অমৃত বৃক্ষৰ অৰণ্য গঢ়িছে মাজবাট আঞ্চলিক বন বিভাগে...

অমৃত বৃক্ষ আন্দোলনৰ নিৰাশাজনক খবৰৰ মাজতেই ভৈৰৱ কুণ্ড ৰিজাৰ্ভ ফৰেষ্টৰ এই আশাৰ খবৰ
অমৃত বৃক্ষৰ অৰণ্য গঢ়িছে মাজবাট আঞ্চলিক বন বিভাগে...
অমৃত বৃক্ষৰ অৰণ্য গঢ়িছে মাজবাট আঞ্চলিক বন বিভাগে...
Published on
Updated on
১ আগষ্টৰ পৰা আৰম্ভ হ'ব অমৃত বক্ষ আন্দোলন ২.০। ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। কিন্তু তাৰ সমান্তৰালকৈ বিগত বছৰৰ অমৃত বৃক্ষ আন্দোলনক লৈ অব্যাহত আছে বিতৰ্ক। বিগত বছৰত ৰোপণ কৰা গছপুলিসমূহৰ অৰ্ধেক সংখ্যকৰো অধিক জীৱিত অৱস্থাত নাই। কিন্তু ইয়াৰ বিপৰীতে ভৈৰৱকুণ্ডত অমৃত বৃক্ষই সৃষ্টি কৰিছে এখন ক্ষুদ্ৰ অৰণ্য। অমৃত বৃক্ষ আন্দোলন ২.০ ৰ ক্ষেত্ৰত ভৈৰৱকুণ্ডৰ এই বননীখন হ'ব পাৰে বহুতৰে আদৰ্শ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

২০২৩ বৰ্ষৰ ১৭ ছেপ্টেম্বৰত একে দিনাই অসম চৰকাৰৰ উদ্যোগত সমগ্ৰ অসম জুৰি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি গছপুলি ৰোপণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলন ২.০ পুনৰ আৰম্ভ কৰিছে। এইবাৰ অমৃত বৃক্ষ আন্দোলন ২.০ ত ৰাজ্য চৰকাৰে ৩ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অৱশ্যে এইবাৰ এদিনৰ পৰিবৰ্তে ১৫ দিন পৰ্যন্ত চলিব এই আন্দোলন। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই অমৃত বৃক্ষ আন্দোলনৰ গছপুৰি ৰোপণ কাৰ্য অব্যাহত থাকিব।সেই অনুসৰিই অসম চৰকাৰে তৈয়াৰ কৰা এটা এপো ইতিমধ্যে মুকলি কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰে এইদৰে অমৃত বৃক্ষ আন্দোলন ২.০ আৰম্ভ কৰাৰ সময়তে বিগত বছৰৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা ১ কোটি গছপুলিৰ প্ৰসংগও আলোচনাৰ বিষয় হৈ পৰিছে। বিগত বছৰত যিদৰে বিভিন্ন স্থানত কেৱল অভিলেখৰ বাবেই গছপুলি ৰোপণ কৰা হৈছিল সেইদৰেই আকৌ বিভিন্ন স্থানত গছ কাটি ঠাই মুকলি কৰি বিশ্ব অভিলেখৰ বাবে নতুনকৈ পুলি ৰোপণ কৰাৰ দৰে তোঘলকি কাণ্ডও সংঘটিত হৈছিল।

মন্ত্ৰীৰ উপস্থিতিত সামৰিক কৌশলেৰে ছন্দ মিলাই গছপুলি ৰোপণ কৰি সেইবোৰ মৰিবলৈহে এৰি দিয়া হৈছিল। ঠায়ে ঠায়ে আগদিনা ৰোৱা গছপুলিসমূহ পিছৰ দিনাই গৰু, ছাগলীয়ে খাই উদং কৰিছিল। বহু ঠাইত আকৌ নিশাৰ ভিতৰতে নোহোৱা হৈছিল গছপুলিবোৰ।

হয়তো অসম চৰকাৰৰ হাততো বিগত বছৰত অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা ১ কোটি গছপুলিৰ কিমান পুলি বৰ্তমান জীৱিত অৱস্থাত আছে সেই বিষয়ে কোনো তথ্যই নাই। এনে পৰিস্থিতিত স্বাভাৱিকতে অমৃত বৃক্ষ আন্দোলনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে।

এনে বহু বিতৰ্কৰ মাজতো অমৃত বৃক্ষ আন্দোলনক সফল কৰি তুলিবলৈ সক্ষম হৈছে মাজবাট আঞ্চলিক বন বিভাগে। মাজবাট আঞ্চলিক বন বিভাগে অশেষ কষ্ট স্বীকাৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এখন ক্ষুদ্ৰ অৰণ্য গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে।

অসম চৰকাৰৰ বন বিভাগে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত যি স্থানৰ পৰা অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিছিল সেই স্থানৰ পৰিবেশে এতিয়া দিছে আশাৰ বতৰা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ প্ৰকৃতিৰ ৰম্যভূমি তথা পৰ্যটনস্থলী ভৈৰৱকুণ্ড আৰু ইয়াৰ কাষৰীয়া চিকাৰীডাঙাত যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অংশ হিচাপে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিছিল।

