নাই পতাকা, নাই দেশ : বীৰদৰ্পে অলিম্পিকত প্ৰৱেশ

নাই পতাকা, নাই দেশ : বীৰদৰ্পে অলিম্পিকত প্ৰৱেশ
Published on
Updated on

যিকোনো আন্তৰ্জাতিক পৰ্যায়ৰ খেলত খেলুৱৈসকলে প্ৰতিনিধিত্ব কৰে নিজ নিজ দেশক। তেঁওলোকৰ শিৰত থাকে দেশবাসীৰ আশীৰ্বাদ। খেলৰ সময়ত ষ্টেডিয়ামত অহৰ্নিশে উৰি থাকে বিজয়সূচক জাতীয় পতাকা। পিছে এনে কিছু খেলুৱৈ আছে তেঁওলোকৰ কোনো দেশেই নাই। নাই পতাকাও। তেনে কিছু খেলুৱৈৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত ভাস্কৰ শৰ্মাৰ এই লেখা-

অলিম্পিক। বিশ্বৰে অন্যতম তথা আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতা। প্ৰতিখন দেশ তথা প্ৰতিগৰাকী খেলুৱৈৰে সপোন থাকে অলিম্পিকত প্ৰতিনিধিত্ব কৰা। এই সপোন কাৰোবাৰ পূৰণ হয়, আন কাৰোবাৰ নহয়।

অলিম্পিক বুলিলেই সমগ্ৰ বিশ্বজুৰি থাকে ক্ৰীড়াপ্ৰেমীৰ উন্মাদনা। এই উন্মাদনা- উত্তেজনাৰ মাজতে আজিৰ পৰা আৰম্ভ হৈছে পেৰিছ অলিম্পিক। য’ত অংশ লৈছে বিশ্বৰ ২০৬ খন দেশৰ ক্ৰীড়াবিদসকলে। নিজ নিজ দেশক অলিম্পিক পদক জয়ৰে গৌৰাৱান্বিত কৰাৰ আশা বুকুত বান্ধি পেৰিছলৈ উৰা মাৰিছে খেলুৱৈসকল।

কিন্তু তাৰ মাজতে এনে একাংশ খেলুৱৈ আছে যিসকলৰ নাই কোনো দেশ। তেঁওলোকৰ শিৰত নাই দেশবাসীৰ আশীৰ্বাদ। এওঁলোকৰ নাই নাগৰিকত্ব, নাই উৰুৱাবলৈ পতাকা, নাই স্থায়ী ঠিকনা । তথাপি অলিম্পিকৰ বিভিন্ন খেলত প্ৰতিদ্বন্দ্বিতা কৰিব এইসকল দুৰ্ভগীয়া খেলুৱৈয়ে।

তেওঁলোকৰ এটাই পৰিচয়, সেয়া হৈছে ‘শৰণাৰ্থী।’ সন্ত্ৰাস, হিংসা, অত্যাচাৰ, নিৰ্যাতন আদিৰ ভয়ত বিভিন্ন দেশৰ পৰা আহি থিতাপি লোৱা এইসকল খেলুৱৈৰ প্ৰতিভাৰ ওচৰত হাৰমানে হাজাৰ প্ৰত্যাহ্বানে।

১১ খন দেশৰ পৰা নিজৰ নিজৰ দেশ ত্যাগ কৰি অহা এওঁলোক একো একোজন শৰণাৰ্থী। পিছে এওঁলোকৰো আছে এটা ৩৭জনীয়া দল।

যিয়ে অলিম্পিকৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ ল’ব। এই খেলুৱৈসকল কেৱল খেলুৱৈয়েই নহয়, বিশ্বৰ কোটি কোটি লোকৰ বাবে আশাৰ কিৰণসদৃশ। ইয়াৰে ২৪গৰাকী পুৰুষ আৰু ১৩ গৰাকী মহিলা খেলুৱৈ।

এশ বছৰৰ মূৰত পেৰিছত অনুষ্ঠিত হোৱা ক্ৰীড়া মহাযুদ্ধত অংশ ল’ব শৰণাৰ্থীৰূপী একো একোটা জ্যোতিষ্কই। ইতিমধ্যে ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০২১ৰ অলিম্পিকত এওঁলোকে অংশগ্ৰহণ কৰি কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমানেও একে লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পদাৰ্পণ কৰিছে প্ৰেমৰ চহৰ পেৰিছত।

