আজি উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰি অসমত নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ ৰ ২৫ মাৰ্চকেই নিৰ্ধাৰণ কৰে। অথচ দেশৰ বাকী প্ৰান্তত ভিত্তি বৰ্ষৰ ১৯৫১। অসমৰ বাবেই নাগৰিকত্ব আইনত আছে পৃথকে ৬ (ক) দফা। অসমৰ ক্ষেত্ৰত কিয় এই ব্যৱস্থা? বহুল চৰ্চিত এই বিষয়টোৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
উচ্চতম ন্যায়ালয়ে আজি অসমত অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে ভিত্তি বৰ্ষ অসম চুক্তি অনুসৰিয়েই ১৯৭১ চনৰ ২৫ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰি ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ত ২০১২ চনতে দাখিল হোৱা এক গোচৰৰ দীঘলীয়া শুনানিৰ অন্তত আজি সাংবিধানিক বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে। ফলত নাগৰিকত্ব আইনৰ ৬ (ক) দফাই পুনৰ এবাৰ নায্যতা লাভ কৰিলে।
উচ্চতম ন্যায়ালয়ে ৰায় ঘোষণা কৰাৰ পাছতেই এতিয়া সকলোৰে মুখত নাগৰিকত্ব আইনৰ ৬(ক) দফাৰ কথা। কিন্তু আচলতে এই ৬(ক) দফা কি? ইয়াৰ কি কাম বা এই দফা কিয় গুৰুত্বপূৰ্ণ? কেনেকৈ এই দফা এই আইনত সংযুক্ত হয়? এই সকলোৰে আছে এক ইতিহাস।
দৰাচলতে ছয় বছৰীয়া বিদেশী খেদা আন্দোলনৰ পাছত ১৯৮৫ ৰ ১৫ আগষ্টত হোৱা ত্ৰিপাক্ষিক অসম চুক্তিৰ পাছত ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি এই আইনত ৬ (ক) দফা সংযুক্ত কৰা হৈছিল। নাগৰিকত্ব আইনৰ এই দফাৰ জৰিয়তে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ ৰ ২৫ মাৰ্চৰ মাজ নিশালৈকে অসমত প্ৰবেশ কৰা বাংলাদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, ১৯৭১ চনৰ ২৬ মাৰ্চৰ পূৰ্বে বাংলাদেশ নামৰ কোনো দেশ নাছিল। তেতিয়া আছিল পূব পাকিস্তান। পূব পাকিস্তানত হোৱা গণ অভ্যুত্থান আৰু এই অঞ্চলটোৰ মানুহখিনিয়ে ভাৰতীয় সেনাৰ সহযোগত ১৯৭১ ৰ ২৬ মাৰ্চত পাকিস্তানৰ পৰা পৃথক হৈ স্বাধীন বাংলাদেশ গঠন কৰিছিল।
তেতিয়াৰ পূব পাকিস্তান আৰু পাছত বাংলাদেশ গঠন হোৱাৰ পাছতো এতিয়ালৈকে এই দেশখনৰ পৰা অসমলৈ অবৈধ প্ৰবজন হ্ৰাস হোৱা নাই। এই অঞ্চলটোৰ পৰা হোৱা প্ৰবজনে অসমৰ জনগাঁথনি পৰিবৰ্তন কৰি দিয়াৰ লগতে অসমৰ খিলঞ্জীয়া ৰাইজৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে। তেওঁলোকৰ আগ্ৰাসনত অসমৰ আভ্যন্তৰীণ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে চূড়ান্ত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।
এনে অবৈধ প্ৰবজনৰ বাবেই অসমত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব হৈছিল ছবছৰীয়া অসম আন্দোলন। ৮৫৫ জন ছহিদৰ বিনিময়ত পৰৱৰ্তী সময়ত ১৯৮৫ ৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক অসম চুক্তি।
ঐতিহাসিক এই অসম চুক্তি অনুসৰিয়েই অসমত বিদেশী চিনাক্তকৰণৰ বাবে শেষ সীমা ১৯৭১ চনৰ ২৫ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হয়। বহু কেইখন আন্তঃৰাষ্ট্ৰীয় চুক্তি তথা পূব পাকিস্তানৰ সেই সময়ৰ পৰিস্থিতি আৰু সেই পৰিস্থিতিত পৰি অসমলৈ প্ৰবজন হোৱা লোকসকলক মানৱীয় দৃষ্টিৰে চোৱাৰ বাবেই এই সময় সীমা ১৯৭১ ৰ ২৫ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হয়।
অৰ্থাৎ বাংলাদেশ সৃষ্টি হোৱাৰ মুহূৰ্তলৈকে যিসকলে অসমত প্ৰবেশ কৰিলে তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে গ্ৰহণ কৰা হয়। সেয়ে নাগৰিকত্ব আইনত সংশোধন কৰি ৬ (ক) দফা অন্তৰ্ভুক্ত কৰা হয়।
এই দফাত উল্লেখ কৰা হৈছে, ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিছত বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহৰ পৰা অসমলৈ যিসকল লোক আহিছিল আৰু তেতিয়াৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ বাসিন্দা তেওঁলোকে ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ১৮ ধাৰাৰ অধীনতে নিজকে পঞ্জীয়ন কৰিব লাগিব।
বিভিন্ন সময়ত অসমত ৰাজনৈতিক কাৰণতে এই বিষয়টোক লৈ মতানৈক্যৰ সৃষ্টি হৈ আহিছে। সদৌ অসম ছাত্ৰ সন্থাই ১৯৭১ ৰ সপক্ষে থিয় দি অহাৰ বিপৰীতে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক স্বাৰ্থত বিভিন্ন সময়ত বিভিন্ন স্থিতি গ্ৰহণ কৰি আহিছে।
কোনোবাই যদি চৰকাৰী ভাবে ১৯৭১ ৰ সপক্ষেই শপতনামা দাখিল কৰিছে আকৌ তেওঁলোকেই ৰাজহুৱা সভাত ১৯৫১ ৰ সপক্ষে যুক্তি দি এক পৃথক পৰিবেশ ৰচনা কৰাৰ চেষ্টাত লিপ্ত হৈছে।
প্ৰতিটো নিৰ্বাচনতে এই বিষয়টো ৰাজনৈতিক ইছ্যু হৈ আহিছে। ২০১২ চনৰ নৱেম্বৰত অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ'ৰাম, আছামে উচ্চতম ন্যায়ালয়ত ১৯৭১ ৰ ২৫ মাৰ্চৰ পৰিবৰ্তে ভাৰতৰ আন প্ৰান্তৰ দৰেই অসমতো নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৫১ চনকেই বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
প্ৰথমে এই গোচৰ তেতিয়াৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিণ্টন ফলি নাৰিমনৰ খণ্ড বিচাৰপীঠত উঠিছিল যদিও পাছত গোচৰটো পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয়। এই সাংবিধানিক বিচাৰপীঠে দীঘলীয়া শুনানিৰ অন্তত যোৱা ২০২৩ ৰ ১২ ডিচেম্বৰত চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায় সংৰক্ষিত ৰাখে। আজি সেই ৰায় ঘোষণা কৰি নাগৰিকত্ব আইনৰ দফা ৬ (ক) বাহাল ৰাখে।