কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি কৰিলে অসম চৰকাৰে। কেৱল সেয়াই নহয় মুখ্যমন্ত্ৰীয়ে আভিধানিক অৰ্থ নথকা অসমৰ আন আন ঠাইৰো নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এয়া যুক্তিসংগত নে? আভিধানিক অৰ্থ নথকাৰ বাবেই ঐতিহাসিক পটভূমিৰ নামকৰণ হোৱা ঠাইৰ নামো সলনি কৰিব নেকি মুখ্যমন্ত্ৰীয়ে? এয়া ইতিহাস বিকৃতকৰণৰ প্ৰৱণতা নহয় নে? এনে প্ৰসংগতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
১৯ নৱেম্বৰ, ২০২৪ ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি কৰা হৈছে। এই একেখন কেবিনেট বৈঠকতে সিদ্ধান্ত লোৱা হৈছে অসমৰ যিসমূহ ঠাইৰ নামৰ কোনো আভিধানিক অৰ্থ নাই সেই ঠাইসমূহৰ নামো পৰ্যায়ক্ৰমে সলনি কৰা হ’ব।
অসমীয়া ভাষাৰ বিকাশ আৰম্ভ হৈছিল খৃষ্টীয় সপ্তম শতাব্দীৰ পৰা। অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হেমকোষ প্ৰকাশ হৈছিল ১৯০০ চনত। এই দৃষ্টিৰে অতি তৰল যুক্তিৰে এনেকৈয়ো নিশ্চয়কৈ ক’ব পাৰি, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯০০ চনৰ পূৰ্বে ব্যৱহৃত নাম সমূহো সলনি কৰিব বিচাৰিছে।
একো একোটা অঞ্চলৰ নামৰ সৈতে এক ইতিহাস জড়িত হৈ থাকে। তাৰোপৰি ঠাইৰ নামৰ ক্ষেত্ৰত সেই অঞ্চলৰ ভৌগলিক অৱস্থান, সেই অঞ্চলৰ বিভিন্ন সামাজিক উপকৰণ, বিভিন্ন ঘটনা, পৰিঘটনা, সাংস্কৃতিক বৈচিত্ৰতা আদি অনেক বিষয় জড়িত হৈ থাকে।
এনে ঐতিহাসিক ঘটনা, পৰিঘটনাৰে সৃষ্টি হোৱা কোনো কোনো নামৰ আভিধানিক অৰ্থ নথকাটো স্বাভাৱিক কথা। কিন্তু তেনে ঠাইৰ নাম চৰ্চালৈ আহিলে সেই ঠাইৰ ইতিহাস পোহৰলৈ আহে।
গুৱাহাটী শব্দ সৃষ্টি হৈছিল গুৱা আৰু হাট এই দুই শব্দ মিলি। গুৱা মানে তামোল আৰু হাট মানে বজাৰ। অৰ্থাৎ তামোলৰ বজাৰ। সেইদৰে হৰি-হৰ যুদ্ধত তেজৰ ঢল বোৱাৰ বাবেই তেজপুৰ বা শোণিতপুৰ নামৰ উৎপত্তি। এইসমূহ নামৰ সৈতে এসময়ৰ সামাজিক পৰিবেশ আৰু ঐতিহাসিক পটভূমি জড়িত হৈ আছে।
ইয়াৰ বিপৰীতে এনে কিছুমান নামো আছে যাৰ কোনো ইতিহাস নাই কিন্তু আছে এক ভৌগলিক, সামাজিক, অৰ্থনৈতিক বা সাংস্কৃতিক পৰিচয়। জহাধানৰ প্ৰচুৰ উৎপাদনৰ বাবেই এখন ঠাইৰ নাম হ’ল জহামাৰী। কাৱৈমাছৰ উজানৰ বাবেই এখন ঠাইৰ নাম হ’ল কাৱৈমাৰী।
বিভিন্ন ঠাইৰ পৰা উৰি উৰি অহাৰ দৰে আহি এটা নিৰ্দিষ্ট স্থানত বসতি স্থাপন কৰাৰ বাবেই এখন ঠাইৰ নাম হ’ল উৰিয়াগাওঁ। এটা জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান হোৱাৰ বাবেই এটা অঞ্চলৰ নাম হৈ পৰিলে কছাৰীগাওঁ। এনে নামৰ ঐতিহাসিক পটভূমি বা আভিধানিক অৰ্থ নাথাকিলেও আছে সামাজিক পৰিবেশৰ এক আভাস।
কেন্দ্ৰত ২০১৪ ত আৰু অসমত ২০১৬ ত চৰকাৰ পৰিবৰ্তন হোৱাৰ মূলতে আছিল পৰিবৰ্তনৰ শ্লোগান। এই পৰিবৰ্তন মানে আছিল দুৰ্নীতি, কেলেংকাৰী, অপশাসন, নিবনুৱা সমস্যা, দৰিদ্ৰতা, বিদেশীৰ প্ৰবজন আদিৰ সমস্যাৰ পৰা মুক্তি বা এইসমূহ সমস্যাৰ পৰিবৰ্তন।
