অসম আৰক্ষীত ২৬২ কোটিটকীয়া কেলেংকাৰী...

দুৰ্নীতি, শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতেই অসম আৰক্ষীত সংঘটিত হৈছে ২০০ কোটিৰো অধিক টকাৰ বৃহৎ কেলেংকাৰী।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত ২৬২ কোটিটকীয়া কেলেংকাৰী...

দুৰ্নীতি, শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতেই অসম আৰক্ষীত সংঘটিত হৈছে ২০০ কোটিৰো অধিক টকাৰ বৃহৎ কেলেংকাৰী। আৰক্ষী থানা আৰু বেৰেক নিৰ্মাণৰ নামত সংঘটিত হোৱা এই কেলেংকাৰী সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

অসম আৰক্ষী আধুনিকীকৰণৰ বাবে মৈত্ৰী আঁচনিৰ অধীনত থানা আৰু বেৰেক নিৰ্মাণৰ নামত এটা প্ৰতিষ্ঠানে ভুৱা প্ৰমাণ পত্ৰ দাখিলেৰে কোটি কোটি টকাৰ লুণ্ঠন চলাইছে। চিঠি নম্বৰ এইচ এফ/ ই এন জি জি- ৩৩১৮/১৯-২০/৪১ তাং ৭-০১-২০২০ ৰ অনুৰোধ মৰ্মে হাউচ ফেডক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে ১০০ টা পুলিচ বেৰেক,কিটচেন আৰু ডাইনিং হল ব্লক নিৰ্মাণৰ বাবে দায়িত্ব প্ৰদান কৰিছিল।

সেই সময়ৰ অসম আৰক্ষীৰ এম পি চিৰ ডিআইজি নিতুল গগৈয়ে S-VI/229/2018/pt/32 ৰ জৰিয়তে ২৪ মাৰ্চ ২০২০ ত ২৬২, ৪৯,১৮, ৮০০ টকাৰ মূল্য এই কামৰ দায়িত্ব হাউচ ফেডক প্ৰদান কৰিছিল।

১০০ বেৰেক নিৰ্মাণৰ বাবে হাউচ ফেডক দায়িত্ব দিয়া অসম আৰক্ষীৰ পত্ৰখন
১০০ বেৰেক নিৰ্মাণৰ বাবে হাউচ ফেডক দায়িত্ব দিয়া অসম আৰক্ষীৰ পত্ৰখন

হাউচ ফেডে এই সমস্ত কামৰ দায়িত্ব অৰ্পন কৰিছিল ফ্ৰন্টিয়াৰ চেলছ কোৰ্পাৰেশ্যনক। ২৬২ কোটিৰো অধিক টকাৰ এই ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে আৰক্ষীৰ বেৰেক নিৰ্মাণৰ দায়িত্ব ল'লে যদিও যোৱা ৩ বছৰৰো অধিক সময় সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে।

মৈত্ৰী আঁচনিৰ নিয়ম অনুসৰি এনে কামৰ বাবে দুবছৰৰ সময় ধাৰ্য কৰা হয় যদিও ৰহস্যজনকভাৱে এই ঠিকা প্ৰতিষ্ঠানটোৱে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পাছতো ৪০ ৰ পৰা ৫০ শতাংশ ধন ইতিমধ্যে আদায় লৈছে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি এটা আৰক্ষী বেৰেক নিৰ্মাণৰ নামত প্ৰতিষ্ঠানটোক আৱন্টন দিয়া হৈছিল ২,৬২,৪৯,১৮৮ টকাকৈ। সেই অনুসৰি কামৰূপ(ম) ৭ টা, ডিব্ৰুগড়ত ৪ টা, নগাঁৱত ৩ টা, মৰিগাঁৱত ২ টা, কামৰূপ(গ্ৰাম্য)ত ২ টা, নলবাৰীত ৩ টা, বৰপেটাত ৩ টা, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, হোজাই, দৰং, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাটত তিনিটাকৈ বেৰেক নিৰ্মাণৰ দায়িত্ব পাইছিল এই ঠিকা প্ৰতিষ্ঠানটোৱে।

