কৃষকে নাপায় পানী, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, অভিযন্তা, মন্ত্ৰীহে হয় ধনী !

শিৱসাগৰৰ থাওৰা সংমণ্ডলৰ উপৰিও নাজিৰা, আমগুৰিত চলিছে জলসিঞ্চন বিভাগত চৰম দুৰ্নীতি
কৃষকে নাপায় পানী, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, অভিযন্তা, মন্ত্ৰীহে হয় ধনী !
কৃষকে নাপায় পানী, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, অভিযন্তা, মন্ত্ৰীহে হয় ধনী !
Published on
Updated on

মন্ত্ৰী অশোক সিংহালৰ জলসিঞ্চন বিভাগত কোটি টকীয়া কেলেংকাৰী। কৃষকক পানীৰ যোগান দিব নোৱাৰা বিভাগটোত কাম সম্পূৰ্ণ নকৰাকৈয়ে ঠিকাদাৰে লাভ কৰে সমুদায় ধন। বেংক জালিয়াটিতো লিপ্ত বিভাগৰ ঠিকাদাৰ, বিষয়া। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

প্ৰযুক্তিৰ জয়জয়কাৰ অৱস্থাৰ মাজতো আজিৰ অসমৰ কৃষকে খেতি পথাৰত নমাৰ পূৰ্বে বাৰে বাৰে আকাশলৈ চাব লাগে। এফালে যিদৰে জেঠ মাহত প্ৰখৰ ৰ’দ আৰু বৰষুণৰ অভাৱৰ বাবে অসমৰ এক বৃহৎ সংখ্যক কৃষকে কঠিয়া পাৰিব নোৱাৰিলে, সেইদৰেই এতিয়া আকৌ বানপানীয়ে পথাৰ ডুবাই ৰখাত বহুতৰে কঠিয়া নষ্ট হোৱাৰ সমান্তৰালকৈ কৃষি ভূমিক লৈ নানান সমস্যাৰ সৃষ্টি হৈছে।

এইসকল কৃষক ৰাইজে বান পৰিস্থিতি উন্নত হ’লেও যে কৃষি কাৰ্যত মনোনিবশ কৰিব পাৰিব তাত বহুতৰে সন্দেহ ৰৈ গৈছে। কিয়নো বৰষুণ হ্ৰাস পালেই কৃষক ৰাইজে পুনৰ পানীৰ বাবে খেতি পথাৰত হাহাকাৰ কৰিবলগীয়া এক পৰিবেশৰ সূচনা হ'ব।

নামত ৰাজ্যত এটা বিয়োগাম জলসিঞ্চন বিভাগ আছে যদিও এই বিভাগটোৰ কাম কেৱল আঁচনি ঘোষণা কৰা আৰু এই আঁচনিৰ নামত অহা ধন উদৰস্থ কৰা। বিভাগটোত ইমানেই অৰাজকতা যে, কাম সম্পূৰ্ণ নকৰাকৈয়ো ঠিকাদাৰে মুকলি কৰি নিব পাৰে আঁচনিৰ নামত অহাকোটি কোটি টকা।

বিভাগটোৰ দায়িত্বত থকা বহুবল্কী মন্ত্ৰী অশোক সিংহালে সংবাদ মাধ্যমৰ আগত যিমানেই ডাঙৰ ডাঙৰ কথা নকওক কিয় বিভাগটো যে চৰম বিফলতাৰ সন্মুখীন হৈছে সেয়া তেওঁৰ ভাষ্যতে অসম বিধানসভাত ইতিমধ্যে উন্মোচিত হৈছে। ৰাজ্যৰ কৃষি ভূমিৰ মাত্ৰ ১৪ শতাংশতহে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা এই বিভাগটোৰ মন্ত্ৰী সিংহালে ইমানৰ পিছতো কিন্তু মাটিত ভৰি থবলৈ নিবিচাৰে।