এই পৰিবৰ্তনৰ অৰ্থ নাছিল কোনো গাওঁ, ঠাই অথবা জিলাৰ নামৰ পৰিবৰ্তন। নাম সলনি কৰিলেই কোনো এটা অঞ্চলৰ পৰিবৰ্তন নহয়। বৰঞ্চ নাম সলনি কৰাৰ ফলত সেই অঞ্চলৰ ৰাইজে পূৰ্বৰে পৰা সেই ঠিকনাৰে কৰি অহা চৰকাৰী কাম-কাজ, চৰকাৰী কাৰ্যালয়ৰ কাম-কাজত প্ৰতিবন্ধকতাৰহে সৃষ্টি হয়।
ঝাৰখণ্ডৰ নিৰ্বাচনী দায়িত্ব লাভ কৰাৰ পাছৰে পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমতকৈ অধিক সময় ঝাৰখণ্ডতেই পাৰ কৰিলে। এক প্ৰকাৰে এক দীঘলীয়া সময় অসম মুখ্যমন্ত্ৰী অবিহনে অভিভাৱকহীন হৈয়েই থাকিল। যিকেইজন মন্ত্ৰী আছিল তেঁলোকো এই সময়ত বিহালী, চামগুৰি, ধলাই, বঙাইগাওঁ আৰু ছিদলীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিল।
নিৰ্বাচনী বতাহত উৰি ফুৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ড নিৰ্বাচনী প্ৰচাৰৰ বাবে কিছু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাইট দিয়াৰ সুযোগ পালে যদিও এই দীঘলীয়া সময় অসমত বিশেষ চৰ্চা নাপালে।অথচ সংবাদ মাধ্যমত সকলো সময়তে চৰ্চাত থকাৰ তেওঁৰ প্ৰবণতা সৰ্বজন বিদিত।
সকলো সময়ত চৰ্চাৰ শীৰ্ষত থকাৰ এনে প্ৰৱণতাৰ বাবেই মুখ্যমন্ত্ৰীয়ে পূৰ্বৰে পৰা পৰিকল্পিত কাম কাজ কৰি অহাৰ উদাহৰণো বহু আছে। মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবেই ৰাজপথৰ যান-বাহন চলাচল বন্ধ কৰি দিয়া কাৰ্যৰ সুযোগ লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চালৈ আহিবলৈকে জিলা আয়ুক্তক হিন্দীতে ‘ ‘কৌয়ি ৰাজা-মহাৰাজা আ ৰাহা হ্যে ক্যা’’ বুলি কোৱা সকলোৰে মনত আছে।
অথচ মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে আজিও সাধাৰণ জনতাই দুৰ্ভোগ ভূগিবলগীয়া হৈছে। চৰ্চাত থাকিবলৈকে মুখ্যমন্ত্ৰীয়ে পৰিকল্পিত ভাৱে এটা পৰিস্থিতিৰ সৃষ্টি কৰি পাছত নিজেই তাৰ উপসমত নামি আৱেগিক খেল খেলাৰ উদাহৰণ কোভিড কালৰে পৰা এই পৰ্যন্ত ৰাইজে বহু দেখিলে।
১৯ নৱেম্বৰত কৰিমগঞ্জ জিলাৰ নাম সলনিও মুখ্যমন্ত্ৰীয়ে নিজকে চৰ্চিত কৰি ৰখাৰ এক কৌশলৰ বাহিৰে আন কিবা বুলি অন্ততঃ আমাৰ মনে নধৰে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা ড০ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ কাম কৰি আহিছে তাত উত্তৰ প্ৰদেশৰ অতি হিন্দুত্ববাদী মুখ্যমন্ত্ৰী আদিত্য নাথৰ নকল স্পষ্ট হৈ আছে।
চৰকাৰ গঠনৰ ৯ মাহৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ একাধিক অঞ্চলৰ লগতে অসমৰ বহু স্থানৰ নাম সলনি কৰিছিল। ঠিক যোগী আদিত্য নাথ ক্ষমতালৈ অহাৰ পাছতে বিভিন্ন স্থানৰ নাম সলনি কৰাৰ দৰে।