কোন জিলাত কিমান পুলিচ বেৰেক নিৰ্মাণৰ বাবে দায়িত্ব দিছিল ফ্ৰন্টিয়াৰ চেলছক
কোন জিলাত কিমান পুলিচ বেৰেক নিৰ্মাণৰ বাবে দায়িত্ব দিছিল ফ্ৰন্টিয়াৰ চেলছক

ইয়াৰোপৰি ডিমা হাচাওত ২ টা, কাৰ্বি আংলঙত ২ টা, পশ্চিম কাৰ্বি আংলঙত ৩ টা, শদিয়াত ৩ টা, চৰাইদেউত ৩টা, লখিমপুৰত ৩ টা, শোণিতপুৰত ৩ টা, ধেমজিত ২ টা, মাজুলীত ৩ টা, বিশ্বনাথত ৩ টা, কোকৰাঝাৰত ৩ টা, বঙাইগাঁৱত ৩ টা, চিৰাঙত ৩ টা, বাক্সাত ৩ টা, ওদালগুৰিত ৩ টা, কাছাৰত ৩ টা, হাইলাকান্দিত ২টা, আৰু কৰিমগঞ্জত ২ টা পুলিচ বেৰেক নিৰ্মাণৰ ঠিকা হাউচ ফেডৰ জৰিয়তে এই প্ৰতিষ্ঠানটোৱে ঠিকা লাভ কৰিছিল।

লক্ষণীয় কথা যে দুবছৰৰ ভিতৰত সেই নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগিছিল যদিও এতিয়ালৈকে এটাও বেৰেক হস্তান্তৰ কৰা নাই অসম আৰক্ষীক প্ৰতিষ্ঠানটোৱে। ইমানৰ পাছতো এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই অসম আৰক্ষী তথা হাউচ ফেডে।

হাউচ ফেডৰ একাংশ ক্ষমতাশালী লোকৰ কৃপাধন্য এই প্ৰতিষ্ঠানটোৰ মালিক সুনীল কাঠটিয়া। এই ঠিকাদাৰ জনে নিজৰ ইচ্ছা অনুসৰি কাম কৰি প্ৰকৃত কামতকৈ অধিক কাম কৰা দেখুৱাই ঠিকাৰ বাবদ আৱন্টিত ৪০ ৰ পৰা ৫০ শতাংশ ধন ইতিমধ্যে উলিয়াই নিছে।

বিভিন্ন জিলাৰ পৰা এনেদৰে কাম সম্পূৰ্ণ কৰাৰ ভুৱা প্ৰমাণ পত্ৰৰে ধন আদায় লোৱাৰ অভিযোগ
বিভিন্ন জিলাৰ পৰা এনেদৰে কাম সম্পূৰ্ণ কৰাৰ ভুৱা প্ৰমাণ পত্ৰৰে ধন আদায় লোৱাৰ অভিযোগ

সাধাৰণ চিমেন্ট আৰু মৰ্টাৰ প্ৰযুক্তিৰে এই কামবোৰ কৰিব পৰা গ'লহেতেন যদিও অধিক লাভৰ আশাত এই ঠিকাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানটোক পিইবি প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। কোৱা হৈছিল সেই প্ৰযুক্তিৰ ব্যৱহাৰে কম সময়ৰ ভিতৰতে সেই বেৰেক সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। কিন্তু ইয়াৰ বিপৰীত ছবিহে এতিয়া দেখিবলৈ পোৱা গৈছে।

