নাৰী সুৰক্ষা ৰাজনীতিৰ খেলা !

নাৰী সুৰক্ষা ৰাজনীতিৰ খেলা !
নাৰী সুৰক্ষা ৰাজনীতিৰ খেলা !
Published on
Updated on

যৌন নিৰ্যাতন, নাৰী সুৰক্ষা আদিৰ বিষয়ে দেশ উত্তাল হৈ থকাৰ সময়তে পশ্চিমবংগত গৃহীত হ'ল কঠোৰ আইন। সমগ্ৰ দেশতে এনে কঠোৰ আইন গৃহীত কৰাৰো উঠিছে দাবী। তাৰ মাজতেই চৰ্চাত এন চি আৰ বিৰ নাৰী জনিত অপৰাধাৰ প্ৰতিবেদন। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ছাত্ৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ ঘটনাৰ সমান্তৰালকৈ অসমৰ ধিঙত সংঘটিত হোৱা স্কুলীয়া ছাত্ৰীক দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আৰ জি কৰ মেডিকেল কলেজৰ সেই ঘটনাক লৈ এতিয়াও উত্তপ্ত হৈ আছে কলাকাতা।

এই ঘটনাই ৰাজনীতিৰ ৰূপ লোৱাৰ পাছতো অৱশ্যে পশ্চিমবংগৰ বিধানসভাত বিশেষ অধিবেশনত এনে ঘটনা হ্ৰাস কৰিবলৈ গৃহীত কৰিলে এখন কঠোৰ আইন। অপাৰিজা মহিলা আৰু শিশু নামৰ এই আইনখনৰ অনুসৰি এতিয়াৰে পৰা যৌন নিৰ্যাতনৰ ফলত কোনো নাৰী ক'মাত থাকিলে নিৰ্যাতনকাৰীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰোপৰি যৌন নিৰ্যাতন আৰু হত্যাৰ ক্ষেত্ৰত পূৰ্বৰ আইন অনুসৰিয়েই মৃত্যুদণ্ডৰ ব্যৱস্থা অটুট থাকিব। তাৰোপৰি দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনাৰ নূন্যতম শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে জৰিমণা।

বংগৰ এই নতুন আইনখনে মুম্বাই অৰুণা শ্বানবাগৰ গোচৰক চৰ্চালৈ আনিছে। নিজ চিকিৎসালয়তে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা নাৰ্ছগৰাকী প্ৰায় ৪০ বছৰ ধৰি ক'মাত আছিল। কিন্তু তেওঁক যৌন নিৰ্যাতন কৰা দোষীৰ কঠোৰ শাস্তি নহ'ল। বংগৰ এই আইনে এতিয়া এনেধৰণৰ ভুক্তভোগীক ন্যায় দিয়াৰ লগতে দোষীক মৃত্যুদণ্ডৰ শাস্তি দিব।

বিতৰ্কৰ মাজতেই বংগই যৌন নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিলে যদিও অসমৰ ধিঙত সংঘটিত হোৱা ঘটনাৰ চৰ্চা কিন্তু নাটকীয়া ভাৱে নোহোৱা হ'ল। এই ঘটনাত ৩ জন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল যদিও এজন অভিযুক্তক কৰায়ত্ত কৰাৰ পিছত নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ গৈ পুখুৰীত পৰি মৃত্যু হ'ল। কিন্তু বাকী দুই অভিযুক্তক এতিয়াও আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰিলে।

কেৱল ৰাজ্যত কেতিয়া, কিমান যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে, নিৰ্যাতনকাৰীৰ ধৰ্মীয় পৰিচয় আদি উল্লেখ কৰিয়েই যেন দায়িত্ব সামৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে। এই ঘটনা হ্ৰাস কৰিবলৈ কঠোৰ আইনী ব্যৱস্থাৰ পৰিবৰ্তে ৰাজনৈতিক মুনাফা আদায়ৰ এই খেলত নাৰী জনিত অপৰাধৰ বিষয়টো ক'ৰবাত হেৰাই থাকিল।

