মধ্যপ্ৰদেশ কাৰ? জনতাই দিব জনাদেশঃ ২৩০ খন আসনত ২৫৩৪ জনৰ প্ৰতিদ্বন্দিতা...

মধ্যপ্ৰদেশ কাৰ? জনতাই দিব জনাদেশঃ ২৩০ খন আসনত ২৫৩৪ জনৰ প্ৰতিদ্বন্দিতা...
মধ্যপ্ৰদেশ কাৰ? জনতাই দিব জনাদেশঃ ২৩০ খন আসনত ২৫৩৪ জনৰ প্ৰতিদ্বন্দিতা...
Published on
Updated on

১৭ নৱেম্বৰত ২৩০ খন আসনৰ মধ্যপ্ৰদেশ বিধানসভাৰ ভোটগ্ৰহণ। ২০১৮ ত কংগ্ৰেছে দখল কৰা ৰাজ্যখন ২০২০ ত গৈছিল বিজেপিৰ হাতলৈ। এইবাৰ পিছে জনতাই কাক দিব ক্ষমতাৰ বাঘজৰী? 'মামা' নে 'জয়-বীৰু'ক আদৰিব জনতাই? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

কাৰ দখললৈ মধ্যপ্ৰদেশ? শাসকীয় বিজেপিয়ে পুনৰ দখল কৰিব পাৰিবনে মধ্য প্ৰদেশ? নে কংগ্ৰেছৰ হাতত উৎখাট হ’ব বিজেপি? এই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈছে মধ্য প্ৰদেশৰ ৫.৬ কোটি ভোটাৰ।

১৭ নৱেম্বৰত মধ্য প্ৰদেশ বিধানসভাৰ ২৩০ টা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ প্ৰাকক্ষণত দুঃচিন্তা বৃদ্ধি পাইছে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক কিছু দিনৰ আগলৈকে একাষৰীয়া কৰি ৰাজ্যখনত মোডী, শ্বাহক সন্মুখত লৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰা হৈছিল যদিও দলটোৱে শেষ মুহূৰ্তত শিৱৰাজ সিং চৌহানক গুৰুত্ব দিবলৈ বাধ্য হৈছে।

নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে পৰিগণিত হৈছে। এই ছেমি ফাইনেলৰ ফলাফলে লোকসভা নিৰ্বাচনৰ বহু দিশেই উন্মোচিত কৰিব।

বিৰোধী কংগ্ৰেছৰ দাবী তেওঁলোকে ৫ ৰাজ্যৰ নিৰ্বাচনত ৫ ৰাজ্যই দখল কৰিব পাৰিব। বিজেপিয়ে যদিও ৫ ৰাজ্য দখল কৰিব পাৰিব বুলি আশা কৰা নাই তথাপিও ৫ খন ৰাজ্যতে তেওঁলোকেই শাসন কৰিব বুলি দাবী কৰিছে।

২৩০ খন আসনৰ মধ্যপ্ৰদেশ বিধানসভা দখলৰ বাবে মেজিক নম্বৰ ১১৬। এই ১১৬ খন আসন যিটো দলেই দখল কৰিব পাৰিব তেওঁলোকেই লাভ কৰিব ৰাজ্যখনৰ ক্ষমতা। কিন্তু সমীক্ষা অনুসৰি এইবাৰ মধ্যপ্ৰদেশ নিৰ্বাচনত কোনো এটা দলেই ১১৬ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিব।

অৱশ্যে এ বি পি-চি ভোটাৰৰ সমীক্ষা অনুসৰি ৰাজ্যখন আহিব কংগ্ৰেছৰ দখললৈ। ৰাহুল গান্ধীয়েও নিৰ্বাচনৰ পূৰ্বৰে পৰা ৰাজ্যখনৰ ক্ষমতা কংগ্ৰেছৰ দখললৈ যাব বুলিয়েই কৈ আহিছে।

চি ভোটাৰৰ সমীক্ষা অনুসৰি কংগ্ৰেছে দখল কৰিব ১১৮ ৰ পৰা ১৩০ খন আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে দখল কৰিব ৯৯ খনৰ পৰা ১১১ খন আসন।

ৰাজ্যখনৰ আটাইকেইখন আসনতে কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰাৰ্থি নিক্ষেপ কৰিছে। মায়াবতীৰ বহুজন সমাজবাদী পাৰ্টিয়েও প্ৰক্ষেপ কৰিছে আটাইকেইটা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থি।