উত্তৰ প্ৰদেশৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ এলাহবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰিলে আদিত্য নাথে। এলাহবাদ গুছি প্ৰয়াগৰাজ ঠিকেই হ’ল, কিন্তু সেই চহৰৰ পৰিবৰ্তন একো নহ’ল। এতিয়াও লেতেৰা, আৱৰ্জনাৰে ভৰা।
মোগল চৰাই জংচনৰ নাম সলনি কৰি পণ্ডিত দীনদয়াল উপাধ্যায় জংচন কৰিলে যদিও ৰে’লৱে ষ্টেচনটোৰ কোনো পৰিবৰ্তন নহ’ল। মুখত ৰুমাল নাবান্ধিলে এই ষ্টেচনত এটা মুহূৰ্তও পাৰ কৰিব নোৱাৰি।
আদিত্য নাথৰ দৰেই হিমন্ত বিশ্ব শৰ্মাই অসমত ঠাইৰ নাম সলনি কৰাৰ পৰম্পনা ক্ষমতালৈ অহাৰ ৯ মাহ পাছতেই আৰম্ভ কৰিলে। একেদৰে অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াৰ বাবেই দেশজুৰি কুখ্যাত হৈ পৰিছে আদিত্য নাথ আৰু তেওঁৰ চৰকাৰ।
সেই একেই পৰম্পৰা অসমলৈয়ো আমদানি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গৃহ বিভাগৰ জৰিয়তে কেইবাটাও তেনে ঘটনা সংঘটিত কৰিলে। বটদ্ৰৱাত অভিযুক্তৰ ঘৰ ভাঙি বাহ বাহ লোৱা মুখ্যমন্ত্ৰীৰ গৃহ বিভাগক পিছে গুৱাহাটী উচ্চ ন্যায়ালয়েই জবাবদিহি কৰিলে।
কেৱল সিমানেই নহয় যিসকলৰ ঘৰ ভাঙিলে তেওঁলোকক ক্ষতিপূৰণো দিবলৈ বাধ্য হ’ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ অবিহনে যে, অসম আৰক্ষীৰ কোনোবা বিষয়াই এনে হঠকাৰী সিদ্ধান্ত ল’ব পাৰে সেয়া সম্ভৱেই নহয়।
এয়াই সততা, নৈতিকতা আৰু দায়িত্ববোধৰ পাঠ দিয়া মুখ্যমন্ত্ৰীৰ স্বৰূপ। ২০২২ ৰ ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন ঠাইৰ নাম সলনিৰ প্ৰসংগত এইগৰাকী মুখ্যমন্ত্ৰীয়েই কৈছিল- এটা নামৰ বিশেষ তাৎপৰ্য থাকে। এখন চহৰ, নগৰ বা গাঁৱৰ নামে সভ্যতা, সংস্কৃতি তথা পৰম্পৰাক প্ৰতিনিধিত্ব কৰিব লাগে।
সেই একেগৰাকী মুখ্যমন্ত্ৰীয়ে এইবাৰ ঠাইৰ নাম সলনিৰ বাবে যুক্তি বিচাৰি উলিয়ালে আভিধানিক অৰ্থ। যদিও অসম চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, তথাপিও ৰাইজে ভালকৈয়ে বুজি পাইছে দৰাচলতে এই সিদ্ধান্ত কাৰ উৰ্বৰ মস্তিষ্কৰ ফচল।
পূৰ্বে কেবিনেটত যিকোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এক নিৰ্দিষ্ট নিয়ম বা প্ৰণালী অনুসৰণ কৰা হৈছিল। কেবিনেটত বিষয় এটা উত্থাপনৰ পূৰ্বে বিষয়টো বিভাগীয় ভাৱে পৰীক্ষা কৰা হৈছিল। ন্যায়িক, বিধায়িনী, বিত্ত আদি বিভাগৰ মতামত গ্ৰহণ কৰা হৈছিল। মুখ্য সচিবৰ ভূমিকা আছিল অপৰিসীম। কিন্তু এতিয়া তেনে কিবা প্ৰণালী অনুসৰণ কৰা হয়নে?
এয়াও সন্দেহৰ বিষয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ নাম সলনিৰ দৰে কাম-কাজত ব্যস্ত থকাতকৈ মুখ্যমন্ত্ৰীৰ আৰু বহু গুৰুত্বপূৰ্ণ দায়িত্ব আছে। সেয়ে এনে অপ্ৰয়োজনীয় কাম-কাজত ব্যস্ত থকাতকৈ, বিভাজনমূলক চিন্তাৰ উন্মেষৰ পৰিবৰ্তে উন্নয়নমূলক কাম-কাজত গুৰুত্ব দিয়াৰ প্ৰয়োজনহে অধিক।