আন্তৰ্জাতিক ক্ৰিকেটক বিদায়

আন্তৰ্জাতিক ক্ৰিকেটক বিদায়
Published on
Updated on

নতুন প্ৰজন্মৰ বাবেই তেঁও আন্তৰ্জাতিক ক্ৰিকেটক জনালে বিদায়। ক্ৰিকেট খেলাৰ বাবে তেঁও আজিও শাৰীৰিকভাৱে সুস্থ-সবল। ভোগা নাই ফৰ্মহীনতাত ! বয়স যদিও ৩৭, তথাপিও খেলপথাৰত এগৰাকী দুৰন্ত তৰুণ। এইগৰাকী ক্ৰিকেটাৰ আন কোনো নহয়, তেঁও হৈছে মঈন আলী। আজি তেঁও আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ল’লে। সেই সন্দৰ্ভতে বিশেষ প্ৰতিবেদন শিতানত ভাস্কৰ শৰ্মাৰ এই লেখা-

সময়ৰ দাবী সময়ত মানিবই লাগিব। সময়ৰ সোঁতৰ পৰা সাৰি নাযায় কোনো লোক। সময়ৰ আহ্বান শুনিবই লাগিব। কিন্তু কেতিয়াবা কিছুমান অনাঙ্খিত খবৰেও আবেগিক কৰে বহু লোকক। তথাপি ব্যৱহাৰিক পৃথিৱীত মানি লয় সেই আহ্বান।

তেঁও আছিল কিছু কিছু ক্ষেত্ৰত একক আৰু অনন্য। তেঁওৰ কাম আৰু কৰ্মই মোহিত কৰিছিল বহু লোকক। ধৰ্মৰ স্বাৰ্থতে প্ৰচাৰ কৰা নাছিল সুৰাৰ বিজ্ঞাপন। চেম্পিয়নৰ বটল খুলি যেতিয়া ইংলেণ্ড ক্ৰিকেট দলে উদযাপন কৰিছিল বিশ্বজয়ৰ উৎসৱ, তেতিয়াও তেঁও তাৰ পৰা আঁতৰি আহিছিল। এয়া আছিল তেঁওৰ দায়িত্বপৰায়ণতা।

অতি সহজ-সৰলভাৱে খেলি গৈছিল ক্ৰিকেট। প্ৰতিপক্ষয়ো তেঁওক যথেষ্ট সমীহ কৰিছিল। নাই কোনো উল্লেখযোগ্য বিতৰ্ক !

এনে বহু গুণৰ বাবে অনুৰাগীৰ মনত সাচ বহুবলৈ সক্ষম হৈছিল তেঁও। আজি তেঁও আন্তৰ্জাতিক ক্ৰিকেটক জনালে বিদায়। উভতি নাহে ২২ গজলৈ। অপ্ৰত্যাশিতভাৱেই আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনালে ইংৰাজ ক্ৰিকেটাৰ মঈন আলীয়ে।

৮ ছেপ্তেম্বৰ ২০২৪ দেওবাৰ। এই দিনটোতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ৰাজহুৱা কৰিলে মঈন আলীয়ে।

আবেগবিহ্বলভাৱে ক’লে- “ মোৰ বয়স এতিয়া ৩৭ বছৰ। মই ইংলেণ্ডৰ হৈ বহুত ক্ৰিকেট খেলিলো। এতিয়া এই সময় পৰৱৰ্তী প্ৰজন্মৰ বাবে। ইমানতে সামৰিলো মোৰ আন্তৰ্জাতিক কেৰিয়াৰ। ইংলেণ্ডৰ দৰে এটা দলক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। এই সময়খিনি মোৰ জীৱনৰ শ্ৰেষ্ঠ সময় হৈ ৰ’ব। "

২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল মঈন আলীৰ। এদিনীয়া ক্ৰিকেট সংস্কৰণত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল তেঁওৰ। ইয়াৰ পাছত একেটা বৰ্ষৰে ১২ জুনত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটে।

তেঁওৰ এই ১০ বছৰীয়া বৰ্ণিময় যাত্ৰাত ২৯৮খন আন্তৰ্জাতিক মেচ খেলিছে। ইয়াৰ ভিতৰত ৬৮ খন টেষ্ট, ১৩৮খন এদিনীয়া আৰু ৯২খন টি-২০ মেচ খেলিছে। ইয়াৰোপৰি টেষ্টত ৫টা শতকসহ ১৫ অৰ্ধশতকেৰে সংগ্ৰহ কৰিছে ৩,০৯৪, এদিনীয়াত ৩টা শতকসহ ৬টা অৰ্ধশতকেৰে ২,৩৫৫ আৰু টি-২০ ৭টা অৰ্ধশতকেৰে সংগ্ৰহ কৰিছে ১,২২৯ ৰান।

আনহাতে বল হাতত লৈও তেঁও সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। টেষ্টত তেঁও দখল কৰিছে ২০৪টা উইকেট। একেদৰে এদিনীয়া আৰু টি-২০ত ক্ৰমে ১১১ আৰু ৫১টা উইকেট দখল কৰিছে।

সুস্থ-সবল মঈনৰ ক্ৰিকেট খেলাৰ বাবে আৰু সময় আছিল যদিও নতুন প্ৰজন্মৰ বাবে বাট এৰি দিয়াৰ সিদ্ধান্ত সঁচাকৈয়ে উল্লেখনীয়। আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় ল'লেও খেলি যাব অন্য সংস্কৰণৰ ক্ৰিকেট।

ঘৰুৱা ক্ৰিকেট অথবা আই পি এল আদিৰ দৰে প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব তেঁও। গতিকে তেঁও এই সমূহ প্ৰতিযোগিতামূলক ক্ৰিকেটত লাভ কৰক আৰু অধিক সাফল্য।

আন্তৰ্জাতিক ক্ৰিকেটক বিদায়
অতিপাত ডেঞ্জাৰ: অভেৰীৰ কেঞ্চাৰ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in