ইয়াৰোপৰি সমাজবাদি পাৰ্টিয়ে ৮০ খন, আপে ৬৯ খন, চি পি আইয়ে ৯ খন, চি পি এমে ৪ খন আসনত প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে। সকলো মিলাই ৰাজ্যখনৰ ২৩০ টা বিধানসভা সমষ্টিত মুঠ প্ৰাৰ্থি ২ হাজাৰ ৫৩৪ জন।  

ৰাজ্যখনত শাসকীয় বিজেপি আজিৰ তাৰিখত যথেষ্ট চিন্তিত। ৰাজ্যখনৰ বিধানসভা সমষ্টিসমূহত প্ৰাৰ্থি প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত দলটোৰ শীৰ্ষ নেতৃত্ব যথেষ্ট নাৰ্ভাছ হৈছে। সেয়ে কেন্দ্ৰীয় মন্ত্ৰী, সাংসদকো বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থি হিচাপে প্ৰক্ষেপ কৰিছে।

ৰাজ্যখনত দলটোৰ হেভিৱেইট প্ৰাৰ্থিৰ তালিকাত আছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গী, তিনি কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে নৰেন্দ্ৰ সিং তোমাৰ, প্ৰহ্লাদ পেটেল, ফগ্গন সিং কুলস্তে আদি। আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, দিগ্বিজয় সিং, অজয় সিং আদি শক্তিশালী প্ৰাৰ্থি।

২০১৩ চনৰ নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে মুঠ ৪৫ শতাংশ ভোট লাভেৰে দখল কৰিছিল ১৬৫ খন আসন। কংগ্ৰেছে সেইবাৰ ৩৬ শতাংশ ভোট লাভেৰে পাইছিল মাত্ৰ ৫৮ খন আসন।

কিন্তু ২০১৮ ত কংগ্ৰেছে ৪১ শতাংশ ভোট লাভেৰে ১১৪ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। বিজেপিয়ে ৪০.৮ শতাংশ ভোট লাভেৰে ১০৯ খন আসন লাভ কৰিছিল। ইয়াৰোপৰি বি এছ পিয়ে ২ খন আৰু অন্যান্যই ৫ খন আসন দখল কৰিছিল।

সেইবাৰ বি এছ পি আৰু নিৰ্দলীয়ৰ সমৰ্থনত কমল নাথ মুখ্যমন্ত্ৰী হৈছিল যদিও কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত ২০২০ ৰ মাৰ্চত কংগ্ৰেছৰ একাংশ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। ফলত কমল নাথৰ চৰকাৰৰ পতন হয় আৰু শিৱৰাজ সিং চৌহানৰ নেতৃত্বত ৰাজ্যখনত পুনৰ বিজেপিৰ চৰকাৰ গঠন হয়।

ৰাজনৈতিক পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশক মুঠ ৮ টা ভাগত ভাগ কৰি ৰাজনৈতিক বিশ্লেষকসকলে পূৰ্বৰে পৰা পৰ্যালোচনা কৰি আহিছে। এই ৮ টা ভাগৰ চাৰিটা কংগ্ৰেছে আৰু ৪টা বিজেপিয়ে দখল কৰিছিল। ৰাজ্যখনৰ এই ৮ টা ভাগ হৈছে ক্ৰমে বাঘেলখণ্ড, ভূপাল, বুন্দেলখণ্ড, গিৰ্ড (চম্বল-গোৱালিয়ৰ), মহাকুশল, মালৱা, নৰ্মদাপুৰম, আৰু বিন্ধ্য (নিমাৰ)।

ইয়াৰে বাঘলখণ্ড, ভূপাল, বুন্দেলখণ্ড আৰু নৰ্মদাপুৰমত বিজেপি আগবাঢ়ি আছিল। বাকী ৪ টা অঞ্চল কংগ্ৰেছে দখল কৰিছিল। সেইবাৰ চম্বল-গোৱালিয়ৰ অঞ্চলত ৩৪ খন আসনৰ ভিতৰত ২৬ খন আসনতে কংগ্ৰেছ বিজয়ী হৈছিল যদিও মাত্ৰ ডেৰ বছৰ পাছতে এই সংখ্যা সলনি হৈছিল।

জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত এই অঞ্চলটোৰ ২২ জনকৈ বিধায়কে বিজেপিত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত এই বিধায়কসকলৰ অধিকাংশই বিজেপিৰ টিকটত বিজয় সাব্যস্ত কৰি পুনৰ নিৰ্বাচিত হৈছিল।

কিন্তু এইবাৰ এই অঞ্চলটোৰ ৰাজনৈতিক বতাহ বলিছে কংগ্ৰেছৰ সপক্ষে। ইয়াত ২০১৮ তকৈ অধিক ভাল ফলাফল কংগ্ৰেছে দেখুৱাব পাৰিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰোপৰি মহাকুশল, মালৱাতো কংগ্ৰেছ আগবাঢ়ি থাকিব বুলি সমীক্ষাত কোৱা হৈছে।

ইয়াৰ বিপৰীতে বিন্ধ্য অঞ্চলৰ জনজাতীয় এলেকাৰ কংগ্ৰেছৰ ভোটবেংক বিজেপিৰ হাতলৈ যাব। এনে পৰিস্থিতিত পঞ্চমবাৰৰ বাবে 'মামা' হিচাপে পৰিচিত শিৱৰাজ সিং চৌহান পুনৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই তাক লৈ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা চলিছে।

তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত গোৱালিয়ৰৰ মহাৰাজ জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতেই বহুখিনি নিৰ্ভৰ কৰিছে। কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত জ্যোতিৰাদিত্য সিন্ধিয়াই পূৰ্বৰ নিৰ্বাচনৰ দৰে প্ৰাণঢালি প্ৰচাৰ চলোৱা নাই বুলিও চৰ্চা চলিছে।

প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে তেওঁ স্পষ্টকৈ ঘোষণা কৰিছে তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থি নহয়। জ্যোতিৰাদিত্যৰ এই মন্তব্যই শিৱৰাজ সিং চৌহানক বিপদত পেলাব বুলিহে ধাৰণা কৰা হৈছে।

ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনো তীক্ষ্ণ আৰু কটাক্ষ নকৰাকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা জ্যোতিৰাদিত্যই অৱশ্যে এয়া তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অগ্নিপৰীক্ষা বুলি স্পষ্টকৈ কৈছে। জ্যোতিৰাদিত্য সিন্ধিয়াৰ এনে কৌশলী নিৰ্বাচনী প্ৰচাৰৰ ওপৰত অৱশ্যে নজৰ নিদিয়াকৈ থকা নাই মোডী, শ্বাহে।

যাৰ বাবে তেওঁলোকে এই অঞ্চলটোৰ দায়িত্ব কেৱল জ্যোতিৰাদিত্যৰ কান্ধতে এৰি নিদি তেওঁলোকেও ভ্ৰমণ কৰিছে। তাৰোপৰি বিজেপিয়ে বুথসমূহো শক্তিশালী কৰাত গুৰুত্ব দিছিল। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ পুত্ৰৰ অবৈধ ধনৰ লেনদেনৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত দলটো বিপদত পৰিছে।

বিজেপিৰ এনে পৰিস্থিতিৰ বিপৰীতে কংগ্ৰেছৰ শক্তি হিচাপে থিয় দিছে ৰাজ্যখনৰ দুই স্থানীয় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু দিগ্বিজয় সিং। ইতিমধ্যে ৰাজ্যখনৰ নিৰ্বাচনত এই দুই যুটিক 'শ্বোলে' ছবিখনৰ 'জয়-বীৰু' হিচাপে তুলি ধৰি প্ৰচাৰ চলোৱা হৈছে। এই যুটী মধ্যপ্ৰদেশত 'জয়-বীৰু' হিচাপেই জনপ্ৰিয় হৈ পৰিছে।  

যদিও মধ্যপ্ৰদেশ কংগ্ৰেছ ৰাজনীতিত এই দুই নেতাৰ পূৰ্বৰ দলীয় কণ্ডলৰ ইতিহাস আছে তথাপিও জ্যোতিৰাদিত্য সিন্ধিয়াই দল ত্যাগ কৰাৰ পাছত তেওঁলোক দুজনৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নীত হোৱাৰ লগতে দলীয় স্বাৰ্থক অধিক গুৰুত্ব দিয়া দেখা পোৱা গৈছে। অৱশ্যে পুৰণি কংগ্ৰেছী তথা ন-বিজেপি জ্যোতিৰাদিত্য সিন্ধিয়াই নিৰ্বাচনী সভাত কৈছে কংগ্ৰেছ জয়ী হ'লে দিগ্বিজয় সিং নহয় কমল নাথকেই কংগ্ৰেছে মুখ্যমন্ত্ৰী পাতিব।

