বৃদ্ধাশ্ৰম : এতিয়া ভাল ব্যৱসায়...

বৃদ্ধাশ্ৰম : এতিয়া ভাল ব্যৱসায়...
Published on
Updated on

এফালে মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে এই পৃথিৱী, আনফালে মানৱতাক ঢাল হিচাপে লৈ এচামে চলাইছে ব্যৱসায়। শেহতীয়াকৈ ৰাজ্যখনত গঢ় লৈ উঠা বহু বৃদ্ধাশ্ৰম, অনাথ শিশুৰ বাবে খোলা আশ্ৰম, ৰিহেবিলিটেশ্যন চেন্টাৰ এই মানৱতাৰ নামত চলোৱা এক প্ৰধান ব্যৱসায় হৈ পৰিছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন

বৃদ্ধাশ্ৰম। জীৱনৰ বিয়লি বেলাত এই বৃদ্ধাশ্ৰমবোৰে বহু অভিজাত লোকৰ শেষ ঠিকনা হৈ পৰিছে। পৰিয়াল সতি সন্তানৰ পৰা অৱহেলিত হৈ বৃদ্ধাশ্ৰমত জীৱন নিৰ্বাহ কৰাৰ বিকল্প পথ নথকাৰ বাবে সাম্প্ৰতিক সময়ত বৃদ্ধাশ্ৰমবোৰ এক শ্ৰেণীৰ লোকৰ বাবে মানৱতাৰ নাম দি ব্যৱসায় কৰাৰ এক স্থল হৈ পৰিছে।

যি উদ্দেশ্য আগত ৰাখি এই বৃদ্ধাশ্ৰমসমূহ খোলা বুলি প্ৰচাৰ কৰা হয়, প্ৰকৃতাৰ্থত সেয়া তেওঁলোকৰ বাবে এক সুন্দৰ ব্যৱসায়হে। কেৱল বৃদ্ধাশ্ৰমেই নহয়, অনাথ আশ্ৰম, ৰিহেবিলিটেশ্যন চেন্টাৰ এতিয়া কাঠফুঁলাৰ দৰে য'তে-ত'তে গঢ় লৈ উঠিছে।

চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যৰ প্ৰতিখন জিলাতে এনে বৃদ্ধাশ্ৰম থকাৰ পিছতো সৰু-ডাঙৰ প্ৰায়বোৰ চহৰতে এতিয়া বৃদ্ধাশ্ৰম খোলাৰ প্ৰতিযোগিতা চলিছে। কিয়নো বৃদ্ধ পিতৃ-মাতৃক নিজৰ সৈতে ৰাখিব নোখোজা এচাম অভিজাত লোকে ধনৰ কথালৈ চিন্তা নকৰি বৃদ্ধাশ্ৰমলৈ পঠাই দিয়ে পিতৃ-মাতৃক।

সেই সুযোগ গ্ৰহণ কৰি একোজন লোকৰ পৰা যি ইচ্ছা সেই নিৰিখত মাহেকীয়া ধনৰ বিনিময়ত তেনে বৃদ্ধলোকক আশ্ৰয় দি আহিছে এই বৃদ্ধাশ্ৰমৰ গৰাকীসকলে। কেৱল গুৱাহাটী মহানগৰতে বৰ্তমান ৪০ৰো অধিক বৃ্দ্ধাশ্ৰম আছে।

লক্ষ্যণীয় কথাটো হ'ল,  তেনে ৪-৫খন বৃদ্ধাশ্ৰমৰ মালিক এজন লোকেই। কোনো এক ন্যাস গঠন কৰি সেই ন্যাসৰ দ্বাৰা পৰিচালিত কৰা দেখুৱাই এই লাভজনক বৃদ্ধাশ্ৰমসমূহৰ ব্যৱসায় তেওঁলোকে কৰি গৈছে।

অনুৰূপধৰণে ৰাজ্যত সুৰাত আসক্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত সেই লোকসকলৰ চিকিৎসাৰ নামত নামে-বেনামে গঢ় লৈ উঠিছে ৰিহেবিলিটেশ্যন চেন্টাৰবোৰ। মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া গঢ় লৈ উঠা এনে ব্যৱসায়ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নাই কোনো চৰকাৰী চকুত লগা পদক্ষেপ।

