অহংকাৰী হৈছে বিজেপি ! আৰ এছ এছৰে বাঢ়িছে দূৰত্ব...

অহংকাৰী হৈছে বিজেপি ! আৰ এছ এছৰে বাঢ়িছে দূৰত্ব...
অহংকাৰী হৈছে বিজেপি ! আৰ এছ এছৰে বাঢ়িছে দূৰত্ব...
Published on
Updated on
লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পাছতে বিজেপি আৰু বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছৰ মাজত বৃদ্ধি পাইছে দূৰত্ব। আৰ এছ এছ নেতাই বিজেপিক আখ্যা দিছে অহংকাৰী। আৰ এছ এছৰ মুখপত্ৰত প্ৰকাশ পাইছে বিজেপি বিৰোধী প্ৰবন্ধ। দুয়োটা সংগঠনৰ মাজৰ এই সংঘাত আৰু সাম্প্ৰতিক ৰাজনৈতিক সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

অৱতাৰী পুৰুষ শ্ৰীৰামৰ মহিমা অপাৰ। ৰামে কাৰো সৈতে অন্যায় নকৰে, সকলোৰে সৈতে কেৱল ন্যায় কৰে। এইগৰাকী অৱতাৰী পুৰুষক কেন্দ্ৰ কৰি এইবাৰ লোকসভা নিৰ্বাচনত ৪০০ খনৰো অধিক আসনত বিজয়ী হোৱাৰ সপোন দেখিছিল ভাৰতীয় জনতা পাৰ্টিয়ে। কিন্তু তেওঁলোকৰ এই সপোন পূৰণ নকৰিলে ৰামে।

নিৰ্বাচনৰ সময়ৰে পৰা বিজেপি আৰু বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছৰ মাজৰ সংঘাত এইবাৰ স্পষ্ট হৈ পৰিছিল। এই সংঘাতৰ কাৰণ বহুকেইটাই আছিল। আৰ এছ এছৰ নেতা ইন্দ্ৰেশ কুমাৰৰ মতে ৰামে বিৰোধী 'ইণ্ডিয়া'ক এইবাৰ যিদৰে এক শিক্ষা দিলে ঠিক সেইদৰেই শাসনত থাকি অহংকাৰী হৈ পৰা বিজপিকো এক শিক্ষা দিলে। অহংকাৰী হৈ পৰা বিজেপিক শাসনলৈ আনিলে যদিও তেওঁলোকৰ যি আশা, আকাংক্ষা আছিল তাক পূৰণ নকৰিলে।

বিজেপিৰ নিৰ্বাচনী ইছ্যু আছিল ৰাম !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তথা সংসদত অপ্ৰতিৰোধ্য হৈ পৰিবিলৈ এইবাৰ মূলতঃ ৰামকেই ব্যৱহাৰ কৰিছিল বিজেপি নেতৃত্বই।নিৰ্বাচনৰ পূৰ্বেই বিতৰ্কিত এক পৰিস্থিতিৰ মাজেৰে শংকৰাচাৰ্যকো নস্যাত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে উন্মোচন কৰিছিল অসম্পূৰ্ণ ৰাম মন্দিৰ।

দেশজুৰি এনে এক পৰিবেশ সূচনা কৰা হৈছিল যেন পুনৰ বনবাসৰ পৰাহে ঘূৰি আহিছে ৰাম।  এইসকলোৰে উৰ্ধত গৈ একাংশই এনে কিছুমান ছবি প্ৰচাৰ কৰিলে য’ত প্ৰধানমন্ত্ৰী মোডীৰ হাতত ধৰি অযোধ্যাৰ মন্দিৰত প্ৰৱেশ কৰিছে ৰাম লালাই।ধৃষ্টতাৰ সকলো সীমাই যেন অতিক্ৰম কৰিলে তেওঁলোকে।

অযোধ্যাৰ ৰাম মন্দিৰ, যোগনায়ক ৰামৰ প্ৰতি সেয়া তেওঁলোকৰ ভক্তি নে অহংকাৰ এনেবোৰ কাৰ্যই প্ৰমাণ কৰিলে। যি ৰামক পূজা কৰাৰ কথা কয় সেই ৰামেই হৈ পৰিল দেশৰ নিৰ্বাচনী ইছ্যু।

বিজেপিক ভোট নিদিলে ৰাম মন্দিৰত তলা লাগিব, ৰাম লালা বনবাসলৈ যাব লাগিব আদি কথা-বতৰাইহে স্থান পালে নিৰ্বাচনী প্ৰচাৰ সভাত। যি ৰামক কেতিয়াও নিৰ্বাচনী প্ৰচাৰৰ অংশ কৰা নহ’ব বুলি এসময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাকৈ ঘোষণা কৰিছিল সেই প্ৰধানমন্ত্ৰীৰ মুখতেই নিৰ্বাচনী প্ৰচাৰ সভাত সৰ্বাধিক শুনিবলৈ পোৱা গ’ল ৰামৰ কথা।

অৱতাৰী পুৰুষ ৰাম নহয়, 'বিশ্বগুৰুহে' !