যিহেতু তেঁওলোকৰ নিজা দেশ অথবা পতাকা নাই, সেয়েহে তেঁওলোকে অলিম্পিকৰ ৫ আঙুঠিযুক্ত পতাকা আৰু ইয়াৰ প্ৰতীক চিহ্ণসম্বলিত পোচাক পিন্ধিয়েই অলিম্পিকত অৱতীৰ্ণ হ’ব। যাৰ ৰং, নীলা, ক’লা, ৰঙা, হালধীয়া আৰু সেউজীয়া।

উল্লেখযোগ্য যে তেঁওলোকৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে- বিশ্বজুৰি ১০ কোটিতকৈ অধিক বলপূৰ্বকভাৱে স্থানচ্যুত হোৱা লোকক প্ৰতিনিধিত্ব কৰা। শৰণাৰ্থী দলটোৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত ফিলিপো গ্ৰেণ্ডিয়ে কয়- ‘শৰণাৰ্থী অলিম্পিক দলটোৱে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে যুদ্ধ বা নিৰ্যাতনৰ বাবে ঘৰ এৰি পলায়ন কৰিবলগীয়া হোৱা সকলোৰে বাবে সাহস হিচাপে কাম কৰিব। এই পৰিৱৰ্তন কেৱল অলিম্পিক খেলুৱৈৰ বাবেই নহয়, সকলোৰে বাবে।‘

এইবাৰৰ অলিম্পিকত অংশগ্ৰহণ কৰা শৰণাৰ্থী খেলুৱৈসকলৰ অধিকাংশই ইৰানৰ। ইৰানৰ ১৪গৰাকী খেলুৱৈ আছে শৰণাৰ্থী অলিম্পিক দলটোত। কেৱল ইমানেই নহয় ইথুপিয়াৰ আইৰু টেচফোম গেব্ৰু নামৰ চাইক্লিষ্টগৰাকীয়ে অলিম্পিক শিখা বহন কৰাৰ সৌভাগ্যও ঘটে।

তেঁও হৈছে প্ৰথমগৰাকী খেলুৱৈ, যিয়ে শৰণাৰ্থী খেলুৱৈ হিচাপে অলিম্পিক শিখাৰ শোভাযাত্ৰাত অংশ লৈছে। ইয়াৰ পূৰ্বে কোনো শৰণাৰ্থী খেলুৱৈয়ে অলিম্পিক শিখা বহন কৰাৰ সৌভাগ্য ঘটা নাই।

উল্লেখযোগ্য যে মুঠ ১১ খন দেশৰ খেলুৱৈৰে গঠন কৰা হৈছে শৰণাৰ্থী অলিম্পিক দলটো। দেশকেইখন হৈছে- ৰিপাব্লিক অৱ দা কংগো, চুদান, দঃ চুডান, ইৰিষ্ট্ৰিয়া, চিৰিয়া, ইথুপিয়া, ইৰান, কেমেৰুণ, আফগানিস্তান, কিউবা আৰু ভেনিজুৱেলা।

এইবাৰৰ অলিম্পিকত ভাগ লোৱা শৰণাৰ্থী দলটো নাম আৰু অংশ ল’ব লগা খেলসমূহ তলত উল্লেখ কৰা হ’ল-

User

গতিকে এই ৩৭গৰাকী খেলুৱৈৰ প্ৰতি নিৰ্দিষ্ট কোনো দেশৰ আশীৰ্বাদ নাথাকিলেও বিশ্ববাসীৰ আছে অলেখ শুভকামনা। নাগৰিকত্ব নোহোৱা, স্থায়ী ঠিকনা নোহোৱা এইসকল খেলুৱৈৰ পৰিচয় শৰণাৰ্থী নহৈ পাওক বিশ্বতে স্বীকৃতি। ৰিঅ’, টকিঅ’ আৰু পেৰিছ পাৰ যোৱা শৰণাৰ্থীৰ দলটোৱে অনাগত বহু অলিম্পিকত নিজৰ সুকীয়া পৰিচয়ে উদ্ভাসিত হওঁক...

নাই পতাকা, নাই দেশ : বীৰদৰ্পে অলিম্পিকত প্ৰৱেশ
ডায়েবেটিছ পলাব! নাচপতি যেতিয়া পেটত পৰিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in