ফুলগুৰি ধেৱাঃ নগাঁৱৰ 'মানুহ পোৰা বিল' সাক্ষী ইংৰাজৰ অত্যাচাৰ আৰু কৃষকৰ প্ৰথম বিদ্ৰোহৰ

তেতিয়াই মানুহ এজনে একে মাৰতে চিংগাৰ চাহাবক মাটিত বগৰাই দিছিল।আধামৰা অৱস্থাতে লেফটেনেণ্ট চিংগাৰ চাহাবক বিদ্ৰোহীবোৰে চোঁচৰাই নি কলং নদীত উটুৱাই দিছিল। তেতিয়া কলঙৰ ফালে যোৱা মানুহবোৰক ইংৰাজে চিপাহীবোৰে গুলীয়াই য'ত প্ৰায় ৯ জন কৃষকৰ মৃত্যু হোৱাৰ লগতে বহু ঘূনীয়া হৈছিল।

author-image
Asomiya Pratidin
New Update
ফুলগুৰি ধেৱাঃ নগাঁৱৰ 'মানুহ পোৰা বিল' সাক্ষী ইংৰাজৰ অত্যাচাৰ আৰু কৃষকৰ প্ৰথম বিদ্ৰোহৰ

তেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় 'ফুলগুৰি ধেৱা'। নগাঁও জিলাৰ মানসপটৰ পৰা হেৰাই যাব নোৱাৰা এটা দিন। ব্ৰিটিছে কৰা শোষণৰ বিৰুদ্ধে কৃষকৰ সকলৰ সংগ্ৰাম আজিও অসমে গৌৰৱজ্জ্বল দিন হিচাপে স্মৰণ কৰে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন-

১৮৬১ চনৰ ১৮ অক্টোবৰ। যি দিনৰ ইংৰাজৰ উৎপীড়নৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল অসমীয়া কৃষক। এই ফুলগুৰিৰ ধেৱাত বহু কৃষকে প্ৰাণ হেৰুৱাইছিল। কিন্তু যি দৰে এই বিদ্ৰোহ সমাদৃত বা পূজনীয় হ'ব লাগিছিল আজিও হোৱা নাই।

১৮৫৬ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা 'ফুলগুৰি ধেৱা'ই প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহিত কৰিব পাৰি৷ কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে- সুদীৰ্ঘ ১৬০ টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো 'ফুলগুৰি ধেৱা'ই ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ’ল ৷

ফুলগুৰি ধেৱাৰ ইতিহাসঃ

১৮২৬ চনত মান ৰজা আৰু ইংৰাজৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজৰ হাতলৈ গ'ল। ইংৰাজে অসম দখল কৰি চাৰিওফালে পৰিবৰ্তনৰ সূচনা কৰিছিল যদিও অসমীয়াৰ ওপৰত চলাবলৈ আৰম্ভ কৰিছিল অকথ্য নিৰ্যাতন ।

ইংৰাজে শাসনভাৰ হাতত লৈ পাইক প্ৰথা বিলোপ কৰিছিল। দেশৰ মাটিৰ মালিকানা ইংৰাজে নিজৰ হাতলৈ নি প্ৰজাৰ লগত জমাবন্দী তৈয়াৰ কৰি মাটি বন্দোবস্তি ব্যৱস্থা কৰিছিল। নগদ ধনেৰে ৰাজহ লোৱাৰ ব্যৱস্থা কৰিছিল। অর্থনৈতিক ভাৱে বিধ্বস্ত কৃষকে নগদ ধনেৰে খাজানা দিব নোৱাৰিলে চৰকাৰে মাটি কাঢ়ি নিছিল।

ইংৰাজে প্ৰচলন কৰা ভূমি নীতিৰ প্ৰধান লক্ষ্য আছিল সর্বোচ্চ পৰিমাণে খাজানা আদায় কৰা, একশ্রেণী মাটিগিৰি আৰু সম্পত্তিশালী মানুহৰ সৃষ্টি কৰা, যিসকল ইংৰাজৰ বিস্বস্ত নিৰ্ভৰশীল ব্যক্তি হ'ব। কৰকাটলৰ উপৰিও প্ৰাচীন অসমীয়া সমাজ সভ্যতা, কৃষ্টি, বিচাৰ পদ্ধতি আদিৰ কামিহাড় ভাঙি তাৰ ভেটিত আচহুৱা ইংৰাজ ৰীতি-নীতি প্ৰচলন কৰাত সেইবোৰ অসমীয়া মানুহে মনে প্রাণে গ্রহণ কৰিব পৰা নাছিল। মূলত্ব ফুলগুৰিৰ ধেৱা এই সংঘৰ্ষৰে ফল।