ওপৰত শক্তিশালী পক্ষৰ আশীৰ্বাদ থকা বুলি এই ঠিকা প্ৰতিষ্ঠানটোৱে নিজৰ মইমতালীৰে ঠিকাৰ কাম কৰি গৈছে। বহু স্থানত এতিয়া হাবি-বনে আৱৰি পৰিছে এনে বেৰেক নিৰ্মাণস্থলীত। মন কৰিবলগীয়া যে, হাউচ ফেডে ঠিকা দিয়া ফ্ৰন্টিয়াৰ চেলছ কৰ্পাৰেশ্যনৰ পিইবি নিৰ্মাণৰ কি অভিজ্ঞতা আছে সেয়া পৰীক্ষা কৰায়েই নাছিল।অথচ এনেধৰণৰ কামৰ বাবে এয়া এক বাধ্যতামূলক যোগ্যতাৰ চৰ্ত হ'ব লাগিছিল।

অসমীয়া প্ৰতিদিনৰ হাতত পৰা তথ্য অনুসৰি এই প্ৰকল্পৰ বাবে প্ৰতিষ্ঠানটোক যি টেকনল'জী ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল সেই পিইবি নিৰ্মাণ প্ৰযুক্তি ব্যৱহাৰে ভৱন নিৰ্মাণ কৰাৰ কোনো অভিজ্ঞতাই নাছিল।

তেনেধৰণৰ অভিজ্ঞতা নথকাকৈ বা পিইবি নিৰ্মাণৰ সম্পূৰ্ণতাৰ প্ৰমাণ পত্ৰ নথকা এই ঠিকা প্ৰতিষ্ঠানটোক কোনে কি কাৰণত ২৬২ কোটিটকীয়া ঠিকা আৱন্টনেৰে পুৰস্কৃত কৰিলে সেয়াও এক তদন্তৰ বিষয় হৈ পৰিছে।

মুখ্যমন্ত্ৰীৰ সৈতে এই ফটোৱে এতিয়া কাঠটিয়াৰ অস্ত্ৰ হৈ পৰিছে।
মুখ্যমন্ত্ৰীৰ সৈতে এই ফটোৱে এতিয়া কাঠটিয়াৰ অস্ত্ৰ হৈ পৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সু-সম্পৰ্ক থকা বুলি প্ৰচাৰ চলাই ফ্ৰন্টিয়াৰ চেলছ কৰ্পাৰেশ্যনৰ মালিক সুনীল কাঠটিয়াই এই লুন্ঠনৰাজ চলাইছে। ঠিকা লাভ কৰা ৫০ ইউনিট বেৰেক সম্পূৰ্ণ কৰি হস্তান্তৰ কৰাৰ স্তৰত আছিল যদিও যোৱা ২ বছৰ সময় সেইবোৰ তেনেদৰেই পেলাই থৈছে ।

অথচ অসম আৰক্ষীৰ বহু জোৱানে এই বেৰেকৰ অভাৱত ৰ'দে-বৰষুণে থাকি দায়িত্ব পালন কৰিব লগা হৈছে। অসম পুলিচ হাউচিং কৰ্পাৰেশ্যন লিমিটেডে এনে কাম কৰাৰ অভিজ্ঞতা থকাৰ পাছতো কাঠাৰিয়াক লুটিবলৈ সুযোগ দিয়াৰ স্বাৰ্থতে মৈত্ৰী আঁচনিৰ এই কামবোৰ হাউচ ফেডৰ দায়িত্বলৈ নি তাৰ ঠিকা কাঠাৰিয়াক প্ৰদান কৰা হৈছিল।

ইফাল ২.৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ ঠিকা দিয়া এই বেৰেক সমূহৰ প্ৰচলিচ অসামৰিক অভিযান্ত্ৰিক আকলনৰ বাহিৰত। অত্যাধিক ধন আৱন্টন কৰা হৈছিল প্ৰতিটো বেৰেকৰ বাবে।