কেৱল অসমতেই নহয়, দেশৰ প্ৰায়সমূহ ৰাজ্যতে নাৰী জনিত এনে অপৰাধ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পিছতো ইয়াক হ্ৰাস কৰিবলৈ বা এনে অপৰাধৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান কৰিবলৈ আহৰি পোৱা নাই আইন প্ৰণয়নকাৰীসকলে। আইনৰ দুৰ্বলতাৰ সুযোগ লৈয়ে নাৰী জনিত এনে জঘণ্য অপৰাধ সংঘটিত কৰিও এতিয়া দেশৰ সংসদৰ লগতে ৰাজ্যসমূহৰ বিধান সভাৰ আসন শুৱনি কৰিছে একাধিক লোকে। লাভ কৰিছে সমাজৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত শীৰ্ষ আসন।

এক পৰিসংখ্যা অনুসৰি নাৰী জনিত এনে অপৰাধত জড়িত ৭০ শতাংশই প্ৰমাণৰ অভিযোগত মুক্তি লাভ কৰিছে। যৌন নিৰ্যাতনৰ অভিযোগৰ নিষ্পত্তিও দ্ৰুততাৰে সম্পন্ন হোৱা নাই।

এন চি আৰ বিৰ তথ্য মতে সমগ্ৰ দেশত যৌন নিৰ্যাতন বা নাৰী জনিত অপৰাধৰ সংখ্যা চূড়ান্ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সেইদৰেই উদ্বেগজনক হৈ পৰিছে এনে ধৰণৰ ঘটনাত জড়িতৰ শাস্তিৰ হাৰ। যিদৰে এই ঘটনাত জড়িতই শাস্তি লাভ কৰিব লাগিছিল তেনেধৰণৰ শাস্তি লাভ কৰা নাই।

পৰিসংখ্যা অনুসৰি দেশৰ প্ৰতি ডেৰ হাজাৰ মহিলাৰ ভিতৰত অন্তত এগৰাকী মহিলা কোনো অপৰাধৰ বলি হৈছে। এক লাখ মহিলাৰ ভিতৰত প্ৰায় ৬৭ গৰাকী মহিলা কোনোবা নহয় কোনোবা অপৰাধৰ চিকাৰ হৈছে। সেইদৰেই প্ৰতি ঘণ্টাত ৫১ খনকৈ এফ আই আৰ দাখিল হৈ আহিছে।

২০২২ চনৰ এন চি আৰ বিৰ তথ্য মতে সমগ্ৰ দেশত স্বামী বা আত্মীয়ৰ দ্বাৰা অত্যাচাৰৰ বিচাৰাধীন গোচৰ ৮ লাখ ৫২ হাজাৰ ৫৯৮ টা। ইয়াৰ ভিতৰত বিচাৰ সম্পন্ন হৈছে ৪৬ হাজাৰ ৯৯৬ টা গোচৰৰ। তাৰ ভিতৰত শাস্তি লাভ কৰিছে মাত্ৰ ১৭.৭ শতাংশই।

শ্লীলতাহানিৰ বিচাৰাধীন গোচৰ হৈছে ৫ লাখ, ৪৮ হাজাৰ ১৫৪ টা। ইয়াৰে ৩১ হাজাৰ ৪৬৩ টা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। শাস্তি ভোগ কৰিছে ২৫.৬ শতাংশই। শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ বিচাৰাধীন গোচৰৰ সংখ্যা হৈছে ২ লাখ ৬১ হাজাৰ ৭৬১ টা। ইয়াৰে বিচাৰ প্ৰক্ৰিয়া শেষ হৈছে ২৭ হাজাৰ ৬১৬ টা। শাস্তি ভোগ কৰা শতকৰা হাৰ ৩১.৭ শতাংশ।