বৃটিছৰ কৰ-কাটলৰ হেচাই ফুলগুৰিয়া আৰু ৰহা অঞ্চলৰ সাধাৰণ প্ৰজাক সজাগ কৰি তুলিছিল। ১৮৬১ চনত নতুনকৈ আয়কৰ লগোৱা ব্যৱস্থা কৰা হৈছিল। চৰকাৰে খাজানা বঢ়াই নি নি ৰূপিত মাটিৰ পুৰাত এটকা ছ অনা আৰু ফৰিঙতলিৰ এটকা, নাঙলটোৱে প্ৰতি দুটকা আৰু কোৰ খনে প্ৰতি এটকাকৈ খাজানা লোৱাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰিও তামোল- পাণৰ ওপৰতো কৰ-কাটল লগাইছিল। আনকি হাবিৰ কাঠ, বাঁহ, বেট, খেৰ, খাগৰি আদিৰ ওপৰতো কৰ আৰোপ কৰাইছিল। এনে ধৰণৰ কৰৰ বোজাই অসমীয়া ৰায়ত সকলক অতিষ্ঠ কৰি তুলিছিল।

১৮৬১ চনৰ ১৮ অক্টোবৰত সংঘটিত হোৱা এই ধেৱাত অন্যান্য সকলৰ লগতে ৰহাৰ ৰহিয়াল বৰুৱাৰ অধীনৰ পাচোৰজাৰ পোৱালীয়েও মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও ৰহিয়াল বৰুৱাৰ গোপন মেলবোৰত জাগীয়াল গোঁহাইৰ অধীনৰ সাতোৰজা বঘৰা, মায়ং, কুমৈ, শুখনাগোগীয়া, ঘগোৱা, নেলী তেতেলীয়াৰ লালুং পোৱালী ৰজা সকলেও অংশ গ্রহণ কৰিছিল আৰু বিদ্ৰোহত তেওংলোকৰ সৈন্য সামন্ত দি সহায় কৰিছিল।

ইতিমধ্যে বৃদ্ধি হোৱা খাজানা, ব্ৰিটিছৰ শাসনে ৰাইজক অতিষ্ঠ কৰি তুলিছিল। টোপাকুছিৰজাৰ দ্বাৰা আয়োজিত ৰাইজমেলত টোপাকুছি গাঁৱৰ সাতজুপি আঁহতৰ তলত কতগুৰি গাঁৱৰ টোপাকুছি ৰজাৰ সেনাপতি কুলচিং সেনাপতিৰ ঘৰৰ লক্ষন সিঙক এই ৰণৰ সেনাপতি পাতে। প্ৰবাদ আছে লক্ষন চিঙে তৰুৱাল চালনা কৰোতে পাঁচশাৰী কলপুলি একে ঘাপতে কাটিব পাৰিছিল।

১৮৬১ চনৰ ১৭ চেপ্তেম্বৰৰ দিনা ফুলগুৰি আৰু অন্যান্য অঞ্চলৰ প্ৰায় এহেজাৰ লোক সমদল কৰি আয়কৰ, পান, তামোল, কাঠ, বাঁহ, বেত, খেৰ, খাগৰি আদিৰ ওপৰত লগোৱা কৰ কাটলৰ বিৰুদ্ধে দৰ্খাস্ত দিবলৈ তেতিয়াৰ নগাঁও জিলাৰ উপায়ুক্ত লেফটেনেণ্ট কর্ণেল হবট স্কনচ্ চাহাবৰ আদালতত হাজিৰ হৈছিল।

ডিষ্ট্রিক্ট অফিচাৰ লেফটেনেণ্ট স্কনচ্ চাহাব এজন অতি অত্যাচাৰী শাসনকর্তা আছিল। তেওঁক দেখা কৰিবলৈ যোৱাতোও দোষণীয় আছিল। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল ইংৰাজ উৎপীড়নৰ জৰিয়তে ৰাইজৰ পৰা খাজানা আদায় কৰাটো। সেইদিনা স্কনচ্‌ আদালতত হাজিৰ হোৱা মানুহ খিনিক চিপাহীৰ দ্বাৰা মাৰ পিত কৰাই গোটেই দিনটো পানী এটুপি নিদিয়াকৈ জেলত আৱদ্ধ কৰি ৰাখিছিল । (এইজন স্কনচ্ইে ফুলগুৰিৰ ওচৰৰ গড়মুৰ সত্ৰৰ নামঘৰৰ ভিতৰত শ শ মানুহৰ উপস্থিতিত জোতা, মোজা, টুপীসহ বৈকুণ্ঠ স্বৰূপ গোঁসাই ভেটিৰ ওপৰত থকা সিংহাসনত বহি ধৰ্ম্মপ্ৰাণ ৰাইজক মৰ্ম্মাহত কৰি তুলিছিল।)

অৱশেষত ৰাইজে দলবদ্ধ হৈ কৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ফুলগুৰিৰ ৰাইজে এই বিষয়ে আলোচনা কৰিবৰ বাবে অন্যান্য অঞ্চলৰ ৰাইজকো আমন্ত্ৰণ জনাই ১৮৬১ চনৰ ১৫ অক্টোবৰৰ পৰা পাঁচদিনীয়া ৰাইজমেল পাতিবলৈ ঠিক কৰিলে। ৰাইজমেলৰ সম্ভেদ পাই ১৮ অক্টোবৰৰ দিনা নতুনকৈ Assistant Commissioner ছিংগাৰ চাহাব আৰু ডাৰোগা, চিপাহী বৰকান্দাজ সহ আহি ফুলগুৰি পাইছিল।