এই স্থানত মুঠ ১০০ হেক্টৰ ভূমি সামৰি বন বিভাগে বৃক্ষ ৰোপণ কৰিছিল। এই ১০০ হেক্টৰ ভূমিত মুঠ ১১ টা ব্লকত ৯,২১,৭৩০ টা গছপুলি ৰোপণ কৰা হৈছিল। ইয়াৰ বাবে অসম চৰকাৰে খৰচ কৰিছিল ১ কোটি ২৫ লাখ টকা।

অসম, অৰুণাচল আৰু ভূটান সীমান্তৰ এই অঞ্চলটোত ৰোপণ কৰা এই গছপুলিসমূহ এতিয়া ঠন ধৰি উঠিছে। বন বিভাগে যত্ন লোৱা এই পুলিসমূহৰ কিছু কিছু স্থানত প্ৰথম অৱস্থাত প্ৰাকৃতিক কাৰণতে বহু কেইটা গছপুলিৰ মৃত্যু হৈছিল যদিও বন বিভাগৰ লোকে সেই স্থানত গছপুলিসমূহ পুনৰ ৰোপণ কৰাৰ ব্যৱস্থা কৰিলে। এইদৰেই এতিয়া এই স্থানত এখন সেউজ বননী গঢ়লৈ উঠাৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে।

অমৃত বৃক্ষ আন্দোলন ২.০ ৰ আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক সময়ত আমাৰ ওৰাঙৰ সাংবাদিক যতীন ডেকা গৈ উপস্থিত হৈছিল এইস্থানত। তেওঁৰ আগত মাজবাট আঞ্চলিক বন বিভাগৰ বিট অফিচাৰ মিণ্টু বড়োৱে কয়, বিগত বছৰৰৰ ছেপ্টেম্বৰত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনেৰে যি বিশ্ব অভিলেখ সৃষ্টি কৰাৰ প্ৰয়াস হাতত লৈছিল সেই আন্দোলনত আমি সফল হৈছোঁ। ইয়াতো ৰোপণ কৰা প্ৰায়সমূহ গছপুলিয়েই জীৱিত অৱস্থাত আছে।

তেওঁ পুনৰ কয়, যোৱাবাৰ যিসময়ত গছপুলিসমূহ ৰোপণ কৰা হৈছিল সেই সময়খিনি প্ৰকৃতিগতভাৱে গছপুলি ৰোপণ কৰাৰ সময় নাছিল। তথাপিও আমি বহুত কষ্ট কৰি গছপুলিসমূহ জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ।

উল্লেখ্য যে, পাহাৰীয়া স্থানত ৰোপণ কৰা এই গছপুলিসমূহত পানী দিয়া কাৰ্যও আছিল যথেষ্ট প্ৰত্যাহ্বানমূলক। সেয়ে বন বিভাগে কাষৰে বৈ যোৱা ধনশিৰি নদীৰ পৰা জেচিবিৰে খান্দি পানী বোৱাই আনিবলগীয়া হোৱাৰ সমান্তৰালকৈ বৈদ্যুতিক চালিত মটৰ, জেনেৰেটৰ আদিৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে।

বিট অফিচাৰ মিণ্টু বড়োৱে কোৱা মতে বন কৰ্মীসকলে এই গছপুলিসমূহ জীয়াই ৰাখিবলৈ সকলোধৰণৰ প্ৰচেষ্টা হাতত লৈছে। তেওঁলোকে নিয়মিতভাৱে পানী দিয়াৰ লগতে সেইসমূহ লালন পালন কৰিছে। ইফালে পাহাৰৰ নামনি স্থানত যিসমূহ গছপুলি আছিল সেইসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হিচাপে থিয় দিছিল পাহাৰৰ পৰা নামি অহা পানী।

যিহেতু অৰুণাচল, ভূটান পাহাৰৰ কাষত এই গছপুলি সমূহ ৰোপণ কৰা হৈছে সেয়ে এই স্থানৰ নামনি স্থানত থকা গছপুলিসমূহ বৰষুণৰ সময়ত পাহাৰৰ পৰা নামি অহা পানীয়ে বহু গছপুলি মাৰি নিয়ে। এই খালী হোৱা স্থানত পুনৰ বন কৰ্মীসকলে গছপুলি ৰোপণ কৰি সেইসমূহ জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছে।

বিট অফিচাৰ বড়োৱে অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ এই মহান প্ৰচেষ্টাৰ প্ৰতি সকলোকে সহাৰি জনাবলৈও আহ্বান জনাইছে। তেওঁ কয়, আমি শুনিছো বহু স্থানত গছপুলিসমূহ মৰি গৈছে। এই ধৰণৰ নিৰাশাজনক খবৰ প্ৰচাৰ হৈ আছে। আমি সেইসকল লোকক আহ্বান জনাইছোঁ আপোনালোকে আমাৰ ইয়ালৈ আহি এবাৰ গছপুলিসমূহ চাই যাওঁক। কিদৰে আমি লালন, পালন কৰি ডাঙৰ কৰিছো, জীয়াই ৰাখিছোঁ। তেওঁ ভিন্ন স্থানৰ পৰা প্ৰকাশ পোৱা অমৃত বৃক্ষ আন্দোলনৰ বিয়োগাত্মক খবৰবোৰে তেওঁলোকক উৎসাহেৰ কাম কৰাৰ ক্ষেত্ৰত মানসিকভাৱে ক্ষতি কৰে বুলিও উল্লেখ কৰিছে।

