বগা চন্দন কেৱল কপালৰ ফোটৰ বাবে নহয় : আন্তৰ্জাতিক চাহিদা থকা বগা চন্দনে দিব পাৰে কোটি টকা

বগা চন্দন কেৱল কপালৰ ফোটৰ বাবে নহয় : আন্তৰ্জাতিক চাহিদা থকা বগা চন্দনে দিব পাৰে কোটি টকা
Published on
Updated on

প্ৰকৃতিয়ে দিছে নানা তৰহৰ সা-সামগ্ৰী। বিশ্বৰ বুকুত পোৱা বিবিধ সা-সামগ্ৰীয়ে মানৱ জাতিৰ কল্যাণ সাধে। প্ৰতিপালন-যতন আদিৰ দ্বাৰাই তাক আমি আমাৰ ধৰণে উপভোগ্য কৰি তোলো। প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰো। প্ৰকৃতিৰ অন্যতম সৃষ্টি হৈছে চন্দন গছ। চন্দন গছক ভাৰতীয় সভ্যতাত আধ্যাত্মিক দৃষ্টিভংগীৰে চোৱা হয়। হিন্দু ধৰ্মত ইয়াক আধ্যত্মিক কাৰণত ব্যৱহাৰ কৰা হয়। অৱশ্যে ব্যৱসায়িক দৃষ্টিৰে চালে ইয়াৰ পৰা বহু ব্যৱহাৰযোগ্য সামগ্ৰী উৎপাদন কৰাৰ থল আছে। চন্দন গছৰ খেতি এতিয়া লাভজনক খেতি হিচাপে বিশ্বৰ বজাৰত বিবেচিত হৈছে। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'বিশেষ প্ৰতিবেদন' শিতানত এই লেখা।

চন্দন গছ। প্ৰকৃতিৰ অনুপম সৃষ্টি। সাধাৰণতে চন্দন বুলিলে মনলৈ আহে কপালত লোৱা ফোট অথবা ধৰ্মীয় কাম-কাজত ইয়াৰ ব্যাপক ব্যৱহাৰ। পিছে আজিকালি আন্তৰ্জাতিক বজাৰত বগা চন্দনৰ বাঢ়িছে চাহিদা।

সুগন্ধি তথা প্ৰসাধন সামগ্ৰী, ভাস্কৰ্য মূৰ্তি নিৰ্মাণ, সুগন্ধি তেল আদি প্ৰস্তুতেৰে বগা চন্দনে আন্তৰ্জাতিক বজাৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। এনে এক প্ৰেক্ষাপটত বগা চন্দনৰ খেতি কৰি আপুনিও হ'ব পাৰে কোটিপতি।

বিশ্ব অৰ্থনীতিত এতিয়া বহুলভাৱে আদৰ বাঢ়িছে বগা চন্দনৰ। যথেষ্ট দামত বিক্ৰী হয় বগা চন্দন। এই দাম শুনিলে আপুনিও আচৰিত নহৈ নোৱাৰিব।

ভাৰতত চন্দন কাঠ বেছিভাগ কৰ্ণাটকৰ অৰণ্যত পোৱা যায়। ইয়াৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰান্ততো বগা চন্দন পোৱা যায়। অৱশ্যে, আজিকালি কৃষকসকলে অন্য খেতিৰ লগতে চন্দন কাঠৰ খেতিও বহলভাৱে কৰিবলৈ আৰম্ভ কৰিছে।

চন্দন কাঠৰ লাভজনক ব্যৱসায়ৰ দিশলৈ চাই কোনো কোনো অঞ্চলত কৃষকসকলে চন্দন গছৰ বাগিছা কৰাও দেখা গৈছে। বগা চন্দনৰ চাহিদা অনুপাতে খেতি কৰি বহু কৃষকে আৰ্থিক লাভৰ মুখ দেখা পাইছে।

বাগিছা বিশেষজ্ঞ মহম্মদ আলম খানে এই সন্দৰ্ভত বহু দিন আগেয়ে কেতবোৰ মন্তব্য কৰিছিল। খানে কৈছিল যে গোটেই পৃথিৱীত চন্দন কাঠৰ চাহিদা আছে। আয়ুৰ্বেদৰ উপৰিও সৌন্দৰ্য সামগ্ৰী তৈয়াৰ কৰাতো চন্দনকাঠ ব্যৱহাৰ কৰা হয়।

বগা চন্দনৰ খেতি কৰি খেতিয়কসকল কম সময়ৰ ভিতৰতে আৰ্থিক লাভৰ মুখ দেখিব পাৰে। প্ৰতিডাল চন্দন গছত ৫ ৰ পৰা ৬ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে কৃষকে। ধান খেতি অথবা ঘেঁহু খেতিৰ দৰে গোটাই পথাৰজুৰি বগা চন্দনৰ বাহিছা কৰিব পাৰে বুলি বিশেষজ্ঞ মহম্মদ আলম খানে উল্লেখ কৰে।

