চলিছে সৰৱ চৰ্চা : কোন হ’ব বিজেপিৰ সভাপতি, কোন হ’ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী...

চলিছে সৰৱ চৰ্চা : কোন হ’ব বিজেপিৰ সভাপতি, কোন হ’ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী...
Published on
Updated on

লোকসভা নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল- ১৫ আগষ্টৰ ভিতৰত সম্প্ৰাসাৰণ হ’ব তেঁওৰ মন্ত্ৰীসভা। অতি কমেও ৩জন মন্ত্ৰীয়ে স্থান লাভ কৰিব এই মন্ত্ৰীসভাৰ সম্প্ৰাসাৰণত। কিন্তু কোন কোন হ’ব পাৰে শৰ্মাৰ মন্ত্ৰীসভাৰ নতুন মুখ ? একেদৰে অন্ত পৰিব ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰো কাৰ্যকাল। ভৱেশ কলিতাৰ পাছত কোনে নেতৃত্ব দিব ৰাজ্যিক বিজেপিক ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ ৰাজনৈতিক প্ৰতিবেদন।

কাৰ কাৰ কপাল ফুলিব? লোকসভা নিৰ্বাচনৰ পাছত অসমত কোন কোন বিজেপি তথা মিত্ৰদলৰ বিধায়কে মন্ত্ৰিত্ব হেৰুৱাব বা নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব। ইয়াকলৈ এতিয়া ৰাজ্যিক বিজেপিত চলিছে সৰৱ আলোচনা।

সমান্তৰালভাৱে ভৱেশ কলিতাৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব কাৰ হাতত অৰ্পণ কৰা হয় ইয়াকলৈও বিভিন্ন সমীকৰণত ব্যস্ত হৈছে বিজেপিৰ নেতৃত্ব। ইতিমধ্যে অসমৰ ৫জন বিধায়ক নিৰ্বাচিত হৈছে লোকসভালৈ।

লোকসভালৈ নিৰ্বাচিত হোৱা ৫বিধায়কৰ ভিতৰত আছে- মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰঞ্জিত দত্ত, জয়ন্ত বসুমতাৰী, ফণীভূষণ চৌধুৰী আৰু ৰকিবুল হুছেইন। ইয়াৰে এজন বিৰোধী কংগ্ৰেছ বিধায়ক। আৰু আন ৪জনৰ ২জন বিজেপিৰ তথা আন এজনকৈ বিজেপিৰ মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ।

এই সমষ্টিকেইটাৰ উপনিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ১৫ আগষ্টৰ ভিতৰত তেঁওৰ মন্ত্ৰীসভা সম্প্ৰাসাৰণ হ’ব বুলি ঘোষণা কৰাত শাসকীয় বিধায়কসকলৰ মাজতো মন্ত্ৰিত্বৰ দৌৰ আৰম্ভ হৈছে।

প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব এৰাৰ পাছত ভৱেশ কলিতাই শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো বৰ্তমান হিমন্ত বিশ্বৰ মন্ত্ৰীসভাত ৩টা মন্ত্ৰী পদ খালী আছে।

তাৰে এটা মন্ত্ৰী পদ ভৱেশ কলিতাই পূৰণ কৰিলে, আন দুটা মন্ত্ৰী পদ কোনে লাভ কৰিব সেয়াও আলোচনাৰ বিষয় হৈ পৰিছে। ইফালে যোৱা লোকসভা নিৰ্বাচনত আশানুৰূপ ফলাফল দিয়াত ব্যৰ্থ হোৱা অগপৰ কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক এই নতুন সম্প্ৰসাৰণত মুখ্যমন্ত্ৰীয়ে বাদ দিয়াৰ সম্ভাৱনা আছে।

অগপৰ এজন সাংসদ লোকসভালৈ নিৰ্বাচন কৰি পঠিওৱাৰ পাছত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ পৰা আন এজন বিধায়কক নতুনকৈ মন্ত্ৰীসভাত স্থান দিয়াৰ গুণাগাঁথা চলিছে। বিহালী সমষ্টিৰ পৰা এইবাৰ উপ-নিৰ্বাচনত জয়ী হ’ব পাৰিলে পল্লৱলোচন দাসে শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিলেও আচৰিত হ’ব লগা নাথাকিব।

তেঁওৰ নাম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে চৰ্চাত আছে যদিও সভাপতিৰ সলনি চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দাসে মন্ত্ৰীসভাতহে স্থান লাভ কৰিব পাৰে। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ৰামেশ্বৰ তেলীৰ নাম বিবেচনালৈ আহিছে যদিও শেহতীয়াকৈ মোডীৰ মন্ত্ৰীসভাত দুজনকৈ ডিব্ৰুগড়ৰ নেতাই স্থান লাভ কৰাৰ পাছত সভাপতিৰ দায়িত্ব ৰামেশ্বৰ তেলীক দিবলৈ ৰাজনৈতিক কাৰণতে সিদ্ধান্ত ল’ব পৰা নাই বিজেপিয়ে।

ৰামেশ্বৰ তেলীক এই দায়িত্ব দিলে উজনি অসমৰ এখন জিলাৰে ৩জনকৈ নেতাক গুৰুত্বপূৰ্ণ পদ অৰ্পণ কৰা হ’ব। সেই সমীকৰণে বিজেপিৰ অংকত আউল লগোৱাত কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ভিতৰত কোনোবা এজনক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিব পাৰে বিজেপি নেতৃত্বই।

এনেবোৰ কাৰণতে দ্বিতীয়টো কাৰ্যকালৰ বাবে ভৱেশ কলিতাকে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ কথাও চিন্তা কৰিছে দলটোৱে। অৱশ্যে কলিতাই সভাপতিৰ দায়িত্ব পুনৰ লোৱাতকৈ মন্ত্ৰীসভাৰ প্ৰতিহে আগ্ৰহ ব্যক্ত কৰিছে।

ৰাষ্ট্ৰীয় প্ৰেক্ষপটতো বিজেপি সভাপতি কোন হ’ব ইয়াৰ সৰৱ চৰ্চা অৱ্যাহত আছে। প্ৰথমে এই পদৰ বাবে ৰবিশংকৰ প্ৰসাদৰ নাম চৰ্চালৈ আহিছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ ওম প্ৰকাশ মাথোৰৰ নাম এই পদৰ বাবে প্ৰৱল দাবীদাৰ হিচাপে চৰ্চা আছে।

ৰাজস্থান বিজেপিৰ দায়িত্বত থকা ৭২ বছৰীয়া মাথোৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পতাত আগ্ৰহী দলটোৰে বহু কেইজন শীৰ্ষ নেতা। জে পি নাড্ডাই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত দ্বিতীয়টো কাৰ্যকালৰ বাবে তেঁও ৰাষ্ট্ৰীয় সভাপতি পদত নথকাতো স্পষ্ট হৈছে।

এই বছৰৰ জুনত অন্ত পৰিব নাড্ডাৰ সভাপতিৰ কাৰ্যকাল। তেনেস্থলত ছেপ্তেম্বৰৰ ভিতৰত দলটোৱে নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন কৰিব লাগিব।

চলিছে সৰৱ চৰ্চা : কোন হ’ব বিজেপিৰ সভাপতি, কোন হ’ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী...
সংকল্প দিৱস আছিল শিশু শ্ৰমিক নোহোৱা কৰা, মন্ত্ৰী আলোচনাত বহিল তৃতীয় লিংগৰ লোকৰ সমস্যা সমাধানত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in