ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...

ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...
ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...
Published on
Updated on
তৃতীয়বাৰ ক্ষমতালৈ অহাৰ পিছতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ এটা চৌহদ মুকলি কৰিছে। ইয়াৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰসংগ। সেয়ে নালন্দা বিশ্ববিদ্যালয়ৰ ঐতিহ্য, ইতিহাস, পুনৰুজ্জীৱিতকৰণ আদি সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিলে নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ। এই উদ্বোধনী অনুষ্ঠানতে মোডীয়ে কয়,নালন্দা বিশ্ববিদ্যালয়ৰ সৈতে ভাৰতৰ ঐতিহ্য জড়িত হৈ আছে। দেশৰ সন্মান, পৰিচয়, মূল্যবোধ এই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। নালন্দা কেৱল এটা নাম নহয়। ই এটা পৰিচয়। জুই লগাই গ্ৰন্থক জ্বলাই দিব পাৰি। কিন্তু জ্ঞান ধ্বংস কৰিব নোৱাৰি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই বিশ্ববিদ্যালয় কেৱল ভাৰতৰ নহয়, এছিয়াৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ অংগ। বিশ্বৰ বিভিন্ন দেশৰ পৰা বছৰ বছৰ ধৰি ইয়ালৈ পঢ়ুৱৈয়ে জ্ঞান অৰ্জন কৰিবলৈ আহে। বৰ্তমান নালন্দাত ২০ খনৰো অধিক দেশৰ ছাত্ৰ-ছাত্ৰী আছে।

নালন্দাৰ নতুন চৌহদ উদ্বোধনৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ প্ৰাচীন ধ্বংসাৱশেষ চাবলৈও যায় মোডী। ২০১৬ চনত এই ধ্বংসাৱশেষক হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। মোডীক সংগ দিয়ে বৈদেশীক মন্ত্ৰী এছ জয়শংকৰ, বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, নালান্দাৰ আচাৰ্য অৰবিন্দ পনগৰিয়া। ইয়াৰোপৰি উপস্থিত থাকে অষ্ট্ৰেলিয়া, বাংলাদেশ, ভূটান, চীন, ইণ্ডোনেছিয়া, কম্বোদিয়াসহ মুঠ ১৭ খন দেশৰ প্ৰতিনিধি।

কি আছে নতুন চৌহদত?

নালন্দা বিশ্ববিদ্যালয়ৰ এই নতুন চৌহদত আছে দুটা ব্লক। দুয়োটা ব্লকত ৪০ টাকৈ মুঠ ৮০ টা শ্ৰেণীকোঠা আছে। ইয়াত মুঠ ১৯০০ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাৰ সুবিধা আছে। ইয়াৰোপৰি আছে ৩০০ খন আসনযুক্ত দুটা অডিটৰিয়াম। নালন্দাৰ এই নতুন কেম্পাচৰ হোষ্টেলত থাকিব পাৰিব মুঠ ৫০০ জন শিক্ষাৰ্থী। এই কেম্পাচ নিৰ্মাণত ব্যয় কৰা হৈছে ১৭০০ কোটি টকা।

কেনেকৈ হৈছিল নালন্দা বিশ্ববিদ্যালয় পুনৰ স্থাপন?

২৮ মাৰ্চ, ২০০৬ ত তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে নালন্দা বিশ্ববিদ্যালয় পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱ দাঙি ধৰে। ২০০৭ চনত বিহাৰ বিধানসভাত এক নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে এখন বিল পাছ কৰা হয়।

আনহাতে ২০১০ ৰ ২১ আগষ্টত ৰাজ্যসভাত আৰু ২৬ আগষ্টত লোকসভাত নালন্দা বিশ্ববিদ্যালয় বিল-২০১০ গৃহীত হৈছিল। সেই বছৰৰে ২১ ছেপ্টেম্বৰত এই বিলত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰে। যাৰ ফলত এই বিল আইনলৈ পৰিণত হয়।

