নেপাল- বাংলাদেশেও পিচ পেলালে ভাৰতক। ১২৭খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান ১০৫। শেহতীয়া কি সমীক্ষাত ওলাল ভাৰতৰ এই শোচনীয় অৱস্থাৰ কথা। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
ভাৰত এতিয়া বহু পিছত। চবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ তুলনাত ভাৰতৰ স্থান বহু তলত। শেহতীয়াকৈ প্ৰকাশ পাইছে বিশ্ব ক্ষুধা সূচাংকৰ তালিকা। এই তালিকাত বিশ্বৰ ১২৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৫। আনকি শ্ৰীলংকাইও এই সূচাংকৰ তালিকাত ভাৰততকৈ ওপৰত স্থান লাভ কৰিছে।
জাৰ্মান আৰু আয়াৰলেণ্ডৰ দুটা সংস্থাই বিভিন্ন তথ্যৰ ভিত্তিত প্ৰকাশ কৰা তালিকা অনুসৰি ভাৰতৰ জি এইচ আই স্ক’ৰ ২৭.৩। অপুষ্টি, শিশুৰ মৃত্যুৰ হাৰ, ভোকাতুৰ লোকৰ সংখ্যা আদিৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হৈছে।
ভাৰতৰ ৫ বছৰৰ তলৰ ১৮.৭ শতাংশ শিশুৰ স্বাস্থ্য স্বাভাৱিক নহয়। পুষ্টিহীনতাৰ বাবেই এই সমস্যাৰ সৃষ্টি হয় আমাৰ দেশত। ২.৯ শতাংশ ভাৰতৰ শিশুৰ মৃত্যু হয় ৫ বছৰৰ পূৰ্বে। প্ৰতিবেদনখনত ভাৰতক অতি শোচনীয় দেশৰ তালিকাত স্থান দিয়া হৈছে।
উল্লেখযোগ্য যে এখন দেশৰ কিমান সংখ্যক লোকে পৰ্যাপ্ত খাদ্য লাভ নকৰে, কিমান শিশু খাদ্যৰ অভাৱত মৃত্যু হয়, পুষ্টিহীনতাৰ বাবে শিশুসকলৰ স্বাস্থ্যত পৰা প্ৰভাৱ আদিৰ ওপৰত ভিত্তি কৰি এই সমীক্ষা প্ৰকাশ কৰা হৈছে। এফালে দেশৰ আৰ্থিক বিকাশ হৈছে যদিও উদ্বেগজনকভাৱে দৰিদ্ৰতাও ভাৰতৰ বাবে ডাঙৰ সমস্যা হৈ পৰিছে।
বিশ্ব ক্ষুধা সূচাংকৰ তালিকাত বাংলাদেশে ৮৪ সংখ্যক, শ্ৰীলংকাই ৫৬ সংখ্যক আৰু নেপালে ৬৮ সংখ্যক স্থান লাভ কৰিছে। তালিকাৰ শীৰ্ষত আছে বেলাডুছ, চীন আদি দেশ। উল্লেখযোগ্য যে ২০২০ত ভাৰতৰ এই স্থান ৯৪ আছিল। ২০২৩ত ভাৰতে ১১১ নম্বৰ স্থান লাভ কৰিছিল।
Also Read: জাতিগত পিয়লৰ প্ৰয়োজনীয়তা আছেনে?