নতুন ৰূপত, নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন...

নতুন ৰূপত, নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন...
নতুন ৰূপত, নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন...
Published on
Updated on
ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ চৰ্চা। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। পিছে পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ এই নিৰ্বাচন। কি কি ক্ষেত্ৰত পৃথক হ'ব এই নিৰ্বাচন? কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন? বৃদ্ধি পাব নেকি পঞ্চায়তৰ সংখ্যা? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছতে এতিয়া ৰাজ্যত পুনৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি আৰম্ভ হৈছে। ৫ জনকৈ বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰো প্ৰস্তুতি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত এই দুই নিৰ্বাচন সন্দৰ্ভত মুখ খুলিছে। সেই অনুসৰিয়েই অহা নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু পূৰ্বতকৈ বহু ব্যতিক্ৰম হ’ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। নতুনকৈ নিৰ্ধাৰণ কৰা হ’ব পঞ্চায়তৰ সীমা। প্ৰাৰ্থীসকলৰ বাবে বেলট পেপাৰত নাথাকিব দলীয় প্ৰতীক। ইয়াৰোপৰি পৰীক্ষা মূলকভাৱে এইবাৰ চাৰিৰ পৰা পাঁচখন জিলাত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হ’ব ইভিএম।

পুনৰ সীমা নিৰ্ধাৰণ হ’ব পঞ্চায়ত, জিলা পৰিষদৰ

ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৰাজ্যৰ বিধানসভা, লোকসভা সমষ্টিসমূহৰ ভৌগলিক সীমাৰ পৰিৱৰ্তন হৈছে। সেয়েহে পঞ্চায়ত তথা জিলা পৰিষদসমূহৰ এলেকাসমূহৰো ভৌগলিক সীমা পুনৰ নিৰ্ধাৰণৰ লগতে এইসমূহ পুনৰ গঠন কৰাতো প্ৰয়োজনীয় হৈ পৰিছে।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সেয়ে ৰাজ্যৰ পঞ্চায়তসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব। অতি শীঘ্ৰেই এই সন্দৰ্ভত অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে সাজু হৈছে সংশ্লিষ্ট বিভাগসমূহ।

এই প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা। নৱেম্বৰ মাহৰ আগলৈকে এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অন্ত পৰিছে পঞ্চায়তসমূহৰ কাৰ্যকাল

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ইতিপূৰ্বে ঘোষণা কৰিছে পঞ্চায়ত পুনৰ গঠনৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তক অধ্যক্ষ হিচাপে লৈ এক কমিটী গঠন কৰা হৈছিল। এই কমিটীৰ সদস্য সচিবৰ দায়িত্ব দিয়া হৈছিল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক।

ইতিমধ্যে যোৱা ৩ ফেব্ৰুৱাৰীতে পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ ৫ বছৰীয়া কাৰ্যকাল অন্ত পৰিছে। সময়মতে পুনৰ নিৰ্বাচন নোহোৱাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিব জে বি এক্কাই  পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ ভংগ কৰি তাৰ কৰ্তৃত্ব জিলা আয়ুক্তক গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। এই সময়ছোৱাত পঞ্চায়ত আৰু জিলা পৰিষদৰ কাম-কাজ আয়ুক্তৰ তত্বাৱধানত চলি আছে।

পুনৰ গঠনৰ পাছত বৃদ্ধি পাব পঞ্চায়তৰ সংখ্যাও

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলে ৰাজ্যৰ পঞ্চায়তসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ পুনৰ গঠন বাধ্যতামূলক কৰি তোলাৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়ন খণ্ড সমূহে পুনৰ গঠন কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। উন্নয়নখণ্ডসমূহৰ সীমা যাতে একেটা সমষ্টিৰ ভিতৰতেই থাকে তাৰ বাবে এইসমূহ পুনৰ গঠন কৰা হ’ব।

ঠিক সেইদৰেই পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদো যাতে দুই বা তিনিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয় তাৰ বাবে এইসমূহো পুনৰ গঠন কৰা হ'ব।ফলত পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনা ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও ব্যক্ত কৰিছে।

বেলত আৰু ইভিএমৰ জৰিয়তে হ'ব নিৰ্বাচন

এইবাৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ দৰেই হ'ব বেলটৰ জৰিয়তে। অৱশ্যে তাৰ মাজতে পৰীক্ষামূলকভাৱে ৪ ৰ পৰা ৫ খন জিলাত ইভিএমত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে।

দলীয় প্ৰতীকবিহীন ভাৱে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অতি শেহতীয়াকৈ কয় যে, পঞ্চায়ত নিৰ্বাচন বেলট পেপাৰত হয়। ইভিএমত এই নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি।কাৰণ এই নিৰ্বাচন তিনিটা স্তৰত হয়। কিন্তু এইবাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ চাৰিখন বা পাঁচখন জিলাত পৰীক্ষামূলকভাৱে ইভিএম ব্যৱহাৰ কৰা চিন্তা চৰ্চা কৰি আছে।

ৰাজ্যত আছে ২৪ হাজাৰৰো অধিক পঞ্চায়ত

তথ্য অনুসৰি বৰ্তমান ৰাজ্যত থকা পঞ্চয়াতৰ সংখ্যা হৈছে ২৪ হাজাৰ ২২২। আনহাতে আঞ্চলিক পঞ্চায়ত আছে ২,২০১ খন। জিলা পৰিষদ আছে ৪২০ খন।

২০১৮ ত এই আটাইবোৰ আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। ২০২৮-১৯ ত কাৰ্যকাল আৰম্ভ হোৱা এইসমূহ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে।

বিজেপিৰ দখলতে আছে সৰ্বাধিক পঞ্চায়ত, জিলা পৰিষদ

২০১৮ ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাত থকাৰ পিছতো বিজেপি আৰু অসম গণ পৰিষদে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰোপৰি প্ৰতিদ্বন্দিতা কৰিছিল কংগ্ৰেছ, এ আই ইউ ডি এফ, বি পি এফকে ধৰি অন্যান্যই।

নিৰ্বাচনী ফলাফল অনুসৰি ৪২০ খন জিলা পৰিষদৰ ভিতৰত বিজেপিয়ে সৰ্বাধিক ২১২ খন আসন দখল কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ১৪৭ খন, এ আই ইউ ডি এফে ২৬ খন, অসম গণ পৰিষদে ১৯ খন আৰু অন্যান্যই দখল কৰিছিল ১৬ খন আসন।

সেইদৰেই আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত বিজেপিয়ে ১০২৫ খন, কংগ্ৰেছে ৭৭১ খন, এ আই ইউ ডি এফে ১৩৯ খন, অসম গণ পৰিষদে ১১৮ খন আৰু অন্যান্যই ১৪৪ খন আসন দখল কৰিছিল।

পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰত আকৌ বিজেপিয়ে ৯৯৪ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৬০ খন, অসম গণ পৰিষদে ১৩৭ খন, এ আই ইউ ডি এফে ১৩০ খন আৰু অন্যান্যই ১৭৬ খন পঞ্চায়ত সভাপতি পদত জয় লাভ কৰিছিল।

নতুন ৰূপত, নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন...
অলিম্পিকলৈ অসমৰ গীতিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in