সকলো সময়তে সুবিধা পালেই ল’ব নালাগে সুবিধা। কিয়নো আপোনাৰ সুবিধা কাৰোবাৰ বাবে হৈ পৰে অসুবিধা। এই অসুবিধাই কেতিয়াবা পাইগৈ চূড়ান্ত ৰূপ। আজিকালি সকলোৰে হাতত উপলব্ধ উন্নতমানৰ কেমেৰাযুক্ত স্মাৰ্ট ফোন। ইচ্ছা কৰিলেই আপুনি আপোনাৰ কেমেৰাৰ লেন্সত তুলি ধৰিব পাৰে মন যোৱা ছবিবোৰ। কিন্তু কেতিয়াবা ইয়াৰ প্ৰভাৱ সমাজত বৰ বেয়াকৈ পৰে। তেনে প্ৰভাৱ সৌ সিদিনা ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীৰ ক্ষেত্ৰত পৰিল। উক্ত ঘটনাটিৰ সন্দৰ্ভতে বিশেষ প্ৰতিবেদন শিতানত ভাস্কৰ শৰ্মাৰ এই লেখা-
আজিকালি বিশ্বায়নৰ যুগ। সকলোৰে হাতে হাতে স্মাৰ্ট ফোন। পলকতে আহি যায় ইটোৰ পাছত সিটো খবৰ। মন গ’লেই খুচৰি চাব পাৰি দেশৰ খবৰ, দহৰ খবৰ।
তেঁওলোকৰ উন্নতমানৰ কেমেৰাই ধৰি ৰাখে ইচ্ছা যোৱা প্ৰতিটো দৃশ্য। এনে কিছুমান স্মাৰ্ট ফোনধাৰী লোকে কি দুৰ্ঘটনা, কি হাই কাজিয়া সকলো ঘটনাৰে ফটো অথবা ভিডিঅ’ নিজৰ কেমেৰাত আৱদ্ধ কৰি, লাভ কৰে আত্মতৃপ্তি। পাছত এই সমূহ ফটো, ভিডিঅ’সমূহ ৰাজহুৱা কৰে নিজৰ নিজৰ সামাজিক মাধ্যমত। যি বোৰ নকৰিলেও হয়।
ইয়াৰ পৰা কাৰো একো লাভ নহয়, বৰং সমাজত পৰে বিৰূপ প্ৰভাৱ। সেই কথালৈ ভাবিয়েই নাচাই তেঁওলোকে। ইয়াৰ পৰা নো কাৰ কি আহে যায়, নিজৰ ফোন, নিজৰ কথা- এই ভাবত বিভোৰ এচাম লোক।
আজি প্ৰায় ৫দিন পূৰ্বে বৰপেটা জিলাৰ ভিতৰুৱা অঞ্চল এটাত চলি আছিল এখন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক। নাটকৰ গীতৰ দৃশ্য চলি থকাৰ মাজতে অভিনেত্ৰীগৰাকীৰ অতৰ্কিতে খুলি পৰে পিন্ধি থকা এখনি বস্ত্ৰ।
সৌভাগ্যৱশতঃ বিবস্ত্ৰ নহ'লেও এনে এটা ঘটনাৰ সন্মুখীন হোৱা এগৰাকী নাৰী কি পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে সেয়া সকলো মানুহৰ বাবে সহজে অনুমেয় ! তেনে অৱস্থাতে লগে লগে মঞ্চৰ আঁৰকাপোৰ টানি দিয়ে দায়িত্বত থকা ব্যক্তিজনে।
হৈ যায় কেতিয়াবা এনে ঘটনা। সেয়া ভ্ৰাম্যমাণ থিয়েটাৰে হওঁক নাইবা আন কিবা প্ৰেক্ষাপটতে হওঁক। একো নোহোৱা নোপোজা ঘটনা সংঘটিত হোৱা নাছিল সেইদিনা।
কিন্তু সেই নিৰ্দিষ্ট দৃশ্যটোকে একাংশ লোকে ভিডিঅ’ৰ জৰিয়তে সামাজিক মাধ্যমৰ কিছুমান পেজত ৰাজহুৱা কৰিলে। সভ্য সমাজক লজ্জানত কৰা কেনে এক ঘটনা। এই ধৰণৰ ফটো অথবা ভিডিঅ’ ৰাজহুৱা কৰা লোকসকলৰ মানসিকতা কেনে ধৰণৰ ?