এ পি ডব্লিউ ডি বিল্ডিঙৰ এছটিমেট আছিল এই ১০০ বেৰেকৰ ডিপিআৰৰ আধাৰ। কিন্তু সেয়া নিৰ্মাণকাৰ্যত কিমান মানি চলা হৈছে সেয়াও লক্ষণীয় বিষয়। প্ৰায় ৬০ টা বেৰেকৰ প্লিন্টলৈকে নিৰ্মাণ কৰিয়েই কাঠাৰিয়া বাহিনীয়ে উলিয়াই নিছে ১ কোটিকৈ টকা। কিন্তু এই ঠিকাৰ আৱন্টনত দিয়া নিৰ্দেশনাত স্পষ্টকৈ আছে যে প্লিন্টলৈকে কাম সম্পূৰ্ণ হ'লে ২৫ শতাংশ ধনহে আদায় দিয়া হ'ব।

কিমান শতাংশ কামৰ বাবে কিমান ধন আদায় ল'ব তাৰ চৰকাৰী নিৰ্দেশনা
কিমান শতাংশ কামৰ বাবে কিমান ধন আদায় ল'ব তাৰ চৰকাৰী নিৰ্দেশনা

এনেদৰে চূড়ান্ত অৱহেলাৰে কাঠাৰিয়া বাহিনীয়ে অসম আৰক্ষীৰ মৈত্ৰী আঁচনিৰ ধন বেৰেক নিৰ্মাণৰ নামত লুণ্ঠন কৰি গৈছে। প্ৰতিখন জিলাত কাঠাৰিয়াই নিৰ্মাণ কৰা বেৰেক সমূহৰ কাম কি পৰ্যায়ত আছে সেই তদন্ত চলালেই ওলাই পৰিব কাঠটিয়া বাহিনীয়ে কৰা কামৰ নমুনা।

অৰন্য নহয়,  ইয়াতে কাঠাৰিয়াই নিৰ্মাণ কৰি আছে পুলিচ বেৰেক
অৰন্য নহয়, ইয়াতে কাঠাৰিয়াই নিৰ্মাণ কৰি আছে পুলিচ বেৰেক

ইফালে ১০০ টা বেৰেকৰ উপৰিও ১৯ খন থানাৰ কামৰ ঠিকাও এই কাঠটিয়াৰ হাততে অৰ্পন কৰা হৈছে। সেই থানা সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই যদিও কৰা কামতকৈ অধিক কামৰ ধন কাঠটিয়াই তেওঁৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ নামত উলিয়াই নিছে। এই থানা সমূহৰ নিৰ্মাণ ব্যয়তকৈ ৪ গুণ অধিক হাৰত ধন কাঠাৰিয়াই বিভিন্ন পক্ষক মেনেজ কৰি সংগ্ৰহ কৰিছে।

কাঠটিয়াক দিয়া দায়িত্বৰ বিপৰীতে এপিচিএইচএলে ইটা আৰু মৰ্টাৰ টেকনলজী ব্যৱহাৰেৰে বহু সংখ্যক থানাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। তাৰপাছতো কাঠটিয়াৰ প্ৰতি এনে প্ৰীতিৰ নিশ্চয় কাৰণ আছে।

কেৱল থানা নিৰ্মাণতেই নহয়, পুৰণি থানা সমূহ ভঙাৰ নামতো কাঠটিয়া বাহিনীয়ে লুটপাট চলাইছে। নাজিৰা, ডিমৌ আৰু ঠেলামাৰা থানাৰ পুৰণি বিল্ডিং ভঙাৰ নামত ক্ৰমে ১২ লাখ, ১০ লাখ আৰু ৬ লাখ টকাৰ বিল আদায় দিছিল কাঠাৰিয়া বাহিনীক। থানাৰ পুৰণি বিল্ডিং ভঙাৰ নামত এই হাৰত ধন আদায় দিয়া হৈছে কাঠটিয়াক।