ছিংগাৰ চাহাবে মানুহবোৰক লাঠিবোৰ পেলাই দিবলৈ হুকুম দিছিল। ছিংগাৰ চাহাবে মানুহবোৰৰ হাতৰ পৰা টাঙোনবোৰ কাঢ়ি নিছিল । তেনেতে বৰকান্দাজ এটাক কোনোবাই লাঠিৰে কোব মাৰিছিল। তেতিয়া চাহাবৰ খং উঠিছিল। পোনপ্রথমে মাৰ সোধোৱা জনৰ নাম আছিল মৰাচিং। তেওঁৰ হাতৰ পৰা লাঠিডাল কাঢ়ি আনিছিল। তেতিয়াই মানুহ এজনে একে মাৰতে চিংগাৰ চাহাবক মাটিত বগৰাই দিছিল।

আধামৰা অৱস্থাতে লেফটেনেণ্ট চিংগাৰ চাহাবক বিদ্ৰোহীবোৰে চোঁচৰাই নি কলং নদীত উটুৱাই দিছিল। তেতিয়া কলঙৰ ফালে যোৱা মানুহবোৰক ইংৰাজে চিপাহীবোৰে গুলীয়াই য'ত প্ৰায় ৯ জন কৃষকৰ মৃত্যু হোৱাৰ লগতে বহু ঘূনীয়া হৈছিল।

সেয়া আছিল পৰাধীন ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ প্ৰথম বিদ্রোহ। এজন ইংৰাজ চাহাবৰ মৃত্যু। ১৯ অক্টোবৰৰ পুৱা ঘটনাষ্ঠলীতে বিদ্রোহীসকলৰ এখন সভা বহিছিল। কেপ্তেইন কেম্পবেলৰ নেতৃত্বত ৫০ জন ইংৰাজ চিপাহী তেজপুৰৰ পৰা নগাঁও আহি পাইছিল।

কেপ্তেইন কেম্পবেলৰ সৈন্যসকল আহি সভাস্থলীৰ নিৰস্ত্ৰ লোকসকলৰ এজনো সাৰিব নোৱাৰাকৈ ঘেৰি ধৰিছিল। কেপ্তেইনে ১ মিনিটতে মানুহবোৰক সভাস্থলী এৰি যাবলৈ হুকুম দিছিল যদিও সেয়া সম্ভৱ নাছিল। তাৰপাছতেই চাহাবজনে দিছিল গুলীচালনাৰ নিৰ্দেশ। এই গুলীচালনাত চৰকাৰী পক্ষৰ মতে ৯ জন কৃষকৰ মৃত্যু হৈছিল যদিও বেচৰকাৰী মতে ইয়াৰ পৰিমাণ ৬০ৰ অধিক।

“মানুহ পোৰা বিল”

এই অমানুষিক হত্যাকাণ্ডৰ পাছতেই সমগ্র ফুলগুৰি অঞ্চলতেই পুলিচ-মিলিটাৰীৰ অত্যাচাৰ আৰম্ভ হৈছিল আৰু সমগ্ৰ অঞ্চলত কান্দোনৰ ৰোল উঠিছিল। মৰাশবোৰ গেলি-পচি গৈছিল। ফুলগুৰিত বাঁহৰ গড়াল সাজি শ শ মানহক মুকলি আকাশৰ তলত অমানুষিক অত্যাচাৰ কৰি ভালেদিন ৰাখিছিল ৷ আহত আৰু নিহত সকলক একেলগে ৰাখিছিল।

পাছত আত্মীয়সকলে মৰাশবোৰ চুৰ কৰি নি কলঙৰ দক্ষিণ পাৰে এখন হাবিৰ মাজত থকা বিলৰ পাৰত ৰাইজে সমূহীয়া সৎকাৰ কৰিছিল। সেইখন বিল আজিও “মানুহ পোৰা বিল” নামেৰে খ্যাত হৈ যুগ-যুগান্তৰৰ বাবে চাহাবৰ অত্যাচাৰ-অনাচাৰৰ কথা মনত পেলাই থাকিব।

দুভাগ্যজনকভাৱে ভাৰতবৰ্ষৰ এই প্ৰথম কৃষক বিদ্রোহে আজি পৰ্য্যন্ত ইয়াৰ প্ৰকৃত মৰ্য্যাদা লাভ কৰা নাই। যিদৰে ই বন্দিত হ'ব লাগিছিল, সেই ধৰণেৰে ইয়াৰ প্ৰচাৰ হোৱা নাই। এই বিদ্ৰোহৰ অধিক অধ্যয়ন, প্ৰচাৰ আৰু প্ৰসাৰ অতি প্ৰয়োজনীয়।

Also Read: প্ৰেম এতিয়া বিপ্লৱ!

Phulaguri Uprising