কংগ্ৰেছ সূত্ৰতো এই খবৰৰ সত্যতা পোৱা গৈছে। ১৯৯৩ ৰ পৰা ২০০৩ লৈ দুটা কাৰ্যকাল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা দিগ্বিজয় সিঙে নিজে মুখ্যমন্ত্ৰী হোৱাৰ পৰিৱৰ্তে পুত্ৰৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতি লক্ষ্য ৰাখি পুত্ৰক উপ-মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাতহে গুৰুত্ব প্ৰদান কৰিছে।

সেয়ে মুখ্যমন্ত্ৰীৰ বাবে কমল নাথক বাট এৰি দিছে তেওঁ। ইন্দিৰা গান্ধীৰ সময়ছোৱাত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল কমল নাথ। তেওঁ একাধিকবাৰ কেন্দ্ৰীয় মন্ত্ৰীৰো দায়িত্ব পালন কৰিছে।

সঞ্জয় গান্ধীৰ অনুগামী এইগৰাকী নেতা গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ। ২০১৮ ত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দলটোক ক্ষমতালৈ আনিছিল। এইবাৰো তেওঁ শিৱৰাজ সিং চৌহানতকৈ অধিক জনপ্ৰিয় হৈ পৰিছে।

এইসকলো বোৰ দিশৰ বিপৰীতে ৰাজ্যখনৰ নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কংগ্ৰেছ আৰু বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহে। প্ৰতিশ্ৰুতি প্ৰদানৰ ক্ষেত্ৰত অৱশ্যে কংগ্ৰেছতকৈ আগবাঢ়ি আছে বিজেপি।

যিগৰাকী প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বে কংগ্ৰেছে প্ৰদান কৰা বিত্তীয় সাহায্যক সমালোচনা কৰি আহিছিল সেই প্ৰধানমন্ত্ৰী মোডীয়েই এতিয়া ৰাজ্যখনত শিৱৰাজ সিং চৌহানৰ 'লাডলি বেহেন আঁচনি'ৰ ধন ১০০০ ৰ পৰা ৩০০০ লৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি গৌৰৱেৰে দিছে।

ইয়াৰোপৰি দলটোৱে নিৰ্বাচনী ইস্তাহাৰত কন্যা সন্তানক দুই লাখ টকাৰ আৰ্থিক সাহায্য, ৪৫০ টকাত গেছ চিলিণ্ডাৰ, দৰিদ্ৰ পৰিয়ালক অহা পাঁচ বছৰলৈ বিনামূলীয়া ৰেচন, কৃষকলৈ ১২ হাজাৰ টকাৰ সাহায্যৰ কথা উল্লেখ কৰিছে।

কংগ্ৰেছে আকৌ ৫০০ টকাত গেছ চিলিণ্ডাৰ, মহিলাক প্ৰতি মাহে ১৫০০ টকাৰ সাহায্য, বিনামূলীয়া শিক্ষা, নিবনুৱা ভাট্টা আদি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

এই সকলো পৰিস্থিতি, পৰিৱেশ আৰু প্ৰতিশ্ৰুতিৰ মাজতে মধ্যপ্ৰদেশৰ ভোটাৰ ৰাইজে কাক ক্ষমতাৰ বাঘজৰী দিব সেয়া নিশ্চিয় সিদ্ধান্ত ল'ব। পুৱা ৮ বজাত ভোটিং কেন্দ্ৰসমূহ খোলাৰ লগে লগে সকলোৱে এই সিদ্ধান্তক কাৰ্যকৰী কৰিব। ৩ ডিচেম্বৰত জনতাৰ জনাদেশ পোহৰলৈ আহিব।  

মধ্যপ্ৰদেশ কাৰ? জনতাই দিব জনাদেশঃ ২৩০ খন আসনত ২৫৩৪ জনৰ প্ৰতিদ্বন্দিতা...
বলিৰ পঠা বাবৰ আজম ! পাক দলৰ অধিনায়কৰ পৰা পদত্যাগ নে অপসাৰণ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in