ফ্ৰন্টিয়াৰ চেলছ কৰ্পাৰেশ্যনে যদিও দাবী কৰে পিইবি ষ্টীল ষ্ট্ৰাকচাৰ আই আই টি/এন আই টিত পৰীক্ষা কৰা হৈছে কিন্তু প্ৰকৃততে এই পিইবি ষ্ট্ৰাকচাৰৰ মুখ্য উপাদানসমূহ এই প্ৰতিষ্ঠানটোৰেই গড়চুক বৰাগাঁৱত থকা নিজা ফাৰ্মত কোনো পৰীক্ষাৰ অবিহনেই প্ৰস্তুত কৰা হয়।

উপযুক্ত তদন্ত কৰিলেও জোলোঙাৰ মেকুৰী ওলাই পৰিব। প্ৰশ্ন হয়, এনে পিইবি ষ্টীল ষ্ট্ৰাকচাৰ কি গুণগত মানৰ? সেই ফাৰ্ম আৰু পিইবি ষ্ট্ৰাকচাৰ নিৰ্মাণৰ বাবে আছেনে কাঠটিয়াৰ অনুজ্ঞাপত্ৰ? এইবোৰৰ গুণগত মান পৰীক্ষা কৰে কোনে? এনেবোৰ বেমেজালিৰ মাডেৰে অসম আৰক্ষীত হাউচ ফেডৰ জৰিয়তে লুণ্ঠন অব্যাহত ৰাখিছে এইগৰাকী ঠিকাদাৰে।

ক'ত,কি পৰ্যায়ত আছে কাঠাৰিয়াৰ নিৰ্মাণৰ কাম
ক'ত,কি পৰ্যায়ত আছে কাঠাৰিয়াৰ নিৰ্মাণৰ কাম

আনহাতে ঠিকাৰ নামত ৰাজনৈতিক ক্ষমতাৰ ব্যৱহাৰে অসম আৰক্ষীৰ আন্তঃ গাঠনিকেই দুৰ্বল কৰি তুলিছে কাঠাৰিয়াই। ক্ষুদ্ৰ উপ-ঠিকাদাৰ, সামগ্ৰী যোগানকৰ্তাসকলকো বিভিন্ন সময়ত ভাবুকি দি তেওঁলোকৰ প্ৰাপ্য ধন পোৱাৰ পৰাও বঞ্চিত কৰি ৰাখিছে।

এইগৰাকী ঠিকাদাৰৰ হাতত এতিয়া অসম আৰক্ষীৰ বেৰেকৰ নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ হয় সেয়া কোনোৱে নাজানে। কেৱল ইয়াতেই শেষ হোৱা নাই কাঠটিয়াৰ অনিয়মৰ কাহিনী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত স্বচ্ছ আৰু নিকা প্ৰশাসনৰ কথা কয়। সেই সকলোতে আঘাত হানিছে কাঠটিয়াৰ এনে কৰ্মকাণ্ডই।

অসম আৰক্ষীৰ কামতেই এতিয়া এনে গাফিলতি আৰু বেমেজালি। ১০০ বেৰেক নিৰ্মাণৰ দায়িত্বত থকা কাঠাৰিয়াৰ হাতত সৰ্বশিক্ষাৰো বহু কামৰ দায়িত্ব দিয়া হৈছে। অনিয়মকে সম্বল কৰি লুণ্ঠনৰ জাল মেলা এই কাঠটিয়াৰ বিৰুদ্ধে ব্যৱস্থ ল'বলৈ বা তদন্ত কৰিবলৈ সাহস হ'বনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? খবৰ ল'বনে কেতিয়াবা হাউচিঙে কি পৰ্যায়ত আছে কাঠটিয়াক দিয়া এই নিৰ্মাণৰ ঠিকা।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণঃ দ্বিতীয় দিনা আয়োগৰ শুনানিত ১৩ জিলাৰ ৬৪৫ গৰাকী প্ৰতিনিধিৰ অংশ গ্ৰহণ

Assam police himanta biswa sarma