মিঞাক অসমখন ল'বলৈ নিদিওঁ...

মিঞাক অসমখন ল'বলৈ নিদিওঁ...
Published on
Updated on

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন সচেতন মহল। এক স্পৰ্শকাতৰ বিষয়ৰ পৰা গৈ এতিয়া নিজৰ ভাই-ভাইৰ মাজতে সংঘাতপূৰ্ণ এক পৰিৱেশৰ সূচনা হৈছে। অপৰাধজনিত ঘটনা, বহিৰাগতৰ অগ্ৰাসনৰ দৰে চিন্তনীয় বিষয়সমূহক লৈ অসম বিধানসভাৰ মজিয়াত চলা আলোচনাতো নোলাল ফলপ্ৰসূ সমাধান। সকলোবোৰ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

যি সময়ত ৰাজ্যত সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনাই বিৰাজ কৰিছে, সেই সময়ত দায়িত্বহীন আচৰণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। একে আচৰণ কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰক ৰাজনৈতিক সুযোগ প্ৰদান কৰিছে বিৰোধীয়ে।

ধিঙৰ কাণ্ড, শিৱসাগৰত অসমীয়া কিশোৰীৰ ওপৰত অনা অসমীয়াৰ আক্ৰমণ আৰু এই ঘটনাবোৰৰ পাৰ্শ্বক্ৰিয়া হিচাপে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হোৱা ঘটনা প্ৰৱাহক লৈ উদাস শাসক বিৰোধী।

২৭ আগষ্ট, ২০২৪ত অসম বিধানসভাৰ মজিয়াত এই চিন্তনীয় পৰিৱেশক লৈ চলা আলোচনাই সাধাৰণ ৰাইজক ব্যৰ্থিত কৰি তুলিলে। ধিঙৰ বলাৎকাৰৰ কাণ্ডক লৈ বিৰোধী সৰৱ হ'ল ঠিকেই, কিন্তু মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰ মনোযোগেৰে শুনি তেওঁক নাৰী সুৰক্ষাৰ প্ৰশ্নত জবাবদিহি কৰিব নোৱাৰিলে।

অখিল গগৈকে ধৰি বিৰোধীৰ বিধায়কসকলে মুখ্যমন্ত্ৰীয়ে উত্তৰ প্ৰদান কৰি থকা সময়ত বাৰে বাৰে কৰা হস্তক্ষেপৰ সুযোগ ল’লে চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনকি শিৱসাগৰত অসমীয়া সমাজৰ ওচৰত মাৰোৱাৰীসকলে আঁঠু লৈ ক্ষমা বিচৰা ঘটনাৰ সন্দৰ্ভত বিৰোধীয়ে কৰা মন্তব্যক মুখ্যমন্ত্ৰীয়ে চতুৰতাৰে অসমীয়া আৰু অনা অসমীয়াৰ মাজৰ ব্যৱধানক এক আনুষ্ঠানিক সমাধান বুলি উল্লেখ কৰি সেই সমগ্ৰ বিষয়টোক সংখ্যালঘু আৰু সংখ্যাগুৰুৰ এক সংঘাতৰূপে প্ৰক্ষেপ কৰাত সফল হ’ল।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ আঁত ধৰি চতুৰ মুখ্যমন্ত্ৰীয়ে উগ্ৰ হিন্দুত্ববাদীক সংখ্যালঘুক সাম্প্ৰদায়িক অপৰাধীকৰণৰ সৈতে তুলনা কৰাই নহয়, উজনি অসমত বিজেপিৰ খহিঁবলৈ ধৰা ভেটিঁক প্ৰতিৰোধ কৰাৰ অৰ্থত উজনি-নামনি অসমৰ লোকসকলৰ মাজত প্ৰভেদৰ বীজোঁ অতি কৌশলেৰে সিঁচি দিলে।

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদনত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত কয় যে- সংখ্যালঘুৰ ভোটৰ বাবে আপোনালোকে যিমান যি কৰে কৰি লওঁক। কিন্তু মই এটা কথাই কওঁ যে, মোৰ কন্ঠ কেতিয়াও ৰুদ্ধ নহয়। আমাৰ এটাই কথা যে অসমৰ মিঞা ভূমি হ'বলৈ নিদিও। মই খিলঞ্জীয়া মানুহৰ পক্ষ লমেই। আপোনালোকে যি কৰে কৰক।‘

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিৰোধীয়ে কৈছে যে নামনি অসমৰ পৰা উজনি অসমলৈ মানুহ যাবই। মই সুধিছো কিয় যাব, কি কাম আছে? তাৰমানে আপোনালোকে গোটেই অসমখন লবই? মিঞা-মুছলমান মানুহখিনিয়ে গোটেই অসমখন লবই নেকি? যদি এনেকে ভাৱিছে তেন্তে আজি মই বিধানসভাত কলো যে, আমি ল’বলৈ নিদিও।

এনেদৰে সদনত মূল্যৱান সময় আজি অপব্যয় কৰিলে শাসক-বিৰোধীয়ে। অথচ খিলঞ্জীয়াৰ অধিকাৰ আৰু নাৰীকেন্দ্ৰিক অপৰাধৰ প্ৰসংগত ৰাজ্য চৰকাৰৰ ৰহস্যজনক স্থিতিক লৈ বিৰোধীয়ে শক্তিশালীভাৱে এই বিষয়সমূহ উপস্থাপন কৰাত বিফল হ'ল বিধানসভাত।

মিঞাক অসমখন ল'বলৈ নিদিওঁ...
AI ৰ প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভৱিষ্যত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in