নালন্দা বিশ্ববিদ্যালয়ক ১৮ খন সদস্য ৰাষ্ট্ৰৰ দ্বাৰা সমৰ্থিত এক বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলা হৈছে। এই বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে দ্বিতীয় আৰু চতুৰ্থ পূব এছিয়া সন্মিলনত এই বিশ্ববিদ্যালয়খনে অনুমোদন লাভ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতি এই বিশ্ববিদ্যালয়খনৰ পৰিদৰ্শক।

কোনে, কেতিয়া স্থাপন কৰিছিল নালান্দা বিশ্ববিদ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে নালন্দা বিশ্ববিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰাৰ পাছতে এই ঐতিহাসিক বিশ্ববিদ্যালয়খনে বিশ্বজুৰি পুনৰ চৰ্চা লাভ কৰিছে। ৪৫০ খ্ৰীষ্টাব্দত গুপ্ত সম্ৰাট কুমাৰ গুপ্ত ১ ৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা এই বিশ্ববিদ্যালয়খনে পৰৱৰ্তী সময়ত হৰ্ষবধন, পাল বংসৰ ৰজাসকলৰ পৃষ্ঠপোষকতাও লাভ কৰিছিল।

সেই সময়তে দেশ, বিদেশৰ শিক্ষাৰ্থীৰ আগমণ হোৱা এই বিশ্ববিদ্যালয়খনে প্ৰায় ৮০০ বছৰ ধৰি শিক্ষা দান কৰাৰ পাছত দ্বাদশ শতিকাত আক্ৰমণকাৰীয়ে ধ্বংস কৰে।বিহাৰৰ পাটনাৰ পৰা ৯০ কিলোমিটাৰ দূৰত, বিহাৰ শ্বৰীফৰ পৰা ১২ কিলোমিটাৰ দক্ষিণত এতিয়াও এই প্ৰাচীন বিশ্ববিদ্যালয়খনৰ ধ্বংসাৱশেষ বিদ্যমান। প্ৰাচীন টক্ষশীলা বিশ্ববিদ্যালয়ৰ পিছতে বিশ্বৰ দ্বিতীয়খন পুৰণি বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় নালন্দাক।

নালন্দা আছিল বিশ্বৰ প্ৰথম আৱাসিক বিশ্ববিদ্যালয়

নালন্দা বিশ্ববিদ্যালয় আছিল বিশ্বৰে প্ৰথম আৱাসিক বিশ্ববিদ্যালয়। সেই সময়ত যাতায়তৰ কোন সুব্যৱস্থা নথকা স্বত্বেও দেশ, বিদেশৰ বহু শিক্ষাৰ্থী ইয়ালৈ আহি শিক্ষা গ্ৰহণ কৰিছিল।

সেয়ে এই বিশ্ববিদ্যালয়খনত ৩০০ তকৈ অধিক কোঠা, সাতটা ডাঙৰ হ'ল আৰু তিনি মহলীয়া এটা বৃহৎ পুথিভঁৰালো আছিল। এই পুথিভঁৰালৰ নাম দিয়া হৈছিল ধৰ্মগুঞ্জ। আক্ৰমণকাৰীয়ে নালন্দা বিশ্ববিদ্যালয় আক্ৰমণ কৰি যেতিয়া ধ্বংস কৰিছিল সেই সময়তে এই পুথিভঁৰালতো অগ্নি সংযোগ কৰিছিল।

তথ্য অনুসৰি এই তিনি মহলীয়া পুথিভঁৰালত ইমানেই কিতাপ আছিল যে ৩ মাহ ধৰি এইবোৰ জ্বলি আছিল। তথ্য অনুসৰি এই পুথিভঁৰালত আছিল ৯০ লাখতকৈ অধিক কিতাপ।

