সংকল্প দিৱস আছিল শিশু শ্ৰমিক নোহোৱা কৰা, মন্ত্ৰী আলোচনাত বহিল তৃতীয় লিংগৰ লোকৰ সমস্যা সমাধানত

সংকল্প দিৱস আছিল শিশু শ্ৰমিক নোহোৱা কৰা, মন্ত্ৰী আলোচনাত বহিল তৃতীয় লিংগৰ লোকৰ সমস্যা সমাধানত
Published on
Updated on

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুনৰ দিনা এই দিৱস পালন কৰা হয়। ২০২৪ত এই দিৱসৰ মূলমন্ত্ৰ আছিল- সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই নাইকিয়া হ’ব শিশু শ্ৰমিক। কিন্তু লক্ষণীয়ভাৱে এইবৰ্ষত ৰাজ্য চৰকাৰে শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে কোনো চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলে যুগুত কৰিছে এই প্ৰতিবেদন।

২০০২চনত ৰাষ্ট্ৰসংঘত জেনেভাৰ এক বিশেষ অভিৱৰ্তনত ‘বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস’ প্ৰতিবছৰে ১২জুনৰ দিনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছিল। এই দিৱস পালনৰ উদ্দেশ্য হৈছে- ব্যক্তি, সংগঠন আৰু চৰকাৰক শিশু শ্ৰমিকৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা যোগোৱা। আৰু ইয়াক স্থায়ীভাৱে নিৰ্মূল কৰাৰ দিশত কাম কৰা। এই লক্ষ্যৰে ভাৰতকে ধৰি বিশ্বৰ সকলো আগশাৰীৰ ৰাষ্ট্ৰই এই ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছিল।

ৰাষ্ট্ৰসমূহে সংকল্প লৈছিল যে সংশ্লিষ্ট সকলো দেশেই নিজৰ দেশত শিশু শ্ৰমিকক জীৱনৰ বিপদ কঢ়িয়াই আনিব পৰা কামত কোনোও যাতে নিয়োগ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব। ২০২৪ চনৰ শিশু শ্ৰমিক বিৰোধী দিৱসৰ বিশেষ সংকল্প আছিল- শিশু শ্ৰমিক নোহোৱা কৰা।

কিন্তু ভাৰতবৰ্ষত বাস্তৱত সেয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। বৰং দেশৰ আগশাৰীৰ মহানগৰসমূহতো শিশু শ্ৰমিকৰ জৰিয়তে ঘৰুৱা বনকৰা কামকে ধৰি ইটাভাটা, চাহবাগানৰ শ্ৰমিকলৈকে বহু কামত শিশু শ্ৰমিক নিয়োজিত হৈ আছে।

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

এই শিশু শ্ৰমিকক আধা মূল্যত নিয়োজিত কৰাৰ পৰম্পৰা চলি আহিছে। অসমতো একাংশ দৰিদ্ৰ শিশুক পঢ়াৰ সুবিধা কৰি দিয়াৰ অজুহাতত ঘৰুৱা কাম-বন কৰাত নিয়োজিত কৰা ঘটনাও সঘনাই দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি এইসকল শিশুক শাৰীৰিক প্ৰহাৰ কৰাৰ গোচৰ বিভিন্ন সময়ত অতি উচ্চ শিক্ষিত মানুহৰ দ্বাৰাই সংঘটিত হোৱাৰ গোচৰো আৰক্ষীৰ হাতত বহু পৰিমাণে পঞ্জীভূক্ত হৈ আছে।

ইয়াৰ বিচাৰত অসমত আজিলৈকে কোনো ব্যক্তিয়ে শাস্তিভোগ কৰিবলগীয়া হোৱা নাই। যাৰ বাবে শিশু শ্ৰমিকৰ ব্যৱহাৰ স্বাভাৱিক ঘটনাৰূপে পৰিগণিত হৈছে।

অসমৰ চাহ বাগিছা, ইটাভাটা, হোটেল, ৰেষ্টোৰা ইত্যাদিকে ধৰি বিভিন্ন প্ৰতিষ্ঠান তথা ডাঙৰ মানুহৰ ঘৰত কেচুৱা ৰখা, শিশু ৰখা ঘৰ(ক্ৰেছ) আদিতো শিশু শ্ৰমিকক নিয়োজিত কৰাটো সহজে পৰিলক্ষিত হৈছে। ইয়াৰ বাবে চৰকাৰৰ ব্যৱস্থা আছে। সেয়া হ’ল শিশু কল্যাণ আৰু ন্যায় সবলীকৰণ বুলি সুকীয়া বিভাগ।

আজি অসমত বিভাগীয় দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাই দিশপুৰস্থিত চৰকাৰী কাৰ্যালয়ত এই দিৱসৰ লগত সংগতি ৰাখি এক বৈঠকত অংশ লয়। মন্ত্ৰী হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমাজ কল্যাণ বিভাগ আৰু সামাজিক ন্যয় সবলীকৰণ বিভাগৰ বিষয়ববীয়াৰে তৃতীয় লিংগৰ লোকসকলৰ কল্যাণৰ বাবে ল’ব লগা আঁচনি সন্দৰ্ভত আলোচনা কৰে।