মাজে মধ্যে সমাজকল্যাণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী তথা বিষয়াই চাডেন ভিজিট দি চমক দিবলৈ চেষ্টা কৰে। কিন্তু সময়ত সেয়া ফুটুকাৰ ফেন হৈ পৰে। ৰাজ্যসভাত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অসমৰ বৃদ্ধাশ্ৰমৰ সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল।

২০২২ৰ ২১ ডিচেম্বৰত ১৫৪নং তাৰকাযুক্ত প্ৰশ্নত সাংসদগৰাকীয়ে সুধিছিল- ৰাজ্যখনত চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু এন জি অ পৰিচালিত কিমান বৃদ্ধাশ্ৰম আছে। এই বৃদ্ধাশ্ৰমসমূহলৈ কেন্দ্ৰীয় চৰকাৰে বছৰি কিমান ধন যোগান ধৰে।

সেই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্বত থকা বিভাগীয় মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে দিয়া উত্তৰত উল্লেখ কৰিছিল যে, ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ সাহায্য লাভ কৰা ৩৫খন বৃদ্ধাশ্ৰম এন জি অৰ দ্বাৰা পৰিচালিত হৈ আছে।

এই বৃদ্ধাশ্ৰমসমূহত সেই দিনটোলৈকে ১,১৪৫গৰাকী বৃদ্ধ আশ্ৰয় লৈ থকাৰ তথ্যও সদৰী কৰিছিল মন্ত্ৰীগৰাকীয়ে। ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি, হোজাই-যোৰহাটত অল আমিন লাইব্ৰেৰী ফাউণ্ডেশ্যন, কামৰূপ মেট্ৰ আৰু নগাঁৱত বহুমুখী কৃষি আৰু সমাজ কল্যাণ সমিতি, নলবাৰীত কমিটি অন ছচিয়েল ইকনমী হেলথ ডেভেলপমেন্ট আছাম, লখিমপুৰত ডিক্ৰং ভেলী এনভাৰমেন্ট এণ্ড ৰোৱেল ডেভেলপমেন্ট ছচায়েটি।

ধুবুৰীত ফুলকুমাৰী বাপুজী ক্লাৱ, বিশ্বনাথত গ্লোবেল হেলথ ইউমিনিজেশ্যন পপুলেশ্যন কন্টল অৰগেনাইজেশ্যন, মৰিগাঁৱত গ্ৰাম বিকাশ পৰিষদ আদি এন জি অ’ ই বৃদ্ধাশ্ৰম পৰিচালনা কৰি আছে। বৃদ্ধাশ্ৰমসমূহ পৰিচালনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২০২০-২১বিত্তীয় বৰ্ষত অসমৰ বাবে আৱণ্টন দিছিল ৯৪৮.৬২লাখ টকা। ২০২১-২২ বৰ্ষত আৱণ্টন দিয়া ধনৰ পৰিমাণ আছিল ৬৯৬.১৫ লাখ টকা।

ৰাজ্যৰ সমাজকল্যাণ বিভাগৰ জৰিয়তে এই বৃদ্ধাশ্ৰমসমূহ তদাৰক কৰা হয়। কিন্তু বৃদ্ধাশ্ৰমসমূহত পৰ্যাপ্ত সা-সুবিধা উপলদ্ধ নোহোৱাত ব্যক্তিগতখণ্ডৰ বৃদ্ধাশ্ৰমসমূহত ভিৰ কৰে লোকে। আপাত দৃষ্টিত সমাজসেৱা, মানৱসেৱা যেন দেখুৱাই এই বৃদ্ধাশ্ৰমসমূহৰ জৰিয়তে বছৰি কোটি কোটি টকা ব্যৱসায় কৰা হয়।

চকুৰ সন্মুখতেই এতিয়া মানৱতাৰ নামত ব্যৱসায় চলি আছে। এচামে সেই ব্যৱসায়ৰে লাখ লাখ ধন ঘটিছে। এনে বৃদ্ধাশ্ৰম স্থাপনৰ বাবে যি নীতি-নিয়ম মানিব লাগে, সেয়া ভৰিৰে মোহাৰি এতিয়া বৃদ্ধাশ্ৰমৰ ৰমৰমীয়া ব্যৱসায় গঢ়লৈ উঠিছে অসমত।

বৃদ্ধাশ্ৰম : এতিয়া ভাল ব্যৱসায়...
নীলাচলত অম্বুবাচী,জগন্নাথত ৰথযাত্ৰাৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in