আকাশতে উৰি থকা মন্ত্ৰী সিংহালৰ বিফলতাৰ ছবিখন ইতিমধ্যে অসম বিধানসভাত স্পষ্ট হোৱাৰ পিছত আৰু তেওঁ দুৰ্নীতিৰ সৈতেও লুটুৰি পুতুৰি হোৱাৰো আন এক অভিযোগ পোহৰলৈ আহিছে। শিৱসগাৰৰ থাওৰা সংমণ্ডলত জলসিংঞ্চন বিভাগৰ আঁচনি ৰূপায়ণত সংঘটিত হৈছে কোটি টকীয়া এক কেলেংকাৰী।

বিভাগটোৰ প্ৰায় ২০ কোটি টকীয়া এক আঁচনি ৰূপায়ণৰ নামত ভুৱা বেংক জালিয়াতিৰ লগতে আঁচনি সম্পূৰ্ণ নকৰাকৈয়ে ঠিকাদাৰে সম্পূৰ্ণ ধন উলিয়াই নিয়াৰ এক ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি থাওৰা সংমণ্ডলত জল সিঞ্চন বিভাগে PMKSY আৰু 'হৰ খেত কৌ পানী' চমুকৈ HKKP আঁচনিৰ অধীনত সৌৰ শক্তি চালিত নলী নাদ লগাবলৈ মুঠ ১৯,৫৯,০১,৯৫৪ টকাৰ ঠিকা আৱণ্টন দিছিল আগ্ৰাৰ ৰবি লাভানীয়াৰ M/S Environment Techno (JV) আৰু ৰফিজুল হকৰ যৌথ প্ৰতিষ্ঠানক।

এই যৌথ প্ৰতিষ্ঠানটোক আঁচনিৰ ঠিকা আৱণ্টন দিয়াৰ নামত জল সিঞ্চন বিভাগে দিছিল এক চৰ্ত। সেই চৰ্ত আছিল আঁচনিৰ মুঠ ধনৰ ৫ শতাংশ বেংক গেৰাণ্টি বাধ্যতামূলক। সেই অনুসৰিয়েই M/S Environment Techno য়ে আগ্ৰাস্থিত অভাৰছিজ বেংকৰ জল সংস্থান শাখাত আঁচনিৰ মুঠ ধনৰ ৫ শতাংশ অৰ্থাৎ ৭৫,৯৫,১০০ টকাৰ বেংক গেৰাণ্টি দিছিল যদিও প্ৰকৃততে আছিল সেয়া এক ভুৱা বেংক গেৰাণ্টি।

২০২০ চনৰ ৬ জানুৱাৰীত দাখিল কৰা এই ভুৱা বেংক গেৰাণ্টি প্ৰমাণ পত্ৰখনৰ নম্বৰ ২২৬৮/বিজি/০৮২। অভিযোগ অনুসৰি এই সমগ্ৰ দুৰ্নীতিৰ নেতৃত্ব লৈছে জলসিঞ্চন বিভাগৰ থাওৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সুনীল গগৈয়ে। তেওঁক সহযোগ কৰিছে এছ ডি অ’ ডিম্বেশ্বৰ প্ৰকাশ চেতিয়া, হিৰণ্য দুৱৰাৰ লগতে গুৱাহাটীৰ চানমাৰিস্থিত জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ একাংশ বিষয়াই।

এই সমগ্ৰ কেলেংকাৰীৰ বিষয়ে অৱগত খোদ মন্ত্ৰী অশোক সিংহাল। দীৰ্ঘদিন ধৰি এই আঁচনিত সংঘটিত হোৱা অভিযোগৰ প্ৰতিলিপি পৰি আছে বিভাগৰ মুখ্য কাৰ্যালয়ৰ লগতে মন্ত্ৰী অশোক সিংহালৰ টেবুলত। তাৰ পাছতো ইমান দিনে মৌন হৈ আছে বহু বল্কী মন্ত্ৰী অশোক সিংহাল।

