বহু ছাত্ৰ- ছাত্ৰীয়ে আশা কৰে- গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিব। পিছে কিছুমান শিক্ষাৰ্থীৰ এই আশা পূৰণ হয় আন কিছুমানৰ নহয়। অপূৰ্ণ আশা লৈ তেঁওলোক ঢাপলি মেলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতে থকা দূৰ আৰু মুক্ত শিক্ষাৰ প্ৰতিষ্ঠান ‘আইডল’ৰ মজিয়ালৈ। পিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা কেন্দ্ৰ তথা পূৰ্বৰ 'আইডল'ত পুনৰ অৰাজকতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। একাধিক বিতৰ্কৰে নাম সাঙোৰ খাই পৰিছে প্ৰতিষ্ঠানখন। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন-
পূৰ্বৰ বিভিন্ন বিতৰ্কৰ লগত সাঙোৰ খাই পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা কেন্দ্ৰ, পূৰ্বৰ 'আইডল'ত আকৌ আৰম্ভ হৈছে অৰাজকতা। পূৰ্বৰ বিতৰ্কৰ অৱসান ঘটাই বিশ্ববিদ্যালয়খনে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনেৰে শিক্ষাৰ্থীৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছিল।
কিন্তু যিসময়ত শিক্ষাকেন্দ্ৰটোৰ কৰ্তৃপক্ষই উচ্চ-শিক্ষাৰ সংকটৰ সময়ত অধিক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে অনুকুল পৰিৱেশ সৃষ্টি কৰি নিয়মীয়া উচ্চ শিক্ষাৰ পৰা বঞ্চিতসকলক আগুৱাই নিয়াৰ দায়িত্ব পালন কৰিব লাগিছিল, সেই সময়ত শিক্ষাকেন্দ্ৰটোৰ সঞ্চালকগৰাকীয়ে এইবোৰ দিশৰ ওপৰত গুৰুত্ব নিদি শিক্ষকক হাৰাশাস্তি কৰাৰ তথ্য পোহৰলৈ আহিছে। মন কৰিবলগীয়া যে এসময়ত হেজাৰ হেজাৰ শিক্ষাৰ্থীৰে মুখৰিত আৰু প্ৰাণৱন্ত হৈ থকা শিক্ষাকেন্দ্ৰটোত এতিয়া ছাত্ৰ-ছাত্ৰী মাথো ৮৫০ গৰাকী (এই বছৰৰ মাৰ্চ মাহ পৰ্যন্ত)।
সূত্ৰ অনুসৰি শিক্ষকসকলে নামভৰ্তি বঢ়াবলৈ বিভিন্ন উপায় আগবঢ়াই আহিছে যদিও সঞ্চালকগৰাকী ইয়াৰ সলনি একাংশ শিক্ষকৰ দৰমহা বন্ধ কৰিবলৈছে উদ্যোগ লৈছে। ইমানেই নহয় কেৱল ব্যক্তিগত আক্ৰোশৰ বাবেই যোৱা দুৰ্গা পূজাৰ আগতো কেন্দ্ৰটোৰ একাংশ শিক্ষকৰ দৰমহা কোনো কাৰণ নজনোৱাকৈয়ে সঞ্চালকগৰাকীয়ে মোকলাই নিদিলে।
গোপন সূত্ৰ মতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই অন্তিম অনুমোদন জনোৱা আৰু বেংকলৈ পঠাবলৈ চেক প্ৰস্তুত হোৱাৰ পাছত পূজাৰ বন্ধৰ আগদিনা সঞ্চালকগৰাকীয়ে কোনো অজ্ঞাত কাৰণত হস্তক্ষেপ কৰি শিক্ষককেইগৰাকীক দৰমহাৰ পৰা বঞ্চিত কৰিয়েই ক্ষান্ত থকা নাই, আজি পৰ্যন্ত দৰমহাৰ ধন মোকলাই দিয়া নাই। ইপিনে কৰ্মৰত একাংশ বন্দোৱস্তিমূলক শিক্ষকক আঁতৰাই তাৰ ঠাইত, অসম্পূৰ্ণ তথ্য দি উৰ্ধতন কৰ্তৃপক্ষৰপৰা নতুন নিযুক্তিৰ অনুমোদন আদায় কৰি সঞ্চালকগৰাকীয়ে শিক্ষক-বিৰোধী কৰ্মকাণ্ডত জডিত হৈ পৰাৰ কথা জানিব পৰা গৈছে।
সঞ্চালকগৰাকীৰ খাম-খেয়ালিমূলক এনে কাম-কাজে বিশ্ববিদ্যালয়খনৰ বৌদ্ধিক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে প্ৰশ্নও উত্থাপিত হৈছেঃ শিক্ষকৰ অনাদায় বকেয়া ধন, মৰগীয়া বানচ আদিকে ধৰি বিভিন্ন বিষয়ত মাত মাতি অহাৰ বাবেই শিক্ষককেইগৰাকীৰ ওপৰত খড়গহস্ত হৈ কেন্দ্ৰটোৰ মূৰব্বিগৰাকীয়ে উপাচাৰ্যৰ অনুমোদনকো আওকাণ কৰি দৰমহা বন্ধ কৰি ৰাখিছে নেকি?
শিক্ষকবৃন্দক আস্থাত নলৈ নিজ খেয়ালখুচি মতে কাম-কাজ চলাই যোৱা সঞ্চালকগৰাকীয়ে দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (পূৰ্বৰ 'আইডল')ক পুনৰ অতীতৰ বিপৰ্যয়ৰ গৰাহলৈ লৈ গৈ আছে নেকি- এনে প্ৰশ্নও উত্থাপিত হৈছে।
Also Read: বিশ্ব ক্ষুধা সূচাংকৰ তালিকাত বাংলাদেশ, শ্ৰীলংকা, নেপালতকৈ তলত ভাৰতৰ স্থান