লাজেই নাৰীৰ আভৰণ। তেনেক্ষেত্ৰত একাংশ বিকৃত মানসিকতাৰ লোকৰ বাবে ই এক আসুৰিক তৃপ্তিৰ বাদে আন একো নহয় ! তেঁওলোকে জনা উচিত আছিল যে- অভিনেত্ৰী হোৱাৰ পূৰ্বে তেঁও এগৰাকী নাৰী। তেনেস্থলত হয়তো তেঁওলোকৰ এবাৰলৈ হ'লেও মনত নপৰিল- তেঁওলোকৰো যে মাতৃ-ভগ্নী তথা পত্নী একেই তেজ-মঙহৰে গঢ়া একোটা শৰীৰ।
এইধৰণৰ বিকৃত মনোবৃত্তিৰ লোকসকলে জনা উচিত যে- ভ্ৰাম্যমাণ থিয়েটাৰ ইমান সহজ কাৰবাৰ নহয়। অভিনেতা-অভিনেত্ৰীৰ সমানে কষ্ট হয় থিয়েটাৰখনত জড়িত মঞ্চসজ্জাৰ ল’ৰাকেইজনৰ পৰা হাওদাত থকা ব্যক্তিকেইজনলৈ।
একেদৰে পোহৰৰ দায়িত্বত থকা লোককেইজনৰ পৰা কঁকাল আৰু ৰাজহাঁড় বেকা কৰি আঁৰ কাপোৰ টনা ল’ৰা দুজনলৈ। সকলোৰে অপৰিসীম কষ্টৰ অন্ততহে মঞ্চস্থ হয় এখন নাটক।
তাৰোপৰি এজন অভিনেতা বা অভিনেত্ৰীয়ে ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ যোৱা, নাইবা দৃশ্যটোই প্ৰতি কষ্টিউম সলোৱাৰ বাবে সময় পাই মাত্ৰ ১০ৰ পৰা ১৫ ছেকেণ্ড।
ইমান কম সমসয়ৰ ভিতৰতে নিজক পৰৱৰ্তী চৰিত্ৰটোৰ বাবে সাজু কৰি তোলে তেঁওলোকে। কেৱল আপোনাক-মোক মনোৰঞ্জন দিয়াৰ উপৰি সমাজখনক চিন্তাৰ খোৰাক যোগাৱাৰ নিমিত্তে। তাৰোপৰি থাকে বহু আনুসংগিক কথা।
যাতে চৰিত্ৰ আৰু মঞ্চত চলি দৃশ্যই দৰ্শকৰ মনত ৰেখাপাত কৰিব পাৰে। এই সকলো কাম-কাজ আপুনি মই দেখাকৈ কৰা নাযায় বাবে ভাবিব নালাগে যে ই অতি উজু কাৰবাৰ। নহয়। ভ্ৰাম্যমাণৰ মঞ্চৰ আঁৰতো থাকে বহুজনৰ অশেষ কষ্ট। গতিকে এই সকলো কাম খৰতকীয়াভাৱে কৰিব লগা হোৱা বাবে বিজুতি ঘটাতো স্বাভাৱিক। ই ডাঙৰ কথা নহয়।
গতিকে এই সকলো দিশলৈ চাই এগৰাকী ৰুচিসম্পন্ন আৰু দায়িত্বশীল দৰ্শকৰ পৰিচয় দি নাটক উপভোগ কৰিলে ভাল। নহ’লে বিশ্বৰে বিৰল ভ্ৰাম্যমাণ থিয়েটাৰেও যাত্ৰা কৰিব বিলুপ্তিৰ দিশে।
অসমৰ চুকে-কোণে, গাঁৱে-ভূঞে ভ্ৰাম্যমাণ থিয়েটাৰে নাটক প্ৰদৰ্শন কৰে। গতিকে অসমৰ প্ৰতিটো অঞ্চলৰ গুণ-গৰিমা প্ৰতিটো নাট্যগোষ্ঠী তথা কলা-কুশলীৰ নখদৰ্পণত। সেয়েহে সকলোৱে সজাগ হওক, সচেতন হওক। আপোনাৰ আত্মতৃপ্তিয়ে যাতে কাৰো অনিষ্ট নকৰে তাৰ প্ৰতিও এগৰাকী সভ্য দৰ্শক হিচাপে লক্ষ্য ৰাখক।
দৰ্শকৰ প্ৰতি অপাৰ শ্ৰদ্ধা-ভক্তি থকাৰ বাবেই কহিনুৰ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক ৰতন লহকাৰৰ বাসগৃহটোৰ নাম ৰাখিছিল 'দৰ্শক'। এই সন্মানৰ দ্বাৰাই তেঁও দৰ্শকৰ প্ৰতি জ্ঞাপন কৰিছিল কৃতজ্ঞতা। এটি সাক্ষাতকাৰত তেঁও কৈছিল- দৰ্শক হেনো তেঁওৰ বাবে ভগৱানসদৃশ।
আৰু এই একাংশ দৰ্শকৰূপী অসংবেদনশীল লোকৰ হাততে হানি হয় এগৰাকী অভিনেত্ৰীৰ শ্লীলতা ! হাতত মোবাইলটো পালেই ইটো কৰো সিটো কৰো এই মনোবৃত্তি পৰিহাৰ কৰক। স্মাৰ্ট ফোন ব্যৱহাৰ কৰি স্মাৰ্ট হ’ব নোৱাৰিলেও চেষ্টা কৰক, স্মাৰ্ট হ’বৰ বাবে।
কিয়নো আপুনি মই কৰা কামৰ দ্বাৰাই এটা অঞ্চলক ভাল অথবা বেয়া হিচাপে নিৰ্ণয় কৰা হয়। ৩টা নিশাৰ আলহী হৈ অহা ভ্ৰাম্যমাণ নাট্যদলে অঞ্চলটোৰ পৰা লৈ যায় আপুনি মই দেখুওৱা আচৰণ আৰু ব্যৱহাৰ...