ইফালে অভিযোগ অনুসৰি কাৰ্যবাহী অভিযন্তা সুনীল গগৈৰ বিৰুদ্ধে আছে পূৰ্বৰে পৰা দুৰ্নীতি, কেলেংকাৰীৰ অভিযোগ। কমিচনৰ অংকত ব্যস্ত থকা এই কাৰ্যবাহী অভিযন্তাগৰাকীয়ে কেৱল কমিচন পালেই পাহৰি যায় সকলো নীতি, নিয়ম। কমিচন নাপালেই বিভাগৰ চকী, পৰ্দা এখনো লৰচৰ হ'বলৈ নিদিয়ে এই কাৰ্যবাহী অভিযন্তা সুনীল গগৈয়ে।

মন কৰিবলগীয়া যে, কেৱল থাওৰা সংমণ্ডলতহে যে এনে কেলেংকাৰী হৈছে তেনে নহয়। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই জলসিঞ্চন বিভাগত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। এই বিভাগটোত যিদৰে আঁচনিৰ ধন বৈছে সেইদৰে কিন্তু কৃষকৰ পথাৰত পানী বৈ যাব পৰা নাই।

থাওৰা সংমণ্ডলত সংঘটিত হোৱা এনে দুৰ্নীতিৰ বিপৰীতে আকৌ নাজিৰা সংমণ্ডলত জলসিঞ্চনৰ ৫০ খন আঁচনিৰ অধিকাংশই বিকল হৈ আছে। আমগুৰি সংমণ্ডলৰ ৮৫ খন আঁচনিৰো একেই অৱস্থা। ইয়াৰে লেঙিবৰ পঞ্চায়তৰ অন্তৰ্গত দুখন আঁচনিৰ ভিতৰত এখন সম্পূৰ্ণ ৰূপে বিকল হোৱাৰ পৰিৱৰ্তে আনখন আঁচনিও ভালুকৰ সাঙীলৈহে পৰিণত হৈছে।

অভিযোগ অনুসৰি বহু আঁচনিত কেৱল সৌৰ শক্তিৰ প্লেটখন স্থাপন কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদেৰ। ইয়াৰ লগত সংলগ্ন নকৰিলে পানী পৰিবাহী পাইপ। একেদৰে ভূগৰ্ভৰ পানী উলিয়াবলৈ নকৰিলে মটৰৰ ব্যৱস্থা। খেতি পথাৰত এতিয়া অপ্ৰয়োজনীয়ভাৱেই পৰি আছে সৌৰ শক্তিৰ প্লেট।

উল্লেখ্য যে, অসমৰ সৰ্বমুঠ খেতি কৰা মাটিৰ ৩৮.৮৮ লাখ হেক্টৰৰ ভিতৰত জল সিঞ্চন বিভাগৰ আঁচনিয়ে মাত্ৰ ১১.০৩ লাখ হেক্টৰহে জলসিঞ্চনৰ আওতালৈ আনিবলৈ সক্ষম হৈছে। ইয়াৰে আকৌ মাত্ৰ ৫.৫০ লাখ হেক্টৰ কৃষিভূমিতহে জলসিঞ্চন বিভাগৰ আঁচনিৰ জড়িয়তে যোগান ধৰা পানীৰ সহায়ত কৃষকে খেতি কৰিব পৰা হৈছে।

বৰ্তমান সময়ত ৰাজ্যত জলসিঞ্চন বিভাগৰ মুঠ ৩,৯১৩ খন প্ৰকল্প আঁচনি আছে যদিও ইয়াৰে ১,৫৮৫ খন আঁচনিয়েই অকামিলা হৈ আছে। অসম বিধানসভাতে উন্মোচিত হোৱা এই তথ্যই জলসিঞ্চন বিভাগৰ চৰম বিধ্বস্ত ৰূপতোকে উন্মোচিত কৰিছে। সেয়ে স্বাভাৱিকতে প্ৰশ্ন হয় জলসিঞ্চন বিভাগে কৃষকৰ পৰিৱৰ্তে প্ৰকৃততে কাৰ স্বাৰ্থ সুৰক্ষিত কৰিছে? এই বিভাগৰ বিভিন্ন আঁচনিৰ ধনে কাৰ পকেট গৰম কৰিছে সেয়াও এক বিচাৰ্য বিষয়।

