সূৰ্য হাজৰিকাৰ পাছত অসম সাহিত্য সভাৰ দায়িত্ব কাৰ হাতত…

সূৰ্য হাজৰিকাৰ পাছত অসম সাহিত্য সভাৰ দায়িত্ব কাৰ হাতত…
সূৰ্য হাজৰিকাৰ পাছত অসম সাহিত্য সভাৰ দায়িত্ব কাৰ হাতত…
Published on
Updated on

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব? ইতিমধ্যে সাহিত্য সভাৰ ভিতৰত আৰম্ভ হৈছে নিৰ্বাচনী ব্যস্ততা। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদৰ বাবে মন মেলিছে কেইবাজনো জনপ্ৰিয় সাহিত্যিকে। একেদৰেই উপ-সভাপতি, প্ৰধান সম্পাদককে ধৰি অন্যান্য পদসমূহৰ বাবেও বহু কেইজনেই প্ৰস্তুতি চলাইছে। সাহিত্য সভাৰ নিৰ্বাচনৰ দৌৰত কোন কোন আছে সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

নিৰ্বাচন কেন্দ্ৰিক বতাহ বলিছে অসম সাহিত্যসভাৰ মজিয়াতো। সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে ভালেকেইগৰাকী প্ৰত্যাশী প্ৰাৰ্থীয়ে ইতিমধ্যে আৰম্ভ কৰি দিছে প্ৰচাৰ।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ নবেম্বৰত অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ বিষয়ববীয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। সাহিত্য সভাই সভাপতি পদৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটীৰ জৰিয়তে পাঁচজনীয়া সভাপতিৰ প্ৰাৰ্থীৰ নামৰ এখন পেনেল প্ৰস্তুত কৰিব। সেই পেনেলত নিৰ্বাচিত পাঁচজনীয়া তালিকাৰ পৰাই ভোটৰ জৰিয়তে পৰৱৰ্তী সাহিত্য সভাৰ সভাপতিৰ নাম চূড়ান্ত কৰা হ’ব।

সভাপতিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিবলৈ গঠিত কমিটীত থাকিব বৰ্তমানৰ সভাপতি, প্ৰধান সম্পাদৰ, উপ-সভাপতি, আগৰটো কাৰ্যকালৰ প্ৰাক্তন সভাপতি, উপ-সভাপতি, এগৰাকী সাহিত্যচাৰ্য আৰু এগৰাকী সদস্য মহীয়ান।

বৰ্তমান সভাপতি পদৰ বাবে চৰ্চাত আছে জগদীশ পাটগিৰিৰ নাম। তেওঁ উপৰি এই পদৰ বাবে চৰ্চাত থকা আনকেইগৰাকী হ’ল- জয়ন্ত মাধৱ বৰা, বসন্ত গোস্বামী, হিতেশ ডেকা, ড০ মালিনী গোস্বামী।

প্ৰধান সম্পাদক পদৰ বাবে দৌৰত আছে দেৱজিত বৰা, ড০ সঞ্জীৱ কুমাৰ শৰ্মা আৰু অজিত কুমাৰ শৰ্মা। ইয়াৰে অজিত কুমাৰ শৰ্মা বৰ্তমানৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ সম্বন্ধীয় ভাতৃ।

অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে কেইবাজনো প্ৰাৰ্থীৰ নাম উত্থাপিত হৈছে। তাৰ ভিতৰত ধীৰেণ শৰ্মা, পদুম ৰাজখোৱা, যাদৱ শৰ্মা, ড০ ৰামচন্দ্ৰ ডেকা, ড০ অনিল শইকীয়া, নৰহৰি চুতীয়া আৰু অজয় সিং উল্লেখযোগ্য। এইখিনিতে মন কৰিবলগীয়া যে সাহিত্য সভাৰ সংবিধান অনুসৰি উপ-সভাপতি পদৰ প্ৰাৰ্থীৰ বয়স সত্তৰৰ ঊৰ্ধৰ হ’ব নালাগিব।

২৭ অক্টোবৰত অসম সাহিত্য সভাৰ নিৰ্বাচনী কমিটীৰ বৈঠক হ’ব এই বৈঠকতো সাহিত্য সভাৰ নিৰ্বাচনৰ দিন-বাৰ ঠিক কৰিব সভাৰ নিৰ্বাচনী সমিটীৰ বিষয়াসকলে। তিনিজনীয়া সাহিত্য সভাৰ নিৰ্বাচনী সমিতিত আছে প্ৰশান্ত কুমাৰ ডেকা, হিৰন্যময়ী বৰুৱা আৰু চিন্ময় চৌধুৰী।

সাহিত্য সভাৰ এই নিৰ্বাচনত ভোটদান কৰিব ৮৪৯ খন শাখা আৰু জিলা সমিতিয়ে। কিন্তু এতিয়ালৈকে ভোটদান কৰিবলগীয়া শাখাসমূহৰ তালিকা ৰাজহুৱা কৰা নাই সভাই। নিয়ম অনুসৰি এই শাখাৰ তালিকা সাহিত্য সভাৰ জাননী ব’ৰ্ডত আৰু সভাৰ ৱেবছাইটত উপলব্দ হ’ব লাগিছিল। মন কৰিবলগীয়া যে সাহিত্য সভাৰ ৱেবছাইটটো বৰ্তমান নিষ্ক্ৰিয় হৈয়ে আছে। তাৰ মাজতে সাহিত্য সভাত ভিতৰি ভিতৰি নিৰ্বাচনী বতাহ ভালকৈয়ে বলা পৰিলক্ষিত হৈছে।

সূৰ্য হাজৰিকাৰ পাছত অসম সাহিত্য সভাৰ দায়িত্ব কাৰ হাতত…
ড০ অনিল শইকীয়াক অসম সাহিত্য সভাৰ পৰৱৰ্তী উপ-সভাপতি হিচাপে প্ৰক্ষেপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in