বৈঠকত তৃতীয় লিংগৰ লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোকপাত কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আলোচনা কৰে। তৃতীয় লিংগৰ লোকসকলক আই-কাৰ্ড প্ৰদানকে আদি কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ সন্দৰ্ভত সভাত উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে কয় যে তৃতীয় লিংগৰ লোকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অনাগত দিনতো সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।

আজিৰ এই সভাত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, সচিব কে জে হিলালীসহ বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। ইয়াৰোপৰি স্বাস্থ্য বিভাগৰ বিষয়াসকল আৰু ট্ৰান্সজেণ্ডাৰ কল্যাণ ব’র্ডৰ সহযোগী উপাধ্যক্ষ ঋতুপৰ্ণা নেওগৰ লগতে আন বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

দুখৰ কথা যে আজিৰ দিনটো শিশু শ্ৰমিক বিৰোধী দিৱস আছিল যদিও সেই দিনটোত শিশু শ্ৰমিক ব্যৱহাৰ  কৰা লোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা ল’লে এয়া প্ৰতিৰোধ কৰিব পৰা যাব তাৰ ওপৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নহ’ল। মহানগৰীৰে দাঁতিকাষৰীয়া অঞ্চলত যিবিলাক নিৰ্মাণ কাৰ্য চলি আছে, বিভিন্ন উদ্যোগ যিবিলাক আছে সেই সকলোতে এতিয়াও ভালেসংখ্যক শ্ৰমিক কৰ্মৰত হৈ আছে। আৰু বহু শ্ৰম বিমুখ পৰিয়ালৰ সন্তানে বেলেগৰ ঘৰত কাম কৰাটো পিতৃ-মাতৃয়েও বিচাৰে। একাংশ পিতৃ-মাতৃৰ এনে মানসিকতা গঢ় লৈ উঠিছে যে স্কুলত পঢ়িবলৈ যোৱাতকৈ বেলেগৰ ঘৰত কাম কৰক।

এনে মানসিকতা দূৰ কৰাৰ বাবে বিভিন্ন সামাজিক সংগঠন আছে যদিও এই অনুষ্ঠানবিলাকে কিন্তু ল’ৰা-ছোৱালীক কেতিয়াবা কেতিয়াবা অকস্মাত দেখা কৰি কাৰোবাৰ ঘৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা খবৰ পোৱা যায়। কিন্তু সংস্থাসমূহে পঢ়াটো নিশ্চিত কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই দিনটোতে তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলা, কুমাৰীকাটা আদি অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে ২১ গৰাকী শিশু শ্ৰমিক। ACRD নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে সমাজকল্যাণ বিভাগ, শ্ৰমিক বিভাগ, শিশু সুৰক্ষা কমিটি, জিলা শিশু সুৰক্ষা আয়োগৰ যৌথ অভিযান তথা তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ২১ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰে।

এই শিশুসকলক তামুলপুৰৰ সংহত শিশু বিভাগ প্ৰকল্প লৈ আনি অভিভাৱকসকলক চমজাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। আজি উদ্ধাৰ কৰা শিশুসকল বিশেষকৈ গাড়ীৰ গেৰেজ, হোটেল আদিত কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে।

উক্ত শিশু শ্ৰমিকসকলক কামত ব্যৱহাৰ কৰা গেৰেজ বা হোটেল আদিৰ প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

আনহাতে চৰকাৰীভাৱে যিবিলাক শিশুগৃহ আছে তাতো খোৱা-বোৱাকে ধৰি পঢ়া-শুনা আদি সকলো ধৰণৰ সা-সুবিধা তাত নাই। অতি পুতৌজনক অৱস্থাত এইসমূহ শিশুগৃহ চলাই থকা হৈছে। এই শিশুগৃহসমূহত থকা শিশুবোৰক মানসিক-শাৰীৰিক বিকাশৰ লগতে ভৱিষ্যতে তেঁওলোক কাম-কাজত নিজকে নিযুক্ত কৰিব পৰাকৈ উপযুক্ত কৰি গঢ়ি তোলাৰ বাবে কোনো ধৰণৰ বাস্তৱ তথা বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই।

সেয়া এখন উন্নয়নশীল ৰাষ্ট্ৰত তথা উন্নয়নকামী ৰাজ্যৰ বাবে দুখজনক কথা। আশা কৰোঁ- এই বছৰত শিশু শ্ৰমিক নোহোৱা কৰাৰ বাবে গ্ৰহন কৰা সংকল্প  অনুসৰি চৰকাৰে এই বছৰটোতে তাক সঁচা অৰ্থত প্ৰমাণিত কৰাৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব।  

সংকল্প দিৱস আছিল শিশু শ্ৰমিক নোহোৱা কৰা, মন্ত্ৰী আলোচনাত বহিল তৃতীয় লিংগৰ লোকৰ সমস্যা সমাধানত
মোডীৰ মন্ত্ৰীসভাত ৫ হাজাৰ কোটি টকীয়া সাংসদঃ পবিত্ৰ মাৰ্ঘেৰিটা দৰিদ্ৰৰ তালিকাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in