দুটাকৈ কাৰ্যকাল একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাই যি ইচ্ছা তাকেই কৰি অহংকাৰী হৈ পৰা বিজেপি দলটোৰ নেতৃত্বৰ একাংশই ৰামৰ পৰিৱৰ্তে নিজকে ৰাম ভক্ত বুলি দাবী কৰি 'বিশ্বনেতা' হ’বলৈ যোৱা এজনকহে এইবাৰ ৰাজহুৱাকৈ অৱতাৰী পুৰুষ আখ্যা দিলে। আনকি সেই অৱতাৰী পুৰুষে নিজকে বায়লজীকেল নহয় বুলি কৈ তেওঁক ঈশ্বৰেহে পৃথিৱীলৈ প্ৰেৰণ কৰিছে বুলিও দাবী কৰিলে। তেওঁ এই কথাও কলে ঈশ্বৰেহে তেওঁ কৰা কামবোৰ কৰোৱাই।

এইগৰাকী অৱতাৰী পুৰুষকে সন্মুখত লৈ ৪০০ খনৰো অধিক আসনৰ সপোন দেখিছিল বিজেপিয়ে। সকলো জপিয়াই পৰিছিল কেৱল এজন ব্যক্তিক পূজা কৰাত। কিন্তু এনে দৃশ্য পূৰ্বে এই দলটোত নাছিল। ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আছিল এই দলটোৰে প্ৰতিনিধি।

সৰ্বজনপ্ৰিয় এই নেতাই কিন্তু নিজকে এনেদৰে অৱতাৰী পুৰুষ আখ্যা দিয়া নাছিল। সেই সময়ৰ বিজেপি নেতৃত্ব লিপ্ত নাছিল ব্যক্তি পূজাত। আনকি বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছো ব্যক্তি পূজাত বিশ্বাসী নহয়।

অহংকাৰ হলেই পতন নিশ্চিত  

নিজৰ শিপা পাহৰি এনেকৈ অহংকাৰত মত্ত হৈ থকা এইসকল নেতাই ইয়াৰ শিক্ষা এইবাৰ লোকসভা নিৰ্বাচনত ভালকৈয়ে পালে। চৰকাৰ গঠন কৰিলে যদিও সকলো সময়তে এক দুঃচিন্তাৰ মাজেৰে পাৰ হৈছে সময়। কোন সময়ত, কোনে লেং মাৰে তাৰ কোনো নিশ্চয়তা নাই।

২০১৯ ত একক ভাৱে ৩০৩ খন আসন লাভ কৰা বিজেপিয়ে এইবাৰ ৪০০ ৰো অধিক আসন লাভৰ সপোন দেখি এক 'নেৰেটিভ' প্ৰচাৰ কৰিলে যদিও ভোটগণনাত লাভ কৰিলে মাত্ৰ ২৪০ খনহে আসন। চৰকাৰ গঠন কৰিবলৈ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিবলগীয়া হৈছে তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ ওপৰত। এই দুয়োটা দল যদিও এন ডি এৰ অংশীদাৰ তথাপিও বিজেপিৰ সৈতে এই দুয়োটা দলৰ ইতিহাস কি সেয়া নতুনকৈ উল্লেখ কৰা প্ৰয়োজন নাই।

চৰাৰ গঠন কৰি এনে পৰিস্থিতিৰ সন্মুখীন হোৱা বিজেপিৰ সেই অহংবোধক এতিয়া মুকলিকৈয়ে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে আৰ এছ এছে। আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সদস্য ইন্দ্ৰেশ কুমাৰে জয়পুৰৰ এখন সমাৰোহত কোনো এটা ৰাজনৈতিক দলৰে নাম নোলোৱাকৈ বিজেপি আৰু বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ক চোকা সমালোচনা কৰিছে। নিজৰ ভাষণত তেওঁ এইবাৰ ২৪০ খন আসন লাভ কৰা বিজেপিক স্পষ্টকৈ অহংকাৰী আখ্যা দিছে।

আৰ এছ এছ নেতাগৰাকীয়ে কি কলে?

আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী পৰিষদৰ সদস্য ইন্দ্ৰেশ কুমাৰে জয়পুৰৰ এক সমাৰোহত অংশগ্ৰণ কৰি বিজেপিৰ নাম নোলোৱাকৈ চোকা সমালোচনা কৰিছে। তেওঁ কৈছে ৰামে কাৰো সৈতে অন্যায় নকৰে, সকলোৰে সৈতে কেৱল ন্যায় কৰে।

তেওঁ বিজেপিক অহংকাৰী আখ্যা দি কৈছে ''ৰামে সকলোকে ন্যায় দিয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ চাওক, যিসকলে ৰামক উপাসনা কৰিছিল সেই দলক সৰ্ববৃহৎ দল হিচাপে গঢ়ি তুলিছিল। কিন্তু এই দলটো লাহে লাহে অহংকাৰী হৈ পৰিল। সেয়ে তেওঁলোকৰ সেই ক্ষমতা হ্ৰাস পালে।''

তেওঁ কৈছে, ''ভগৱান ৰামে ভেদভাদ নকৰে আৰু কাকো শাস্তিও নিদিয়ে। ৰামে সকলোকে ন্যায় দিয়ে। তেওঁ ন্যায়ৰ সেই ধাৰা সদায়েই অব্যাহত ৰাখিব। ভগৱান ৰাম সদায় ন্যায়প্ৰেমী আৰু সদায় ন্যায়প্ৰেমী হৈ থাকিব। ৰামে সৰ্বসাধাৰণক যেনেকৈ ৰক্ষা কৰিছিল তেনেকৈয়ে ৰাৱণৰো মংগল কৰিছিল।''

বিজেপি- আৰ এছ এছৰ মাজত বাঢ়িছে দূৰত্ব !

এইবাৰ লোকসভা নিৰ্বাচনত পূৰ্বৰ দৰে আৰ এছ এছে ভাৰতীয় জনতা পাৰ্টিৰ হৈ তৃণমূল পৰ্যায়ত কাম নকৰাৰ অভিযোগ উঠিছিল। বিজেপিয়ে ভাৰতত একক সংখ্যা গৰিষ্ঠতাৰে দুটাকৈ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ আঁৰত যে আৰ এছ এছৰ শক্তিশালী ভূমিকা আছিল সেয়া সকলোৱে জানে।

কিন্তু সেই আৰ এছ এছে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ তৃণমূল পৰ্যায়ত কাম নকৰাৰ অভিযোগ উঠিছিল। এই অভিযোগ আনিছিল স্বয়ং বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে। তেওঁ এই বুলিও দাবী কৰিছিল যে আৰ এছ এছ অবিহনেও বিজেপিয়ে নিৰ্বাচনত জয়ী হ’ব পাৰে।

নিৰ্বাচনৰ মাজতেই সংবাদ মাধ্যমৰ আগত জেপি নড্ডাই কৈছিল বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰ এছ এছক আগুৰি ধৰিছে। বিজেপিৰ নেতা, কৰ্মীসকলেহে দলটোক নিৰ্বাচনত জয়ী কৰায়। আৰ এছ এছে নকৰায়।

ভোটগ্ৰহণৰ সময়ত আৰ এছ এছৰ কেডাৰ বিজেপিৰ সপক্ষে ওলাই অহা নাই বুলি দাবী কৰিছিল নড্ডাই। জেপি নড্ডাই নিৰ্বাচনৰ মাজত এই দাবী কৰাৰ পাছতে আকৌ শেহতীয়াকৈ আৰ এছ এছৰ সৰসংঘ সঞ্চালক মোহন ভগৱতেও মণিপুৰ প্ৰসংগত বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্যকৰি সমালোচনা কৰিছে। তেওঁ এবছৰৰো অধিক সময় জ্বলি জ্বলি অশান্ত হৈ থকা মণিপুৰক গুৰুত্ব দিবলৈয়ো আহ্বান জনাইছে।

ইফালে আৰ এছ এছৰ মুথপত্ৰতো এইবাৰ মহাৰাষ্ট্ৰৰ চৰকাৰত এন চি পিৰ অজিত পাৱাৰ গোটক অংশীদাৰ কৰিলোৱা কাৰ্যৰো সমালোচনা কৰিছে। মুখপত্ৰখনৰ এটা প্ৰবন্ধত কোৱা হৈছে দলবাগৰা নেতাক গুৰুত্ব দিবলৈ গৈ বিজেপিয়ে দলৰ প্ৰকৃত কৰ্মীসকলক গুৰুত্বহীন কৰিলে।