বিগত বছৰত অসময়ত ৰোপণ কৰাৰ বাবেই গছপুলিসমূহ জীয়াই তোলাতো তেওঁলোকৰ বাবে আছিল এক প্ৰত্যাহ্বান স্বৰূপ। বাট-পথৰ কোনো সুব্যৱস্থা নথকা এই অঞ্চললৈ যাবলৈ বন বিভাগৰ লোকসকলে ধনশিৰি আৰু বেলশীৰি নদী পাৰ হ'ব লাগে।

ভৈৰৱ কুণ্ড ৰিজাৰ্ভ ফৰেষ্টৰ অধীনস্থ এই অঞ্চলটোত অমৃত বৃক্ষ আন্দোলনৰ ফলত গঢ়লৈ উঠা এই ক্ষুদ্ৰ বননিখনে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যক আৰু যে অধিক মনোৰম কৰি তুলিব সেয়া নিশ্চিত। মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰীৰ নেতৃত্বত বন বিভাগৰ কৰ্মীসকলে এই গছপুলিসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত যি আন্তৰিক প্ৰচেষ্টা হাতত লৈছে সেয়া আন বহু বন বিষয়া, কৰ্মচাৰীয়েই নহয়, সাধাৰণ লোকৰ বাবেও এক আদৰ্শ স্বৰূপ।

মন কৰিবলগীয়া যে, যোৱাবাৰ গছপুলিসমূহ নিবিদাৰ জৰিয়তে কেইবাখনো ফাৰ্মৰ পৰা লোৱা হৈছিল। কিন্তু এইবাৰ অমৃত বৃক্ষ আন্দোলন ২.০ ত অসম চৰকাৰে ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লৈছে যদিও বন বিভাগেই ৪ কোটি গছপুলি যোগান ধৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আনহাতে আগন্তুক ৩-৪ বছৰত অসমত মুঠ ১০ কোটি গছপুলি ৰোপণৰ লক্ষ্য লৈছে অসম চৰকাৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি যোৱা ৩ বছৰত অবৈধ বেদখলৰ কবলত থকা ১০ হাজাৰ হেক্টৰ বন ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰা হৈছে। এই ভূমিসমূহত পুনৰ বনানীকৰণৰ লক্ষ্য লৈছে অসম চৰকাৰে।

যদিহে এই প্ৰচেষ্টা সঁচাই আন্তৰিকতাপূৰ্ণ হয় আৰু কাৰ্যকৰী হয় তেন্তে এয়া নিশ্চয় অসমৰ পৰিবেশতন্ত্ৰৰ বাবে যোগাত্মক খবৰ। এই প্ৰচেষ্টা তেতিয়াহে সফল হ'ব যেতিয়া ইয়াৰ সৈতে জড়িত শীৰ্ষতম ব্যক্তিজনৰ পৰা তৃণমূল পৰ্যায়ত কাম কৰা কৰ্মীগৰাকীলৈ সকলোৰে এই কাৰ্যসূচীৰ প্ৰতি আন্তৰিকতা থাকে।

কেৱল চৰকাৰী আঁচনি, কাম কৰিব লাগে বাবে কৰিছো ধৰণৰ মানসিকতাৰে নিশ্চয় এই প্ৰচেষ্টা সফল হৈ নুঠিব। সমান্তৰালকৈ সাধাৰণ জনতায়ো এই বিষয়টোক যোগাত্মক দৃষ্টিৰে লৈ প্ৰতিটো গছপুলিয়েই নিজৰ বুলি ভাবি লালান-পালনত গুৰুত্ব দিব লাগিব।

মাজবাট আঞ্চলিক বন বিভাগৰ অধীনস্থ ভৈৰৱ কুণ্ড ৰিজাৰ্ভ ফৰেষ্টত বনকৰ্মীসকলে যিদৰে অমৃত বৃক্ষ আন্দোলনৰ উদ্দেশ্যক সফল কৰি তুলিছে সেইদৰেই সকলোৱে এই উদ্দেশ্যক সফল কৰি তুলিব লাগিব। অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন ২.০ ৰ ক্ষেত্ৰত ভৈৰৱ কুণ্ডৰ পৰা আদৰ্শ লওক। এইদৰেই ঠায়ে ঠায়ে গঢ়ি উঠক ক্ষুদ্ৰ বননী। চাৰিওফালে বিয়পি পৰক সেউজীয়া।

অমৃত বৃক্ষৰ অৰণ্য গঢ়িছে মাজবাট আঞ্চলিক বন বিভাগে...
আমিও আম্বানীৰ সমানেই ধনী!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in