বিশেষজ্ঞসকলৰ মতে এক একৰ ভূমিত প্ৰায় ৬০০ডাল চন্দন গছৰ পুলি ৰোপণ কৰিব পাৰি। এই পুলিসমূহ ডাঙৰ হৈ কাঠ উলিয়াব পৰালৈকে সময়সীমা হৈছে প্ৰায় ১২ৰ পৰা ১৩ বছৰ। ১২/১৩ বছৰৰ ভিতৰতে চন্দন গছৰ পৰা কাঠ উলিয়াব পৰা যায়। অৱশ্যে জলবায়ু আৰু পৰিৱেশৰ ওপৰত ভিত্তি কৰি ইয়াৰ সময়সীমা দুই এবছৰৰ তাৰতম্য ঘটাৰো সম্ভাৱনা থাকে।

প্ৰতিজোপা চন্দনৰ পৰা প্ৰায় ১৫ ৰ পৰা ২০ কি.গ্ৰা. কাঠ উলিয়াব পাৰি। ভাৰতত প্ৰতি কিলোগ্ৰাম চন্দন কাঠৰ মূল্য ৬,০০০ৰ পৰা ১২হাজাৰ টকাপৰ্যন্ত। অৱশ্যে বিদেশত ইয়াৰ দাম আৰু অধিক। বিশ্বৰ বজাৰত প্ৰতি কিলোগ্ৰাম চন্দন ২০ৰ পৰা ২৫হাজাৰ টকা পৰ্যন্ত বিক্ৰী হয়।

সমগ্ৰ বিশ্বতে চন্দন গছৰ ১৬টা প্ৰজাতি থকা বুলি জানিব পৰা গৈছে। ইয়াৰে চেণ্টলাম এলবাম নামৰ প্ৰজাতিটোৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি। ইয়াৰ মূল্যও আনবোৰ প্ৰজাতিৰ তুলনাত সৰ্বাধিক।

এতিয়া আহো চন্দন গছ ৰোপৰণৰ বাবে কেনে পৰিৱেশ বাচনি কৰিব- চন্দন গছ ৰোপণ কৰিবলৈ এইটো কথা মন ৰাখিব লাগে যে, যি ঠাইত চন্দনৰ খেতি কৰিব সেই ঠাইখিনি যথেষ্ট পৰিস্কাৰ হ'ব লাগিব।

পানীৰে তিতি থকা অথবা শেলুৱৈ পৰা ঠাই চন্দন খেতিৰ বাবে অনুপযোগী। চন্দন খেতি কৰা ঠাইত একেবাৰেই পানী জমা হ'ব নালাগিব। ইয়াৰোপৰি বালিময় মাটি, ৰঙা মাটি, মসৃণ মাটি চন্দন খেতিৰ বাবে বৰ উপযোগী। ভাৰতৰ কেতবোৰ ৰাজ্যৰ লগতে অসম তথা পশ্চিমবংগত চন্দন খেতিৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

চন্দন গছ অৰ্ধপৰজীৱী উদ্ভিদ। ই নিজৰ খাদ্যৰ আধা অংশ নিজেই প্ৰস্তুত কৰে। বাকী অংশৰ বাবে ইয়াৰ আশে-পাশে এনে তৰু-তৃণ থাকিব লাগে, যাতে সি নিজৰ আধা অংশ আহাৰ তাৰ পৰাই আহৰণ কৰিব পাৰে।

চন্দন গছৰ বৃদ্ধি আৰু বিকাশৰ বাবে ইয়াৰ ব্যৱধান হৈছে ৪ ফুট নাইবা ৫ফুট দূৰত্ব। ইমানখিনি দুৰত্বত চন্দন গছ ৰোপণ কৰিলে সোনকালে বৃদ্ধি আৰু বিকাশ হয়। চন্দনৰ পুলিৰ উপৰি শিপা ৰোপণ কৰিলেও দ্ৰুতগতিত বিকশিত হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নাৰ্চাৰীসমূহত চন্দন গছৰ পুলিৰ মূল্য প্ৰতিজোপাত ১০০ ৰ পৰা ১২০ টকা।

ইয়াৰোপৰি এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব লাগিব যে চন্দন গছৰ পুলি ৰোপণ কৰাৰ প্ৰায় ৪বছৰ পাছত ইয়াৰ যতন সঘনাই ল'ব লাগে। সময় মতে চন্দন গছৰ তল চাফ -চিকুণ কৰাৰ উপৰি ইয়াক সংৰক্ষণৰ ব্যৱস্থাও কৰিব লাগে।

এই সময়খিনি কৃষকৰ বাবে প্ৰত্যাহ্বানমূলক। যদিহে এই সময়খিনিত চন্দন গছে উপযুক্ত সুবিধা নাপায় তেন্তে নানা সমস্যাই দেখা দিব পাৰে। গতিকে এই সময়খিনিত পৰ্যাপ্ত পৰিমাণে গুৰুত্ব প্ৰদান কৰিলে পিছলৈ ভাল ফলাফলৰ আশা কৰিব পাৰি।

বগা চন্দন কেৱল কপালৰ ফোটৰ বাবে নহয় : আন্তৰ্জাতিক চাহিদা থকা বগা চন্দনে দিব পাৰে কোটি টকা
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in