থাওৰা সংমণ্ডলত সংঘটিত হোৱা এই বিয়োগাম কেলেংকাৰীক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাৰ্যবাহী অভিযন্তা সুনীল গগৈৰ উপৰিও মন্ত্ৰী অশোক সিংহালকে ধৰি একাধিক বিষয়া, ঠিকাদাৰক তদন্তৰ আওঁতালৈ আনিবলৈ দাবী কৰাৰ লগতে এই তদন্তৰ দায়িত্ব চি বি আইক দিবলৈও দাবী কৰিছে।

বিধায়ক অখিল গগৈয়ে এই কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমৰ জলসিঞ্চন বিভাগটো অকৰ্মণ্য। অসমৰ জলসিঞ্চন বিভাগটো বগা হাতীলৈ পৰিণত হৈছে।

তেওঁ কয়, অসমৰ জলসিঞ্চন বিভাগ বগা হাতীৰ বাহিৰে আন একো নহয়। বিভাগটোৱে কাৰ্যতঃ অসমৰ কোনো মানুহক দৰকাৰী সময়ত পানী যোগান ধৰিব নোৱাৰে। কঠিয়া পাৰিবলৈ, বড়ো খেতি কৰিবলৈও পানী যোগান ধৰিব নোৱাৰে। যদি অশোক সিংহালে তেওঁৰ কাৰ্যকালত শিৱসাগৰত ১৯ কোটি টকা কোনোবা প্ৰতিষ্ঠানক দি লুণ্ঠন কৰিম বুলি ভাবিছে তেন্তে মুৰ্খৰ স্বৰ্গত বাস কৰিছে।

বিধায়ক গগৈয়ে পুনৰ কয়, এই কেলেংকাৰীৰ সন্দৰ্ভত চিবিআইৰ তদন্ত হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তদন্তৰ বাবে আহ্বান জনাইছোঁ। শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, জল সিঞ্চন বিভাগৰ অসমৰ মুখ্য অভিযন্তা, জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালকো ইয়াৰ তদন্তৰ আওঁতালৈ আনিব লাগে।

শিৱসাগৰৰ কৃষকক এটোপাল পানী যোগান ধৰিব নোৱাৰাৰ পাছতো জিলাখনৰ পৰা ১৯ কোটি টকা কোনোবাই লুণ্ঠন কৰি নিব সেয়া কেতিয়াও হ'ব নোৱাৰে বুলি কৈ প্ৰয়োজনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰো হুংকাৰ দিছে অখিল গগৈয়ে।

গতিকে এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন হয় মন্ত্ৰী অশোক সিংহালৰ অধীনত থকা এই বিভাগটোৱে কাৰ স্বাৰ্থ সুৰক্ষিত কৰিছে? মন্ত্ৰী সিংহালে কি অহেতুক দৰদৰ বাবে আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ, ভুৱা বেংক গেৰাণ্টিৰে সমুদায় ধন লৈ যোৱা আগ্ৰাৰ ৰবি লাভানীয়াৰ M/S Environment Techno (JV) আৰু ৰফিজুল হকৰ যৌথ প্ৰতি প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই?

পাৰিবনে মন্ত্ৰী সিংহালে এই সন্দৰ্ভত নিজাকৈ ব্যৱস্থা লৈ স্বচ্ছতাৰ প্ৰমাণ দিবলৈ? নে এই কৃষকৰ স্বাৰ্থ সুৰক্ষাৰ হেতু পুনৰ এই কেলেংকাৰীৰ বাবে ৰাজপথলৈ নামিব লাগিব জনতা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আজৰি পাবনে? এয়া হ'ব লক্ষ্যণীয়।

কৃষকে নাপায় পানী, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, অভিযন্তা, মন্ত্ৰীহে হয় ধনী !
ADRE ক নকৰিব APSC...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in