৯১গৰাকীয়ে সেই চাকৰি প্ৰত্যাখ্যান কৰিছিল।

ঠিক তেনেদৰে ২০১৬চনৰ ১৬মাৰ্চত ১২৭৫গৰাকী প্ৰাৰ্থী চৰকাৰী চিকিৎসক পদৰ বাবে পৰীক্ষা দি সকলোতে উত্তীৰ্ণ হৈও ৫৭৭গৰাকী প্ৰাৰ্থীয়ে যোগদান কৰা নাছিল চাকৰিত। ২০১৫ৰ ২২জুলাইতো ১১৯৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮২৮জনে যোগদান কৰিছিল আৰু ৩৬৬গৰাকীয়ে যোগদান কৰা নাছিল। ২০১৪ৰ ১৬ছেপ্তেম্বৰতো ১৫৪৯গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈ ৬০৬গৰাকীয়েই প্ৰত্যাখ্যান কৰিছিল চৰকাৰী চিকিৎসকৰ চাকৰি।

বিচাৰিলে এনে অনেক তথ্য ওলাব, কিন্তু অনুমান কৰিবলৈ এনে তথ্যই যথেষ্ট। ভাৰতত চৰকাৰী খণ্ডৰ পৰা কেৱল ব্যক্তিগত খণ্ডলৈহে চিকিৎসকৰ এনে সোঁত বৈছে এনে নহয়। ভাৰতৰ বহু চিকিৎসকে দেশত চৰকাৰী চাকৰি এৰি বিদেশত আগবঢ়াই আছে সেৱা।

প্ৰাপ্ত তথ্য মতে, দেশৰ বিভিন্ন বিকশিত দেশত ভাৰতৰ ৭৫হাজাৰৰো অধিক চিকিৎসক নিয়োজিত হৈ আছে। আমেৰিকাৰ মুঠ চিকিৎসকৰ ভিতৰত ২শতাংশ চিকিৎসক ভাৰতীয়। বৃটেইনত ভাৰতৰ ১৯হাজাৰ চিকিৎসক নিয়োজিত হৈ আছে। ভাৰতৰ পৰা বৃহৎ সংখ্যক চিকিৎসক বিদেশলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে চীনৰ মাত্ৰ ৮হাজাৰ চিকিৎসকহে দেশৰ বাহিৰত সেৱা আগবঢ়াই আছে। ঠিক তেনেদৰে পাকিস্তানৰ ২৫হাজাৰ চিকিৎসকে দেশৰ বাহিৰত চাকৰি কৰি আছে।

এনেদৰে ভাৰতত চৰকাৰী খণ্ডৰ প্ৰতি যথেষ্ট সংখ্যক চিকিৎসকে অনীহা প্ৰকাশ কৰা দেখা যায়। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে সমগ্ৰ অসমতে চলি থকা ব্যাপক আন্তঃগাঁথনি উন্নয়নৰ বিপৰীতে এই ছবিখন অতিকৈ চিন্তনীয় !

দৰমহা লাখত ! অসমত চৰকাৰী ডাক্তৰে চাকৰি এৰিছে প্ৰতিটো মাহত...
উদ্বেগজনকঃ ৯০শতাংশ ভাৰতৰ লোক মানসিক চাপত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in