এই প্ৰবন্ধটোক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা আৰম্ভ হৈছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন চি পিয়েও। ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হোৱাৰ সময়তে এনে প্ৰবন্ধই ৰাজনৈতিক অংকত খেলিমেলি লগোৱাতো নিশ্চিত হৈছে।

অসমৰ বিজেপি চৰকাৰো হৈছে সমালোচিত আৰ এছ এছ নেতাৰ দ্বাৰা

লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসম বিজেপিক মুকলিকৈ সমালোচনা কৰিছিল আৰ এছ এছৰ অসম প্ৰান্তৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকদাস কলিতাই। কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপি পৰাস্ত হোৱাৰ পিছতে তেওঁ সামাজিক মাধ্যমত মুকলিকৈ বিজেপিক সমালোচনা কৰিছিল।

তেওঁ বুজাইদিছিল যদিহে ভুলৰ শুধৰণি কৰা নহয় তেন্তে অসমতো বিজেপিৰ কৰ্ণাটকৰ দৰেই অৱস্থা হ'ব। তীৰ্থাংকদাস কলিতাই সেই সময়তে যি অনুভৱ কৰিছিল সেই অনুভৱৰ সত্যতা এইবাৰ লোকসভা নিৰ্বাচনতে প্ৰমাণ হ'ল।

কৰ্ণাটকৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় আৰু অসমৰ বিজেপিৰ একাংশ নেতাই চূড়ান্ত দাম্ভিকতাৰে এই পৰাজয়ক নস্যাত কৰিছিল। বিজেপিৰ শক্তি আৰু জনপ্ৰিয়তা কোনো গুণে হ্ৰাস নাই পোৱা বুলি অহংকাৰত মত্ত হৈ আছিল। তাৰ পৰিণাম লাভ কৰিলে এইবাৰৰ নিৰ্বাচনত।

কেৱল হিতাধিকাৰী আঁচনিৰে ৰাজ্যত বিজেপিৰ সপক্ষে এক পৰিৱেশ ৰচনা কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল এইগৰাকী আৰ এছ এছ নেতাই। তেওঁ কৈছিল ''হিতাধিকাৰীয়ে ভোট দিবই বুলি কোনো কথা নাই, নগদ ধনৰ আঁচনিবোৰে দলীয় নেতৃত্বক লালায়িত কৰে,সাধাৰণ কৰ্মীক হতাশ কৰে। কৰ্মী ন'হলে সংগঠন কিদৰে শক্তিশালী হ'ব ? বিনা সংগঠনেৰে নিৰ্বাচনত বিজয় সাব্যস্ত কৰা কঠিন ।''

আৰ এছ এছ নেতাগৰাকীৰ এই কথাৰে প্ৰমাণ অসম বিজেপিয়ে হয়তো লাভ কৰিলে যোৰহাট সমষ্টিত। এখন চৰকাৰ এই সমষ্টিত জপিয়াই পৰাৰ পাছতো ডেৰলাখৰো অধিক ভোটত লোকসভালৈ নিৰ্বাচিত হ'ল গৌৰৱ গগৈৰ।

অকলেই এখন চৰকাৰৰ বিৰুদ্ধে যুঁজ দি জয়ী হোৱা গৌৰৱ গগৈৰ ওচৰত এখন চৰকাৰ পৰাজিত হ'ল। অথচ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হিতাধিকাৰী আঁচনিৰ ফৰ্ম বিলাই ৰাহুল গান্ধীৰ সেই যাত্ৰাত অংশগ্ৰহণৰ পৰা এই সমষ্টিৰ মহিলাক কৌশলেৰে আঁতৰাই ৰাখিছিল অসম চৰকাৰে।

নিৰ্বাচনৰ মাজতো কৌশলৰে চলাই আছিল অৰুণোদয় আঁচনিৰ প্ৰচাৰ। এই প্ৰচাৰেও শেষ ৰক্ষা নকৰিলে দলটোক। চৰম অহংকাৰ আৰু দাম্ভিকতাৰে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ নেতাসকলে এতিয়া এই প্ৰসংগত মুখ খুলিব নোৱাৰা এক পৰিৱেশৰ সূচনা হৈছে।

অহংকাৰী হৈছে বিজেপি ! আৰ এছ এছৰে বাঢ়িছে দূৰত্ব...
ইভিএমত ফাউল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in