ধৰ্ষণৰ বিচাৰাধীন গোচৰ হৈছে ১ লাখ, ৯৮ হাজাৰ, ২৮৫ টা। ইয়াৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে ১৮,৫১৭ টা। শাস্তি ভোগ কৰাৰ সংখ্যা শতকৰা হাৰ মাত্ৰ ২৭.৪। গণ ধৰ্ষণ, ধৰ্ষণ আৰু হত্যাৰ বিচাৰাধীন গোচৰৰ সংখ্যা ১ হাজাৰ ৩৩৩ টা। ইয়াৰে বিচাৰ প্ৰক্ৰিয়া শেষ হৈছে ৬২ টা গোচৰৰ। শাস্তি ভোগ কৰিছে ৬৯.৪ শতাংশই।

ধৰ্ষণৰ চেষ্টাৰ বিচাৰাধীন গোচৰ হৈছে ২০,৮৫২ টা। ইয়াৰে বিচাৰ প্ৰক্ৰিয়া শেষ হৈছে ৯৫৭ টা গোচৰৰ। শাস্তি ভোগ কৰাৰ সংখ্যা ২০.১ শতাংশ। সেইদৰেই এছিড আক্ৰমণৰ দৰে অপৰাধৰ বিচাৰাধীন গোচৰৰ সংখ্যা হৈছে ৬৮২ টা। ইয়াৰে বিচাৰ প্ৰক্ৰিয়া অন্ত পৰিছে ৩২ টাৰ। এই গোচৰত দোষী সাব্যস্ত হৈ শাস্তি ভোগ কৰিছে ৫৩.১ শতাংশই। যৌতুক বা তেনে আন সামগ্ৰীৰ দাবীৰে হোৱা অত্যাচাৰত মৃত্যু হোৱাৰ বিচাৰাধী ঘটনাৰ সংখ্যা হৈছে ৬০,৫৭৭ টা। ইয়াৰে ৩,৬৮৯ টা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অন্ত পৰিছে। শাস্তি ভোগ কৰিছে মাত্ৰ ৩৩. ৪ শতাংশই।

এন চি আৰ বিৰ এই প্ৰতিবেদন অনুসৰিয়েই কিশোৰী, যুৱতীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ সৰ্বাধিক ঘটনা সংঘটিত হৈছে দিল্লীত। এই তালিকাত তাৰ পাছতেই স্থান লাভ কৰিছে হাৰিয়ানা, ৰাজস্থান, ওড়িষ্যা, তেলেংগানাই।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা এনে ঘটনাৰ সংখ্যা ক্ৰমে অৰুণাচল প্ৰদেশত ৩৩৫ টা, অসমত ১৪,১৪৮ টা, মণিপুৰত ২৪৮ টা, মেঘালয়ত ৬৯০ টা, মিজোৰামত ১৪৭ টা, নাগালেণ্ডত ৪৯ টা, ছিকিমত ১৭৯ টা, ত্ৰিপুৰাত ৭৫২ টা।

এইদৰেই নাৰী জনিত অপৰাধৰ এখন ছবি এন চি আৰ বিৰ প্ৰতিবেদনত স্পষ্ট হৈ থকাৰ পিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কঠোৰ আইন এখন প্ৰণয়ন কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। বংগ চৰকাৰে গ্ৰহণ কৰা এই নতুন আইনখনৰ প্ৰতিলিপি বংগ বিধানসভাৰ অধ্যক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰিছে। এতিয়া লক্ষ্যণীয় হ'ব কেন্দ্ৰীয় চৰকাৰে নাৰী নিৰ্যাতন, যৌন নিৰ্যাতনৰ ক্ষেত্ৰত কিদৰে কঠোৰ আইন প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নাৰী সুৰক্ষা ৰাজনীতিৰ খেলা !
বুলডোজাৰ ভাড়াত দিয়া দিল্লীৰ কোম্পানীক অসমৰ ৩৯ পৌৰ এলেকাৰ জাৱৰ নিষ্কাশনৰ ঠিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in