নালন্দাত অধ্যয়নৰ বাবে আছিল প্ৰৱেশ পৰীক্ষা

হিন্দু আৰু বৌদ্ধ ধৰ্মৰ অধ্যয়নৰ বাবে জনাজাত নালন্দাত প্ৰাচীন কালত সাহিত্য, জ্যোতিষ, মনোবিজ্ঞান, আইন, জ্যোতিৰ্বিজ্ঞান, বিজ্ঞান, যুদ্ধ, ইতিহাস, গণিত, স্থাপত্য, ভাষাবিজ্ঞান, অৰ্থনীতি, ঔষধ আদি বিষয়বোৰ শিকোৱা হৈছিল।  ৪৫০ খ্ৰীষ্টাব্দতে স্থাপন হোৱা নালন্দা বিশ্ববিদ্যালয়ত সেই সময়তে আছিল প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা।

ইয়াত অধ্যয়নৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে এক কঠিন পৰীক্ষাৰ ব্যৱস্থা আছিল। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকহে বিশ্ববিদ্যালয়খনত অধ্যয়নৰ সুবিধা প্ৰদান কৰা হৈছিল।

এই বিশ্ববিদ্যালয়খনে সেই সময়ত ১০ হাজাৰৰ পৰা ২০ হাজাৰ শিক্ষাৰ্থীক শিক্ষিত কৰি তুলিছিল বুলি জানিব পৰা যায়। এই সকলো শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ এই শিক্ষা গ্ৰহণ কৰিছিল।

আৰ্যভট্টই ইয়াত দিছিল শিক্ষা

নালন্দা বিশ্ববিদ্যালয় গণিত আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়নৰ বাবে বিখ্যাত হৈ পৰিছিল। এই বিশ্ববিদ্যালয়খনৰ মুৰব্বী হিচাপে এসময়ত আছিল আৰ্যভট্ট। সেয়া আছিল ষষ্ঠ শতিকাৰ সময়ৰ কথা।

শূন্যৰ আৱিষ্কাৰক আৰ্যভট্টই ইয়াৰ মূৰব্বীৰ দায়িত্বত থকাৰ পৰাই অনুমান কৰিব পাৰি এই বিশ্ববিদ্যালয়খন, বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কোন পৰ্যায়ৰ আছিল। বুৰঞ্জীবিদসকলৰ মতে গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ সকলো তত্ত্ব কেৱল নালন্দাৰ জৰিয়তেই পৃথিৱীৰ আন প্ৰান্তলৈ বিয়পি পৰিছিল।

হিউৱেন চাঙৰ জীৱনীত আছে নালন্দাৰ কথা

চীনা পৰিব্ৰাজক হিউৱেন চাং সপ্তম শতিকাত ভাৰতলৈ আহিছিল। এইগৰাকী চীনা পৰিব্ৰাজকে তেওঁৰ আত্মজীৱনীত এই বিশ্ববিদ্যালয়খনৰ কথা উল্লেখ কৰিছে। হিউৱেন চাঙেও এই বিশ্ববিদ্যালয়খনত অধ্যাপক হিচাপে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰিছিল।

ইয়াৰ পিছত তেওঁ যেতিয়া ৬৪৫ খ্ৰীষ্টাব্দত চীনলৈ উভতি যায় তেতিয়া তেওঁ বহু বৌদ্ধ ধৰ্মগ্ৰন্থ চীনা ভাষালৈ অনুবাদ কৰে। হিউয়েন চাঙে তেওঁৰ আত্মজীৱনীত নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিছে- ইয়াত এটা ডাঙৰ স্তূপ আছিল। যিটো ভগৱান বুদ্ধৰ এজন পৰম শিষ্যৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।

এই স্তূপটোত উঠিবলৈ এটা মুকলি চিৰি আছিল। বহু বুৰঞ্জীবিদে প্ৰায় ৩০ মিটাৰ ওখ এই স্তূপৰ বিষয়ে কয় যে, নালন্দা বিশ্ববিদ্যালয় স্থাপন হোৱাৰ বহু আগেয়ে তৃতীয় শতিকাত সম্ৰাট অশোকে ইয়াক নিজেই নিৰ্মাণ কৰিছিল।

