এক দেশ এক আইন...

এক দেশ এক আইন...
Published on
Updated on

দেশজুৰি এতিয়া চৰ্চা হৈ আছে 'ইউনিফৰ্ম চিভিল কোড' অৰ্থাৎ 'এক দেশ এক আইন'। যাৰ বাবে ৰাজনৈতিক দল, ব্যক্তি সমূদায়ৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া। কিন্তু কি হয় এই ইউনিফৰ্ম চিভিল কোড? এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন-

লোকসভা নিৰ্বাচন সমাগত। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ আইন প্ৰণয়ন কৰাৰ পিনে আগবাঢ়িছে। দেশত কাৰ্যকাৰী হ'ব পাৰে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ এক দেশ এক আইন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভোপালৰ এখন সভা সম্বোধন কৰি এই আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। যাৰ বাবে অনুমান লগাব পাৰি যে এই আইন দেশত প্ৰযোজ্য হোৱাৰ সম্ভাৱণা আছে।

এই আইনৰ ওপৰত ধৰ্মীয় আৰু ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। এফালে কংগ্ৰেছ তথা আন বিৰোধী দলসমূহে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ লাভৰ বাবে এই আইন আনিবলৈ তৎপৰ হৈ পৰিছে, আনহাতে ধৰ্মীয় সংগঠনসমূহেও ইয়াৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

কিন্তু কি হয় এই ইউনিফৰ্ম চিভিল কোড বা এক দেশ এক আইন? কি প্ৰভাৱ পৰিব ইয়াৰ প্ৰতিটো ধৰ্মত?

এক দেশ এক আইন (uniform civil code)

এক দেশ এক আইনৰ অৰ্থ হ'ল ভাৰতত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে একে আইন। এগৰাকী ব্যক্তি যিয়েই জাতি-ধৰ্মৰ নহওক কিয়, প্ৰতিগৰাকীৰ বাবে হ'ব একেই আইন। এক কথাত ক'বলৈ গ'লে প্ৰতিটো ধৰ্ম, জাতি, লিংগৰ বাবে একে আইন। যদি এই আইন প্ৰযোজ্য হয় তেন্তে বিবাহ, বিবাহ বিচ্ছেদ, সন্তান তুলিলোৱা আৰু সম্পত্তি বিভাজনৰ দৰে বিষয়ত সকলো নাগৰিকৰ বাবে এক সমান নিয়ম থাকিব।

ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৪৪ ত উল্লেখ আছে। ইয়াক সংবিধানত নীতিৰ নিৰ্দেশক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে। ৪৪ নং অনুচ্ছেদত কোৱা হৈছে যে প্ৰতিগৰাকী নাগৰিকৰ বাবে এক দেশ এক আইন প্ৰযোজ্য কৰাতো চৰকাৰৰ দায়িত্ব।

উল্লেখ্য যে, বৰ্তমান সময়ত ভাৰতৰ প্ৰতিটো ধৰ্মৰে নিজা নিজা আইন আছে। হিন্দুৰ বাবে হিন্দু পাৰ্ছনেল ল', মুছলিমৰ বাবে মুছলিম পাৰ্ছনেল ল' আদি। এনে ক্ষেত্ৰত এক দেশ এক আইনৰ উদ্দেশ্য হ'ল, এনে ধৰণৰ ব্যক্তিগত আইনবোৰ শেষ কৰি কেৱল মাত্ৰ এখন আইন প্ৰযোজ্য কৰা।

হিন্দু ধৰ্মত কি প্ৰভাৱ পৰিব?

যদি ইউনিয়ন চিভিল কোড প্ৰণয়ন হয়, তেন্তে হিন্দু বিবাহ অধিনিয়ম(১৯৫৫), হিন্দু উত্তাৰাধিকাৰ অধিনিয়(১৯৫৬)ৰ দৰে আইনসমূহ সংশোধন হ'ব।  উদাহৰণ স্বৰূপে, হিন্দু বিবাহ অধিনিয়মৰ ধাৰা২(২) ৰ মতে ইয়াৰ ব্যৱস্থাসমূহ অনুসূচীত জনজাতিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।  ধাৰা ৫(৫)আৰু ৭ত কোৱা হৈছে যে পৰম্পৰাগত প্ৰথাবোৰে ব্যৱস্থাবোৰত আধিপত্য বজাই ৰাখিব। কিন্তু ইউনিফৰ্ম চিভিল কোড প্ৰযোজ্য হোৱাৰ লগে লগে এই সমূহ নোহোৱা হৈ যাব।

ইছলাম ধৰ্মত কি প্ৰভাৱ পৰিব?

মুছলিম পৰ্ছনেল(শৰীয়ত) এপ্লিকেশ্যন এক্ট, ১৯৩৭ ত কোৱা হৈছে যে, শৰীয়ত বা ইছলামী আইনৰ আধাৰত বিয়া, বিবাহ বিচ্ছেদ আৰু ভৰণ পোষণত প্ৰযোজ্য হ'ব। কিন্তু ইউনিফৰ্ম চিভিল কোড আহিলে শৰীয়ত আইনৰ অধীনত থকা বিবাহৰ ন্যুনতম সময় সীমা সলনি কৰি দিয়া হ'ব আৰু বহু বিবাহ প্ৰথা বন্ধ হ'ব।

শিখ ধৰ্মত কি প্ৰভাৱ পৰিব?