কোনে আৰু কিয় কৰিছিল নালন্দাক আক্ৰমণ

তুৰ্কী আক্ৰমণকাৰী বখতিয়াৰ খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় আক্ৰমণ কৰিছিল। এই আক্ৰমণকাৰীসকলে গোটেই বিশ্ববিদ্যালয়খনেই ধ্বংস কৰিলে। বুৰঞ্জীবিদসকলৰ মতে যেতিয়া খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় আক্ৰমণ কৰিছিল সেই সময়ত পুথিভঁৰালত প্ৰায় ৯০ লাখ কিতাপ আৰু পাণ্ডুলিপি আছিল। পুথিভঁৰালত জুই লগোৱাৰ পিছত, এই কিতাপবোৰ ৩ মাহ ধৰি জ্বলি আছিল।

একাংশ বুৰঞ্জীবিদৰ মতে নালন্দা বিশ্ববিদ্যালয়ত হোৱা আক্ৰমণৰ মূল কাৰণ আছিল ই ইছলাম ধৰ্মৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল। খিলজীয়ে অনুভৱ কৰিছিল যে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মই বিকাশ লাভ কৰাৰ বাবে ইছলাম ধৰ্মলৈ বিপদ নামি আহিছিল।

পাৰ্চী বুৰঞ্জীবিদ মিনহাজুদ্দিন চিৰাজে তেওঁৰ 'তাবাকত-ই-নাছিৰী' নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে খিলজীয়ে কোনো মূল্যতে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিব নিবিচাৰিছিল। প্ৰথমে তেওঁ নালন্দা বিশ্ববিদ্যালয়ত ইছলাম শিক্ষাৰ বাবে হেঁচা দিছিল। পিছত তেওঁ ইয়াত আক্ৰমণ কৰে। এই আক্ৰমণত হাজাৰ হাজাৰ পণ্ডিত আৰু বৌদ্ধ ভিক্ষু নিহত হৈছিল।

নালন্দা বিশ্ববিদ্যালয় কেৱল এবাৰেই আক্ৰমণৰ সন্মুখীন হোৱা নাছিল। পূৰ্বেও দুবাৰ আক্ৰমণৰ সন্মুখীন হৈছিল। পঞ্চম শতিকাৰ আৰম্ভণিতে মিহিৰ কুলৰ নেতৃত্বত হুনসকলেও বিশ্ববিদ্যালয়খন আক্ৰমণ কৰিছিল।

তাৰ পিছত অষ্টম শতিকাত বংগৰ গৌড় ৰজায়ো বিশ্ববিদ্যালয়খন আক্ৰমণ কৰে। অৱশ্যে, দুয়োবাৰে আক্ৰমণৰ উদ্দেশ্য আছিল ডকাইতি। এই দুয়ো আক্ৰমণৰ পিছত বিশ্ববিদ্যালয়খন মেৰামতি কৰা হৈছিল। কিন্তু খিলজীৰ আক্ৰমণত এই বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে।

বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিচিত নালন্দা

প্ৰত্নতাত্ত্বিকসকলে নালন্দাৰ খনন কৰিছিল। মুঠ ১৪ হেক্টৰ ভূমিত বিশ্ববিদ্যালয়খনৰ অৱশিষ্ট লাভ কৰিছিল খননকাৰীসকলে। কিন্তু এয়া আছিল মূল বিশ্ববিদ্যালয়খনৰ মাত্ৰ ১০ শতাংশহে।

খননত গৌতম বুদ্ধৰ ব্ৰঞ্জৰ মূৰ্তি, হাতীদাঁতকে ধৰি বিভিন্ন সামগ্ৰী পোৱা গৈছিল। এই স্থানক বৰ্তমান ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে।

ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...
নতুন ৰূপত, নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in