শিখ সকলৰ বিয়া সম্পৰ্কীয় আইন ১৯০৯ ৰ আনন্দ বিবাহ অধিনিয়মৰ অন্তৰ্গত। অৱশ্যে ইয়াৰ বিবাহ বিচ্ছেদৰ কোনো ব্যৱস্থা নাই। এই ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ সময়ত তেওঁলোকৰ ওপৰত হিন্দু বিবাহ অধিনিয়ম প্ৰযোজ্য হয়। কিন্তু ইউনিফৰ্ম চিভিল কোড আহিলে একে আইন সকলো সমূদায়ৰ ওপৰত প্ৰযোজ্য হোৱাৰ সম্ভাৱণা আছে। যাৰ বাবে আনন্দ বিবাহ অধিনিয়মৰ সমাপ্তি ঘটিব।

পাৰ্চী ধৰ্মত কি প্ৰভাৱ পৰিব?

পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ অধিনিয়ম, ১৯৩৬ ৰ অধীনক যি মহিলাই অন্য ধৰ্মৰ ব্যক্তিৰ লগত বিবাহ পাশত আৱদ্ধ হয় তেন্তে তেওঁ পাৰ্চী নীতি নিয়মৰ সকলো অধিকাৰ শেষ হৈ যায়। কিন্তু ইউনিফৰ্ম চিভিল কোড আহিলে এনে কোনো ব্যৱস্থা নাথাকিব।

ইছাই ধৰ্মত কি প্ৰভাৱ পৰিব?

ইউনিফৰ্ম চিভিল কোডৰ আগমনে উত্তৰাধিকাৰ, গ্ৰহণ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় ব্যক্তিগত আইন প্ৰভাৱিত কৰিব। ইছাই বিবাহ বিচ্ছেদ অধিনিয়ম ১৮৬৯ ৰ ধাৰা ১০এ(১) ৰ অধীনত পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰাৰ আগতে স্বামী আৰু পত্নীয়ে ক'মেও দুবছৰ পৃথকে থকাটো বাধ্যতামূলক। কিন্তু ইউনিফৰ্ম চিভিল কোডৰ অধীনত এই ব্যৱস্থা নাথাকিব।

ইমানেই নহয়, ১৯২৫ৰ উত্তৰাধিকাৰ অধিনিয়ম অনুসৰি মাতৃৰ মৃত সন্তানৰ অধিকাৰৰ ওপৰত কোনো অধিকাৰ নাই। সকলো সম্পত্তি পিতৃয়ে লাভ কৰে। কিন্তু ইউনিফৰ্ম চিভিল কোড আহিলে এই সকলো নোহোৱা হৈ যাব।

আদিবাসী লোকসকলৰ মাজত কি প্ৰভাৱ পৰিব?

- জনজাতীয় সমাজ পৰম্পৰা, প্ৰথাৰ আধাৰত চলে। এনে পৰিস্থিতিত তেওঁলোকৰ সকলো পৰম্পৰাগত আইন শেষ হৈ যাব। 

চিএনটি অৰ্থাৎ চোটাংপুৰ ভাড়াতীয়া আইন, সন্তল পৰগণা ভাড়াতীয়া আইন, এছপিটি আইন, পিইএছএ আইনৰ অধীনত, ঝাৰখণ্ডৰ ভূমিৰ ওপৰত জনজাতীয় লোকসকলৰ বিশেষ অধিকাৰ আছে।

ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ সৈতে, বিবাহ, বিবাহ বিচ্ছেদ, বিভাজন, দত্তক গ্ৰহণ, উত্তৰাধিকাৰ সমগ্ৰ দেশতে একেই হ'ব।এনে পৰিস্থিতিত, মহিলাসকলে সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব।তদুপৰি যদি কোনো অ-জনজাতীয় লোকে এগৰাকী জনজাতীয় মহিলাক বিয়া কৰায় তেন্তে তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ মহিলাসকল ভূমি অধিকাৰ লাভ কৰিব।

উল্লেখ্য যে, ৩ জুলাইত সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব। আইন আয়োগকো এই বৈঠকলৈ নিমন্ত্ৰণ জনোৱা হৈছে । সম্ভৱত ইয়াক সকলোৰে মতামত বিচৰা হ'ব। বৈঠকখনৰ সভাপতিত্ব কৰিব বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুশীল মোডীয়ে। বৈঠকখনত ৩১ জন সাংসদ আৰু সমিতিৰ সকলো সদস্য উপস্থিত থাকিব।

সংসদৰ অধিৱেশনত ইউনিফৰ্ম চিভিল কোড বিধেয়কো আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰে ইউনিফৰ্ম চিভিল কোডৰ বাবে প্ৰস্তুতি চলাই আছে। বিধেয়কখন সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব পাৰি। তদুপৰি এই ক্ষেত্ৰত ৰাইজৰ পৰাও পৰামৰ্শ বিচৰা হৈছে। সকলোৱে এই ক্ষেত্ৰত ৩১ জুলাইলৈকে পৰামৰ্শ দিব পাৰিব।

এক দেশ এক আইন...
আনন্দ হ’ব পাৰে বিষাদৰ বতৰা : ত্ৰিপুৰাৰ পৰা ল’ব নে শিক্ষা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in